অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিত্তীয় বিষয়ক অধিক তথ্য

বিত্তীয় বিষয়ক অধিক তথ্য

বিত্তীয় বিষয়ক আপোনাৰ জ্ঞান পৰীক্ষা কৰক

পৰীক্ষাত ভাগ লোৱাৰ আগতে অনুগ্ৰহ কৰি তলৰ বিষয় বস্তুসমূহৰ বিষয়ে জানি লওঁক

বিত্তীয় অন্তৰ্ভূক্তি

নিম্ন উপাৰ্জনক্ষম আৰু অনাগ্ৰসী লোকসকললৈ কম খৰছত আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাটোৰ জৰিয়তে বিত্তীয় সেৱাসমূহ সহজলভ্য কৰি তোলাৰ ব্যৱস্থাটোৱেই হ’ল বিত্তীয় অন্তৰ্ভূক্তিৰ সংজ্ঞা।

ভাৰতৰ বিত্তীয় ব্যৱস্থাসমূহ

বিত্তীয় খণ্ডটো তিনিটা মূল অংশৰ দ্বাৰা গঠিত হৈছে। সেইবোৰ হ’ল:

১) বিত্তীয় প্ৰতিষ্ঠানসমূহ- বেংক, মিউচুৱেল ফাণ্ড, বীমা কোম্পানী

২) বিত্তীয় বজাৰসমূহ- টকাৰ বজাৰ, ডেবিট বজাৰ, মূলধনৰ বজাৰ, ফৰেক্স বজাৰ

৩) বিত্তীয় উপাদান- ধাৰ, জমা, বণ্ড, ইকুইটিছ

বিত্তীয় খণ্ড-ভাৰতত নিয়ামকসমূহ

 

 

নিয়ামকসমূহ

 

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)

চিকুইৰিটি এক্সেঞ্জ বোৰ্ড অফ ইণ্ডিয়া (SEBI, চেবি)

বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃত্ব (IRDA, আই আৰ ডি এ)

বেংকসমূহ

মূলধনৰ বজাৰ/মিউচুৱেল ফাণ্ড

বীমা কোম্পানীসমূহ

 

চিকুইৰিটি এক্সেঞ্জ বোৰ্ড অফ ইণ্ডিয়া (SEBI, চেবি)

১৯৮৮ চনৰ ১২ এপ্ৰিলত চেবি গঠন হয়। ১৯৯২ চনত চেবিয়ে আইনগত ক্ষমতা আহৰণ কৰে। চেবিৰ কামসমূহ হ’ল- বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান কৰা, ষ্টক এক্সেঞ্জ আৰু আন চিকুইৰিটি বজাৰৰ ব্যৱসায় চিনাক্ত কৰা, মধ্যস্থতাকাৰী যেনে, ষ্টক ব্ৰোকাৰ, মাৰ্চেন্ট বেংক, কাষ্টডিয়ান ডিপোজিটৰ/বেংক আদিৰ বিভিন্ন বিষয়ৰ কাম-কাজবোৰৰ তত্বাৱধায়ক আৰু নিয়ামক হিচাপে কাম কৰা।

ভাৰতৰ মিউচুৱেল ফাণ্ডসমূহৰ উমৈহতীয়া সংস্থা (এচোছিয়েছন অফ মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়া, এ এম এফ আই)

ই এটা অলাভকাৰী সংস্থা। ভাৰতৰ মিউচুৱেল ফাণ্ডবোৰক এ এম এফ আই য়ে প্ৰতিনিধিত্ব কৰাৰ উপৰিও মিউচুৱেল ফাণ্ডসমূহ সুষ্ঠ আৰু সূচাৰুৰূপে গঢ় লৈ উঠাৰ ক্ষেত্ৰত কাম কৰি আহিছে। ইয়াৰ জৰিয়তে তেওঁলোকৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ অংশ হিচাপে মিউচুৱেল ফাণ্ডৰ কৰ্মকৰ্তাসকলৰ বাবে পৰীক্ষা আদি অনুষ্ঠিত কৰি আহিছে।

বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃত্ব (IRDA, আই আৰ ডি এ)

ভাৰতৰ বীমা ব্যৱসায়ৰ নিয়ামক হ’ল আই আৰ ডি এ। আই আৰ ডি এ য়ে ২০০০ চনত গঠিত হয়। বীমা ব্যৱসায়ী যাতে সঠিকভাৱে পৰিচালিত আৰু গঢ় লৈ উন্নতিৰ পথত আগবাঢ়িব পাৰে তাৰ বাবে আই আৰ ডি এ য়ে ব্যৱস্থা গ্ৰহণ কৰে। গ্ৰাহকসকলে যাতে সঠিকভাৱে আৰু সুৰক্ষিতভাৱে ফল পায় তাৰ প্ৰতিও আই আৰ ডি এ য়ে চকু ৰাখে।

ভাৰতত বেংক ব্যৱস্থা

বেংকৰ আইনগত গাঁঠনি

  • বেংকিং ৰেগুলেছন এক্ট, ১৯৪৯ (বি আৰ এক্ট ১৯৪৯)
  • ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট, ১৯৩৪ (আৰ বি আই এক্ট ১৯৩৪)

ভাৰতত বেংকসমূহ বি আৰ এক্ট ১৯৪৯ আৰু আৰ বি আই এক্ট ১৯৩৪ ৰ দ্বাৰা পৰিচালিত হয়। ভাৰতত বেংক ব্যৱস্থা ভাৰত চৰকাৰ আৰু আৰ বি আই ৰ দ্বাৰা নিয়ন্ত্ৰিত/নিৰিক্ষীত হয়। কো-অপাৰেটিভ চোছাইটি, বেংকিং চোছাইটি, ষ্টেটুটৰী কৰ্পোৰেছন আদি বেংকৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি বেংকসমূহ ভিন্ন ধৰণে নিয়ন্ত্ৰিত হয়।

বেংকিং কোম্পানী আৰু কো-অপাৰেটিভ বেংকসমূহক কিছু পৰিমাণে সাল-সলনি কৰি বি আৰ এক্টৰ অধীনত সামৰি লোৱা হয়। (ক) প্ৰাথমিক কৃষি সম্বন্ধীয় ঋণ সমিতি, (খ) লেণ্ড ডেভেলপমেণ্ট বেংকসমূহত বি আৰ এক্ট প্ৰযোজ্য নহয়।

বি আৰ এক্টৰ অধীনত আৰ বি আই য়ে (অনুছেদ ২২) বেংকসমূহত অনুজ্ঞাপত্ৰ প্ৰদান কৰে।

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট, ১৯৩৪ (আৰ বি আই এক্ট ১৯৩৪)

ভাৰতীয় ৰিজাৰ্ভ বেংক গঠন কৰিবলৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট প্ৰনয়ন কৰা হৈছিল। এই আইনখন সময়ে সময়ে সংশোধিত হৈ থাকে। এই আইনখনে আৰ বি আইৰ গঠন, ক্ষমতা আৰু ইয়াৰ কাৰ্য্যপ্ৰণালীৰ লগত জড়িত কাম-কাজ কৰে। ইন ক’ৰ্পোৰেছন, কেপিটেল মেনেজমেন্ট আৰু বেংকসমূহৰ ব্যৱসায়, কেন্দ্ৰীয় বেংকসমূহৰ কাৰ্য্যসমূহ, বেংকৰ বিত্তীয় নিৰীক্ষণ আৰু বিত্তীয় অনুষ্ঠানসমূহ, ফৰেক্স, ৰিৰ্জাভ মেনেজমেন্ট, বেংক ৰেট, অডিট, একাউন্টছ আদিৰ কাৰ্য্যপ্ৰণালী নিয়ন্ত্ৰণ, নিয়ম ভংগৰ বাবে শাস্তি ইত্যাদি সমূহো আৰ বি আইৰ এক্টৰ মতে পৰিচালিত হয়। আৰ বি আই এক্ট ১৯৩৪ প্ৰণয়ন হোৱাৰ পাছত ১৯৩৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংক গঠন হৈছিল।

বি আৰ এক্ট ১৯৪৯ৰ অধীনত আৰ বি আই য়ে নতুন বেংক স্থাপন, একাধিক বেংক লগ-লগোৱা, সংযোজন, নতুন শাখা খোলা আদিৰ ক্ষেত্ৰত যথেষ্ট ক্ষমতা লাভ কৰিছে।

বি আৰ এক্ট ১৯৪৯ ৰ অধীনত আৰ বি আই য়ে নিয়ামক, নিয়ন্ত্ৰণ আৰু বেংক ব্যৱস্থা উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট ক্ষমতা লাভ কৰিছে।

ভাৰতৰ মূলধনৰ বজাৰ

ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত মূলধনৰ বজাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ অধীনত বিনিয়োগকাৰীসকলে বজাৰত বিনিয়োগ কৰিবলৈ সুবিধা পায় আৰু বিনিময়ত আকৰ্ষণীয় হাৰত উপাৰ্জন লাভ কৰে। বিভিন্ন খণ্ডত ই বিভিন্ন ধনৰ উৎসৰো সৃষ্টি কৰে। নেচনেল ষ্টক এক্সেঞ্জ আৰু বোম্বে ষ্টক এক্সেঞ্জ ভাৰতৰ দুটা প্ৰধান ষ্টক এক্সেঞ্জ।

বীমা খণ্ড

ভাৰতৰ বীমা খণ্ডক মূলত দুটা ভাগত বিভক্ত কৰা হয়। ১) জীৱন বীমা ২)সাধাৰণ বীমা

বিত্তীয় মধ্যস্থতাকাৰী

মিউচুৱেল ফাণ্ড-মধ্যস্থতাকাৰী হিচাপে মিউচুৱেল ফাণ্ডে সঞ্চয় আৰু ফাণ্ডৰ চালিকা শক্তি হিচাপে কাম কৰে- যিবিলাক ষ্টক মাৰ্কেট আৰু বন্ধ বজাৰত বিনিয়োগ কৰা হয়। মিউচুৱেল ফাণ্ডসমূহ হ’ল একোটা একোটা সংস্থা বা কিছুমান ব্যক্তিৰ ট্ৰাষ্ট। সদস্যসকলৰ পৰস্পৰ লাভ হোৱাকৈ ব্যৱসায় কৰা বা ক’ৰ্পোৰেট খণ্ডত বিত্তীয় আহিলাসমূহৰ সহায়ত বিনিয়োগ কৰিবলৈ মিউচুৱেল ফাণ্ডে সহায় কৰে। মিউচুৱেল ফাণ্ডৰ উদ্দেশ্য হৈছে বিনিয়োগত থকা আশংকাসমূহ হ্ৰাস কৰা। মিউচুৱেল ফাণ্ডে ইয়াৰ বিনিয়োগকাৰীসকলক মূলধনৰ বজাৰত বিনিয়োগ কৰাই তেওঁলোকৰ মূল্যবৃদ্ধিত সহায় কৰে। মিউচুৱেল ফাণ্ডৰ বহুবোৰ আঁচনি আছে। যেনে, গ্ৰোথ ফাণ্ড, ইনকাম ফাণ্ড, বেলেঞ্চ ফাণ্ড, চেক্টৰ বিশেষে ফাণ্ড ইত্যাদি। এই সকলোবোৰ চেবিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

মাৰ্চেণ্ট বেংক ব্যৱস্থা- আন এটা গুৰুত্বপূৰ্ণ মধ্যস্থতাকাৰী হ’ল মাৰ্চেণ্ট বেংক। ই ঋণৰ চিণ্ডিকেটক তত্বাৱধানলৈ অনা, ক’ৰ্পোৰেট মক্কেলসমূহক বিত্তীয় ব্যৱস্থা উন্নত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা আদি ক্ষেত্ৰত পৰিচালনা, নতুন নতুন বিষয়বোৰৰ ক্ষেত্ৰত মাৰ্চেণ্ট বেংক জড়িত থাকে। ই আৰ বি আই আৰু চেবিৰ নিয়ামকৰ অধীনত কাম কৰে। চেবিয়ে ইয়াৰ কাৰ্য্যকলাপৰ ক্ষেত্ৰ আৰু ব্যৱসায়িক পোৰ্টফলিঅ’ পৰিচালনা নিয়ন্ত্ৰণ কৰে। আৰ বি আই য়ে কমাৰ্চিয়েল বেংকে অনুমোদিত কৰা মাৰ্চেণ্ট বেংকবোৰক নিৰীক্ষণ কৰে।

বেংকসমূহৰ শ্ৰেণীবিভাগ

  • কেন্দ্ৰীয় বেংক
  • ৰাজহুৱা খণ্ডৰ বেংক
  • নতুন ব্যক্তিগত খণ্ডৰ বেংক
  • পুৰণি ব্যক্তিগত খণ্ডৰ বেংক
  • বিদেশী বেংক
  • কো-অপাৰেটিভ বেংক
  • আঞ্চলিক গ্ৰামীণ বেংক

ৰাজহুৱা খণ্ডৰ বেংক = ষ্টেট বেংক অফ ইণ্ডিয়া + ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত জড়িত বেংকসমূহ + ৰাষ্ট্ৰীয়কৃত বেংকসমূহ

ব্যক্তিগত খণ্ডৰ বেংক = ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংকসমূহ(পুৰণি/নতুন প্ৰজন্মৰ বেংকসমূহ)+ ভাৰতত থকা বিদেশী বেংকসমূহ

অন্যান্য বেংক = আঞ্চলিক গ্ৰামীণ বেংক

বাণিজ্যিক বেংক-জমা ব্যৱস্থা

  • কাৰেণ্ট ডিপোজিট
  • চেভিংছ ডিপোজিট
  • ফিক্স ডিপোজিট
  • ৰেকাৰিং ডিপোজিট
  • ফ্লেক্সি ডিপোজিট
  • চাৰ্টিফিকেট ডিপোজিট

 

ধাৰ ব্যৱস্থা-ধন ভিত্তিক

  • নগদ ঋণ
  • অভাৰড্ৰাফট
  • খুচুৰা অৰ্থসাহাৰ্য্য
  • টাৰ্ম অৰ্থসাহাৰ্য্য
  • বিল অৰ্থসাহাৰ্য্য

 

ধাৰ ব্যৱস্থা-ধন ভিত্তিক নহয়

  • লেটাৰ অফ ক্ৰেডিট
  • বেংক গেৰাণ্টি
  • কো-এক্সছেপটেনছৰ বিল

 

আপোনাৰ গ্ৰাহকক জানক

বেংকত সকলো ধৰণৰ জমা হিচাপ থকা গ্ৰাহকৰ ক্ষেত্ৰতে ‘আপোনাৰ গ্ৰাহকক জানক’ ব্যৱস্থাটো প্ৰযোজ্য হয়। গ্ৰাহকজনক কেৱল চিনাক্তকৰণ কৰাৰ বাবেই যে এই ব্যৱস্থা লোৱা হয় এনে নহয়।

গ্ৰাহকজনৰ কাৰ্য্যকলাপ আৰু জমা হিচাপ পৰিচালনাত গ্ৰাহকজনে যে আইনগত আৰু প্ৰকৃতভাৱে কৰে। সেইটোও এই ব্যৱস্থাত নিশ্চিত কৰা হয়। এই ব্যৱস্থা বিভিন্ন কাৰণত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। নিচাযুক্ত দ্ৰব্যৰ কলা বেপাৰ, বে-আইনীভাৱে ধনৰ লেন-দেন, সন্ত্ৰাসবাদী কাৰ্য্যকলাপ, অস্ত্ৰ-শস্ত্ৰৰ ব্যৱসায়ৰ আদিৰ বিষয়বোৰ আগত ৰাখি প্ৰতিটো বেংকে তেওঁলোকৰ গ্ৰাহকৰ লগত অতি সাৱধানে লেন-দেন কৰিব লাগে।

  • কাষ্টমাৰ এক্সেপটেনছ নীতি
  • গ্ৰাহকৰ চিনাক্তকৰণৰ ব্যৱস্থা
  • লেন-দেনৰ প্ৰতি নজৰ ৰখা
  • সম্ভাব্য বিপদৰ পৰিচালনা

নথিপত্ৰ

ঋণৰ নথিপত্ৰবোৰক প্ৰাথমিক আৰু গৌণ এই দুটা ভাগত শ্ৰেণীবিভাজন কৰা হৈছে। ঋণৰ ধৰণ/ধাৰ লওতাৰ অৱস্থা/ধাৰ লওতাই দিয়া বন্ধকৰ আশ্বাসৰ প্ৰকৃতি আদিৰ ওপৰত ভিত্তি কৰি নথিপত্ৰৰ প্ৰয়োজনীয়তা আহি পৰে। নথিপত্ৰসমূহ অতি পৰিষ্কাৰভাৱে লিখা হ’ব লাগে আৰু আইন-আদালতত প্ৰযোজ্য হোৱাকৈ প্ৰস্তুত হ’ব লাগে। প্ৰয়োজন সাপেক্ষে যথাযথভাৱে ষ্টাম্পৰ ব্যৱহাৰ কৰিব লাগে। নথিপত্ৰসমূহ যথাযথভাৱে পূৰণ কৰিব লাগে আৰু কৰ্তৃত্বশীল ব্যক্তিয়ে যথাযথভাৱে কাৰ্য্যকৰী কৰিব লাগে।

এভিডেঞ্চ এক্টৰ চেকছন ৬১ৰ মতে প্ৰামাণিক তথ্যপাতি:

প্ৰাথমিক: আদালতে পৰীক্ষা কৰিব পৰাকৈ প্ৰকৃত তথ্যপাতি

গৌণ: চাৰ্টফাইড কপি, প্ৰকৃত তথ্যৰ লগত ৰিজাই প্ৰস্তুত কৰা নথিপত্ৰ

ই-বেংকিং

ক্ৰেডিট কাৰ্ড

  • ইন্টাৰনেট বেংকিং
  • ক’ৰ বেংকিং চলিউছন

বেংক ব্যৱস্থাত গণিত

বেংক ব্যৱস্থাত গণিত কিয় লাগে?

  • জমা ধন আৰু অগ্ৰিম ধনৰ সুত হিচাপ কৰিবলৈ।
  • বণ্ডৰ লাভৰ ওপৰত নিৰ্ভৰ কৰি কোন বেংকত ধন বিনিয়োগ কৰিব লাগিব সেইটো হিচাপ কৰিবলৈ
  • ডেপ্ৰিছিয়েছনৰ হিচাপ কৰিবলৈ।
  • বিদেশী টকা ক্ৰয়/বিক্ৰী কৰাৰ সিদ্ধান্ত ল’বলৈ।
  • বেংকক অতি কমেও কিমান মূলধন লাগিব তাৰ হিচাপ কৰিবলৈ।

কেনে পৰ্য্যায়ৰ গণিতৰ প্ৰয়োজন হয়?

  • বেংকত অতি উচ্চ পৰ্য্যায়ৰ গণিতৰ প্ৰয়োজন নহয়।
  • আমি তলত উল্লেখ কৰা প্ৰাথমিক গাণিতিক অংকখিনি জানিলেই যথেষ্ট।
  • যোগ- যেনে, ২৪+৩৩+৯+৫৬=১২২
  • বিয়োগ- যেনে, ১৩৪-৪১-৭২=২২
  • পূৰণ- যেনে, ১.১´১.১=(১.১)২=১.২১
  • হৰণ- যেনে, ১¸১২=০.০৮৩৩।

সাধাৰণ সুত

  • গুৰুত্বপূৰ্ণ চিহ্ন: P= প্ৰথমতে জমা থোৱা ধন, মূলধন বোলা হয়।
  • r= সুতৰ হাৰ, বছৰি ১২ শতাংশ সুতৰ অৰ্থ হ’ল, যদি আপুনি ১০০ টকা ১ বছৰৰ বাবে জমা থয় তেন্তে বছৰৰ শেষত ১২ টকা সুত পাব। আমাৰ হিচাপ মতে ধৰি ল’লো r= ১২¸১০০=০.১২ প্ৰতিবছৰে।
  • T= কিমান বছৰৰ বাবে P জমা কৰি থোৱা হ’ব।
  • I= পাব লগা মুঠ সুত, I=p´r´T
  • A= পাব লগা মুঠ ধন, A=P+I=P+(p´r´T)=P(১+rT)

চক্ৰবৃদ্ধি সুত

যদি আপুনি বছৰি ১২ শতাংশ সুতত ১০০ টকা ১ বছৰলৈ জমা কৰি থয়, তেন্তে বছৰৰ শেষত মুঠ ১১২ টকা হ’বগৈ। পিছৰ বছৰৰ বাবে আপুনি ১১২ টকাৰ ওপৰত সুত পাব। অৰ্থাৎ ১১২´১২¸১০০=১৩.৪৪। এইটোক চক্ৰবৃদ্ধি বোলা হয়। সাধাৰণ সুতৰ ক্ষেত্ৰত আপুনি ২য় বছৰৰ বাবেও ১২ টকা সুতহে পাব।

  • চক্ৰবৃদ্ধি সুত ওপৰত দেখুওৱাৰ দৰে বাৰ্ষিক হ’ব পাৰে বা মাহেকীয়া, তিনিমহীয়া, ছমহীয়া আদিও হ’ব পাৰে। যিমান ঘনাই চক্ৰবৃদ্ধি সুত হয় সিমানে আপুনি বেছি সুত লাভ কৰিব।
  • বছৰেকীয়া চক্ৰবৃদ্ধিত, এবছৰৰ পিছত A=P(১+r), দুবছৰৰ পাছত A=P(১+r)২, আৰু এনেদৰে T বছৰৰ পাছত A=P(১+r)T
  • যদি চক্ৰবৃদ্ধি বছৰত n বাৰ হয়, তেন্তে A=P(১+r¸n)nT
  • ৭২ ৰোল ব্যৱহাৰ কৰি আমাৰ ধন কিমান দিনৰ ভিতৰত দুগুণ হ’ব তাক উলিওৱা হয়।

ৰেহাই উপাদান

আমি দেখিলো যে, T বছৰত P হয়গৈ P(১+r)T। সেয়েহে যদি কোনোৱে আপোনাক T বছৰত P(১+r)T টকা ঘূৰাই দিব বুলি কয় তেন্তে বুজিব লাগিব যে ইয়াৰ মূল্য বৰ্তমানত P টকা মাত্ৰ

  • ভৱিষ্যতে পাব লগা ধনক এটা সংখ্যাৰে (১তকৈ সৰু) পূৰণ কৰিলে সেই ধনৰ বৰ্তমানৰ মূল্য পাব পৰা যায়।
  • ওপৰত উল্লিখিত ধৰণে P(১+r)T ক ১¸(১+r)T ৰে পূৰণ কৰিলে P ৰ বৰ্তমানৰ মূল্য পোৱা যাব। সেয়েহে ৰেহাই উপাদান হ’ব ১¸(১+r)T।
  • যেনে, যদি বছৰেকীয়া সুতৰ হাৰ ১০ শতাংশ হয়, r=০.১০। ৰেহাই উপাদান ১বছৰৰ বাবে হ’ব ১¸১.১০-, দুবছৰৰ বাবে হ’ব ১¸১.২১ আৰু এনেদৰে বাঢ়ি গৈ থাকিব।

টকাৰ বৰ্তমানৰ মূল্য

PV= ভৱিষ্যতৰ পৰিমাণ ´ ৰেহাই উপাদান (DF)

  • DF=১¸(১+r)T
  • উদাহৰণ: যদি বছৰেকীয়া সুতৰ হাৰ ১০ শতাংশ হয়, r=০.১০ তেনেহ’লে ৰেহাই উপাদান ১ বছৰৰ বাবে হব ১¸১.১০, দুবছৰ বাবে ১(১.১০)২=১¸১.২১ আৰু এনেদৰে বাঢ়ি গৈ থাকিব।
  • ওপৰৰ উদাহৰণ মতে ১০০ টকাৰ PV দুবছৰৰ পাছত হবগৈ ১০০´১¸(১.১০)২=১০০¸১.২১=৮২.৬৪ টকা। একেদৰেই ১০০ টকাৰ PV ৫ বছৰৰ পিছত হ’বগৈ ১০০´১¸(১.১০)৫

টকাৰ ভৱিষ্যতৰ মূল্য

  • সুতৰ হাৰৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে আপুনি পাবলগীয়া ধনৰ পৰিমাণ(A)বৰ্তমানৰ ধনতকৈ(P)অধিক হ’ব।
  • A=P(১+r)T, যদিহে চক্ৰবৃদ্ধি বছৰত হয়।
  • সেয়েহে FV = বৰ্তমানৰ ধন ´(১+r)T, আমি ক’ব পাৰো (১+r)T চক্ৰবৃদ্ধি উপাদান।
  • উদাহৰণ যদি বাৰ্ষিক সুতৰ হাৰ ১০ শতাংশ হয়, তেন্তে চক্ৰবৃদ্ধি উপাদান এবছৰৰ বাবে হ’ব ১.১০, দুবছৰৰ বাবে (১.১০)২=১.২১ আৰু এনেদৰে বৃদ্ধি হৈ যাব।
  • ওপৰৰ উদাহৰণৰ ভিত্তিত ১০০ টকাৰ FV ২ বছৰৰ পাছত হ’বগৈ ১০০´(১.১০)২= ১২১ টকা। একেদৰে ১০০ টকাৰ  FV ৫ বছৰৰ পাছত হ’বগৈ ১০০´(১.১০)৫

বছৰেকীয়া বৃদ্ধি (বানচ)

  • কিছুমান নিৰ্দিষ্ট পেমেন্ট/ৰিচিপ্ট নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পৰিমাণত দিয়া হয়।
  • উদাহৰণ, ভাৰতীয় জীৱন বীমা নিগমে প্ৰতি বছৰে ১০০০ টকাকৈ ২০ বছৰৰ বাবে দিয়ে। আকৌ, বেংকৰ ৰেকাৰিং ডিপোজিটৰ ক্ষেত্ৰত ১০০ টকাকৈ ৫ বছৰৰ বাবে দিব লাগে।
  • দুই ধৰণৰ বাৰ্ষিক বানচ। সাধাৰণ বানচ: সময়সীমাৰ শেষত ধন প্ৰদান কৰা হয়। বাৰ্ষিক বানচ প্ৰদান: প্ৰতিটো
  • সময়সীমা আৰম্ভ হোৱাৰ সময়তে ধন প্ৰদান কৰা হয়।

বাৰ্ষিক বানচৰ বৰ্তমান আৰু ভৱিষ্যতৰ মূল্য

  • PV ৰ বাৰ্ষিক বানচৰ হিচাপ কৰোতে প্ৰতিবাৰ ধন প্ৰদানৰ PV হিচাপ কৰি যোগ কৰা হয়। উদাহৰণ: যদি প্ৰতিবছৰৰ শেষত ১০০ টকাকৈ ধন প্ৰদান কৰা হয়, আমি ১০০ টকাকৈ প্ৰতিটো ধন প্ৰদানৰ PV ১০ টা পৃথক-পৃথককৈ হিচাপ কৰি উলিয়াই যোগ কৰিব লাগিব।
  • একেদৰেই, বাৰ্ষিক বানচৰ FV উলিয়াবলৈ প্ৰতিটো ধন প্ৰদানৰ FV হিচাপ কৰি যোগ কৰিব লাগিব। উদাহৰণ: যদি প্ৰতিবছৰৰ শেষত ১০০ টকাকৈ ১০ বছৰ ধন প্ৰদান কৰা হয়, তেন্তে আমি ১০০ টকাৰ প্ৰতিটো ধন প্ৰদানৰ FV ১০ টা পৃথক-পৃথককৈ উলিয়াই যোগ কৰিব লাগিব।

PV আৰু FV হিচাপ কৰোতে ল’ব লগা সাৱধানতা

  • কিতাপত উল্লেখ থকা সূত্ৰ ব্যৱহাৰ কৰি আমি অতি সহজে সঠিকভাৱে r অৰ্থাৎ সুতৰ হাৰ উলিয়াব পাৰো। উদাহৰণ: বাৰ্ষিক সুতৰ হাৰ ১২ শতাংশ। যদি ধন বছৰৰ মূৰত প্ৰদান কৰা হয়, তেন্তে r=১২¸১০০=০.১২। কিন্তু যদিহে প্ৰতিমাহে ধন প্ৰদান কৰা হয় তেন্তে r=১২¸১০০´১২=০.০১। তিনিমাহৰ মূৰত ধন প্ৰদান কৰিলে ০.০৩ আৰু ছমাহত প্ৰদান কৰিলে ০.০৬ হ’বগৈ।

বাৰ্ষিক লাভৰ আছুতীয়া টকা

  • বছৰেকীয়া বানচৰ সৈতে প্ৰায় একে।
  • ধৰা হ’ল, আপোনাক ৫ বছৰৰ পাছত এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰ (A)প্ৰয়োজন। আপুনি এটা পৰিমাণৰ ধন (C) প্ৰতিবছৰে বেংকত জমা থৈ গ’ল। এই ধনখিনি ৫ বছৰৰ পাছত(A)পৰিমাণত ঘূৰাই পাব, যিখিনিৰে আপুনি ধাৰ শুজিব পাৰিব বা আপোনাৰ আন কামত খটুৱাব পাৰিব। যদি আমি সুতৰ হাৰ আৰু FV জানিব পাৰো তেন্তে সহজে হিচাপ কৰি (C)ৰ পৰিমাণ উলিয়াব পৰা যায়।

বণ্ড

  • বণ্ডৰ যোগেৰে বণ্ড ইচু কৰোতাজনে তেওঁৰ ধনৰ পৰিমাণ বৃদ্ধি কৰে।
  • বণ্ড কিনোতাসকলক তেওঁলোকৰ ধন ব্যৱহাৰ কৰাৰ বাবে ইচু কৰোতাজনে সুত প্ৰদান কৰে।
  • বণ্ডৰ লগত জড়িত চৰ্ত: ফেচ ভেলু, কুপন ৰেট, মেচুউৰিটি, ৰিদেম্পছন ভেলু, মাৰ্কেট ভেলু।
  • ফেচ ভেলু আৰু ৰিদেম্পছন ভেলু পৃথক হব পাৰে কিন্তু ই নিৰ্দিষ্ট আৰু ইয়াক জানিব পৰা যায়।
  • মাৰ্কেট ভেলু ফেচ ভেলুতকৈ পৃথক হব পাৰে আৰু ই পৰিৱৰ্ত্তিত হৈ থাকে।

বণ্ডৰ মূল্য নিৰ্ধাৰণ

  • বণ্ড কিনোতাই নিয়মীয়াকৈ সুত পায় থাকে আৰু মেচুউৰিটি সময়ত ৰিদেম্পছনৰ পৰিমাণ পায়।
  • বণ্ড ইচু কৰাৰ সময়তে ইয়াৰ সুত (কুপন ৰেট বুলিও জনা যায়)নিৰ্দিষ্ট কৰা হয়। কিন্তু যিহেতু বজাৰত সুতৰ হাৰ সলনি হৈ থাকে, গতিকে বণ্ডৰ মাৰ্কেটৰ দৰ সলনি হৈ থাকে।
  • যদি কোনো নিৰ্দিষ্ট সময়ত কুপন ৰেট আৰু মাৰ্কেট সুতৰ হাৰৰ মাজত পাৰ্থক্য হয়, তেন্তে বণ্ডৰ মাৰ্কেট মূল্য ফেচ ভেলুতকৈ পৃথক হৈ পৰে।
  • সকলোবোৰ কুপন ৰিচিপ্টৰ PV ৰ লগত মাৰ্কেট ভেলু সমান হয়। মাৰ্কেট ৰেটৰ সুবিধা ল’বলৈ ৰিদেম্পছন ভেলু ৰেহাই দিয়া।

বণ্ডৰ ফল (লাভ)

  • বৰ্তমানৰ ফল = কুপনৰ সুত/বৰ্তমানৰ বজাৰৰ মূল্য
  • উদাহৰণ: যদি কোনো এটা বণ্ডৰ ফেচ ভেলু ৫০ টকা, কুপন ৰেট বছৰি ৮ শতাংশ আৰু বজাৰ মূল্য ৪০ টকা তেন্তে বৰ্তমানৰ ফল = ৪¸৪০=০.১ বা ১০ শতাংশ।
  • মেচুউৰিটিৰ পৰা লাভ এনে এটা ৰেহাইৰ হাৰ য’ত ভৱিষ্যতৰ নগদ আগমন বৰ্তমানৰ বজাৰৰ মূল্যৰ সমান।

বণ্ডৰ মূল্য নিৰ্ধাৰণৰ সূত্ৰ

  • বজাৰৰ সুতৰ হাৰৰ প্ৰভাৱ
  • মেচিউৰিটি সময়ছোৱাৰ প্ৰভাৱ
  • বণ্ডৰ দাম ফলৰ পৰা মেচিউৰিটিলৈকে একে থকা
  • সুতৰ হাৰত কম বেছি = মূল্যত ০ শতাংশ পৰিৱৰ্তন, ফলৰ পৰা মেচিউৰিটিলৈকে ০ শতাংশ পৰিৱৰ্তন।

মূলধনৰ আয়-ব্যয়

  • বিভিন্ন প্ৰকল্পৰ মাজত বাচ-বিচাৰ
  • মূলধন জড়িত প্ৰকল্পত মূলধন ওলাই যায় (বিনিয়োগ) আৰু প্ৰকল্পৰ কালছোৱাত মূলধনৰ আগমন (লাভ)হয়।
  • নগদ ধনৰ আগমনৰ ক্ষেত্ৰত PV যোগাত্মক আৰু নগদ ধন ওলাই যোৱাৰ ক্ষেত্ৰত PV ঋণাত্মক। PV ৰ ৰেহাই হাৰৰ ওপৰত (মূলধনৰ ব্যয়) নিৰ্ভৰ কৰে।
  • সকলো নগদ আগমণৰ PV আৰু ওলাই যোৱাৰ PV ৰ যোগ বিয়োগৰ পাছত পোৱাটোক মুঠ বৰ্তমানৰ মূল্য (NPV) বোলা হয়।
  • কোনো প্ৰকল্পৰ NPV শূণ্য হ’লে ইয়াৰ ৰেহাই হাৰক IRR বোলা হয়।
  • মূলধনৰ আয়-ব্যয়ৰ পদ্ধতি ক্ষেত্ৰত পে বেকো এটা পদ্ধতি।

ড্ৰেপ্ৰিচিয়েছন

  • ড্ৰেপ্ৰিচিয়েছনৰ ধাৰণা
  • প্ৰত্যক্ষ পদ্ধতি: (কস্ট-ৰেচিডুৱেল ভেলু)/আনুমানিক ব্যৱহাৰযোগ্য কাল
  • লিখিত নিম্নগামী মূল্য পদ্ধতি বা পাৰ্থক্য কমি অহা পদ্ধতি: ০ শতাংশ স্থিৰ।

ফৰেক্সৰ বীজগণিত

  • আগতে RBI এ ফৰেক্স কিনা-বেচাৰ মূল্য ঠিক কৰি দিছিল। বৰ্তমান এল ই আৰ এম এচ (লিবাৰেলাইজড এক্সেঞ্জ ৰেট মেনেজমেন্ট চিষ্টেম) পদ্ধতি ব্যৱহাৰ কৰা হয়।
  • প্ৰত্যক্ষ আৰু পৰোক্ষ কটেছন। ২-৮-৯৩ তাৰিখৰ পৰা প্ৰত্যক্ষ কটেছন ব্যৱহাৰ কৰা হৈছে।
  • ক্ৰছৰেট/চেইন ৰুল: উদাহৰণ, যদি ১ ইউ এছ ডলাৰ(US$)=৪৮ টকা আৰু ১ ইউৰো ডলাৰ (EURO$)=১.২৫ US$ হয়, তেন্তে ১EURO$=১.২৫´৪৮ টকা হ’ব।
  • ভেলু ডেট: নগদ/সাজু, TOM, SPOT, ফৰৱাৰ্ড
  • প্ৰিমিয়াম আৰু ডিছকাউন্ট
  • প্ৰিমিয়াম/ডিছকাউন্টত প্ৰভাৱ পেলোৱা উপাদান।

বেংক ব্যৱস্থা: সাধাৰণ তথ্য

  • জমা হিচাপৰ অৰ্থ হ’ল প্ৰতি তিনিমাহত টকা উলিওৱাৰ সংখ্যা আৰু এ টি এম ৰ যোগেৰে প্ৰতিবাৰত টকা উলিওৱাৰ পৰিমাণ।
  • কাৰেণ্ট একাউন্টত বেংকে অভাৰড্ৰাফটৰ অনুমতি প্ৰদান কৰে।
  • বেংকৰ ফিক্স ডিপোজিটৰ চাৰিত্ৰিক দিশ হ’ল, জমা থোৱাৰ সময়তে সুতৰ হাৰৰ পৰিমাণত গ্ৰাহক সন্মত হ’ব লাগিব, এক নিৰ্দিষ্ট সময়ৰ বাবে ধন জমা থ’ব লাগিব আৰু প্ৰতি তিনিমাহৰ মূৰে মূৰে সুত পৰিশোধ কৰা হ’ব।
  • ফিক্স ডিপোজিট একাউন্ট তৃতীয় পক্ষলৈ হস্তান্তৰকৰণ কৰিব নোৱাৰি।
  • এটা ৰেকাৰিং ডিপোজিট হিচাপ খুলিবলৈ গ্ৰাহকে এক নিৰ্দিষ্ট পৰিমাণৰ ধন এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এক নিৰ্দিষ্ট সময়লৈ জমা থ’ব পাৰে।
  • বেংকৰ মূল কামসমূহ হ’ল, ধন জমা লোৱা, ধাৰ দিয়া আৰু বিনিয়োগ কৰা আৰু নন-ফাণ্ড ব্যৱসায় আৰু ৰেমিটেণ্চ সেৱা।
  • ডিমাণ্ড ডিপোজিট দাবী পত্ৰ যোগে উলিয়াব পাৰি।
  • কাৰেন্ট একাউন্টত সুত দিয়াৰ সুবিধাটো পোৱা নাযায়।
  • জমা হিচাপত মাহটোৰ ১০ তাৰিখৰ পৰা শেষৰ দিনটোৰ ভিতৰত নূন্যতম সুত দিয়া হয়।

বেংক-গ্ৰাহকৰ সমন্বয়

  • গ্ৰাহকৰ অৰ্থ কোনো আইনত উল্লেখ নাই।
  • যেতিয়া কোনো গ্ৰাহকক বেংকে অভাৰড্ৰাফটৰ অনুমোদন জনায়, তেতিয়া বেংক আৰু গ্ৰাহকৰ সম্পৰ্কক ক্ৰেডিটৰ আৰু ডিবেটৰ বোলা হয়।
  • যেতিয়া কোনো গ্ৰাহকে বেংকৰ লকাৰ ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া বেংক আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্কক লিজৰ আৰু লিজি বোলা হয়।
  • একাউন্ট একেবাৰে বন্ধ কৰিলে বেংক আৰু গ্ৰাহকৰ সম্পৰ্ক চেদ হয়।
  • জমা একাউন্টৰ ক্ষেত্ৰত বেংক আৰু গ্ৰাহকৰ মাজৰ মূল সম্পৰ্ক হ’ল ডেবিটৰ-বেংক, ক্ৰেডিটৰ-গ্ৰাহক।
  • বেংকে গ্ৰাহকৰ কোনো সামগ্ৰী নিজৰ তত্বাৱধানত ৰাখিলে বেইলৰ-বেইলি সম্পৰ্ক প্ৰযোজ্য হয়।
  • বেংকে কোনো চেক জমা কৰিবলৈ গ্ৰহণ কৰিলে গ্ৰাহকৰ লগত কোনো সম্পৰ্কৰ সৃষ্টি নহয়।
  • যদি কোনো গ্ৰাহকে এফ ডি আৰ হেৰুৱাই তেন্তে ইনডেমনিটি বণ্ড ব্যৱহাৰ কৰিব পাৰি।

এন্টিমানি লউনদাৰিং আৰু আপোনাৰ গ্ৰাহকক জানক

  • বে-আইনীভাৱে সংগৃহিত ধনক পৰিৱৰ্তিত কৰাকে মানি লউনদাৰিং বুজোৱা হয়।
  • সংস্থাপন আৰু তৰপ(প্লেচমেন্ট আৰু লেয়াৰিং)মানি লউনদাৰিঙৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
  • ভোটাৰ পৰিচয় পত্ৰ বেংকে গ্ৰাহকৰ পৰিচয়ৰ বাবে যোগ্য বুলি বিবেচনা কৰে।
  • আপোনাৰ গ্ৰাহক সম্পৰ্কে জ্ঞাত হোৱাৰ উদ্দেশ্যে হ’ল গ্ৰাহকৰ পৰিচয় যথাযথভাৱে নিশ্চিত কৰা আৰু সন্দেহজনক প্ৰকৃতিৰ লেনদেনৰ প্ৰতি নজৰ ৰখা।

নেতৃত্ব আৰু অগ্ৰাধিকাৰ ক্ষেত্ৰত বেংকে অৰ্থ যোগান ধৰাৰ মূল বিষয়

 

    লেনদিঙৰ কাৰদিনেল প্ৰিন্সিপালছ হ’ল সুৰক্ষা আৰু তৰলীকৰণ, লাভজনকযোগ্য আৰু আশংকাৰ বিকেন্দ্ৰীকৰণ, উপাৰ্জনক্ষম বিষয় আৰু সুৰক্ষা।

    বেংকৰ ভাষাত তৰলীকৰণৰ অৰ্থ হ’ল নগদ ধন, নগদ ধন আৰু বেংক বেলেণ্চ আৰু কম সময়ৰ বাবে সম্পত্তিক নগদ ধনলৈ পৰিৱৰ্তন।

    গ্ৰাহকৰ লাভালাভ বিশ্লেষণৰ অৰ্থ হ’ল গ্ৰাহকৰ সৈতে কৰা ব্যৱসায়ত লাভালাভৰ হিচাপ-নিকাচ।

    গ্ৰাহকৰ ফালৰ পৰা ঋণ পৰিশোধৰ ইচ্ছা নথকা বা তৰলীকৰণ নকৰা ধৰণৰ আশংকা নথকাটো নিশ্চিত কৰি বেংকে ধন ঋণলৈ দিয়াৰ ক্ষেত্ৰত বিপদৰ পৰিমাণ কমাব পাৰে।

    ধৰুৱাই ঋণ পৰিশোধ কৰাৰ ব্যৰ্থ হোৱাটোক বেংকৰ ভাষাত লেনডিঙত ঋণৰ আশংকাত বুজায়।

কাৰ্য্যকৰী মূলধনৰ অৰ্থ হ’ল দৈনন্দিন লেনদেনৰ বাবে প্ৰয়োজনীয় ধন

  • টাৰ্ম লোণৰ অৰ্থ হ’ল এবছৰৰ পৰা দহ বছৰৰ ভিতৰত ধন ঘূৰাই দিয়া, ইনষ্টলমেন্টত ধন ঘূৰাই দিয়া আৰু স্থায়ী সম্পত্তি কৰাৰ ক্ষেত্ৰত টাৰ্ম লোণৰ ব্যৱহাৰ।
  • পৰিচালনা চক্ৰৰ পদ্ধতিত বা আনুমানিক টাৰ্নঅভাৰ পদ্ধতিত বা নগদ বাজেট পদ্ধতিত প্ৰয়োজনীয় কাৰ্য্যকৰী মূলধনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়।
  • অগ্ৰাধিকাৰ ক্ষেত্ৰত অগ্ৰিম ধন হিচাপে কোনো ব্যক্তিক গৃহ নিৰ্মাণৰ বাবে ২০ লাখ টকালৈকে গৃহ ঋণ প্ৰদান কৰা হয় (বেংকৰ কৰ্মচাৰীৰ বাহিৰে)।
  • অগ্ৰাধিকাৰ ক্ষেত্ৰত শৈক্ষিক ঋণ: কেৱল ঋণ আৰু অগ্ৰিম ধন হিচাপে কোনো ব্যক্তিক ১০ লাখ টকালৈকে কেৱল শৈক্ষিক কাৰণত আৰু ভাৰতবৰ্ষত অধ্যয়নৰ বাবেহে প্ৰদান কৰা হয়।
  • অনুসূচীত বাণিজ্যিক বেংকবোৰে অগ্ৰাধিকাৰ ক্ষেত্ৰবোৰত ঋণৰ পৰিমাণ ৪০ শতাংশ বেংকৰ ঋণ বৃদ্ধি কৰি অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহক আগবঢ়াই নিব পাৰে।
  • কৃষিকাৰ্য্যৰ প্ৰয়োজনীয়তা আৰু কৃষিকাৰ্য্যত ব্যৱহাৰ নোহোৱা প্ৰয়োজনীয় সামগ্ৰী, হৰ্স্ৰম্যাদী প্ৰয়োজনীয়তা পূৰণ আৰু কাৰ্য্যকৰী মূলধনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ কৃষকসকলক কিষাণ কাৰ্ড প্ৰদান কৰা হয়।
  • পামৰ সা-সজুলি ক্ৰয় কৰিবৰ বাবে পাম যান্ত্ৰিকীকৰণ আঁচনিৰ অধীনত ঋণ দিয়া হয়।
  • ৰপ্তানিৰ ক্ষেত্ৰত অৰ্থসাহাৰ্য্য দিয়া বিদেশী বেংকবোৰৰ গণণা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ অগ্ৰিম হিচাপত ধৰা হয়।
  • ভাৰতত বিদেশী বেংকৰ বাবে ৰপ্তানি ঋণৰ লক্ষ্য হৈছে এ এন বি চি (ANBC)ৰ ১২ শতাংশ।

খুচুৰা ঋণ

  • গৃহ ঋণৰ ক্ষেত্ৰত বন্ধকীৰ চিকুৰউটিৰ বিপৰীতে গৃহ ঋণ প্ৰদান কৰা হয়।
  • মূলধন আৰু ঋণৰ সুতৰ ভিত্তিত গৃহ ঋণ বা বাহনৰ ঋণৰ ই এম আই হিচাপ কৰা হয়।
  • মধ্যমীয়া সময় বা দীৰ্ঘদিনৰ বাবে গৃহ ঋণ প্ৰদান কৰা হয়।
  • বাহন ঋণৰ ক্ষেত্ৰত হাইপোথিকেছনৰ বন্ধকৰ বিপৰীতে বাহনৰ ঋণ প্ৰদান কৰা হয়।
  • হাইপোথিকেছনৰ বন্ধকৰ বিপৰীতে ৰেফ্ৰিজেৰেটৰৰ ঋণ প্ৰদান কৰা হয়।
  • খুচুৰা ঋণৰ ভিতৰত গৃহ ঋণ, বাহনৰ ঋণ, ব্যক্তিগত ঋণ পৰে।
  • খুচুৰা ঋণ সাধাৰণতে মধ্যমীয়া আৰু ক্ষুদ্ৰ পৰিমাণত প্ৰদান কৰা হয়।
  • বৃত্তিধাৰী, দৰমহা পোৱা কৰ্মচাৰী, নিগমৰ কৰ্মচাৰীক সাধাৰণতে খুচুৰা ঋণ প্ৰদান কৰা হয়।
  • ভাৰতবৰ্ষত খুচুৰা ঋণবোৰৰ ভিতৰত গৃহ ঋণেই অধিক শতাংশত প্ৰদান কৰা হয়।
  • ‘ডেৱটৰ’ৰ অৰ্থ হ’ল ঋণ পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিবিশেষ।
  • সাধাৰণতে খুচুৰা লেনডিঙত ঋণৰ পৰিমাণ ২০ হাজাৰ টকাৰ পৰা ১০০ লাখ টকাৰ মাজত থাকে।
  • সাধাৰণতে বাণিজ্যিক বেংকসমূহে খুচুৰা ঋণৰ ক্ষেত্ৰত গৃহ ঋণৰ বাবে ৫ ৰ পৰা ৭ বছৰলৈ দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰে।
  •  

    ক্ৰেডিট কাৰ্ড

    • ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ পাৰ্থক্য হ’ল ডেবিট কাৰ্ড ব্যৱহাৰ কৰাৰ লগে লগে আপোনাৰ একাউন্টৰ পৰা ধনৰ পৰিমাণ বিয়োগ হ’ব।
    • ক্ৰেডিট কাৰ্ডথকাসকলৰ পৰা ঋণৰ ক্ষেত্ৰত বেংকৰ বিপদ হোৱাৰ সম্ভাৱনা থাকে।
    • যি বেংকে ব্যৱসায়িক লেন-দেনৰ বাবে ধন প্ৰদান কৰে তাক ইকুৱেৰিঙ বেংক বোলা হয়।
    • ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বিয়োগাত্মক দিশবোৰ হ’ল অধিক পৰিমাণৰ খৰছ, কাৰ্ড হেৰুৱা বা চুৰি হোৱাৰ ফলত লোকচান আৰু স্বাক্ষৰৰ জালিয়াতি।
    • যি ক্ষেত্ৰত এজেণ্টে এই ব্যৱসায়ত জৰিত থাকে; ক্ৰেডিট কাৰ্ড সম্পৰ্কে “আপোনাৰ গ্ৰাহকক জানক” বিষয়ক প্ৰয়োজনীয় তথ্যসমূহৰ পৰিপূৰণ কৰাৰ ক্ষেত্ৰত কাৰ্ড প্ৰদান কৰা বেংক কৰ্তৃপক্ষ দায়বদ্ধ নহয়-এই বক্তব্য শুদ্ধ নহয়।
    • “আপোনাৰ গ্ৰাহকক জানক” বিষয়ক প্ৰয়োজনীয় তথ্যসমূহৰ পৰিপূৰণ কৰাৰ ক্ষেত্ৰত কাৰ্ড প্ৰদান কৰা বেংক কৰ্তৃপক্ষ দায়বদ্ধ হব। যদিও এই ক্ষেত্ৰত এজেন্টে এই ব্যৱসায়ত জৰিত থাকে। কাৰ্ড ইচু কৰাৰ সময়ত ইচু কৰাৰ টাৰ্মছ আৰু কণ্ডিছন আৰু কাৰ্ডৰ ব্যৱহাৰ সম্পৰ্কে স্পষ্ট আৰু সহজ ভাষাত উল্লেখ থাকিব লাগে। কাৰ্ড ইচু কৰা কৰ্তৃপক্ষই বাৰ্ষিক শতকৰা হাৰ (ARP)কাৰ্ডৰ ওপৰত লিখি দিব লাগে। ক্ৰেডিট কাৰ্ড ইচু কৰা বেংক আৰু/NBFC এ নিজাববীয়াকৈ কাৰ্ডৰ upgrade আৰু ক্ৰেডিট লিমিট সলনি কৰিব নোৱাৰিব। টাৰ্মছ আৰু কণ্ডিছনত কিবা সাল-সলনি হ’লে কাৰ্ড ব্যৱহাৰ কৰোতাক আগতীয়াকৈ জনাব লাগিব।

     

    সম্পত্তিৰ শ্ৰেণীবিভাজন

    • বেংকৰ ঋণ আৰু অগ্ৰীম ধনৰ পৰিমাণ তেওঁলোকৰ বেলেঞ্চ চিটৰ সম্পত্তিৰ ফালে উল্লেখ কৰা থাকে।
    • বেংক ঋণ বা অগ্ৰীম ধন ৯০ দিনতকৈ বেছি দিনলৈ পৰিশোধ নহ’লে বা কাৰ্য্যকৰীকৰণ নহ’লে ইয়াক নন পাৰ্ফমিঙৰ সম্পত্তি (NPA) বুলি গণ্য কৰা হয়।
    • বেংক ঋণ বা অগ্ৰীম ধন ১২ মাহ সময়লৈ নিম্নমানদণ্ডৰ পৰ্য্যায়ত থকাৰ পাছত ইয়াক সন্দেহজনক বা ডাউটফুল বুলি কোৱা হয়।
    • বেংকৰ ষ্টেণ্ডাৰ্ড এছেটক নন পাৰফৰ্মিক এছেট বুলি ধৰা হয়।
    • যেতিয়া এটা ঋণ ৯০ দিনতকৈ অধিক সময় ধৰি সুত আৰু মূলধনৰ অংশ পৰিশোধ কৰিবলৈ বাকী থাকে, অভাৰ ড্ৰাফট/কেছ ক্ৰেডিটৰ ক্ষেত্ৰত একাউন্টটো ৯০ দিনতকৈ অধিক সময় অকাৰ্য্যক্ৰম হৈ থাকে আৰু BP/BD ৰ বিল ৯০ দিনতকৈ অধিক সময় প্ৰতিষোধ নকৰিলে নন পাৰ্ফমিঙ এছেট বুলি ধৰা হয়।
    • আগৰ তিনিমাহৰ দিবলগীয়া ধন ৯০ দিন পাৰ হৈ যোৱা পিছত মাহেকীয়া ভিত্তিত দিব লগা সুতৰ হাৰ পৰিৱৰ্তন হয়।
    • এটা নিম্নমানদণ্ডৰ সম্পদ ১২ মাহলৈকে বা তাতকৈ কম দিনলৈ নন পাৰ্ফমিঙ সম্পত্তি হৈ থাকে।
    • বন্ধক আৰু ইয়াৰ ওপৰত আৰোপিত জিন্মাৰ ধৰণ
    • LIC পলিচিৰ বিপৰীতে অগ্ৰীম ধন ল’লে এচাইনমেণ্টক জিম্মা হিচাপে গ্ৰহণ কৰা হয়।
    • যদি নাবালকৰ বাবে ধন অতি প্ৰয়োজন হয় তেন্তে তেওঁৰ অভিভাৱকক নাবালকৰ ট্ৰাম ডিপোজিটৰ বিপৰীতে ধাৰ দিব পৰা যাব পাৰে।
    • অগ্ৰিম ধন পাবলৈ বন্ধক হিচাপে এল আই চি পলিচিৰ এছাইনমেন্ট দিলে মুক্ত এছাইনমেন্ট কাৰ্য্যকৰী কৰা নহয় যেতিয়ালৈকে বীমা কোম্পানীলৈ এছাইনমেন্ট জাননী পঠিওৱা নহয়। উপৰোক্ত চাইনমেন্ট হয় এচাইনৰে দিব লাগিব নহ’লে এচাইনিয়ে দিব লাগিব। প্লেজৰ এটা অন্যতম আৱশ্যকীয়তা হ’ল প্লেজাৰে প্লেজিৰ ওচৰলৈ যোৱা সামগ্ৰী সমূহৰ প্ৰকৃত আৰু সঠিকভাৱে প্ৰদান কৰা। কোনো এটা বন্ধক দিয়া সম্পত্তি বন্ধকৰ সময় সীমাৰ ৩০ বছৰৰ পাছতহে বিক্ৰীৰ বাবে আইনী ব্যৱস্থা ল’ব পাৰিব।

    নথিপত্ৰ

    ভাৰতৰ ষ্টাম্প এক্টৰ অধীনত কোনো এবিধ নথিত কাৰ্য্যকৰী কৰিবলৈ কাৰ্য্যকৰীকৰণৰ আগমুহূৰ্তত ষ্টাম্প মাৰিব লাগে।

    যদি কোনো তথ্য নিৰ্দিষ্ট সময়ৰ ভিতৰত সীমাবদ্ধ হয়, আদালতে চুইট ফাইল কৰাৰ ক্ষেত্ৰত বিলম্ব কৰাটোক ক্ষমা কৰিব নোৱাৰে, ঋণ আদায় দিয়াৰ সময়সীমা পাৰ হোৱাৰ আগতে যদি ধাৰ লওঁতাই বিষয়টো স্বীকাৰ কৰে তেন্তে এই সময়সীমা আন এটা পৰিসৰলৈ বৃদ্ধি কৰিব পাৰি আৰু নিৰ্দিষ্ট সময়সীমা উকলাৰ আগতে যদি ধাৰ লওঁতাই আংশিক ধন আদায় দিয়ে, তেন্তে এই সময়সীমা আন এটা পৰিসৰলৈ বৃদ্ধি কৰিব পাৰি।

    ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য আৰু আত্মসহায়ক গোট

    আত্মসহায়ক গোটে অতিথিৰ বহী ৰখাটো বাধ্যতামূলক নহয়। কিন্তু মাইনোটছ বহী, সঞ্চয় আৰু ঋণৰ বহী, সদস্যৰ পাচবুক আদি ৰখাটো বাধ্যতামূলক।

    প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ সাহাৰ্য্য পাবলৈ ৫-২০ গৰাকী শিক্ষিত নিবনুৱা যুৱকে আত্মসহায়ক গোট গঠন কৰিব লাগিব।

    ক্ষুদ্ৰ ঋণৰ অধীনত প্ৰত্যক্ষভাৱে বা আত্মসহায়ক গোট/JLGৰ যোগেৰে একোজন লোকক ৫০,০০০ টকাতকৈ বেছি ঋণ দিয়া নহয়।

    সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষুদ্ৰ প্ৰতিস্থানত যন্ত্ৰপাতিৰ মুঠ দামৰ পৰিমাণ ১০ লাখ টকাতকৈ অধিক হ’ব নোৱাৰিব।

    বিত্তীয় অন্তৰ্ভূক্তি আৰু গ্ৰাম্য উন্নয়নঃ বেংকৰ সুবিধা নোপোৱাসকললৈ বেংক ব্যৱস্থা

    দুখীয়ালোকসকলে বেংক ব্যৱস্থাটো ঢুকি নোপোৱাৰ কাৰণবোৰৰ মূল কাৰণটো হ’ল গাৱৰ শাখাবোৰত জমা পৰিমাণ পুতৌলগা।

    গ্ৰাম্য অঞ্চলত বিত্তীয় অন্তৰ্ভূক্তিৰ বাবে আঞ্চলিক গ্ৰামীণ বেংক উপযুক্ত চালিকা শক্তি কাৰণ এইসমূহৰ আঞ্চলিক চাৰিত্ৰিক দিশ আছে, তেওঁলোক একে কৃষি জলবায়ুৰ অঞ্চলৰ কাম কৰে, তেওঁলোকৰ কৰ্মচাৰীসকল স্থানীয় বাসিন্দা আৰু গ্ৰামীণ গ্ৰাহকৰ লগত তেওঁলোকে ভালদৰে মিলিব পাৰে।

    গ্ৰামীণবাসী দুখীয়া লোকসকলক বিত্তীয় অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে লোৱা পদক্ষেপবোৰৰ ভিতৰত হ’ল প্ৰাথমিক “ন’-ফ্ৰীল” সঞ্চয় হিচাপৰ প্ৰৱৰ্তন কৰি গাৱৰ বৃহৎ সংখ্যক দুখীয়া ৰাইজে ইয়াক ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিছে, অতি সহজে জেনেৰেল পাৰপাছ ক্লেভিট কাৰ্ডৰ ব্যৱস্থা কৰা যাৰ বাবে কোনোধৰণৰ কলেটাৰেল বা কাৰণৰ প্ৰয়োজন নহয়, গ্ৰাম্য অঞ্চলত নতুন ৰিলেচনশ্বীপ একাউণ্ট খোলাৰ ক্ষেত্ৰত KYC ৰ নিয়ম শিঠিল কৰা।

    বেংকে ঢুকি নোপোৱা বা বেংকৰ শাখা নথকা ঠাইবোৰত ইন্টাৰমেডিয়েটৰী হিচাপে কাম কৰি থকাবোৰ হ’ল আত্মসহায়ক গোট, বেচৰকাৰী সংগঠন, ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য প্ৰতিষ্ঠানসমূহ।

    BF/BC মডেল বিত্তীয়: অন্তৰ্ভূক্তিৰ এক চালিকা শক্তি

    বিজনেছ কৰছপণ্ডেণ্টৰ কাম-কাজৰ ভিতৰত কিছুমান কাম হ’ল কম মূল্যৰ ঋণ বিলোৱা, ধৰুৱাৰ পৰা মূলধন আৰু সুত সংগ্ৰহ কৰা আৰু কম মূল্যৰ জমা সংগ্ৰহ।

    BC/BF আৰ্হিত বেংকে ইন্টাৰমেডিয়েৰীৰ হিচাপে- বেচৰকাৰী সংগঠন, আত্মসহায়ক গোট আৰু MFI সমূহৰ পৰা সেৱা গ্ৰহণ কৰে।

    নগদ প্ৰৱাহ

    বেংকৰ বেলেঞ্চ চিটত ঋণ আৰু অগ্ৰীম ধনসমূহ সম্পদ স্তম্ভত উল্লেখ থাকে।

    সম্পদ= দায়িত্ব+মূলধন

    আয়-পৰিচালনাৰ ব্যয়=পৰিচালনাৰ লাভ।

    কখগ বেংকে এজন কৃষকক ট্ৰেক্টৰ কিনিবলৈ এটা টাৰ্ম লোন প্ৰদান কৰিলে, এই টাৰ্ম লোনৰ পৰিমান হ’ল ৭ লাখ ৫০ হাজাৰ টকা। কৃষকজনৰ মাটিৰ পৰিমাণ হ’ল ২০ একৰ। এই মাটিত তেওঁ প্ৰধানকৈ এদচালি কুঁহিয়াৰৰ খেতি কৰে আৰু প্ৰতি একৰত ৪০ টনকৈ কুঁহিয়াৰ পায়। কৃষকজনে এই কুঁহিয়াৰবোৰ ওচৰতে থকা চেনি কলক বিক্ৰী কৰে। চেনি কলে এই কুঁহিয়াৰৰ বাবদ প্ৰতি একৰত কৃষকজনক ১০ হাজাৰ টকাকৈ আগধন দিয়ে। চেনি কলটোৱে কৃষকজনক দিয়া অন্তিম বিলখন পৰিশোধ কৰোতে এই ঋণ কুঁহিয়াৰৰ পৰা আদায় কৰা হয়। এটা শস্যৰ বতৰত মিলটোৱে পৰিশোধ কৰা বিলৰ পৰিমাণ ২ লাখ ৫০ হাজাৰ টকা আৰু কৃষকজনৰ ঘৰুৱা খৰছ এবছৰত ১ লাখ ২৫ হাজাৰ টকা বুলি ধৰি লৈ টাৰ্ম লোনৰ সময় সহ বছৰেকীয়া ঋণ পৰিশোধ কিমান হ’ব হিচাপ কৰক। (ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সুতৰ হাৰ বছৰি ১২ শতাংশ বুলি ধৰি লওঁক)

    ক) উত্তৰ-বছৰেকীয়া চাৰপ্লাছ হ’ল ২.৫০ লাখ টকা-ঘৰুৱা খৰছ ১.২৫ লাখ টকা। গতিকে, মুঠ চাৰপ্লাছ ১.২৫ লাখ টকা। মূলধন+বছৰেকীয়া সুতৰ হাৰ ১২ শতাংশকৈ ৭ বছৰত (প্ৰায় ৩ লাখ) হ’বগৈ প্ৰায় ১০.৫০ লাখ টকা-ৰিডিউচিঙ বেলেঞ্চ পদ্ধতিত। গতিকে ঋণটো ১০ বছৰত ১০ টা কিষ্টিত কোনো মৰেটৰিয়াম নোহোৱাকৈ পৰিশোধ কৰিব লাগিব।

    এটা মাহৰ নগদ প্ৰৱাহৰ ষ্টেটমেণ্টৰ শেষত নগদ বাকী আৰু লাভ সমান হয়।

    ধাৰৰ ইনষ্টলমেণ্ট প্ৰদানক নগদ প্ৰৱাহত নগদ ওলাই যোৱা হিচাপে ধৰা হয়। বেংকক সুত দিয়াটো নগদ প্ৰৱাহে ষ্টেটমেন্টত নগদ ওলাই যোৱা বুলি ধৰা হয়। পেলনীয়া বস্তু বিক্ৰী কৰি পোৱা ধনক নগদ প্ৰৱাহৰ নগদ আগমন হিচাপে ধৰা হয়।

    ধাৰত সামগ্ৰী ক্ৰয় কৰা বিষয়টোৱে নগদ প্ৰৱাহৰ ষ্টেটমেন্টত নগদ ওলাই যোৱাতো প্ৰতিফলিত নকৰে কিন্তু কাৰখানালৈ সামগ্ৰী কঢ়িওৱাৰ বাবে খৰছ কৰা গাড়ীৰ ভাড়া, নগদ ধনেৰে সামগ্ৰী ক্ৰয় কৰা, টেলিফোনৰ বিলৰ ধন প্ৰদান আদিয়ে নগদ প্ৰৱাহৰ ষ্টেটমেন্টত নগদ ওলাই যোৱাতো প্ৰতিফলিত কৰে।

    এ পি চি এন্টাৰপ্ৰাইজৰ অহা মাহৰ বাবে নিম্ন লিখিত তথ্যখিনি প্ৰক্ষেপিত কৰা হ’ল: নগদ বিক্ৰী ১০ হাজাৰ টকা আৰু বাকী বিক্ৰী ১৫ হাজাৰ টকা। নগদ ক্ৰয় ৮ হাজাৰ টকা আৰু বাকী ক্ৰয় ১২ হাজাৰ টকা। বনুৱা, পৰিবহণ, বিদ্যুৎ, পানী আৰু অন্যান্য খৰছ নগদ ২ হাজাৰ টকা। আগৰ মাহত বিক্ৰীৰ বাবে বাকী দিয়াসকলৰ পৰা পোৱা হব ২০ হাজাৰ টকা। আগৰ মাহত বাকীত কিনা সকলক দিব লগা ধন ১৫ হাজাৰ টকা। বেংকৰ কিষ্টি আৰু সুতৰ বাবদ বেংকক দিব লগা ৪ হাজাৰ টকা। যদিহে অহা মাহৰ নগদ আগমনৰ ষ্টেটমেন্ট প্ৰস্তুত কৰা হয় তেন্তে মাহটোৰ ভিতৰত কিমান টকা নগদ চাৰপ্লাছ হ’ব। উত্তৰ- ১ হাজাৰ টকা

    ঋণ আৰু সঞ্চয় সামগ্ৰী

    ক্ৰপ লোন, মেচিনাৰী লোন, কিষান ক্ৰেডিট কাৰ্ড গ্ৰাম্যবাসী দৰিদ্ৰ লোকৰ বাবে বেংকৰ ঋণ সামগ্ৰী আৰু ন’ফিলছ সঞ্চয় হিচাপ গ্ৰাম্য দুখীয়া লোকৰ বাবে সঞ্চয় সামগ্ৰী।

    • বেংক আৰু আন বিত্তীয় প্ৰতিস্থানসমূহে গ্ৰামীন অঞ্চলত সম্প্ৰসাৰণ কৰা সেৱাসমূহ হ’ল- ঋণ, সঞ্চয়, বীমা আৰু.. ৰেমিটেঞ্চ।
    • বেংকে কোনো এটা সামগ্ৰীৰ আৰ্হি প্ৰস্তুত কৰোতে মৌলিক বিষয় হিচাপে বৰ্তমানে থকা প্ৰতিযোগিতা আৰু প্ৰতিযোগিতামূলক সামগ্ৰী জৰিত কৰা হয়।
    • চতুৰ্থ পৰ্য্যায়ৰ সামগ্ৰী উন্নয়নৰ অৰ্থ হ’ল প্ৰয়োজনীয়তা চিনাক্তকৰণ, সামগ্ৰীৰ আৰ্হি প্ৰস্তুতি আগতীয়া পৰীক্ষা আৰু সামগ্ৰীৰ প্ৰচলন।
    • এটা ঋণ সামগ্ৰীৰ আৰ্হি প্ৰস্তুত কৰোতে ঋণৰ কাৰণ, ঋণৰ পৰিমাণ, ঋণৰ সময়সীমা, ঋণ ঘূৰাই দিয়াৰ অন্তৰৰ ঘনত্ব আদি গ্ৰাহকৰ নগদ ধনৰ প্ৰৱাহৰ গতিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হয়।
    • ট্ৰেঞ্চফাৰ দৰ (অলটাৰনেটিভ প্ৰাইজ) আৰু সুতৰ ব্যয়ৰ পাৰ্থক্যক কনট্ৰিবিউছন মাৰ্জিন বোলা হয়।
    • তথ্য আৰু যোগাযোগ প্ৰযুক্তি আৰু বিত্তীয় ব্যৱস্থা
    • কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ ব্যৱসায়িক যোগাযোগৰ বাবে ব্যৱহাৰ কৰা নেটৱৰ্কটোক এক্সানেট বোলা হয়।
    • স্মাৰ্ট কাৰ্ডত থকা পিন (PIN)ৰ অৰ্থ হ’ল পাৰ্চোনেল আইদেনটিফিকেছন নাম্বাৰ।
    • বেংকৰ ক্ষেত্ৰত ব্যৱহাৰ এ টি এম (ATM)ৰ অৰ্থ হ’ল অটোমেটেড টেলাৰ মেচিন।
    • ডছৰ (DOS) ফ্লপি ডিক্সত ভাৰ্চুয়েল মেম’ৰী নাথাকে।
    • চেক ক্লিয়াৰেনছনৰ বাবে বেংকে ব্যৱহাৰ কৰা এম আই চি আৰ (MICR) প্ৰযুক্তিৰ অৰ্থ হ’ল মেগনেটিক ইংক কেৰেক্টাৰ ৰিকোগনেছন।
    • “এতিয়াই ক্ৰয় কৰক- এতিয়াই শোধাওক” কথাষাৰ ডেবিট কাৰ্ডৰ ব্যৱহাৰ হয়।
    • অপেন চিষ্টেমছ ইন্টাৰকানেকছন(OSI)মডেলত ৭টা তৰপ থাকে।
    • ইন্টাৰনেট হ’ল নেটৱৰ্কৰ নেটৱৰ্ক।
    • কম্পিউটাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত গৌণ আশংকা হ’ল এক্সিডেণ্টেল এৰোৰছ।
    • প্ৰাকৃতিক দুৰ্যোগত কম্পিউটাৰ হাৰ্ডৱেৰৰ ফিজিকেল ক্ষতি হব পাৰে।
    • লেনত ব্যৱহাৰ হোৱা নেটৱৰ্ক ইন্টাৰফেচ কাৰ্ড (OSI)মডেলৰ ডাটা লিংক লেয়াৰৰ লগত জড়িত।
    • কম্পিউটাৰ ভাইৰাছে মাদাৰ বোৰ্ডত প্ৰভাৱ নেপেলায়।
    • অকৰ্তৃত্বশীল আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ফাইয়াৰৱাল ব্যৱহাৰ কৰা হয়।
    • ডাটা মাইনিঙ ডাটা সম্পৰ্কীয় অপৰাধৰ ভিতৰত নপৰে।
    • কম্পিউটাৰ অপৰাধৰ বলি হোৱাসকলৰ অধিকাংশই হ’ল ব্যৱসায়িক প্ৰতিস্থান।
    • মডেমে ডিজিটেল চিগনেলক এনালগ চিগনেললৈ পৰিৱৰ্তন কৰি টেলিফোন লাইনেৰে ডাটা পৰিবহণৰ সুবিধা কৰি দিয়ে।
    • সকলো ডিক্সতে ৰুট ডাইৰেক্টৰীটো থাকিবই লাগে।
    • অনলাইন বিশ্বত ইলেকট্ৰনিক কমাৰ্চৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা চি ই এম (CEM)ৰ অৰ্থ হ’ল কাষ্টমাৰ এক্সপিৰিয়েঞ্চ মেনেজমেন্ট।
    • ৰেইডৰ তীব্ৰ গতি ১/০ ৰ লেভেল ০।
    • আৰ এ এচ (RSA) হ’ল অচিমেটৰিক ক্ৰিপট’চিষ্টেম।
    • কম্পাইলাৰ এটা চিষ্টেম ছফটৱেৰ।
    • কম্পিউটাৰত থকা আটাইতকৈ সৰু ভৰালটো (ষ্টোৰেজ) হ’ল বিট।
    • ডিজিটেল চিগনেছাৰত মেচেজ আৰু ৰেণ্দম নাম্বাৰ থাকে।
    • টপ লেভেল সামগ্ৰী আৰু সেৱা উৎপাদন কৰাৰ বাবে দীৰ্ঘম্যাদী কৌশলগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পৰিচালনাৰ স্তৰ দায়বদ্ধ হ’ব।
    • এটা কমিউনিকেছন প্ৰচেছৰে দুটা দ্বি-সদৃশ প্ৰট’কলৰ মাজত সংযোগ ঘটাই এযোৰ প্ৰট’কলক গেটৱেলৈ অনুদিত কৰে।
    • কম্পিউটাৰ প্ৰযুক্তি বা বিশেষ জ্ঞান ব্যৱহাৰ কৰি কৰা অপৰাধক টেকন’ ক্ৰাইম বুলি কোৱা হয়।
    • স্মাৰ্ট কাৰ্ড হ’ল এবিধ মাইক্ৰ প্ৰচেছৰ কাৰ্ড।
    • এফ টি পি (FTP)ৰ অৰ্থ হ’ল ফাইল ট্ৰেন্সফাৰ প্ৰটকল।
    • ৰ’ ফেক্টৰ সংগ্ৰহক ডাটা বোলা হয়।
    • ছফটৱেৰৰ কাম-কাজৰ নিউক্লিয়াচ হ’ল অপাৰেটিঙ চিষ্টেম।

     

    উৎস: আইএনডিজি দল

    শেহতীয়া উন্নীতকৰণ: : 3/19/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate