অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ খেতিৰে স্বাৱলম্বী ভূটান সীমান্তৰ কেইবাশ যুৱক

চাহ খেতিৰে স্বাৱলম্বী ভূটান সীমান্তৰ কেইবাশ যুৱক

যি সময়ত অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই চাকৰিৰ পাছে পাছে দৌৰি সৰ্বস্ব হেৰুৱাব লগা হৈছে, তেনে এক সন্ধিক্ষণত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছি আৰু ইয়াৰ আশে-পাশে থকা গ্ৰামাঞ্চলসমূহত শ শ শিক্ষিত নিবনুৱাই চাকৰিৰ আশা ত্যাগ কৰি নিজৰ পতিত মাটিত চাহ খেতি কৰি স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হৈ সমগ্ৰ ভূটান সীমান্তত এক সেউজ বিপ্লৱ গঢ়ি তুলিছে। ভূটান সীমান্তৰ অন্তৰ্গত একাধিক গাওঁ আলফা, এনডিএফবি-ৰ ৰম্যভূমি আছিল। কিন্তু এতিয়া সেই ৰম্যভূমিত চাহ খেতিৰে সেউজ বিপ্লৱ মাতি আনিছে শ শ নিবনুৱা যুৱকে। ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ডিমাকুছি, বৰঙাজুলি, আটাৰীখাট আদি অঞ্চলত বৃটিছৰ দিনতে কেইবাখনো চাহ বাগিচা স্থাপন কৰাৰ লগতে মুষ্টিমেয় দুই-এজনে চাহ খেতি আৰম্ভ কৰিছিল যদিও ২০০১ চনৰ পৰাহে অঞ্চলটোৰ গ্ৰামাঞ্চলসমূহত ক্ষুদ্ৰ বাগিচাই বিশেষভাৱে প্ৰসাৰতা লাভ কৰে। বৰ্তমানেও বহু নিবনুৱা যুৱকে নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে ক্ষুদ্ৰ চাহ বাগিচা স্থাপন কৰিয়েই আছে। ভূটান সীমান্তৰ বাদলাপাৰা, নালাপাৰা, টেংকীবস্তি আদি অঞ্চলত সম্প্ৰতি শ শ কৰ্মী উদ্যমী যুৱকৰ হাতত হাজাৰোধিক ক্ষুদ্ৰ চাহ বাগিচাই প্ৰাণ পাই উঠিছে। এসময়ত এ কে ৪৭, এ কে ৫৬ লোৱা বিপ্লৱীয়েও বৰ্তমান মাৰণাস্ত্ৰ এৰি দা-কোৰ লৈ নিজৰ বাগিচাত ভৰ দুপৰীয়াৰ তীক্ষ্ণ ৰ’দকো নেওচি চাহ খেতিত লাগিছে। কাম কৰি থকা দেখিলে এনে ভাব হয় যেন এলেহুৱা অসমীয়া আপ্তবাক্যশাৰীৰ সাৰ্থকতা ক্ৰমে নোহোৱা হৈ আহিছে। নিজা উদ্যোগ আৰু প্ৰচেষ্টাৰে প্ৰসাৰতা লাভ কৰা ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ জৰিয়তে অঞ্চলটোৰ নিৱনুৱা যুৱকসকল স্বাৱলম্বী হ’বলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ ইয়াৰ জৰিয়তে বহু দুখীয়া পৰিয়ালে বাগিচাসমূহত কাম কৰি নিজৰ তথা পৰিয়ালৰ জীৱিকা সুন্দৰভাৱে চলাই আছে।

লেখক: ভুবন থপৰীয়া, নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate