অংশীদাৰী সাহার্য্য হৈছে প্ৰতিটো সম্প্ৰদায়ৰে অংশস্বৰুপ।এজন ব্যক্তিক সহায় কৰাটো সমাজ,অর্থনীতি আৰু ৰাজনৈতিক কাৰকৰ ওপৰত নির্ভৰ কৰিছিল। এজন ব্যক্তিয়ে যেতিয়া আন এজনক সহায় কৰিছিল,সেই কার্যই পৰোক্ষভাৱে সমাজক অংশীদাৰী সাহার্য্য প্ৰদান কৰিছিল। ভাৰতীয় পৰম্পৰাত সমাজ কল্যাণৰ প্ৰতিচ্ছবিখন দয়া,দান,দক্ষিণা,ভিক্ষা,সম্য-ভাৱ,স্ব-ধর্ম আৰু ত্যাগৰ ওপৰত নির্ভৰশীল;যিটোয়ে আনৰ প্ৰতি আত্ম-নিয়মানুৱর্তিতা,আত্ম-ত্যাগ আৰু বিবেচনাৰ বাবে উদগনি যোগাইছিল। ভদ্ৰ লোকে এনেধৰণৰ নীতিবোৰ সদায় মানি চলিছিল,যিবোৰ মানুহবোৰে নিজেই বনাই লৈছিল আৰু সাম্প্ৰদায়িক কার্যৰ জৰিয়তে প্ৰসাৰ কৰিছিল। সকলো ধমর্ই নিজা নিজা অনুগামীসকলক তেওঁলোকৰ উপার্জনৰ এক অংশ দয়াশীল কামত নিয়োগ কৰিবলৈ আহ্বান জনাইছিল;আৰু কৈছিল যে এনেবোৰ কামৰ জৰিয়তে তেওঁলোকে সুখ সমৃদ্ধি পোৱাৰ উপৰিও পাপৰ পৰা মুক্ত হৈ পুনৰ জনম ল’ব পাৰিব। ৰজা আৰু ৰাজপৰিয়ালৰ ব্যক্তিসকলে বানপানী,ভূমিকম্প অথবা জুই লগা আদি দূর্যোগৰ সময়ত পীড়িত লোকসকলক সহায় কৰিছিল।ভাৰতত প্ৰশাসনিক ফালৰপৰা ৰজা অশোক,হর্ষ,চন্দ্ৰ গুপ্ত,আকবৰ,শ্বেৰশ্বাহ আৰু ফিৰোজ টোগলক আদিৰ শাসনকালেই মাইলখুটি আছিল য’ত লোকসকলক সামাজিক ভাৱে সহায় কৰা হৈছিল।
লিখক: পংকজ বৰুৱা, নগাঁও।
শেহতীয়া উন্নীতকৰণ: : 4/6/2020
অসমৰ কৃষিখণ্ড: ইতিহাস আৰু পৰম্পৰা
অ-সম অসম
অসমৰ খেল-ধেমালি
কাৰবি আংলং জিলাৰ ইতিহাস