সূচাংক ১ |
ব্যক্তিগত বিত্তৰ পাতনি |
শিক্ষণ বিষয়বস্তু |
এই সূচাংকৰ শেষত পঢ়ুৱৈ এ তলত উল্লেখিতসমূহ কৰিব পাৰিব।
|
১.০ পাতনি
গাঁৱৰ সোঁমাজত গ্ৰাহকেৰে ঠাহ খাই থকা চাহ দোকানৰ বাহিৰত বহি বীৰেণে একাপ চাহত দীঘলীয়াকৈ শোহা মাৰিলে। তেওঁৰ মুখত গভীৰ চিন্তাৰ ভাৱ ফুটি উঠিছে। স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ মাস্টৰে বীৰেণৰ কাষ চাপি আহিল আৰু অভিনন্দন বিনিময় কৰাৰ পিছত তেওঁ বিষন্ন হৈ থকাৰ কাৰণ সুধিলে। “নাই, তেনে কোনো বিশেষ কথা নাই” বীৰেণে উত্তৰ দিলে। “মোৰ খুলশালীজনী আমেৰিকাত থাকে আৰু বহুদিনৰ পৰাই তেওঁ আমাক ফুৰিবলৈ মাতি আছে।” তেওঁ আজিও ফোন কৰিছিল আৰু মোৰ শ্ৰীমতীৰ লগত কথা পাতিছে”....
“সেইটোনো কি বেয়া লগা কথা” পৰেশ মাস্টৰে ক’লে। “এইবাৰ খেতি চপোৱাৰ পিছত তুমিনো কিয় পৰিয়ালসহ আমেৰিকা ফুৰি নাহা”
“সমস্যাটো তাতেই মোৰ পৰিবাৰসহ সকলোৱে ভাৱে যে মই অতি আঢ্যৱন্ত মানুহ কিয়নো মোৰ বহু খেতি মাটি আছে আৰু তেওঁলোকে ভাৱে প্ৰতিবছৰে মই ভাল শস্য উৎপাদন কৰিব পাৰো। সমস্যাটো হ’ল কেনেকৈ মই আৰ্থিক অৱস্থাটো জোৰা তাপলী মাৰি আছো সেইটো মইহে জানো। প্ৰতিবছৰে খেতি ছপোৱাৰ পিছত মোৰ শ্ৰমিকসকলক বনাচকে ধৰি মজুৰি দিওঁতে ভালেমান ধন খৰছ হয়। ইয়াৰ উপৰিও মোৰ পৰিয়াল আৰু বন্ধুসকলৰ পৰা লোৱা ঋণসমূহো ঘূৰাই দিব লগা হয়। খেতি ছপোৱাৰ লগে লগে ঋণসমূহ উভতাই নিদিলে তেওঁলোকে যিদৰেহে কথা কয়!”
“তথাপিও তুমি কেইবছৰমানৰ মূৰে মূৰে পৰিয়ালসহ ফুৰিবলৈ যাবৰ বাবে ধন জমা কৰা উচিত” বীৰেণ আৰু তেওঁৰ পৰিয়ালৰ শুভাকাংশী পৰেশ মাস্টৰে মাজতে মাত লগালে।
“মোৰ কোনো জমা ধন নাই” বীৰেণে দুখ মনে ক’লে। “শ্ৰমিক আৰু মোৰ ঋণসমূহ পৰিশোধ কৰাৰ লগতে খেতিৰ বাবে কেঁচা সামগ্ৰী কিনাৰ পিছত যিখিনি থাকে সেইখিনিৰে ঘৰুৱা খা-খৰছ, খেতিৰ বাবে প্ৰয়োজন হোৱা ট্ৰেক্টৰ, পাম্প, ট্ৰাক বা পৰিবাৰ আৰু মা’ ৰ বাবে সোনৰ গহণা কিনোতেই শেষ হয়। মই সততাৰে কৈছো মই নিজেই নাজানো মোৰ ধনসমূহ কেনেকৈ খৰছ হৈ যায়!”
“ওহ: বন্ধু, মই এতিয়াহে তোমাৰ আচল সমস্যাটো বুজি পাইছো” মুখত এমুকুৰা হাঁহি লৈ পৰেশ মাস্টৰে ক’লে। “তোমাৰ বিত্তীয় পৰিকল্পনাৰ বিষয়ে এটা বা দুটা পাঠ শিকাৰ প্ৰয়োজন আছে.... কিন্তু যদিহে তুমি ব্যক্তিগত বিত্তীয় পৰিকল্পনাৰ বাবে কম সময়ো খৰছ কৰা তেন্তে তুমি নিশ্চিতভাৱে এইবাৰেই পৰিবাৰক লৈ আমেৰিকা ফুৰি আহিব পাৰিবা!”
“তুমি সঁচাকৈ তেনেকৈ ভবানে?” বীৰেণে সুধিলে, বীৰেণৰ পৰিবাৰে সদায় বিচাৰি থকাৰ দৰে ফুৰাবলৈ নিব পৰাৰ সক্ষমতাৰ আশা দেখি বীৰেণৰ মুখখন কিছু উজ্জ্বল হৈ উঠিল। “মই কি কৰিব লাগিব? ব্যক্তিগত বিত্তীয় পৰিকল্পনাৰ কি কি কথা জড়িত হৈ থাকে? মই বিত্তীয় পৰিকল্পনা কৰিব পাৰিমনে? বিষয়টো কঠিন যেন লাগিছে”।
“ভয় খাব নালাগে। বিত্তীয় পৰিকল্পনা অতি সহজভাৱে কৰিব পাৰি। তুমি কিমান উপাৰ্জন কৰা কিমান খৰছ কৰা আৰু কিমান সঞ্চয় কৰা এই বিষয়কেইটা ভালদৰে বুজি লৈ তাৰ ভিত্তিত লক্ষ্য স্থিৰ কৰা যেনে, আমেৰিকালৈ ফুৰিব যোৱা আদি আৰু উক্ত লক্ষ্যত উপনীত হ’বলৈ তুমি কিমান সঞ্চয় কৰিব লাগিব সেই সম্পৰ্কে বুজি উঠা আদি বোৰেই এই পৰিকল্পনাৰ লগত জড়িত হৈ থাকে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তোমাৰ পৰিকল্পনাটো উপযুক্তভাৱে কাৰ্য্যকৰী কৰাতো, অৰ্থাৎ প্ৰকৃততে কৰা সঞ্চয় আৰু পৰিকল্পনামতে বিনিয়োগ কৰা। শেষত সময়ে সময়ে তোমাৰ ব্যক্তিগত বিত্তীয় পৰিকল্পনাটো ঠিকমতে আগবাঢ়িছেনে নাই লক্ষ্য ৰখা আৰু প্ৰয়োজন হ’লে ইয়াক পৰিৱৰ্তন কৰিব লগাও হ’ব পাৰে”।
“পৰেশ মাস্টৰ, তুমি মোক বিত্তীয় পৰিকল্পনাখন প্ৰস্তুত কৰোঁতে আৰু কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত সহায় কৰিবানে, মই সঁচাকৈ মোৰ পৰিয়ালটিক আমেৰিকালৈ ফুৰাবলৈ নিবলৈ বিচাৰো”।
“মই তোমাক সহায় কৰিব পাৰিলে সুখী হ’ম। অহাকালিলৈ পুৱা ১১ টা বজাত তোমাৰ ঘৰত একলগ হওঁ আৰু ব্যক্তিগত বিত্তীয় পৰিকল্পনাৰ অভ্যাস আৰম্ভ কৰো, হ’বনে?”
“এইটো তুমি বৰ সহায় কৰা হ’ব” বীৰেণে অতি উৎসাহভাৱেৰে উত্তৰ দিলে।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ভাৰতত ইন্টাৰনেটৰ প্ৰসাৰ
ইয়াত বাজেট প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হৈছে।
চিট ফাণ্ড, সমবায় বেংক, ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য...
এই পাঠত কিমানখিনি শিকিলে সেয়া মূল্যায়ন কৰি চাব পাৰ...