অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌভাগ্য যোজনা:

সৌভাগ্য যোজনা:

 

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে শাসনলৈ অহাৰ পৰাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে বিভিন্ন ধৰণৰ কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে। উক্ত আঁচনিসমূহৰ সফল ৰূপায়ণৰ যোগেদি তেওঁলোকৰ সৰ্বাংগীণ বিকাশৰ দিশত এখোজ-দুখোজকৈ আগবাঢ়ি যাব পাৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিটো গৃহলৈ বিদ্যুৎ প্ৰদানৰ উদ্দেশ্যে ‘সৌভাগ্য’ শীৰ্ষক আঁচনি ৰূপায়ণ কৰিছে। উক্ত আঁচনিৰ অধীনত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিটো বাসগৃহলৈ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব। বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ তলৰ লোকসকললৈ বিদ্যুৎ সংযোগ প্ৰদানৰ মহৎ উদ্দেশ্য আগত ৰাখি এই সৌভাগ্য আঁচনিখন ৰূপায়ণ কৰা হৈছে। এই আঁচনিখন বিহাৰ, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উড়িষ্যা, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, ৰাজস্থান আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখনত বলৱৎ কৰা হ’ব। উক্ত আঁচনিৰ সফল ৰূপায়ণৰ ফলত গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ লগতে চহৰৰ পৰা দূৰৈত বসবাস কৰা ৩ কোটি লোক উপকৃত হ’ব। এই আঁচনিখন ২০১৮ চনৰ ৩১ ডিচেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। উক্ত ‘সৌভাগ্য’ আঁচনিখনৰ বাবে কেন্দ্ৰীয় বাজেটত ১৬,৩২০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে।

উক্ত আঁচনিৰ অধীনত সকলো গৃহলৈ বিদ্যুৎ যোগান ধৰা হ’ব আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব। ২০১১ চনৰ আৰ্থসামাজিক জাতি পিয়নত নাম সন্নিবিষ্ট লোকসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। যিসকলে লোকৰ নাম পঞ্জীয়ন হোৱা নাই তেওঁলোকে ৫০০ টকাকৈ প্ৰদান কৰিব লাগিব। এই ৫০০ টকা তেওঁলোকে ১০ টা কিস্তিত প্ৰদান কৰিলেও হ’ব। বিদ্যুৎ সংযোগ নথকা বাসস্থানসমূহক বেটেৰী বেংক প্ৰদান কৰা হ’ব আৰু ছ’লাৰ পাৱাৰৰ যোগেদি ঘৰসমূহত বিদ্যুৎ সংযোগ দিয়া হ’ব। ৩০০ ডব্লিউ পিৰ ছ’লাৰ পাৱাৰ পেক প্ৰদান কৰা হ’ব। উক্ত পাৱাৰ বেংকত বেটেৰী, ৫ টা এল ই ডি বালব আৰু এখন ডি চি ফেন আৰু ইএটা ডি চি পাৱাৰ প্লাগ থাকিব। বিদ্যু সংযোগ প্ৰদান কৰাৰ পিছত ৫ বছৰৰ কাৰণে মেৰামতিৰ খৰচসমূহ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ’ব। আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ সিঙৰ লগত সৌভাগ্য আঁচনিখন কৃতকাৰ্যতাৰে ৰূপায়ণৰ বাবে এক বৈঠকত মিলিত হৈছে। মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনায় যে সৌভাগ্য আঁচনিখন কৃতকাৰ্যতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে বিস্তৃত পৰিকল্পনা যুগুতাই উলিয়াইছে। যাতে ৰাজ্যখনৰ চুকে-কোনে থকা প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ সংযোগ কৰিব পৰা যায়। ৰাজ্যখনৰ ২৫ লাখ গৃহ আলোকিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণৰ বাবে শক্তি বিভাগে এক বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছে বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

এই আঁচনিখনৰ সফল ৰূপায়ণৰ ফলত দেশৰ বৈদ্যুতিকৰণৰ ক্ষেত্ৰত এক অপাৰ সফলতা লাভ কৰিব। এই আঁচনিখনৰ কথা বিতংভাৱে জানিবলৈ কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 11/29/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate