বৰপেটা জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় ৫০০ ঘৰ মানুহেৰে ভৰপুৰ এখনি গাঁও। এই গাঁওখনৰ পৰাই সৌ তাহানিতে সীমা সুৰক্ষা বাহিনীত যোগদানৰ অৰ্থে ওলাই গৈছিল এজন পৰিয়ালটোৰ তৃতীয় সন্তান মেধিয়ে আমাৰ আগত কয়-তেতিয়াৰ দিনত দৰমহা আছিল ৭০ টকা। কিন্তু সেয়াই আছিল আমাৰ কাৰণে বহুত। কৃষি নিৰ্ভৰ পৰিয়ালটোত খেতি-বাতিৰ লগতে পিতায়ে সৰু-সুৰা ব্যৱসায়ো কৰিছিল। পিতৃ-মাতৃৰ সৈতে পৰিয়ালৰ সদস্য আছিল ১১ জন। সুদীৰ্ঘ ৩৩ বছৰ কাল চাকৰি কৰাৰ অন্তত ২০০১ চনত চাকৰিৰ পৰাই মই অৱসৰ লওঁ। অৱসৰ লৈ এনেয়ে বহি থাকিবলৈ মন নগ’ল। ঘৰৰ অলপীয়া আধা বিঘা মাটিতে পাচলিৰ খেতিত লাগিলো। বিবিধ বতৰীয়া শাক-পাচলিৰ আশানুৰূপ উৎপাদনে মন ভৰাই তুলিলে। নিজৰ প্ৰয়োজনখিনি পূৰ হোৱাৰ পিছত অইনৰ সৈতে ভগাই-মিলি খাই পৰম তৃপ্তি লভাৰ উপৰি ৰাহিখিনি বজাৰত বিক্ৰী কৰাত দুই পইচা পকেটলৈও আহিল। কিন্তু মেধিয়ে ৰৈ পুনৰ কৈ গ’ল-‘অৱসৰৰ পিছত পোৱা ধনেৰে মই চাৰিবিঘা মাটি কিনি পেলালো। তাৰ পিছত প্ৰায় চাৰি বছৰ আগেয়ে নগদ ধনেৰে এখন ট্ৰেক্টৰ কিনাৰ লগতে কৃষি বিভাগৰ পৰাই ৰেহাই মূল্যত পানী উত্তোলক মেচিন এটা কিনি ল’লো। আধি নতুবা ঠিকাভিত্তিত কিছু মাটি লৈ ধান খেতি কৰাত লাগিলো’। মেধিয়ে পুনৰ কৈ গ’ল-নিজৰ ৬ বিঘা মাটিৰ সৈতে এইবাৰ মুঠ ৪২ বিঘা মাটিত বেছি, ৫০০ মোনৰ অধিক। উৎপাদিত ধানৰ জাতৰ কথা সোধাত তেওঁ ক’লে-সৰহখিনিয়ে আইজং ধান। ইয়াৰ উপৰি কম পৰিমাণে চন্দ্ৰমাচোৰী, ৰঙা বাও আৰু লাকী ধানৰ খেতিও কৰা হৈছে। অ’, ক’বলৈ পাহৰিছো, তেওঁ ক’লে-মোৰ কৃষি প্ৰণালী আৰু ধানৰ আশানুৰূপ উৎপাদনত সন্তুষ্ট হৈ দেখিছে, কৰ্মব্যস্ত আঠজন কৃষিকৰ্মীলৈ আঙুলিয়াই তেওঁ ক’লে- মোৰ খেতি খোলাৰ অন্যতম সহযোগী। দেখিলো, ট্ৰেক্টৰেৰে মৰণা মাৰি উঠাৰ পিছত ওখনিৰে নৰা খেৰবোৰ সোণগুটি ধানৰ পৰা আঁতৰোৱাত ব্যস্ত তেওঁলোক। মুখত পৰম সন্তুষ্টিৰ ভাৱে বিৰাজ কৰিছে তেওঁলোকৰ। কথা পাতি গম পালো, তেওঁলোকক ‘মেধি দা’ই বুটলি আনি জীৱনৰ গতিপথত নতুনত্বৰ সন্ধান দিছে। সেয়ে লোককেইজনৰ পৰিয়ালবোৰ এতিয়া সুখী, স্বাৱলম্বী। ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিওৱাটো আগভাগ লোৱা ‘মেধি দা’ এতিয়া’ তেওঁলোকৰ অভিভাৱক স্বৰূপ। কৰ্মচাৰী আঠোজনেই আমাৰ আগত একেমুখে ক’লে এইবুলি-এক কিলো চাউলো ঘৰত নথকা অৱস্থাত এতিয়াও আমাৰ ঘৰত ৫০ মোনকৈ ধান মজুত আছে।
জীৱনৰ কৰ্ষটি শিলত ঘঁহি কৃষি কৰ্মৰ জৰিয়তে নিজকে উজ্জ্বলতাৰ কৰাৰ পণ লৈ অইনকো স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা, বৈজ্ঞানিক কৃষিকৰ্মত আত্মনিয়োগ কৰা অৱসৰপ্ৰাপ্ত জোৱান শংকৰ মেধিলৈ আমি চালাম যাঁচিলো।
লিখক: গপেশ চন্দ্ৰ দাস।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
অমিতাৰ উন্নত কৃষি পদ্ধতি
আদা-হালধিৰ কৃষি কাহিনী
অসমীয়া লোক-স্ংস্কৃতিত কৃষি আৰু ডাক পুৰুষ
অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি