সূচাংক ২ |
ব্যক্তিগত বিত্তীয় ব্যৱস্থাৰ দক্ষতা |
শিক্ষণৰ উদ্দেশ্যেসমূহ |
হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যসমূহ চিনাক্তকৰণ, অপৰিহাৰ্য্য আৰু বাঞ্চিত লক্ষ্যসমূহৰ মাজৰ পাৰ্থক্য বুজি পোৱা
|
বিনোদ আৰু কৰিম দুয়ো শৈশৱৰে বন্ধু। তেওঁলোক দুয়ো একে চুবুৰীতে ডাঙৰ হৈছে, একে বিদ্যালয়তে পঢ়িছে, একেলগে খেলিছে আৰু সদায় বিদ্যালয়ৰ প্ৰথম স্থান পাবলৈ প্ৰতিযোগিতাত নামিছে।
বিনোদ এতিয়া চহৰত থকা এটা ছফটওৱেৰ কোম্পানীত ইঞ্জিনীয়াৰ হিচাপে কাম কৰে। বিনোদে মাক, পত্নী লতা আৰু সন্তান নন্দন (৫ বছৰ)আৰু কামিনী (দুই বছৰ)ৰ সৈতে চহৰত বাস কৰে। লতা গৃহিনী, নন্দনে ওচৰৰে বিদ্যালয় এখনত পঢ়ে আৰু কামিনীক অহা জুন মাহত প্লে গ্ৰুপত নাম ভৰ্ত্তি কৰোৱাৰ কথা।
কৰিমে মেনেজমেন্টৰ ডিগ্ৰী সম্পূৰ্ণ কৰি নিজৰ গৃহ গাঁৱলৈ ঘূৰি আহিল। তেওঁ মাক-দেউতাক, ভায়েক কাচিম, পত্নী নাচৰিন আৰু কন্যা নাজিয়া (৬ বছৰ) লগত বাস কৰে। তেওঁৰ দেউতাকৰ এখন হাৰ্ডওৱেৰৰ দোকান আছে। সেইখন তেওঁ নিজে চলাব পাৰে যদিও দুয়ো পুত্ৰই তেওঁক সহায় কৰে। কৰিমে গাঁৱৰ মাজ মজিয়াত নিজাকৈ এখন চাইবাৰ কাফে চলায়। সেইখনে একমাত্ৰ চাইবাৰ কাফে হোৱাৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ ভিৰ লাগি থাকে। ইন্টাৰনেট কাফেখন চলোৱাত কাচিমে ককায়েকক সহায় কৰে। নাচৰিন এগৰাকী শিক্ষিতা ছোৱালী আৰু নিজৰ জীয়ৰী পঢ়া বিদ্যালয় খনতে শিক্ষকতা কৰে। শাহুৱেকক ঘৰুৱা কাম-কাজত সহায় কৰাৰ উপৰিও চাইবাৰ কাফে চলোৱাতো কিছু পৰিমাণে সহায় কৰে।
বিনোদ আৰু কৰিমে বহুদিনৰ পিছত লগালগি হ’ল। বিনোদে চহৰত নিগাজিকৈ থকাৰ পৰিকল্পনা লৈ গাঁৱৰ পৈতৃক গৃহতো বিক্ৰী কৰিবলৈ আহিছিল। গাঁৱৰ ঘৰটো বিক্ৰি কৰাৰ ধনেৰে চহৰত এটা ফ্লেট ক্ৰয় কৰিবলৈ বিচাৰিছিল। দুয়ো বন্ধুয়ে তেওঁলোকৰ শৈশৱৰ দিনবোৰৰ কথা আৰু ধেমালীবোৰৰ কথা ৰোমন্থন কৰিলে।
বিনোদে ক’লে, “মই মোৰ কৰ্মক্ষেত্ৰক লৈ আনন্দিত, দৰমহাও ভালেই পাওঁ। কিন্তু আচল সমস্যাতো হ’ল যেতিয়ালৈকে কোম্পানীয়ে কোনোৱাটো প্ৰকল্প পায় থাকিব তেতিয়ালৈকেহে আমি ভাল পইছা পাম। এতিয়া বিশ্ব অৰ্থনীতিৰ প্ৰত্যাহাৰৰ কথা আহি পৰিছে। আমি এতিয়া ভয় খাইছো কাৰণ আমাৰ বহুবোৰ গ্ৰাহকেই বিদেশী”।
কৰিমে ক’লে, “তুলনামুলকভাৱে মোতকৈ তোমাৰ জীৱনটো সঁচাকৈয়ে জটিল। পৰিয়ালটোৰ উপাৰ্জন কৰা সদস্য কেৱল তুমিয়েই। কিন্তু মোৰ ক্ষেত্ৰত যদি কিবা সমস্যা হয় তেন্তে সহায় কৰিবলৈ আব্বু আৰু কাচিম আছে। নাচৰিনেও ভাল বেতন পায় আৰু তাই সঁচাকৈয়ে বুদ্ধিমতী ছোৱালী।”
“লতাও বুদ্ধিমতী, কিন্তু মাৰ শৰীৰটো বৰ ভাল নহয় সেয়েহে মাক পৰিচৰ্য্যা কৰিবলৈ তেওঁ ঘৰত থাকিব লগা হয়। আনহাতে মোৰ সৰু ছোৱালীজনীৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে সেইবাবে চাকৰি কৰাটো তেওঁৰ বাবে অসুবিধা”।
“নগৰখন বৰ ব্যয়বহুল ঠাই।” কৰিমে তেওঁৰ ছাত্ৰাবাসত থকা দিনবোৰৰ কথা মনত পেলালে। “তোমাৰ নিয়মীয়া খৰছসমূহ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ লক্ষ্যত উপনীত হ’ব পৰাকৈ অতি যত্ন সহকাৰে বিত্তীয় পৰিকল্পনা কৰা দৰকাৰ।”
“সঁচা কথা ক’বলৈ গ’লে বিত্তীয় পৰিকল্পনা কৰিবলৈ মই সময়কে নাপাও। কথাটো এনেকুৱাও নহয় যে মই জমা কৰিবও নোৱাৰো বা বিনিয়োগ কৰিবও নোৱাৰো। কিন্তু তুমি যদি মোক এতিয়া শোধা মুঠতে মোৰ কিমান টকা জমা আছে তেন্তে সঁচাকৈ মই ক’ব নোৱাৰো। বিদ্যালয়ৰ নামভৰ্ত্তিৰ মাচুল বা ব্যয়বহুল ভ্ৰমণ বা গাড়ীৰ বাবে প্ৰয়োজনীয় নগদ ধনৰ বাবে একে সময়তে বৃহৎ পৰিমাণৰ ধন প্ৰদানৰ বাবে মই ফিক্স ডিপ’জিট ভাঙিব লাগে বা কিছু সংখ্যক শ্বেয়াৰ বিক্ৰী কৰিব লগা হয়। প্ৰতিবছৰে কিমান টকাৰ বীমা ক্ৰয় কৰিছো সেইটোও মই নাজানো” বিনোদে ক’লে।
“বেয়া নাপাবা বন্ধু কিন্তু মই ভাবো তুমি তোমাৰ জীৱনলৈ সমস্যা মাতি আনিছা। এনেদৰে থাকিলে তুমি হয়তো কিছুমান হ্ৰস্বম্যাদী লক্ষ্যত উপনীত হ’ব পাৰিবা কিন্তু দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ’বলৈ যথেষ্ট সমস্যা হ’ব। আৰু যদিহে কোনো এটা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেন্তে তোমাৰ আৰু পৰিয়ালটোৰ কি দশা হ’ব?”
“মই জানো বন্ধু কিন্তু কামৰ সময়খিনিত মই ইমানেই ব্যস্ত থাকিব লগা হয় যে এনে পৰিকল্পনাৰ বাবে সময়েই উলিয়াব নোৱাৰো আৰু যিখিনি সময় আহৰি পাওঁ সেইখিনি সময় অৱকাশ পূৰ্ণ কাম-কাজৰ মাজেৰে পৰিয়ালৰ লগত কটাও”
“যিহেতু তুমি তোমাৰ পৰিয়ালৰ সৈতে কেইদিনমান ইয়াত থাকিবা, তেন্তে মইনো কিয় তোমাক বিত্তীয় পৰিকল্পনা কৰাত সহায় নকৰো.....মই গভীৰভাৱে কৈছো যে বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত মই অতি পাৰদৰ্শী। সেই কাৰণেই মই এই চাইবাৰ কাফেৰ ব্যৱসায় আৰম্ভ কৰিছো আৰু ইয়াক লাহে লাহে বিস্তাৰ কৰাৰ পৰিকল্পনা কৰিছো আৰু মই লগতে কওঁ যে আমি মিতব্যয়ী হৈ জীৱন কটোৱাৰ প্ৰয়োজনীয়তা নহ’ব। তুমি চহৰত লাভ কৰা সকলো সা-সুবিধা আমি ইয়াতে লাভ কৰিছো”। কৰিমে চকুটিপিয়াই ক’লে।
“তুমি যে পাৰিবা সেই কথা মই ভালদৰে জানো। মেনেজমেন্ট পাঠ্যক্ৰমৰ সময়ছোৱাৰ কথা মোৰ ভালদৰে মনত আছে। বিত্তীয় ব্যৱস্থা আৰু পৰিকল্পনা তোমাৰ প্ৰিয় বিষয় আছিল। মোৰ বিত্তীয় সমস্যাবোৰ বাছি উলিওৱাত তুমি সহায় কৰিলে মই অতি সুখী হম” আশাবেঞ্জক ভাৱত বিনোদে ক’লে।
“অহাকালি সন্ধিয়ালৈ তোমালোক মোৰ তালৈ নিশাৰ আহাৰ খোৱাকৈ আহা। ল’ৰা-ছোৱালীকেইটাইও ইটোৱে-সিটোৰ লগত চিনাকী হ’ব আৰু মোৰ আম্মায়ো বহুদিনৰ পিছত তোমাৰ মাক লগ পায় ভাল পাব। আমিও বিত্তীয় পৰিকল্পনাৰ কথাবোৰৰ আৰম্ভণি কৰিব পাৰিব”।
“বঢ়িয়া! মই লতাকো এই বিষয়ে ক’ম”।
পাতনি
পিছদিনা সন্ধিয়া দুয়োটা পৰিয়াল একেলগ হ’ল। সকলোৱে নিশাৰ আহাৰ খোৱাৰ পিছত নাজিয়াই নন্দন আৰু কামিনীক খেলাবলৈ লৈ গ’ল। দুয়ো গৰাকী মাকে ঘৰুৱা কথা আলোচনা কৰিবলৈ ধৰিলে। কৰিম, বিনোদ, লতা আৰু নাচৰিনে কাচিমৰ পঢ়া কোঠালৈ গৈ বিত্তীয় পৰিকল্পনাৰ কথা আলোচনা কৰিবলৈ ল’লে।
“আমি ক’ৰ পৰা আৰম্ভ কৰো।” কৰিমে সুধিলে?
“মই সদায় এই সমস্যাটোৰে সন্মুখীন হওঁ। মোৰ বিত্তীয় ব্যৱস্থা ইমানেই বিশৃংখল যে ক’ৰ পৰা আৰম্ভ কৰিম সেইটো ভাবিয়েই নাপাও” বিনোদে কলে।
“প্ৰকৃততে এইটো সত্য নহয়। গোটেই বছৰটোত তেওঁ যথেষ্ট পৰিমাণৰ ধন জমা কৰে। কিন্তু তেওঁ দিনটোৰ ইমানেই বেছি সময় কামত ব্যস্ত থাকে যে আমাৰ কি কি বিত্তীয় সামগ্ৰী আছে তাৰ তালিকা এখন কৰিবলৈকো আহৰি নাপায়। মই তেওঁৰ হৈ এই কামটো কৰিব বিচাৰিছিলো যদিও প্ৰকৃততে এবছৰত তেওঁনো কিমান সংগ্ৰহ কৰে সেইটো হিচাপ কৰি উলিয়াব নোৱাৰিলো”। লতাই ক’লে।
“এই কামটো যদি তুমি পেলাই থোৱা তেন্তে পিছলৈ ই তোমাৰ বাবে আমনিদায়ক কাম হ’ব। তোমাৰ লক্ষ্যৰে আৰম্ভ কৰাটো উপযুক্ত পথ হ’ব.....আমি এনেবোৰ কথা পাতিহে আনন্দিত হওঁ” কৰিমে ক’লে।
নাচৰিনে মাত লগালে “অ হয়। প্ৰথমে আমি আমাৰ ভৱিষ্যতৰ সপোনবোৰৰ কথা পাতো। তাৰ পিছত কেনেদৰে চমু পথেৰে আমাৰ সপোনবোৰ দিঠক কৰিব পাৰি সেই বিষয়ে আলোচনা কৰোঁহক”।
“আমিও তেনেদৰেই কৰো কিন্তু কেনেকৈ এটা সুনিৰ্দিষ্ট অভ্যাস কৰিব লাগিব?” বিনোদে সুধিলে।
“প্ৰথম কথা হ’ল তোমালোকৰ লক্ষ্যসমূহ এখন কাগজত লিখি পেলোৱা। মনত ৰাখিবা যে তালিকাখন প্ৰস্তুত কৰোঁতে গুৰুত্ব অনুসৰি ক্ৰমান্বয়ে লিখি যাবা। তোমালোকে লক্ষ্যবোৰক অপৰিহাৰ্য্য আৰু বাঞ্চিত এই দুটা ভাগতো ভাগ কৰি ল’ব পাৰা। উদাহৰণস্বৰূপে, তোমালোকে জানা যে অৱসৰৰ পিছৰ সময়ৰ বাবে তোমালোকে ধন জমা কৰাতো (অপৰিহাৰ্য্য লক্ষ্য)এই বছৰ বন্ধত ফুৰিবলৈ যোৱাতকৈ (বাঞ্চিত লক্ষ্য)অধিক গুৰুত্বপূৰ্ণ। কিন্তু যিহেতু অৱসৰৰ লক্ষ্যলৈ বহুদিন বাকী আছে আৰু অতি বৃহৎ, সেইবাবেই অৱসৰৰ লক্ষ্যত প্ৰভাৱ নপৰাকৈ বন্ধতো ফুৰিবলৈ যোৱাত খৰছ কৰিব পাৰা৷ আৰু এটা কথা হ’ল তোমালোকৰ দুখন তালিকা থাকিব লাগিব। এখন হ’ল হ্ৰস্বম্যাদী লক্ষ্যসমূহৰ আৰু আনখন দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ। দুয়োখন তালিকাই অগ্ৰাধিকাৰ ভিত্তিত প্ৰস্তত কৰিবা” নাচৰিনে পৰামৰ্শ দিলে।
“এবাৰ লক্ষ্যসমূহৰ তালিকাখন প্ৰস্তুত হোৱাৰ পিছত তোমালোকে ইয়াত মূল্য সংযোজন কৰিব লাগিব অৰ্থাৎ লক্ষ্যবোৰত উপনীত হ’বলৈ তোমালোকক কিমান ধনৰ প্ৰয়োজন হ’ব সেইটো সিদ্ধান্ত লব লাগিব। এবাৰ প্ৰতিটো লক্ষ্যৰ বাবে খৰছৰ পৰিমাণ নিৰ্দিষ্ট হোৱাৰ পিছত অগ্ৰাধিকাৰ ভিত্তিত সেই লক্ষ্যসমূহৰ বাবে কিমান বিনিয়োগ কৰিছা সেইটো মিলাই চাব লাগিব। বেছিভাগ ক্ষেত্ৰতে উচ্চ অগ্ৰাধিকাৰ লক্ষ্যসমূহত পৰ্য্যাপ্ত পৰিমাণৰ ধন বিনিয়োগ কৰা নহয়৷ সেয়েহে সেইসমূহৰ বাবে কেনেকৈ ধন জমা কৰিবলৈ আগবাঢ়িবা তাৰ বাবে এখন পৰিকল্পনাৰ প্ৰয়োজন হ’ব” কৰিমে যোগ দিলে।
লতা আৰু বিনোদে দুয়ো দুয়োলৈ চাই হাঁহিলে। হঠাত দুয়োৰে ভাৱ হ’ল তেওঁলোকৰ বিনিয়োগসমূহ আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰাটো যেন তেওঁলোকৰ বাবে এটা প্ৰত্যাহ্বানযুক্ত জিকছ’ পাজ’লহে।
“কৰিম, তুমি মোক কাগজ আৰু কলম দিব পাৰিবানে, যিহেতু বৰ্তমান লতা আৰু মই তোমাৰ কথাৰ পৰা উৎসাহিত হৈছো, সেইবাবেই আমি আমাৰ লক্ষ্যসমূহৰ অগ্ৰাধিকাৰ ভিত্তিত তালিকাখন এতিয়াই আৰু ইয়াতে লিখিবলৈ আৰম্ভ কৰো। তোমালোক দুয়োৱে এই বিষয়ত অভিজ্ঞ যেন লাগিছে। গতিকে আমি তোমালোকৰ পৰা সহায় লবও পাৰিম”।
কৰিমে কাগজ-কলম বিনোদক আনি দিলে৷
তেওঁ কাগজখনৰ একাষে ‘হ্ৰস্বম্যাদী লক্ষ্যসমূহ’ আৰু আনতো ফালে ‘দীৰ্ঘম্যাদী লক্ষ্যসমূহ’ বুলি লিখি ললে। তাৰ পিছত লতা আৰু তেওঁ তেওঁলোকৰ লক্ষ্যসমূহ অগ্ৰাধিকাৰ ভিত্তিত তালিকাভূক্ত কৰিবলৈ ধৰিলে।
আন দম্পত্তিৰ দৰেই তেওঁলোকেও পূৰ্বে কেইবা হাজাৰ বাৰ এনে লক্ষ্যবোৰৰ বিষয়ে আলোচনা কৰিছে। কিন্তু এনেদৰে প্ৰথমবাৰহে তেওঁলোকে লক্ষ্যবোৰ লিখিছে আৰু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যসমূহক অগ্ৰাধিকাৰ ভিত্তিত ভাগ কৰিছে। তলত তেওঁলোকৰ তালিকাৰ প্ৰথমখন খছৰা দিয়া হ’ল:
হ্ৰস্বম্যাদী লক্ষ্যসমূহ |
দীৰ্ঘম্যাদী লক্ষ্যসমূহ |
||||||
লক্ষ্য |
কেতিয়া |
খৰছ |
বিত্তীয় সামগ্ৰী |
লক্ষ্য |
কেতিয়া |
খৰছ |
বিত্তীয় সামগ্ৰী |
অপৰিহাৰ্য্য লক্ষ্যসমূহ |
বাঞ্চিত লক্ষ্যসমূহ |
||||||
চহৰত দুটা শোৱনী কোঠাৰ এটা ফ্লেট ক্ৰয় কৰা |
১ বছৰৰ ভিতৰত |
৩৫ লাখ টকা |
গাঁৱৰ ঘৰ বিক্ৰী+ শ্বেয়াৰ বিক্ৰীৰ পৰা অহা ধন |
অৱসৰৰ পিছৰ বাবে জমা |
২০৪০ |
? |
ৰাজহুৱা ভৱিষ্য নিধি + বীমা কোম্পানীৰ অৱসৰৰ আঁচনি |
নন্দনৰ বাৰ্ষিক মাচুল প্ৰদান |
পৰৱৰ্তী মাহ |
৩৪,০০০ টকা |
পৰৱৰ্তী মাহত পূৰ্ণতা প্ৰাপ্তি হ’ব লগা ফিক্স ডিপ’জিটৰ পৰা ৫০,০০০ টকা |
নন্দনৰ মহাবিদ্যালয়ৰ খৰছৰ পুঁজি |
২০২৫ |
? |
বীমা কোম্পানীৰ শিশুৰ আঁচনিত বিনিয়োগ আৰম্ভ |
কামিনীৰ নামভৰ্ত্তিৰ মাচুল |
পৰৱৰ্তী বছৰ মে মাহ |
৬৫,০০০ টকা |
বীমা কোম্পানীৰ এণ্ডোমেন্ট আঁচনিৰ পৰা পাব লগা ধন |
কামিনীৰ মহাবিদ্যালয়ৰ খৰছৰ পুঁজি |
২০৩০ |
? |
বীমা কোম্পানীৰ শিশুৰ আঁচনিত বিনিয়োগ আৰম্ভ |
|
|
|
|
সন্তানৰ বাবে বিয়াৰ খৰছ |
২০৩৫ |
? |
মিউচুৱেল ফাণ্ড আঁচনিত বিনিয়োগ |
বাঞ্চিত লক্ষ্যসমূহ |
বাঞ্চিত লক্ষ্যসমূহ |
||||||
ছুটীৰ দিনত পৰৱৰ্তী মে’ মাহত চিমলা-ম’নালি
|
? |
? |
? |
বিনিয়োগৰ লক্ষ্যত ২য় ঘৰ এটা ক্ৰয |
? |
? |
? |
বিহুত লতাক ২০ গ্ৰামৰ সোণৰ চেইন উপহাৰ |
? |
? |
? |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
তেওঁলোকে তালিকাখন আৰম্ভ কৰিলে আৰু পিছৰ সপ্তাহলৈকে তালিকাত লক্ষ্যসমূহত যোগ দি যাব বুলি সিদ্ধান্ত ল’লে। নগৰলৈ ঘূৰি যোৱাৰ আগতেই তালিকাখন সম্পূৰ্ণ কৰি পেলাব বুলিও সিদ্ধান্ত ল’লে।
১) তেওঁলোকে লক্ষ্যৰ তালিকাৰ লগতে যিমান দূৰ সম্ভৱ হয় বৰ্ণনাও কৰিব লাগিব।
২) আদৰ্শগতভাৱে লক্ষ্যত কেতিয়া উপনীত হ’ব সেইটো সিদ্ধান্ত ল’বলৈ আছে।
৩) প্ৰত্যেকটো লক্ষ্যৰ বিপৰীতে ইয়াৰ খৰছ সন্নিৱিষ্ট কৰিব লাগিব। যিহেতু তেওঁলোকে বৰ্তমানৰ মূল্য উলিয়াব পাৰিব সেয়েহে হ্ৰস্বম্যাদী লক্ষ্যৰ খৰছ সহজে উলিয়াব পৰা যাব। দীৰ্ঘম্যাদী লক্ষ্যৰ ক্ষেত্ৰত তেওঁলোকে বৰ্তমানৰ মূল্যৰ লগত প্ৰতিবছৰে আনুমানিক কিমান শতাংশ বৃদ্ধি হয় সেই পৰিমাণ লক্ষ্য পূৰণ হোৱা বৰ্ষলৈ প্ৰতিবছৰে যোগ দি উলিয়াব লগা হব। উদাহৰণস্বৰূপে, স্নাতকোত্তৰ শিক্ষাৰ বাবে বৰ্তমানৰ খৰছ যদি ৪ লাখ টকা হয় তেন্তে ১৫ বছৰ পিছত নন্দনে যেতিয়া সেই শিক্ষাৰ বাবে সাজু হ’ব ইয়াৰ খৰছ আনুমানিক ৮,৩১,৫০০ টকা হ’বগৈ। এই আনুমানিক হিচাপ শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবছৰে ৫ শতাংশ খৰছ বৃদ্ধি হ’ব বুলি ধাৰণা কৰি উলিওৱা হৈছে। যদিহে আপুনি কোনো এটা লক্ষ্যৰ প্ৰতিবছৰে বৃদ্ধি পোৱা খৰছ অনুমান কৰিব নোৱাৰে তেন্তে এৰি অহা কেইবছৰ মানৰ বৃদ্ধিৰ গড় হিচাপ উলিয়াই লওঁক আৰু সেইমতে ভৱিষ্যতৰ লক্ষ্যৰ খৰছ হিচাপ কৰি উলিয়াওক.....লগতে এইটোও ভাৱ্ক যে মূল্য ইয়াতকৈও বৃদ্ধি পাব পাৰে।
৪) শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাতো হ’ল তেওঁলোকে বৰ্তমানে থকা সকলোবোৰ বিনিয়োগ একেলগ কৰি পূৰ্ণতাপ্ৰাপ্তিৰ সময়ত কোনটো বিনিয়োগে কোনটো লক্ষ্য পূৰণত সহায় কৰে সেইটো মিলাই চাব লাগিব। কিয়নো বৰ্তমানলৈকে তেওঁলোকে কোনো পৰিকল্পনা নোহোৱাকৈ বিনিয়োগ কৰি আহিছে। আদৰ্শগতভাৱে বৰ্তমানৰ পৰা তেওঁলোকে লক্ষ্যসমূহৰ তালিকাখন চাই বিনিয়োগৰ সামগ্ৰী নিৰ্বাচন কৰিব। প্ৰতিটো সামগ্ৰী লক্ষ্য পূৰণৰ সময়কালৰ লগত একে হ’ব লাগিব। যিখিনি সময়ত লক্ষ্য পূৰণৰ সময় উপস্থিত হ’ব সেইখিনি সময়ত উক্ত বিত্তীয় সামগ্ৰীটোৰ পৰা আশা কৰা মতে ধন ঘূৰাই পোৱা যাব। অৱশ্যে তেওঁলোকে যে প্ৰতিটো লক্ষ্যৰ বাবে একোটা বিনিয়োগ কৰিবই লাগিব তেনে কোনো কথা নাই.....তেওঁলোকে কেইবাটাও সামগ্ৰী এটা লক্ষ্য পূৰণৰ বাবে বা কেইটামান লক্ষ্য পূৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
“আমাক বিত্তীয় পৰিকল্পনাৰ অভ্যাস কৰাত সহায় কৰাৰ বাবে তোমালোকৰ ওচৰত আমি কৃতজ্ঞ হৈছো” বিনোদে ক’লে।
“কিন্তু তোমালোকৰ বিত্তীয় পৰিকল্পনাৰ অভ্যাস আৰম্ভহে হৈছে। তোমালোকে এতিয়াও জৰুৰীকালীন অৱস্থাৰ বাবে পৰিকল্পনা কৰা নাই। বিত্তীয় পৰিকল্পনাৰ ই এটা অতি গুৰুত্বপূৰ্ণ অংশ। এতিয়া বহু পলম হ’ল লৰা-ছোৱালীকেইটাৰো চাগে ভাগৰ লাগিছে। সম্ভৱ হ’লে আমি অহাকালি আবেলি পথৰ কাষত থকা উদ্যানখনতে লগ হওঁ আৰু পিছৰ আলোচনাখিনি কৰোঁহক।” কৰিমে ক’লে।
“অ, এইটো খুব ভাল কথা হ’ব। আমিও আৰু অধিক জানিবলৈ আগ্ৰহী”। লতাই উত্তৰ দিলে।
“জীৱনটো আশ্বৰ্য্যৰে ভৰা, যেতিয়া আমি জীৱনলৈ অহা ভাল অৱস্থাবোৰত আনন্দিত হওঁ তেনে ক্ষেত্ৰত বেয়া এটাৰ প্ৰতিও আমি সাঁজু হৈ থাকিব লাগে। যদি সাঁজু হৈ নাথাকো তেন্তে আমাৰ সম্পূৰ্ণ বিত্তীয় পৰিকল্পনাৰ অভ্যাস ক্ষতিগ্ৰস্থ হৈ পৰিব।” শিশুকেইটাই বল খেলি থকা চাই চাই কৰিমে আৰম্ভ কৰিলে। দুই দম্পত্তিয়ে এটা বাদাম ভঁজাৰ টোপোলা লৈ ঘাঁহৰ ওপৰত আলোচনাত বহিলে।
“আমাক যে সেইদিনা কৈছিলা সেই পৰেশ খুড়াৰ ঘটনাটো এওঁলোকক কোৱা......” নাচৰিনে পৰামৰ্শ দিলে।
“হয়, সেইটোৱেই জৰুৰীকালীন অৱস্থাৰ বাবে পৰিকল্পনাৰ গুৰুত্বতা বুজাই তুলিব..... এইটো এটা যুৱ দম্পত্তি দীনেশ আৰু মীৰাৰ ঘটনা” এই যুৱ দম্পত্তিয়ে তেওঁলোকৰ নিজা ঘৰৰ পৰা দূৰৈৰ এখন সৰু চহৰত অকলশৰে বাস কৰে। দীনেশে এটা কোম্পানীত হিচাপ পৰীক্ষক হিচাপে কাম কৰে আৰু মীৰা গৃহিণী। তেওঁলোকৰ এতিয়ালৈকে সন্তান হোৱা নাই।
দীনেশৰ মাক-দেউতাক তেওঁলোকৰ গৃহ নগৰত থাকে। তেওঁৰ দেউতাক অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। তেওঁলোকে এক বিনম্ৰ জীৱন যাপন কৰে। তেওঁলোকৰ কোনো ধৰণৰ জটিল বিত্তীয় অৱস্থাৰ সৃষ্টি হোৱা নাই আৰু সদায় আৰামদায়ক জীৱন পাৰ কৰিছে। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ গাড়ী-মটৰ নাই বা ব্যয়বহুল ভ্ৰমণ বা ডাঙৰ উৎসৱত খৰছ কৰিব পৰা ধনো নাই।
তেওঁলোকৰ ২৫ বছৰীয়া বিবাহ উৎসৱ সমাগত। দীনেশ আৰু মীৰাই মাক-দেউতাকক এখন নেন’ গাড়ী উপহাৰ দি চমকিত কৰিব বুলি ভাবিছে। এই যুৱ দম্পত্তি তেওঁলোকৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কে সচেতন আৰু কেনেকৈ সোনকালে তেওঁলোকে লক্ষ্যত উপনীত হ’ব পাৰে সেইটোও জানে। সেইবাবেই তেওঁলোকে যোৱা ৩ বছৰৰ পৰা ধন সাঁচিছে আৰু নিয়মীয়াকৈ এটা ৰেকাৰিং জমাত বিনিয়োগ কৰি আহিছে। দীনেশৰ মাক দেউতাকৰ বিবাহ বাৰ্ষিকীৰ ৬ মাহৰ পূৰ্বে এই ৰেকাৰিং জমাৰ ম্যাদ সম্পূৰ্ণ হ’ব আৰু তেওঁলোকে মুঠ ১ লাখ ৫০ হাজাৰ টকা ঘূৰাই পাব।
এদিন হঠাতে তেওঁলোকে দীনেশৰ মাকৰ পৰা এটা ফোন পালে যে দেউতাকৰ ষ্ট্ৰোক হৈছিল আৰু বৰ্তমানে ঠিকে আছে যদিও চিকিৎসকে তেওঁৰ কিবা ৰক্তবাহী নলী বন্ধ হৈ আছে নেকি সেইটো পৰীক্ষা কৰিবৰ বাবে এনজিঅ’গ্ৰাফী কৰিবলৈ পৰামৰ্শ দিছে। দীনেশ আৰু মীৰাই মাক দেউতাকক তেওঁলোকৰ নগৰলৈ আহি তাতে পৰীক্ষাবোৰ কৰাবলৈ জোৰ কৰিলে। ইয়াৰ পিছত দীনেশৰ দেউতাকৰ ৰক্তবাহী নলী বন্ধ থকাটো পৰীক্ষাত ধৰা পৰিল আৰু চিকিৎসকে সফলতাৰে এনজিঅ’প্লাষ্টি কৰি সেই বন্ধ পথ মুকলি কৰিলে।
দীনেশৰ দেউতাকৰ স্বাস্থ্য বীমা আছিল। তথাপিও ইয়াৰ পৰা পোৱা ধন চিকিৎসাৰ সকলো খৰছৰ বাবে পৰ্য্যাপ্ত নহয়। দীনেশে মাক দেউতাকক উপহাৰ হিচাপে দিব খোজা গাড়ীৰ বাবে জমা কৰা ধনৰ পৰা চিকিৎসাৰ বাবে খৰছ হোৱা বাকী অংশ ধন প্ৰদান কৰিলে। মীৰা আৰু দীনেশে ইমান দিন পইছা জমা কৰা কথাটোৰ বাবে নিজকে ভাগ্যৱান বুলি ভাবিলে। কিয়নো এনে নকৰা হ’লে চিকিৎসাৰ খৰছৰ বাবে তেওঁলোকে ঋণ ল’ব লগা হ’লহেতেন। তেওঁলোকে গাড়ী এখন কিনি মাক দেউতাকক উপহাৰ দিবলৈ পুনৰ ধন জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে”।
কৰিমে পুনৰ আৰম্ভ কৰিলে “এই সৰু ঘটনাটোৰ পৰা লাভ কৰা পাঠটো হ’ল,
১) বিত্তীয় পৰিকল্পনা জৰুৰীকালীন অৱস্থাতো ব্যাহত হ’বলৈ দিব নালাগে। ইয়াক যত্ন সহকাৰে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ সলনি কৰি লব লাগে। পিছত ইয়াক পুনৰ পূৰ্বৰ লক্ষ্যৰ দিশত লৈ আনিব পৰা যাব পাৰে।
২) সদায়ে জৰুৰীকালীন অৱস্থাৰ বাবে কিছু পৰিমাণৰ ধন আচুতীয়াকৈ জমা কৰি থব লাগে। কিয়নো এনে পৰিস্থিতি কেতিয়া সৃষ্টি হয় কোনেও ক’ব নোৱাৰে। জৰুৰী অৱস্থাৰ বাবে মুখামুখী হোৱাৰ উত্তম উপায় হ’ল পৰিয়ালৰ সকলোৰে বাবে পৰ্য্যাপ্ত স্বাস্থ্য বীমা কৰা আৰু উপাৰ্জন কৰা মূল ব্যক্তিজনৰ যথেষ্ট পৰিমাণৰ জীৱন বীমা কৰোৱা”।
“তেওঁ সঠিক কথাই কৈছে। মা’ৰ শৰীৰটোও ভাল নহয় আৰু আমাৰ যিকোনো সময়তে কিবা হৈ যাব পাৰে। সেয়েহে আমি জৰুৰী অৱস্থাৰ বাবেও কিছু ধন আচুতীয়াকৈ থ’ব লাগে।” লতাই হয়ভৰ দিলে।
“সঁচা ক’বলৈ গ’লে আমি আমাৰ শুদ্ধ টাৰ্ম বীমা আৰু স্বাস্থ্য বীমাৰ বিষয়েও ঘৰলৈ ঘূৰি গৈ পোৱাৰ লগে লগেই চিন্তা কৰা উচিত” বিনোদে ক’লে।
সদায় জৰুৰীকালীন অৱস্থাৰ বাবে কিছু পৰিমাণৰ ধন আচুতীয়াকৈ থ’ব লাগে। কাৰণ এনে পৰিস্থিতি কেতিয়া উদ্ভৱ হয় কোনেও ক’ব নোৱাৰে। জৰুৰী অৱস্থাৰ বাবে পৰিকল্পনা কৰাৰ উত্তম উপায় হ’ল পৰিয়ালৰ সকলোৰে বাবে পৰ্য্যাপ্ত স্বাস্থ্য বীমা থকা আৰু পৰিয়ালৰ উপাৰ্জন কৰা মূল ব্যক্তিজনৰ পৰ্য্যাপ্ত পৰিমাণৰ জীৱন বীমা কৰোৱা।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
বিত্ত বিষয়ত দক্ষতা অৰ্জনৰ বিষয়ে ইয়াত আলোচনা কৰা হ...
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰ...
বিত্তীয় বিনিয়োগ আদিৰ ক্ষেত্ৰত কেনেদৰে পৰিকল্পনা কৰ...
বিত্তীয় আয় আৰু বিনিয়োগসমূহ কেনেদৰে পুনঃৰ্নিৰীক্ষণ ...