খেৰৰ বাকচ - কম খৰচৰ ইন্ধন ৰাহিৰ কাৰিকৰী কৌশল
খেৰৰ বাকচ গৃহ বিজ্ঞান সম্প্ৰসাৰণ বিভাগ, গৃহ বিজ্ঞান মহাবিদ্যালয় আৰু গবেষণা প্ৰতিষ্ঠান, তামিলনাদু,মাদুৰাইৰ দ্বাৰা বিকশিত এটা সাধাৰণ কম খৰচৰ ইন্ধন ৰাহিৰ সামগ্ৰী ৷ ই তাপ অপৰিবাহিত বাকচ যি বাকচৰ ভিতৰৰ পৰা বাহিৰলৈ তাপ পৰিবহন প্ৰতিৰোধ কৰে আৰু যাতে সামগ্ৰী ৰন্ধন আৰু গৰম কৰিবৰ বাবে তাপশক্তি ৰাহি আৰু সঞ্চয় কৰিব পৰা যায় ৷ খেৰৰ বাকচত স্থানীয় ভাবে উপলব্ধ তুঁহ আৰু খেৰ জাতীয় কৃষিজাত শষ্যৰ পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰা হয়৷
খেৰৰ বাকচৰ বিন্যাস
আৱশ্যকীয় সামগ্ৰী
১) তলত উল্লেখ কৰা মাপৰ বাকচ
দৈৰ্ঘ্য : 45 চে.মি., প্ৰস্থ :45 চে.মি., গভীৰতা : 45চে.মি. (বাকচ কাঠৰ, কাৰ্ডবৰ্ডৰ,বাঁহৰ সজা অথবা সৰু চিমেন্ট টেংক হ;ব পাৰে)
২) অপৰিবাহীত সামগ্ৰী খেৰ/ধানৰ তুঁহ/কাঠৰ সুঁতা/কাঠৰ গুৰি
৩) মৰাপাটৰ বেগ বিন্যাস
- কাৰ্ডবৰ্ডৰ বাকচ সাজু কৰি ৰাখক
- খেৰৰ দ্বাৰা বাকচ পৰিপূৰ্ণ কৰক
- বাকচটোৰ সমমাপৰ মৰাপাটৰ এটা গাৰু লৈ খেৰৰ দ্বাৰা পৰিপূৰ্ণ কৰি লোৱা উচিত
ৰন্ধনৰ প্ৰক্ৰিয়া
- ৰন্ধনৰ প্ৰক্ৰিয়া(উদাহৰণ. : চাউল )
- এটা পাত্ৰত ধোঁৱা চাউল লওঁক
- দুগুণ পানী পাত্ৰটোত যোগ কৰক
- 10 মিনিটৰ বাবে জুঁইৰ ওপৰত দিয়ক
- ইয়াৰ বাবে খেৰৰ বাকচটোৰ মধ্যম বিন্দুত এটুকুৰা ঠাই উলিয়াওঁক
- জুঁইৰ ওপৰৰ পৰা পাত্ৰটো নমাওঁক আৰু খেৰৰ বাকচটোত উলিউৱা ঠাইত ইয়াক স্থাপন কৰক ৷
- খেৰৰ গাৰুটো ইয়াৰ ওপৰত স্থাপন কৰক
- 45 মিনিটত চাউল ইয়াৰ নিজৰ তাপতে ৰন্ধন কৰা হ’ব (ই 5-6 ঘন্টা গৰম হৈ থাকে
মূল্যৰ লাভ্যাংশৰ মূল্যায়ন
সবিশেষ | গেছ স্তভ | খেৰৰ বাকচ |
ৰন্ধন সময় |
2ঘন্টা / দিনে |
1 ঘন্টা / দিনে |
প্ৰযোজ্য ইন্ধন |
5 টকা/দিনে |
2.50 টকা/দিনে |
সেয়ে আনুমানিক 50% ইন্ধন আৰু ইন্ধন মূল্য ৰাহি কৰিব পৰা যায়
পৰিচালনা
খেৰৰ বাকচৰ পৰিচালনাৰ খৰচ অত্যাধিক নহয়।
লবলগীয়া যত্ন
- এঙ্গাৰ অথবা ৰন্ধন সামগ্ৰীৰে লেতেৰা নোহোৱাকৈ খেৰৰ বাকচটো পৰিস্কাৰ কৰি ৰাখিব লাগে৷
- প্ৰত্যেক পষেকত খেৰ এঘন্টাৰ অথবা দুঘন্টা ৰ’দত শুকাবলৈ দিয়ক৷
সুবিধাসমূহ
- ব্যৱহাৰৰ বাবে নিৰাপদ আৰু সহজ
- কাৰ্য্যকৰীমূল্যৰ আৰু পৰিচালনা সহজ।
- নিম্নতম ৰন্ধন সময় এই প্ৰকাৰৰ ৰন্ধনত খাদ্য সামগ্ৰী সিজোৱা আৰু ৰান্ধিবৰ বাবে নিম্নতম সময়ৰ প্ৰয়োজন হয়৷
- তাপমাত্ৰা ধৰি ৰাখে খেৰৰ বাকচ ব্যৱহাৰ কৰি খাদ্য সামগ্ৰী ৰান্ধিবলৈ আৱশ্যকীয় তাপমাত্ৰা 6 ঘন্টাৰ বাবে ধৰি ৰাখিব পাৰি৷ 61°চে. তাপমাত্ৰাত পাঁচ ঘন্টাৰ বাবে খেৰৰ বাকচত ৰন্ধা চাউলে বাহিৰত মাত্ৰ 35° চে.ত তাপমাত্ৰা ধৰি ৰাখিব পাৰে৷
- অন্য পদ্ধতিৰ দ্বাৰা ৰন্ধা খাদ্য দ্ৰব্য এই সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা উত্তম খাদ্য দ্ৰব্যৰ লগত তুলনা কৰিলে ইয়াৰ উত্তম মানৰ সুগন্ধি, বৰণ,বৈশিষ্ট, সোৱাদ পোৱা যাব৷
- উত্সসমূহৰ সঞ্চয় এই কাৰিকৰী কৌশলে ইন্ধন, ধন,শ্ৰম আৰু সময় ৰাহি কৰাত সহায় কৰে আৰু সাম্ভাব্য শাৰিৰীক বিপদসঙ্কুলতা প্ৰতিকাৰ কৰে৷ ৰন্ধন সময়ৰ আঠাৱন শতাংশ আৰু ইন্ধনত ব্যয় হোৱা 44% ধন ৰাহি হোৱা পৰিলক্ষিত হ’ব৷ খেৰৰ বাকচত 61° চে. উঞ্চতা ধৰি ৰাখি ৰন্ধা চাউলে বাহিৰত মাত্ৰ 35° চে. ত পাচঁ ঘন্টাৰ বাবে তাপমাত্ৰা ধৰি ৰাখে৷
- উত্তম মানৰ খাদ্য অন্য পদ্ধতিৰ দ্বাৰা ৰন্ধা খাদ্য দ্ৰব্য এই সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা উত্তম খাদ্য দ্ৰব্যৰ লগত তুলনা কৰিলে ইয়াৰ উত্তম মানৰ সুগন্ধি, বৰণ,বৈশিষ্ট, সোৱাদ পোৱা যাব৷
- নিম্নমানৰ পুষ্টি বিনাশ ৰন্ধন মাধ্যম সম্পূৰ্ণ ৰুপে খাদ্য সামগ্ৰীৰ দ্বাৰা আবৃত হৈ থকাৰ বাবে, খাদ্য দ্ৰব্যৰ পুষ্টি বিনাশৰ পৰিমান নিম্নমানৰ।
- উৎসসমূহৰ সঞ্চয় এই কাৰিকৰী কৌশলে ইন্ধন, ধন,শ্ৰম আৰু সময় ৰাহি কৰাত সহায় কৰে আৰু সাম্ভাব্য শাৰিৰীক বিপদসঙ্কুলতা প্ৰতিকাৰ কৰে৷ ৰন্ধন সময়ৰ আঠাৱন শতাংশ আৰু ইন্ধনত ব্যয় হোৱা 44% ধন ৰাহি হোৱা পৰিলক্ষিত হ’ব৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 4/23/2020
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.