অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গছপুলি উৎপাদনেৰে স্বাৱলম্বী বাক্সাৰ শংকৰ

গছপুলি উৎপাদনেৰে স্বাৱলম্বী বাক্সাৰ শংকৰ

যিটো সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই কৰ্মসংস্থাপনৰ বাট বিচাৰি হাবাথুৰি খাবলগা হৈছে, তেনে সময়তে বাক্সাৰ এজন যুৱকে গছপুলি উৎপাদনেৰে ব্যক্তিক্ৰমী স্বনিয়োজনৰ আদৰ্শ গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই সাহসী, অধ্যৱসায়ী, কৰ্মপটু যুৱকজনৰ নাম শংকৰ বসুমতাৰী। অতি কম দিনৰ ভিতৰত গছপুলিৰ নাৰ্ছাৰীৰে ভাল উপাৰ্জন স্বাৱলম্বিতাৰ মুখ দেখা শংকৰৰ এতিয়া জীৱন-জীৱিকা তেওঁৰ নাৰ্ছাৰীখন। সম্প্ৰতি শংকৰে নাৰ্ছাৰীখনত গমাৰি, তিতাচপা, দেৱদাৰু, চেগুন, মহানিম, সৰল শিশু, বনচোম, কৰৈ, আমলখি, বকুল, ইউকেলিপ্টাছ, আদি বিভিন্ন ধৰণৰ গছপুলি উৎপাদন কৰি আছে। নতুনকৈ ভোট জলকীয়াৰ পুলি উৎপাদনেৰো কাম আৰম্ভ কৰিছে। এই গছপুলিবোৰ তেওঁ স্থানীয় মুছলপুৰ, বৰবৰী, বৰিমাখা, নিকাছি, বৰমা, বাগানপাৰা আদি বজাৰত বিক্ৰী কৰে। শংকৰ বসুমতাৰীয়ে জানিবলৈ দিয়া মতে তেওঁৰ প্ৰতিটো গছপুলি উৎপাদনত ৫০ পইচাৰপৰা এটকা খৰচ হয়। গছভেদে পুলি ৫ টকাৰ পৰা ২০ টকাত বিক্ৰী হয়। আনহাতে এনে গছপুলিবোৰ বিক্ৰীৰ বাবে বিশেষ কষ্ট কৰিবলগা নহয়। বজাৰতগছপুলিৰ যথেষ্ট চাহিদা আছে আৰু এইবোৰ অতি সহজতে বিক্ৰী হয়। বহু লোকে নাৰ্ছাৰীলৈ আহি গছপুলি ক্ৰয় কৰি নিয়ে। ইয়াৰ জৰিয়তে তেওঁ মাহত প্ৰায় ৯-১০ হেজাৰ টকা উপাৰ্জন কৰে। ইয়াৰ জৰিয়তে উদ্যমী যুৱক শংকৰে সুন্দৰকৈ নিজৰ স্বাৱলম্বিতা গঢ়ি তুলি পৰিয়াল পোহপাল দি আছে। শংকৰ বসুমতাৰীয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমান বজাৰত গছপুলিৰ যি চাহিদা, তাৰ প্ৰতি লক্ষ্য কৰি বৰ্তমান বহু নিবনুৱাই গছপুলিৰ নাৰ্ছাৰী খুলি স্বাৱলম্বী হোৱাৰ সুবিধা আছে। এনে নহয়, শংকৰে আগ্ৰহী লোক, সামাজিক সংস্থা আদিয়ে বিচাৰিলে নিজে গৈ গছপুলি ৰুই দি আহে।

উৎসঃ উৎপল কুমাৰ কলিতা, অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate