অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাহকৰ বিবাদ নিষ্পত্তি আয়োগ

গ্ৰাহকৰ বিবাদ নিষ্পত্তি আয়োগ

গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে চৰকাৰে গ্ৰাহকৰ সংঘাত অথবা বিবাদ নিষ্পত্তিৰ বাবে ‘ডিষ্ট্ৰিক্ট ফ’ৰাম’ গঠন কৰে। প্ৰতিখন জিলাতে এনে ফ’ৰাম ৰাজ্যিক চৰকাৰে অধিসূচনাৰ জৰিয়তে গঠন কৰা দেখা যায়। প্ৰয়োজন অনুসৰি চৰকাৰে প্ৰতিখন জিলাত একাধিক ফ’ৰাম গঠন কৰিব পাৰে। ইয়াৰ বাদেও ৰাজ্যসমূহে অধিসূচনাৰ জৰিয়তে ৰাজ্যিক আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ গঠন কৰিব পাৰে।

 

জিলা ফ’ৰাম

প্ৰতিখন ডিষ্ট্ৰিক্ট ফ’ৰাম তলত উল্লেখ কৰা ব্যক্তিৰ জৰিয়তে গঠন কৰা হয়।

  • ফ’ৰামৰ অধ্যক্ষ হিচাপে থাকিব জিলা ন্যায়াধীশৰ সমপৰ্যায়ৰ একোজন ব্যক্তি।
  • দুগৰাকী সদস্য থাকিব। ইয়াৰে এগৰাকী হ’ব মহিলা। তলত উল্লেখ কৰা যোগ্যতাসমূহ তেওঁলোকৰ থাকিব লাগিব- তেওঁৰ বয়স ৩৫ বছৰৰ কম হ’ব নালাগিব, স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰপৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰা হ’ব লাগিব। তেওঁলোকৰ সততা, সক্ষমতা থাকিব লাগিব, অৰ্থনীতি, আইন, বাণিজ্য, হিচাপ পৰীক্ষা, উদ্যোগ, ৰাজহুৱা পৰিক্ৰমা আৰু প্ৰশমন বিষয়ত তেওঁলোকৰ দহ বছৰীয়া অভিজ্ঞতা আৰু জ্ঞান থাকিব লাগিব। কেতিয়াবা কোনো সদস্যক উক্ত পদবীৰপৰা অপসাৰণ কৰিব পৰাৰ ব্যৱস্থাও ৰখা হৈছে। তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে কোনো সদস্যক অপসাৰণ কৰিব পৰা যাব-
  • কোনো অপৰাধত দোষী সাব্যস্ত হ’লে অথবা কাৰাদণ্ডৰে দণ্ডিত হ’লে।
  • জামিনবিহীন গোচৰত অভিযুক্ত হ’লে।
  • আদালতে তেওঁক মানসিকভাৱে অস্থিৰ বুলি ঘোষণা কৰিলে।
  • চৰকাৰী চাকৰি, নিগম আদিৰপৰা বৰ্খাস্ত কৰিলে ইত্যাদি।

ৰাজ্য চৰকাৰে এখন নিৰ্বাচিত সমিতিৰ পৰামৰ্শৰ ভিত্তিত ডিষ্ট্ৰিক্ট ফ’ৰামসমূহ তলত দিয়া ধৰণে গঠন কৰিব পাৰে-

  • অধ্যক্ষ হিচাপে থাকিব ৰাজ্যিক আয়োগৰ সভাপতিগৰাকী।
  • সদস্য দুগৰাকী হ’ব। ইয়াৰে এগৰাকী হ’ব ৰাজ্যৰ আইন বিভাগৰ সচিব। আনগৰাকী হ’ব ৰাজ্যৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা সচিব। ৰাজ্যিক আয়োগৰ অধ্যক্ষগৰাকীয়ে কিবা কাৰণত কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিলে, ৰাজ্য চৰকাৰে উক্ত পদত কাৰ্যনিৰ্বাহ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ৰ ওচৰত বিষয়টো উত্থাপন কৰিব লাগিব। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত মুখ্য ন্যায়াধীশক উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক উক্ত পদত নিযুক্তি দিবৰ বাবে অনুৰোধ কৰিব।
  • ডিষ্ট্ৰিক্ট ফ’ৰামৰ কাৰ্যকাল হ’ব ৫ বছৰৰ বাবে। অৱশ্যে তেওঁৰ বয়স ৬৫ বছৰ পাৰ হ’লে সদস্য হিচাপে থাকিব নোৱাৰিব। একোগৰাকী সদস্য একাধিক কাৰ্যকালৰ বাবে মনোনীত হ’ব পাৰে।
  • ফ’ৰামৰ সদস্য আৰু অধ্যক্ষসকলৰ দৰমহা অথবা মাননি ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিব।

ফ’ৰামৰ কাৰ্য পৰিসৰ

ডিষ্ট্ৰিক্ট ফ’ৰামৰ কাৰ্য বা দায়িত্বৰ পৰিসীমাও চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিছে। সেই অনুসৰি কোনো গোচৰৰ ক্ষতিপূৰণ অথবা সামগ্ৰী বা সেৱাৰ মান ২০ লাখ পৰ্যন্ত হ’লে, তেনে বিষয়বোৰ ফ’ৰামে চোৱা-চিতা কৰিব পাৰিব।

 

এই ক্ষেত্ৰত ফ’ৰামৰ ওচৰত সংশ্লিষ্ট মহলে আবেদন জনাব লাগিব।

পদকীয়া পক্ষয়ো ফ’ৰামৰ ওচৰত আবেদন জনাব পাৰিব।

গুচৰীয়া পক্ষৰ আবেদন পোৱাৰ ২১ দিনৰ ভিতৰত ফ’ৰামে গুচৰীয়া পক্ষলৈ আবেদন সন্দৰ্ভত কাৰণ দৰ্শাবলৈ জাননী জাৰি কৰিব লাগিব। ৩০ দিনৰ ভিতৰত এই সন্দৰ্ভত গুচৰীয়া পক্ষই নিজৰ ক’বলগীয়াখিনি দাঙি ধৰিব লাগিব। এই ক্ষেত্ৰত ফ’ৰামে কেতিয়াবা অতিৰিক্ত ১৫ দিনৰ ব্যৱস্থা কৰিব পাৰে।

যদিহে গুচৰীয়া পক্ষৰ আবেদন সন্দৰ্ভত পদকীয়া পক্ষই আপত্তি দৰ্শায় অথবা ফ’ৰামে বান্ধি দিয়া সময়ৰ ভিতৰত যদি পদকীয় পক্ষই নিজৰ উত্তৰ নিদিয়ে, তেনেহ’লে ফ’ৰামে বিষয়টো সন্দৰ্ভত নিজস্ব প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰিব।

আবেদনকাৰীয়ে যদিহে কোনো সামগ্ৰীত কোনো আসোঁৱাহ থকা বুলি প্ৰকৃত পৰীক্ষা নকৰাকৈয়ে অভিযোগ দিয়ে তেনেক্ষেত্ৰত ফ’ৰামে সামগ্ৰীবিধৰ এটা আৰ্হি লৈ পৰীক্ষাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। যদিহে এই সামগ্ৰীবিধ আসোঁৱাহযুক্ত বুলি পৰীক্ষাগাৰৰ পৰীক্ষাত প্ৰমাণিত হয়, তেন্তে ফ’ৰামে উক্ত সামগ্ৰীবিধৰ সলনি অন্য সামগ্ৰী ক্ৰেতাক দিবলৈ বিক্ৰেতাক নিৰ্দেশ দিব।

ইয়াৰ বাদেও ফ’ৰামে পৰীক্ষাগাৰত ধৰা পৰা আসোঁৱাহসমূহ দূৰ কৰিবলৈ নিৰ্দেশ দিব বিক্ৰেতামহলক অথবা প্ৰস্তুতকৰ্তাক।

আসোঁৱাহ থকা সামগ্ৰীৰ সমপৰিমাণৰ ধন ক্ৰেতাক ঘূৰাই দিবলৈ বিক্ৰেতাক নিৰ্দেশ দিব পাৰে ফ’ৰামে।

লেতেৰা বা অপৰিষ্কাৰ সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা দিব পাৰে ফ’ৰামে।

ডিষ্ট্ৰিক্ট ফ’ৰামে দিয়া নিৰ্দেশৰ বিৰুদ্ধে কোনো পক্ষই ৰাজ্যিক ফ’ৰামত আবেদন জনাব পৰাৰ ব্যৱস্থা আছে। এই আবেদন ডিষ্ট্ৰিক্ট ফ’ৰামে দিয়া নিৰ্দেশৰ ৩০ দিনৰ ভিতৰত কৰিব লাগিব।

ৰাজ্যিক আয়োগৰ অধ্যক্ষ পদত চৰকাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশক নিযুক্তি দিব পাৰে। আয়োগৰ ন্যূনতম দুগৰাকী সদস্য থাকিব। ইয়াৰে এগৰাকী সদস্য হিচাপে থাকিব মহিলা।

নিযুক্তিৰ সময়ত সদস্যৰ বয়স ৩৫ বছৰৰ কম হ’ব নালাগিব। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰপৰা তেওঁ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। প্ৰত্যেকজন সদস্যৰ কাৰ্যকাল ৫ বছৰ ধাৰ্য কৰা হৈছে। তেওঁ ৬৭ বছৰ বয়সলৈকে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। ৰাজ্যিক আয়োগৰ নিৰ্দেশ বা ৰায়ত অসন্তষ্ট হ’লে ৰাষ্ট্ৰীয় আয়োগত কোনো পক্ষই আবেদন জনাব পাৰিব। ৰাষ্ট্ৰীয় আয়োগত এজন অধ্যক্ষৰ উপৰি ন্যূনতম চাৰিগৰাকী সদস্য থাকিব লাগিব। অধ্যক্ষগৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ’ব লাগিব।

সদস্যসকলৰ বয়স নিযুক্তি দিয়াৰ সময়ত ৩৫ বছৰৰ কম হ’ব নালাগিব। তদুপৰি তেওঁলোক স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

উৎসঃ দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate