অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মসহায় গোট নিৰীক্ষণ আৰু শ্ৰেণীবিভাজন

আত্মসহায় গোট নিৰীক্ষণ আৰু শ্ৰেণীবিভাজন

গাওঁৰ ৰাইজৰ আত্মসহায় গোটত সংগঠিত কৰাৰ অন্যতম এক উদ্দেশ্য হৈছে গ্ৰহণযোগ্য আৰ্থিক আৰু সামাজিক কাম-কাজ হাতত ল’ব পৰাকৈ গাঁওৰ দৰিদ্ৰ লোকসকলৰ প্ৰয়োজনীয় সামৰ্থ্য গঢ়ি তোলা। গোটৰ সামূহিক শক্তিয়ে তেওঁলোকৰ মাজত লুকাই থকা সুপ্ত সৃজনী শক্তিসমূহক কামত লগোৱাৰ ক্ষেত্ৰত সদস্য তথা সদস্যাসকলক আশাতীতভাৱে সহায় কৰে। মুৰকত ইয়ে ইতিবাচক দিশত তেওঁলোকৰ নিজৰ আৰু সমাজৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে বিকাশৰ ধাৰাটোৰ সৈতে নিজকে জড়িত কৰিবলৈ এক সুযোগ প্ৰদান কৰে। গতিকে এনে উদ্দেশ্যেবিলাক সাধন কৰিব পৰাকৈ গোটৰ সদস্য তথা সদস্যাসকলক সুযোগ প্ৰদান কৰাটো অতিশয় প্ৰয়োজনীয় কথা।

শুদ্ধ দিশে গতি কৰা এটা আত্মসহায় গোটৰ প্ৰগতিৰ নিৰীক্ষণ কৰিবলৈ এটা অতি সৰল আৰু অংশগ্ৰহণমূলক নিৰীক্ষণ ব্যৱস্থাৰ উদ্ভাৱন কৰিব পৰা যায়। এনে ব্যৱস্থাত ঋণ আৰু অন্যান্য কাৰ্য্যসূচীবিলাকৰ সৈতে সংযোগ স্থাপন কৰিব পৰাকৈ সামৰ্থ থকা আৰু এটা সু-পৰিচালিত গোট হিচাপে গঢ় লৈ উঠিব ধৰা আত্মসহায় গোটে কৰা প্ৰগতিৰ স্বৰূপ অনুধাৱন কৰিবলৈ এফালে গোটৰ সদস্য তথা সদস্যাসকল আৰু আনফালে সুযোগ প্ৰদানকাৰী ব্যক্তি তথা প্ৰতিষ্ঠানবিলাকে সমানে অংশ গ্ৰহণ কৰিব লাগিব। এই প্ৰক্ৰিয়াটোৰ কাৰণে প্ৰগতিৰ কিছুমান সৰল সূচকো নিৰ্দ্ধাৰণ কৰিব লাগিব। এই সূচকবিলাকে ভাল আত্মসহায়ক গোট এটাৰ লক্ষ্য, উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ বুজাব। এনেদৰে আত্মসহায়ক গোটৰ সদস্য তথা সদস্যাসকলৰ অংশ গ্ৰহণৰ জৰিয়তে প্ৰগতিৰ সূচকবিলাকৰ চিনাক্তকৰণে এটা সু-পৰিচালিত আত্মসহায়ক গোটৰ প্ৰয়োজনীয়তাখিনি বুজাৰ বাবে প্ৰচেষ্টা চলোৱাৰ ক্ষেত্ৰত গোটৰ সদস্য তথা সদস্যাসকলক যথেষ্ট পৰিমাণে সহায় কৰিব। আত্মসহায়ক গোটে প্ৰদৰ্শন কৰা সফলতাৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰতিটো কাৰ্য্যকলাপকে তিনিটা শ্ৰেণীত ভাগ কৰা হ’ব। ইয়াৰ বাবে প্ৰতিটো বিষয়তে গোটে সম্পাদন কৰা কাম-কাজবিলাকৰ কাৰণে আত্মসহায়ক গোটবিলাকে আৱশ্যকীয় নম্বৰ লাভ কৰিব। গোটে লাভ কৰা সামগ্ৰীক নম্বৰৰ ভিত্তিত আত্মসহায়ক গোটবিলাকক তিনিটা শ্ৰেণীত ভাগ কৰা হ’ব। এই শ্ৰেণী তিনিটা তলত উল্লেখ কৰা হ’ল

উত্তম মধ্যম আৰু দুৰ্বল

শ্ৰেণীবিভাজনৰ এনে প্ৰক্ৰিয়াই উত্তম আত্মসহায়ক গোটবিলাকে ঋণ গ্ৰহণ তথা অন্যান্য কাৰ্য্যসূচীৰে সৈতে সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষক সহায় কৰিব। তদুপৰি ইয়াৰ ফলত মধ্যম আৰু দূৰ্বল গোটবিলাকেও উত্তম গোট হ’ব পৰাকৈ নিজৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰিব। ইয়াৰ বাবে প্ৰতি ছয় মাহৰ মূৰে মূৰে পুনৰ একোবাৰ নিৰীক্ষণৰ অনুশীলন কৰা হ’ব।

আত্মসহায়ক গোট নিৰীক্ষণৰ মূল সূচকসমূহ

শ্ৰেণী

নিৰ্দেশনা

নিৰীক্ষণৰ নম্বৰ

১) গোটৰ সদস্যৰ সংখ্যা

১০ ত কৈ কম

০২

 

১০ ৰ পৰা ১৫

০৩

 

১৬ ৰ পৰা ২০

০৫

২) গঠন প্ৰক্ৰিয়া

দৰিদ্ৰতা সীমাৰেখাৰ তলৰ সকলো সদস্য

০৫

 

১ ৰ পৰা ৫ জন দৰিদ্ৰ সীমাৰেখাৰ সদস্য থাকিলে

০৩

 

৫ জনতকৈ অধিক দৰিদ্ৰতা সীমাৰেখাৰ ওপৰৰ সদস্য হ’লে

০১

৩) গোটৰ বয়স

২ বছৰৰ অধিক হ’লে

১০

 

১-২ বছৰ হ’লে

০৭

 

৬ মাহৰ পৰা ১ বছৰ হ’লে

০৫

৪) শেষৰ ৬ মাহত মাহেকীয়া সভা

৪ খনকৈ অধিক হ’লে

০৫

 

২ খনৰ পৰা ৩ খন হ’লে

০৩

৫) গোটৰ সভাত সদস্যৰ উপস্থিতি

৯০ শতাংশতকৈ বেছি হ’লে

১০

 

৭০ শতাংশৰ পৰা ৯০ শতাংশ হ’লে

০৫

 

৭০ শতাংশতকৈ কম হ’লে

০২

৬) গোটৰ সদস্যসকলৰ গোটৰ সভাৰ প্ৰতি সহযোগিতা

উচ্চ

০৫

 

মধ্যম

০৩

 

নিম্ন

০২

৭) সঞ্চয়

ক) নিয়মীয়া

যদি খিলাপী সংখ্যা ১০ শতাংশলৈ হয়

১০

 

যদি খিলাপীৰ সংখ্যা ২৫ শতাংশলৈ হয়

০৭

 

যদি খিলাপীৰ সংখ্যা ৫০ শতাংশলৈ হয়

০৫

খ) সঞ্চয়ৰ পৰিমাণ

৫০০০ টকাকৈ অধিক হ’লে

১০

৮) গোটৰ আভ্যন্তৰীণ ঋণ ব্যৱস্থা

 

 

ক) সঞ্চয়ৰ টকা গোটৰ আভ্যন্তৰীণ

৯০ শতাংশতকৈ অধিক হ’লে

১০

ঋণৰ লেন দেন ব্যৱস্থা

৫১ শতাংশৰ পৰা ৯০ শতাংশ হ’লে

০৭

খ) সঞ্চয়ৰ টকা গোটৰ আভ্যন্তৰীণ ঋণৰ ওপৰত সুদৰ ব্যৱস্থা

৩০ শতাংশৰ পৰা ৫০ শতাংশ হ’লে

০৫

 

বিষয় বস্তু ভিত্তিক হ’লে

০৫

 

১৮ শতাংশ ৰ পৰা ৩০ শতাংশ হ’লে

০৩

গ) সঞ্চয়ৰ টকা গোটৰ আভ্যন্তৰীণ ঋণৰ পৰিশোধৰ হাৰ

১৮ শতাংশতকৈ কম হ’লে

০২

 

১০০ শতাংশ হ’লে

১০

 

৮০ শতাংশৰ পৰা ৯৫ শতাংশ হ’লে

০৭

ঘ) আভ্যন্তৰীণ ঋণ ব্যৱস্থাৰ ওপৰত সদস্য লাভবান হোৱাৰ পৰিপ্ৰেক্ষিতত

৭০ শতাংশৰ পৰা ৮০ শতাংশ হ’লে

০৫

 

৫০ শতাংশতকৈ বেছি হ’লে

০৫

 

২৫ শতাংশৰ পৰা ৫০ শতাংশ হ’লে

০৩

 

২৫ শতাংশতকৈ কম হ’লে

০২

৯) সদস্যসকলৰ মাজত সজাগতা, গোটৰ নিয়ম সম্পৰ্কে জ্ঞান, গোটৰ কাম, সভাৰ নিয়মানুবৰ্ত্তীতা, হিচাপ-নিকাচ পদ্ধতি ইত্যাদি।

সকলো সদস্যই জানিলে

০৫

 

৫০ শতাংশতকৈ অধিক সদস্যই জানিলে

০৩

 

৫০ শতাংশতকৈ কম সদস্যই জানিলে

০২

১০) শিক্ষাৰ স্তৰ

যদি ২৫ শতাংশতকৈ অধিক সদস্যই পঢ়িব/লিখিব/কব আৰু স্বাক্ষৰ কৰিব পাৰে

০৫

 

যদি পঢ়িব আৰু স্বাক্ষৰ কৰিব পাৰে

০৩

 

যদি মাত্ৰ স্বাক্ষৰ কৰিবহে পাৰে

০২

১১) গোটৰ পৰিচালক সলনি সম্পৰ্কে

২ বছৰৰ ভিতৰত এবাৰ হ’লে

০৩

 

১ ৰ পৰা ২ বছৰৰ ভিতৰত

০৪

 

প্ৰতি বছৰৰ মূৰে মূৰে

০৫

১২) হিচাব-নিকাচ সংৰক্ষণ তথা ৰখা পদ্ধতি

আনৰ সহায় নোলোৱাকৈ

আনৰ সহায় লৈ

ক) উপস্থিতি আৰু কাৰ্য্যবিৱৰণী বহী

০১

০১

খ) সঞ্চয় বা ব্যক্তিগত খতিয়ান বহী

০৪

০২

গ) ঋণ খতিয়ান বহী

০৪

০২

ঘ) ৰোকৰ বহী বা নগদ বহী

০৪

০২

ঙ) ব্যক্তিগত পাছবুক

০২

০১

চ) সাধাৰণ খতিয়ান বহী

 

 

 

আত্মসহায়ক গোটে সদস্যসকলৰ পৰা সংগ্ৰহ কৰা ধন বেংকত জমা দিব। আকৌ সদস্যসকলক টকা ধাৰ দিবলৈ বেংকৰ পৰা উঠোৱাৰ আগে এইটো নিশ্চিত কৰিব যাতে পিছৰ বাৰ টকা উঠোৱাৰ আগতেই মাহেকীয়া কিস্তি জমা কৰা হৈছে। অৰ্থাৎ ‘আত্মসহায়ক গোটবোৰে তেওঁলোকৰ সদস্যসকলৰ পৰা জমা ধন আদায়লৈ মাহে মাহে বেংকত জমা কৰাটো সুনিশ্চিত কৰিব।

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate