অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰি বাকৰিত কৃষি বিপ্লৱৰ সূচনা এচাম কৃষকৰ

কেৰি বাকৰিত কৃষি বিপ্লৱৰ সূচনা এচাম কৃষকৰ

কলিয়াবৰ মহকুমাৰ জখলাবন্ধাৰ সমীপৰ কেৰি বাকৰিত এতিয়া কৃষি বিপ্লৱৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। কেৰি বাকৰি সমবায় সমিতিৰ অধীনত চলিছে এই কৃষি বিপ্লৱ। সমবায়খনৰ মুঠ ৩০ জন কৃষকে বৰ্তমান ব্যস্ত হৈ পৰিছে ৰবি শস্য চপোৱাত। সমিতিখনৰ সভাপতি লক্ষ্মীৰাম দাস প্ৰমুখ্যে আনবোৰ সদস্য কৃষক লাগি গৈছে কৃষি উত্পাদন কাৰ্য্যত। বিয়ত সময়ছোৱাত এই সমবায়খনে কৃষি উত্পানৰ ক্ষে৬ত দেখুওৱা সফলতাই অন্যান্য কৃষিজীৱি ৰাইজৰ মুখলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। এইবেলি কৃষকসকলে তেল আৰু মাহজাতীয় শস্য ৰোপণ কৰিছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত, বিশেষকৈ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু ‘এন এফ এছ এম’ আঁচনি দুখনৰ জৰিয়তে সাত বিঘা মাটিত জালপ প্ৰজাতিৰ আলু খেতি ৰোপণ কৰি মুঠ ৯১ মোন আলু উত্পাদন কৰিবলৈ সক্ষম হৈছে। আনহাতে, তেলজাতীয় শস্য যেনে পুৰা মেহেক চাৰে সাত বিঘা মাটিত খেতি কৰি প্ৰতি বিঘা মাটিতে চাৰে চাৰ মোন সৰিয়হ উত্পাদন কৰিবলৈ সক্ষম হৈছে। তদুপৰি টি এছ ৩৬ প্ৰজাতিৰ সৰিয়হ চাৰে সাত বিঘা মাটিত কৰি প্ৰতি বিঘাত প্ৰায় চাৰে তিনি মোনকৈ উত্পাদন কৰিবলৈ সক্ষম হৈছে। এইচ ইউ ডি পি ১৫ জাতৰ আন এবিধ সৰিয়হৰ চাৰে সাত বিঘা মাটিত খেতি কৰি প্ৰওতি বিঘাতে চাৰে তিনি মোন সৰিয়হ উত্পাদন কৰিছে। সেইদৰে আন চাৰে সাত বিঘা  মাটিত মগু মাহৰ খেতি কৰি প্ৰতি বিঘাতে তিনি মোনকৈ মগুমাহ উত্পাদন কৰিবলৈ সক্ষম হৈছে। প্ৰথমবাৰলৈ পিঁয়াজৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হোৱা দেখা গৈছে। এগ্ৰী ফাউণ্ডাৰ লাইট ৰেড্ জাতৰ পিঁয়াজৰ বীজ ৰোপণ কৰি কৃষকসকলে তিনি বিঘা মাটিত প্ৰায়  ৩০ কুইণ্টল উত্পাদন কৰিবলৈ সক্ষম হব বুলি প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত নগাঁও জিলা কৃষি বিষয়া প্ৰীতম ৰংপি, মহকুমা কৃষি বিষয়া মুহি বৰা আৰু কৃষি কৰ্মী টংকেশ্বৰ বৰাৰপৰা পোৱা সহায় আৰু পৰামৰ্শই সমবায়খনৰ কৃষকসকলক যথেষ্ট উত্সাহিত কৰা বুলি সমবায়খনৰ সভাপতি লক্ষ্মীৰাম দাসে জানিবলৈ দিছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি সমবায়খনে বৃহত্তৰ কলিয়াবৰ অঞ্চলটোত কৃষি বিপ্লৱৰ দৰে কাম কৰি অহাৰ পিছতো ৰাজ্য চৰকাৰ অথবা স্থানীয় বিধায়কজনে দেখুওৱা চৰম অৱহেলাই সাধাৰণ কৃষকসকলক ক্ষুব্ধ কৰি তুলিছে। ৫২ বিঘা মাটিৰে পৰিৱেষ্টিত সমবায়খনৰ কৃষিভূমিত স্থায়ী বেৰা নিদিয়াৰ ফলত কৃষকসকলে যথেষ্ট অসুবিধা ভোগ কৰি আহিছে। তদুপৰি কৃষকসকলক নিশা যাপন আৰু ৰ’দ-বৰষুণৰ পৰা পৰিত্ৰাণ দিবলৈ এটি পকী ঘৰৰ প্ৰয়োজন যদিও কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তক বাৰম্বাৰ জনোৱাৰ পিছতো আজিকোপতি বিধায়কজনে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। ইফালে বনৰীয়া হাতী-মহৰ লগতে পোহনীয়া গৰু-ছাগলী আৰু গাহৰিয়ে কৃষকসকলৰ শস্য অনিষ্ট কৰি আহিছে। বৰ্তমানে কৃষসকলৰ উত্পাদিত শস্য সামগ্ৰী  ৰাখিবলৈ ঠাইৰ অভাৱ ঘটাও দেখিবলৈ পৰিলক্ষিত হোৱা দেখা গৈছে। বিশেষকৈ কলিয়াবৰ অঞ্চলটোত কৃষকসকলৰ উত্পাদিত শস্যৰ বীজ বেয়া নোহোৱাকৈ সৰহদিন ৰাখিবলৈ এটা শীতল ভাণ্ডাৰৰ অতীব প্ৰয়োজন যদিও এইক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া দেখা পোৱা নগ’ল। স্থানীয় কৃষকসকলে কলিয়াবৰত অতি শীঘ্ৰে এটি শীতল গৃহ নিৰ্মাণৰো দাবী তুলিছে। ইফালে, কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই শস্য উত্পাদন কৰি আহিছে যদিও তেওঁলোকে এতিয়াও নিজৰ উত্পাদিত শস্যৰ পৰা উচিত মূল্য পোৱা নাই বুলি কেইবাজনো কৃষকে অভিযোগ কৰিছে। বিশেষকৈ এইবেলি কলিয়াবৰত যথেষ্ট পৰিমাণৰ আলু উত্পাদন হৈছে যদিও সেই আলুৰ সিংহভাগ লাভাংশ মধ্যভোগী অৰ্থাত্ পাইকাৰী ব্যৱসায়ীয়ে ভোগ কৰাৰ সুযোগ লাভ কৰিছে। সমবায়খনৰ কৃষকসকলে কোৱা মতে, পাইকাৰী ব্যৱসায়ীয়ে প্ৰতি কিলোগ্ৰাম আলু মাত্ৰ তিনি টকাকৈ তেওঁলোকৰপৰা ক্ৰয় কৰি বজাৰত দহ টকা মূল্যত বিক্ৰী কৰিছে। দীৰ্ঘদিন ধৰি কলিয়াবৰীয়া কৃষক ৰাইজে এখন ভাল বজাৰৰ অভাৱত দিন কটাইছে বুলিও কৃষকসকলে প্ৰকাশ কৰে। ইপিনে, সমবায়খনৰ লগতে ইয়াৰ কিছুদূৰ নিলগৰ হাটবৰৰ দাঁতকটা গাঁৱৰ সেউজী আত্মসহায়ক গোট গঠন কৰি কৃষিকৰ্মত নিয়োজিত হোৱাৰ খবৰে চাকৰিমুখী যুৱকসকলক আগন্তুক দিনত কৃষিকৰ্মৰ প্ৰতি আকৃষ্ট কৰিব বুলি আশা কৰিব পৰা যায়। গোটটোৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰবীণ বৰা আৰু নৱ বৰাৰ তত্পৰতাতে গঢ়ি উঠিছে বিভিন্ন কৃষি কৰ্মৰ আঁচনি।

উত্সঃ দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate