অবিভক্ত নগাঁও জিলাৰ হোজাই মহকুমাৰ অন্তৰ্গত এখন গাঁও। নাম-১ নং কাকী। কৃষিকৰ্মৰে সমগ্ৰ জিলাৰ ভিতৰতে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই গাঁওখনৰ বাসিন্দাসকলে। এই গাঁওখনৰে ৩ নং দগাঁও ব্লকৰ এজন শিক্ষিত যুৱক হৈছে ৰাজু কুমাৰ কলিতা। ৰাজু কুমাৰ কলিতাৰ বৰ্তমান দুখনকৈ ব্ৰয়লাৰ মুৰ্গী ফাৰ্ম আছে আৰু এটা ফিছাৰিও আছে। তেওঁৰ ব্ৰয়লাৰ মুৰ্গী ফাৰ্মত সম্প্ৰতি ৬,৫৭০ টা ব্ৰয়লাৰ মুৰ্গী আছে। ফিছাৰিত তেওঁ ৰৌ, ঢেকেৰা, শ’ল, মাগুৰ আদি বিভিন্ন ধৰণৰ মাছৰ পোনা মেলিছে। তদুপৰি ৬-৭ বিঘা মাটিত তেওঁ বিভিন্ন শাক-পাচলিৰ খেতি কৰিছে। তেওঁ পিয়াঁজ, নহৰু, পানীলাও, ওলকবি, মূলা, বেঙেনা, ফ্ৰেন্সবিন আদিৰ খেতি কৰিছে। শেহতীয়াকৈ কলিতাই হাতীখুৰীয়া শাক বেছিও লাভান্বিত হৈছে। কলিতাই জনোৱা মতে, প্ৰথম অৱস্থাত তেওঁ বনৰীয়া হাতী খুতৰীয়া শাক পৰীক্ষামূলকভাৱে বজাৰত বিক্ৰী কৰিবলৈ নিয়ে। বজাৰত গ্ৰাহকৰ সমাদৰ দেখি পিছত তেওঁ এই শাকৰো খেতি কৰিবলৈ লয়। কলিতাই প্ৰায় দুবিঘা মাটিত ৰঙালাও আৰু তৰমুজৰ খেতি কৰাৰ আঁচনি লৈছে। একেদৰে তেওঁ এখন ফুলকে ধৰি বিভিন্ন উপযোগী গছপুলিৰ নাৰ্চাৰী খোলাৰো সকলো ব্যৱস্থা ইতিমধ্যে সম্পন্ন কৰিছে। অসমতে কৃষিকৰ্মত নিয়োজিত হ’লহেতেন। ৰাজু কুমাৰ কলিতাই অভিযোগ কৰা মতে, হোজাই মহকুমাৰ এখন কৃষি অনুপযোগী ওখ ঠাইত কৃষি বিভাগে ‘বীজ গাঁও’ নিৰ্মাণ কৰিছে। কিন্তু কাকীৰ দৰে কৃষিপ্ৰধান অঞ্চলেহে এনে সুবিধা লাভ কৰা উচিত।
লিখক: চন্দনজ্যোতি বৰা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...
কৃষি কাৰ্য্যৰে স্বাৱলম্বী দহকাউনীয়াৰ শিক্ষিত নিবনু...
গছপুলি উৎপাদনেৰে স্বাৱলম্বী বাক্সাৰ শংকৰ
কুচিয়া পালনেৰে স্বাৱলম্বী বিপুল-পুৱাৰাম