পাতনি
পিছৰবাৰ কৰিমৰ চাইবাৰ কাফেত বিনোদ আৰু কৰিম লগালগি হ’ল। কৰিমে যি ধৰণে ব্যৱসায়টো কৰিছে সেইটোৱে বিনোদৰ মনত গভীৰ ৰেখাপাত কৰিলে। তাত মুঠতে ১২ টা কম্পিউটাৰ আছে আৰু সকলো কেইটাতে ব্ৰড বেণ্ড ইন্টাৰনেট সংযোগ আছে। ডাঙৰ নগৰৰ চাইবাৰ কাফে বোৰৰ দৰেই ভিতৰখন আৰামদায়ক আৰু আকৰ্ষণীয়।
“প্ৰথমদিনাৰ পৰাই কিমান যে সফলতাৰ মুখ দেখিছো তুমি কল্পনাই কৰিব নোৱাৰা।” কৰিমে গৰ্বৰে ক’লে। “ই-মেইল পঠিয়াবলৈ আৰু দেশৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত থকা পৰিয়াল আৰু বন্ধুৰ লগত সম্পৰ্ক ৰাখিবলৈ গাওঁখনৰ প্ৰায়বোৰ মানুহেই ইয়ালৈ আহে। যুৱক-যুৱতীসকলে ঘন্টাৰ পিছত ঘন্টা ফেচবুকত সময় কটায়।”
“গাঁৱৰ ঘৰলৈ ঘূৰি আহি ইয়াত চাইবাৰ কাফে খোলাতো তোমাৰ বুদ্ধিমত্তাৰ পৰিচয়।” বিনোদে ক’লে।
“চিন্তাটো মোৰেই যদিও নাচৰিনৰ সহায় নহ’লে মই অকলে কৰিব নোৱাৰিলো হেতেঁনে আৰু মোৰ গোটেই পৰিয়ালটোৱে সহযোগ কৰিছে।”
কৰিমে বিনোদক জনালে যে ব্যৱসায়টো কৰিবৰ বাবে তেওঁ আৰু নাচৰিনে এটা ঋণ লৈছে। নাচৰিনৰ দৰমহাৰ পৰা ঋণ পৰিশোধ কৰে আৰু মাজে-মাজে ব্যৱসায়টোৰ পৰা হোৱা লাভৰ কিছু ধনো পৰিশোধ কৰে। বিহুৰ আগতে তেওঁলোকে ঋণৰ সম্পূৰ্ণ ধন পৰিশোধ কৰিব পাৰিব।
“আমি নাচৰিনৰ সম্পূৰ্ণ ধন আৰু ব্যৱসায়ৰ পৰা হোৱা লাভৰ গোটেইখিনি ধন ঋণ পৰিশোধত ব্যৱহাৰ কৰিবলৈ পাৰিছো কাৰণ আব্বু আৰু আম্মাৰ সহযোগ আছে। আব্বুৰ হাৰ্ডওৱেৰ দোকানখনৰ পৰাই দৈনন্দিন ঘৰুৱা খৰছবিলাক কৰিব পৰা যায় আৰু নাচৰিনে যেতিয়া বিদ্যালয়লৈ যায় বা চাইবাৰ কাফেলৈ আহে তেতিয়া আম্মীয়ে নাজিয়াৰ যত্ন লয়”।
“ময়ো এনে যথেষ্ট নমনীয়তা থকা কিবা আৰম্ভ কৰিব বিচাৰো য’ত অধিক সময় তোমাৰ দৰে পৰিয়ালৰ সৈতে থকাৰ সুযোগ পাওঁ.....” বিনোদে ক’লে।
“বন্ধু, তুমি ভাল কামেই কৰি আছা। তুমি যি কাম কৰি আছা তাত আশংকা নূন্যতম। আৰু মোৰ কেতিয়াবা ভাবি বেয়া লাগে যে মোৰ পৰিবাবেও যথেষ্ট কষ্ট কৰিব লগা হৈছে। যদিও তেওঁ মোক প্ৰায়ে কৈ থাকে যে তেওঁ কাম কৰি আনন্দ পাইছে আৰু তুমি এইটো পাহৰি নাযাবা যে তোমাৰ কোম্পানীয়ে তোমাক বন্ধৰ দিন দিছে আৰু কিছুমান দীৰ্ঘম্যাদী লাভালাভ প্ৰদান কৰিছে যিবোৰ মোৰ বাবে কেৱল সপোনহে। যদি ঈশ্বৰে কৰে তেন্তে ময়ো ব্যৱসায়টোৰ পৰা অৱসৰকালীন পুঁজি পাম....”।
বিত্তীয় পৰিকল্পনাৰ সমগ্ৰ ধাৰণাটোৰ পিছত দুই বন্ধুৱে এটা সিদ্ধান্তত উপনীত হ’ল যে বিত্তীয় পৰিকল্পনাৰ অভ্যাস হাতত লোৱাৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে:
বিভিন্ন পৰিস্থিতিত কেনেদৰে আশংকাৰ পৰ্য্যায় ভিন্ন ৰূপ লয় আৰু তাৰ ফলত কেনেকৈ তেওঁলোকৰ বিত্তীয় পৰিকল্পনাৰ অভ্যাসত ভিন্নতা আহে সেই বিষয়ে কৰিমে বিনোদক বৰ্ণনা কৰিলে।
উপাৰ্জনৰ স্তৰ, শিক্ষা, অভিজ্ঞতা আদি ধৰণৰ কাৰকবোৰৰ ওপৰতো এজন ব্যক্তিয়ে বিনিয়োগ কৰোতে কিমান আশংকা মূৰ পাতি ল’ব পাৰিব সেই কথা নিৰ্ভৰ কৰে।
আমাৰ একক, ব্যক্তিগত পৰিস্থিতিৰ উপৰিও আমাৰ চৌকাষৰ বহুবোৰ কাৰকে বিত্তীয় পৰিকল্পনাৰ অভ্যাস আৰু আমি বিনিয়োগ কৰা বিত্তীয় সামগ্ৰীসমূহক প্ৰভাৱিত কৰে। ইয়াৰে কিছুমান হ’ল-
মুদ্ৰাস্ফীতিয়ে আমাৰ দীৰ্ঘম্যাদী লক্ষ্যৰ পৰিকল্পনাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। যদি মুদ্ৰাস্ফীতি বৃদ্ধি পায় তেন্তে ভৱিষ্যতে থকা লক্ষ্যত খৰছ বৃদ্ধি হ’ব পাৰে আৰু সেইবাবেই আমি পুনৰ বিনিয়োগ কৰিব লগা হ’ব পাৰে। ইয়াৰ ওলোটাও হ’বগৈ পাৰে।
যেতিয়া আমি বিত্তীয় পৰিকল্পনাৰ কাম হাতত লওঁ তেতিয়া আমি মনত ৰাখিব লাগে যে
জীৱনটোৰ ভৱিষ্যতবাণী কেতিয়াও কৰিব নোৱাৰি। আজি যদি সকলো পৰিকল্পনা মতে হৈ আছে কালি হঠাতে অভাৱনীয়ভাৱে কিবা ঘটি যাব পাৰে, যাৰ ফলত আপোনাৰ পৰিকল্পনাৰ ভেটিও সলনি হৈ যাব পাৰে। যদি এনে অৱস্থা হয় তেন্তে বাজেটৰ ওপৰত কি প্ৰভাৱ পৰিব? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ সক্ষমতাৰ ওপৰত ই কেনে প্ৰভাৱ পেলাব?
উদাহৰণস্বৰূপে, দীনেশ আৰু মীৰাৰ ঘটনা এটা লোৱা হ’ল। এই যুৱ দম্পত্তিয়ে তেওঁলোকৰ নিজা ঘৰৰ পৰা দূৰৈৰ এখন সৰু চহৰত অকলশৰে বাস কৰে। দীনেশে এটা কোম্পানীত হিচাপ পৰীক্ষক হিচাপে কাম কৰে আৰু মীৰা গৃহিণী। তেওঁলোকৰ এতিয়ালৈকে সন্তান হোৱা নাই। দীনেশৰ মাক-দেউতাক তেওঁলোকৰ গৃহ নগৰত থাকে। তেওঁৰ দেউতাক অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। তেওঁলোকে এক বিনম্ৰ জীৱন যাপন কৰে। তেওঁলোকৰ কোনো ধৰণৰ জটিল বিত্তীয় অৱস্থাৰ সৃষ্টি হোৱা নাই আৰু সদায় আৰামদায়ক জীৱন পাৰ কৰিছে। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ গাড়ী-মটৰ নাই বা ব্যয়বহুল ভ্ৰমণ বা ডাঙৰ উৎসৱত খৰছ কৰিব পৰা ধনো নাই।
তেওঁলোকৰ ২৫ বছৰীয়া বিবাহ উৎসৱ সমাগত। দীনেশ আৰু মীৰাই মাক-দেউতাকক এখন নেন’ গাড়ী উপহাৰ দি চমকিত কৰিব বুলি ভাবিছে। এই যুৱ দম্পত্তি তেওঁলোকৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কে সচেতন আৰু কেনেকৈ সোনকালে তেওঁলোকে লক্ষ্যত উপনীত হ’ব পাৰে সেইটোও জানে। সেইবাবেই তেওঁলোকে যোৱা ৩ বছৰৰ পৰা ধন সাঁচিছে আৰু নিয়মীয়াকৈ এটা ৰেকাৰিং জমাত বিনিয়োগ কৰি আহিছে। দীনেশৰ মাক দেউতাকৰ বিবাহ বাৰ্ষিকীৰ ৬ মাহৰ পূৰ্বে এই ৰেকাৰিং জমাৰ ম্যাদ সম্পূৰ্ণ হ’ব আৰু তেওঁলোকে মুঠ ১ লাখ ৫০ হাজাৰ টকা ঘূৰাই পাব।
এদিন হঠাতে তেওঁলোকে দীনেশৰ মাকৰ পৰা এটা ফোন পালে যে দেউতাকৰ ষ্ট্ৰোক হৈছিল আৰু বৰ্তমানে ঠিকে আছে যদিও চিকিৎসকে তেওঁৰ কিবা ৰক্তবাহী নলী বন্ধ হৈ আছে নেকি সেইটো পৰীক্ষা কৰিবৰ বাবে এনজিঅ’গ্ৰাফী কৰিবলৈ পৰামৰ্শ দিছে। দীনেশ আৰু মীৰাই মাক দেউতাকক তেওঁলোকৰ নগৰলৈ আহি তাতে পৰীক্ষাবোৰ কৰাবলৈ জোৰ কৰিলে। ইয়াৰ পিছত দীনেশৰ দেউতাকৰ ৰক্তবাহী নলী বন্ধ থকাটো পৰীক্ষাত ধৰা পৰিল আৰু চিকিৎসকে সফলতাৰে এনজিঅ’প্লাষ্টি কৰি সেই বন্ধ পথ মুকলি কৰিলে।
দীনেশৰ দেউতাকৰ স্বাস্থ্য বীমা আছিল। তথাপিও ইয়াৰ পৰা পোৱা ধন চিকিৎসাৰ সকলো খৰছৰ বাবে পৰ্য্যাপ্ত নহয়। দীনেশে মাক দেউতাকক উপহাৰ হিচাপে দিব খোজা গাড়ীৰ বাবে জমা কৰা ধনৰ পৰা চিকিৎসাৰ বাবে খৰছ হোৱা বাকী অংশ ধন প্ৰদান কৰিলে। মীৰা আৰু দীনেশে ইমান দিন পইছা জমা কৰা কথাটোৰ বাবে নিজকে ভাগ্যৱান বুলি ভাবিলে। কিয়নো এনে নকৰা হ’লে চিকিৎসাৰ খৰছৰ বাবে তেওঁলোকে ঋণ ল’ব লগা হ’লহেতেন। তেওঁলোকে গাড়ী এখন কিনি মাক দেউতাকক উপহাৰ দিবলৈ পুনৰ ধন জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
এই সৰু ঘটনাৰ পৰা লাভ কৰা পাঠটো হ’ল:
১) বিত্তীয় পৰিকল্পনা জৰুৰীকালীন অৱস্থাতো ব্যাহত হ’বলৈ দিব নালাগে। ইয়াক যত্ন সহকাৰে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ সলনি কৰি লব লাগে। পিছত ইয়াক পুনৰ পূৰ্বৰ লক্ষ্যৰ দিশত লৈ আনিব পৰা যাব পাৰে।
২) সদায়ে জৰুৰীকালীন অৱস্থাৰ বাবে কিছু পৰিমাণৰ ধন আচুতীয়াকৈ জমা কৰি ৰাখিব লাগে। কিয়নো এনে পৰিস্থিতি কেতিয়া সৃষ্টি হয় কোনেও ক’ব নোৱাৰে। জৰুৰী অৱস্থাৰ বাবে মুখামুখী হোৱাৰ উত্তম উপায় হ’ল পৰিয়ালৰ সকলোৰে বাবে পৰ্য্যাপ্ত স্বাস্থ্য বীমা কৰা আৰু উপাৰ্জন কৰা মূল ব্যক্তিজনৰ যথেষ্ট পৰিমাণৰ জীৱন বীমা কৰোৱা।
বিশেষকৈ স্বাস্থ্য আৰু দূৰ্ঘটনা বীমাৰ লগতে সদায় পৰ্য্যাপ্ত বীমা ক্ৰয় কৰিব লাগে। প্ৰতিবছৰে সামান্য ধন খৰছ কৰি আপুনি নিজকে সুৰক্ষা প্ৰদান কৰাৰ ফলত আপুনি যত্ন সহকাৰে কৰা বিত্তীয় পৰিকল্পনাত আপোনাৰ চিকিৎসালয়ৰ খৰছে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে।
প্ৰায় সকলো পৰিয়ালৰে ঋণ লোৱা ধন বছৰৰ পিছত বছৰ অনাদায় হোৱাৰ সমস্যা থাকে। এনে ঋণসমূহৰ সুতো দিনক দিনে বৃদ্ধি পায় গৈ থাকে আৰু এটা সময়ত পৰিয়ালৰ বাজেটত এই ঋণটোৱে মূল বিষয়বস্তু হৈ পৰে। তলত গ্ৰহণ কৰিব পৰা কেইটামান পদক্ষেপ উল্লেখ কৰা হ’ল-
১) কম সুতত ঋণ লৈ পূৰ্বৰ ঋণ পৰিশোধ কৰক: বীৰেণৰ দৰে ক্ষেত্ৰত কিছুমান লোকে অতি উচ্চ হাৰত ঋণৰ সুত লয়। যেতিয়া তেওঁলোকে ঋণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সুতে-মূলে ঘূৰাই দিব নোৱাৰে তেতিয়া সেই সময়সীমা বৃদ্ধি কৰা হয়। কিন্তু সময়সীমা বৃদ্ধি কৰাৰ লগে লগে আপুনিও শেষত অতি বেছি পৰিমাণৰ সুত প্ৰদান কৰিব লগা হয়। বহু কষ্ট কৰি পৰিয়ালসমূহে সুতখিনিৰ প্ৰদান কৰিব পাৰিলেও মূলধন ঘূৰাই দিব নোৱাৰে। এনে ধৰণৰ ক্ষেত্ৰত ঋণ দিওঁতা লোকজনৰ পৰা লোৱা সম পৰিমাণৰ ধন আপোনাৰ অঞ্চলৰ কোনো বেংক বা ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য প্ৰদান কৰা প্ৰতিষ্ঠানে ঋণ দিব পাৰে নেকি সেইটো বিচাৰ কৰক। যদি তেওঁলোকে আপুনি বিচৰা পৰিমাণৰ এটা অংশহে প্ৰদান কৰিব পাৰে তেন্তে আপুনি ঋণ দিয়া ব্যক্তিৰ ঋণৰ পৰা আংশিকভাৱে মুক্ত হ’ব পাৰিব।
২) উচ্চ হাৰৰ সুত থকা ঋণ প্ৰথমতে ঘূৰাই দিয়ক: যদি আপুনি সকলোবোৰ ঋণ একেসময়তে ঘূৰাই দিব নোৱাৰে তেন্তে যিবোৰ ঋণৰ বিপৰীতে আপুনি অধিক সুত প্ৰদান কৰি আছে তেনে ঋণবোৰ প্ৰথমে পৰিশোধ কৰক। ইয়ে আপোনাৰ ঋণৰ বোজা বহু পৰিমাণে পাতল কৰিব।
৩) আপোনাৰ নিজৰ আৰু পৰিয়ালৰ বাবে সঠিক আৰু কঠোৰ বাজেট প্ৰস্তুত কৰক: কোনো লোকেই ঋণসহ জীৱন কটাব নিবিচাৰে। আপোনাৰ উপাৰ্জনৰ অতি কমেও ৩০ শতাংশ আৰু ততোধিক ধন আপুনি আপোনাৰ ঋণ পৰিশোধত খৰছ কৰক। তাৰ পিছতহে বাকী থকা ধনখিনি ঘৰুৱা খৰছৰ বাবে ব্যৱহাৰ কৰক। ঘৰুৱা খৰছৰ ভিতৰতো অত্যাৱশ্যকীয় (খাদ্য, বিদ্যালয়ৰ মাচুল, ঔষধ) খৰছসমূহ ক্ৰম অনুসৰি তালিকাভুক্ত কৰক আৰু যিমান সম্ভৱ হয় আপুনি আৰু আপোনাৰ পৰিয়ালক বিনোদন, উৎসৱ আৰু আলহীৰ খৰছ আদিৰ পৰা আতঁৰাই ৰাখক নতুবা নূন্যতম কৰক। ঋণ সম্পূৰ্ণৰূপে পৰিশোধ নকৰালৈকে এনেদৰেই চলিবলৈ চেষ্টা কৰক।
আপোনাৰ বাজেট সঠিকভাৱে ৰখাৰ নিয়মটো হ’ল আপোনাৰ এবছৰ আৰু ছমাহৰ উপাৰ্জনতকৈ ঋণ যাতে কেতিয়াও অধিক নহয় সেই বিষয়টো নিশ্চিত কৰা। লগত এইটোও নিশ্চিত কৰিব লাগে যে আপোনাৰ ঋণ আৰু সুতৰ বাবে প্ৰতিমাহে পৰিশোধ কৰিব লগা ধনৰ পৰিমাণ যাতে আপোনাৰ মাহিলী উপাৰ্জনতকৈ শতকৰা ৪০ শতাংশতকৈ অধিক নহয়। এইটো সৰ্বোচ্চ সীমা আৰু আপুনি সেই সীমাৰ ভিতৰত থাকিবলৈ চেষ্টা কৰা উচিত। সকলোতকৈ উত্তম সতৰ্কতামূলক ব্যৱস্থা হ’ল আপুনি ঋণ লৈ আপোনাৰ লক্ষ্যত উপনীত হোৱাতকৈ জমা কৰাটো ভাল।
অগ্ৰাধিকাৰ খণ্ডত (বেংকে আৱশ্যকীয়ভাৱে সহায় কৰিব লগা, ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া বিশেষ কাম-কাজসমূহ) তুলনামূলকভাৱে কম।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020