অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰেলা কৃষি শ্ৰমিক আইন ১৯৭৪

কেৰেলা কৃষি শ্ৰমিক আইন ১৯৭৪

এই আইন শ্ৰমিক আইনৰ এটা উল্লেখযোগ্য বস্তু আৰু এই আইন অন্য ৰাজ্যৰ বাবে আদৰ্শ স্বৰুপ। শ্ৰমিক আইনৰ কিছুমান জৰুৰী সুবিধা হ’ল-

সূচী ৭: এই আইনে পুৰুষ-মহিলা উভয় কৃষি শ্ৰমিকক কামত সুৰক্ষা প্ৰদান কৰে।

এই আইনে জনায় যে মাটিৰ মালিকে আগতে একেখিনি মাটিত কাম কৰা শ্ৰমিকক বাদ দি আন শ্ৰমিকক কামত লগাব নোৱাৰে। ইয়াৰোপৰি মাটিৰ মালিকে মহিলা কৃষি শ্ৰমিকক কামত নিযুক্তিৰ অগ্ৰাধিকাৰ দিব যদিহে একেখিনি মাটিত একে শ্ৰমিকে আগৰ বছৰ খেতিত কাম কৰিছিল। এজন কৃষি শ্ৰমিকে যদিহে মাটিৰ মালিকৰ ঘৰ তিনি বছৰ একেৰাহে কাম কৰে তেতিয়া তেওঁক পিছৰ বছৰ নিযুক্তি দিবলৈ নুই কৰিব নোৱাৰে।

সূচী ১৬, ১৭, ২১: এই কেইটা সূচীয়ে কৃষি শ্ৰমিকে কাম কৰাৰ সময়, জিৰণি আৰু অতিৰিক্ত সময় কাম কৰাৰ বাবদ পোৱা মজুৰি ইত্যাদি সুবিধা প্ৰদান কৰে। এই সুবিধা অনুসৰি প্ৰতিজন প্ৰাপ্তবয়স্ক শ্ৰমিকৰ বাবে দিনটোৰ আঠ ঘণ্টা আৰু প্ৰতিজন কিশোৰৰ বাবে কামৰ ছয় ঘণ্টা নিৰ্দ্ধাৰণ কৰে।

সূচী ২ (n): এই আইনৰ ২(n) সূচীয়ে চপোৱা কামখিনিত শ্ৰমিকে পাব লগা মজুৰীৰ সম্পৰ্কে উল্লেখ আছে।

উৎস: কৃষি খণ্ডত মহিলাৰ ক্ষমতা নিৰ্দেশকাৰী নৈতিক অধিকাৰ

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate