ভাৰতবৰ্ষত, দেশৰ ভিতৰতে দুখীয়া শ্ৰমিক সকলৰ প্ৰৱজন বৃদ্ধি পাইছে। প্ৰৱজনকাৰী শ্ৰমিকসকলে সাধাৰণতে অনিয়মিত কাৰ্য্য ক্ষেত্ৰত, অনিয়মিত শ্ৰমিক হিচাপে কাম কৰে। এনে লোকসকলে স্বাস্থ্য যত্নৰ সুবিধা নাপায় আৰু এওঁলোকৰ স্বাস্থ্য হানি হোৱাৰ ভয়ো বেছি থাকে। ২০০১ চনৰ জনগণনাৰ মতে ১৪.৪ নিযুত মানুহে বিভিন্ন কামৰ বাবে দেশৰ ভিতৰতে, নগৰ বা কামৰ সম্ভাৱনা থকা ঠাইলৈ প্ৰৱজন কৰে। ২৫ লাখ শ্ৰমিকে খেতি, ইটাৰ ভাটি, খনি, নিৰ্মানকাৰ্য্য আৰু মাছ ধৰা কামৰবাবে প্ৰৱজন কৰিছে। এক বুজন পৰিমাণৰ লোকে চহৰৰ উদ্যোগ, কুলি, ৰিক্সাৱালা, পথৰ দাঁতিত বিভিন্ন বস্তু বিক্ৰীৰ কামত নিযুক্ত। অনিয়মিত কাম হোৱাৰ বাবে, হঠাত্ স্থান পৰিবৰ্তন কৰিবলগা হোৱাৰ বাবে প্ৰতিৰোধ মূলক যত্ন পোৱাৰ পৰা তেওঁলোক বঞ্চিত হয়। উপযুক্তচিকিত্সা ব্যৱস্থাৰো সুযোগ নাপায়।
প্ৰৱজনকাৰীসকলৰ মাজত যিসকল অসুৰক্ষিত, স্থানচ্যুত লোক; তেওঁলোকৰ কথা উল্লেখ কৰা প্ৰয়োজন। দেশৰ ভিতৰতে স্থানচ্যুত লোকৰ সংখ্যা ৬ লাখ। এইসকলৰ স্থানচ্যুত হোৱাৰ কাৰণ- সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্মীয় হিংসা, ৰাজনৈতিক কাৰণ উন্নয়ন প্ৰকল্পৰ বাবে স্থান, প্ৰাকৃতিক দূৰ্যোগ ইত্যাদি। এনে স্থানচ্যুত লোকসকলে চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা সমূহ লব নোৱাৰে।
উত্স: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020