একাগ্ৰচিত্তে কোনো কামত আত্মনিয়োগ কৰিলে, তাৰ ফল যে মধুময় সেই কথা বাক্সা জিলাৰ আহোপ গাঁৱৰ প্ৰয়াত নৰেশ্বৰ দাসৰ পুত্ৰ আদৰ্শ কৃষক ৰমেশ দাসে প্ৰমাণ কৰি দেখুৱাইছে। নিজৰ বুলিবলৈ ভূমি কৃষি নথকা অতি দুখীয়া কৃষক পৰিয়ালৰ সন্তান ৰমেশে কৃষিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া পৰিকল্পনা বাস্তবায়িত কৰিবলৈ গাঁৱৰে সংঘৰ ডেকা আৰু নদী পাৰৰ ছন পৰি থকা ৮ বিঘা মাটি বছৰি ৭ হাজাৰ টকাকৈ ঠিকাত লৈ যোৱা ষোল্ল বছৰে কৃষিকাৰ্য্যত নিয়োজিত হৈ সম্প্ৰতি বাক্সা জিলাৰ এগৰাকী উল্লেখনীয় আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ সেই আঠ বিঘা মাটিত খৰালি কালত আগতীয়া আৰু পলম-এই দুই পদ্ধতিৰে কবি (ফুল, বন্ধা, ওল), বেঙেনা, জলকীয়া, আলু, কচু, ৰঙা লাও, পানী লাও, বিলাহী আদিৰ খেতি কৰাৰ উপৰি বাৰিষা কালত ধান, লেচেৰা, তিয়ঁহ, কেৰেলা, ভেণ্ডি, জিকা, মাকৈ, জলকীয়া, বেঙেনা আদি কৃষিকাৰ্য্যৰে বছৰি প্ৰায় এক লাখ টকা উপাৰ্জন কৰে। তেওঁৰ এই কৃষিকাৰ্য্যত সহধৰ্মিণী সাৱিত্ৰী দাসৰ উপৰি পুত্ৰ মোহন, বোৱাৰীয়েক আটায়ে সহযোগ আগবঢ়ায়। বাম কৃষিভূমিতো উচ্চ উৎপাদনক্ষম ধন মাইক্ৰ’ ৰোপণেৰে উৎপাদন কৰে তেওঁ বিঘাই পতি গড়ে ২৫ মোনকৈ। কৃষিকাৰ্য্যত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰে ডেকাদীৰ পানী। বিজনীৰ মহেন্দ্ৰ ৰয়ৰ পৰা প্ৰথম অৱস্থাত কৃষিকাৰ্য্যৰ আৱশ্যকীয় দিহা-পৰামৰ্শ গ্ৰহণ কৰে। যদিও বৰ্তমানলৈকে তেওঁ কোনো চৰকাৰীভাৱে প্ৰদান কৰা কৃষি বিষয়ক প্ৰশিক্ষণ গ্ৰহণৰ সুবিধাও লাভ কৰা নাই। কৰ্মযোগী ৰমেশ দাসে নিজৰ কঠোৰ শ্ৰম আৰু ধৈৰ্যৰ বলত আজি অঞ্চলটোৰ এগৰাকী পথ প্ৰদৰ্শক কৃষক হিচাপে চিনাকি দিব আৰু তেওঁৰ আদৰ্শৰ পদাংকৰে কৃষিকাৰ্য্যত নিয়োজিত হৈ ভোগপাৰা, জাৰাবাৰী, অনিৰ্বিল, টেকেলিভাঙা, নতুন মাটি আদিৰ শিক্ষিত নিবনুৱাসকল সম্প্ৰতি উপকৃত হৈছে।
লিখক: চন্দন মেধি, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
কৃষিকৰ্মৰে স্বাৱলম্বী কাকীৰ ৰাজু কুমাৰ কলিতা
সেউজ গৃহত কৃষিকৰ্ম
কৃষি কৰ্মৰে সমাজৰ আদৰ্শ হৈছে তামুলপুৰৰ যুৱক ধনেশ্ব...