মানৱদেহৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পৰা ঔষধিযুক্ত ক’লা ধানৰ খেতি কৰি নলবাৰী জিলাৰ কেইজনমান কৃষকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ মৰোৱাত থকা ‘লটাছ প্ৰগেছিভ চেন্টাৰ’ৰ উদ্যোগত বাঁহজানীৰ বুদ্ৰুকুছি, ভদ্ৰা আৰু বৰভাগৰ নখেতি গাঁৱৰ কৃষক ৰাজীৱ শৰ্মা, মণি মজুমদাৰৰ, দীপক মজুমদাৰ আৰু মুকুট কাকতিয়ে যোৱা শালিধানৰ খেতিৰ বতৰত উচ্চ গুণ বিশিষ্ট ক’লা ধানৰ খেতি কৰি আশাজনক উৎপাদন পাবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে ক’লা ধানৰ
খেতি কৰি ৰাজীৱ শৰ্মাই ১ ১/২ কঠা মাটিৰ পৰা ১০০ কিলোগ্ৰাম, মণি মজুমদাৰে এক কঠা মাটিৰ পৰা ৪০ কিলোগ্ৰাম, দীপক মজুমদাৰে এক কঠাত ৬০ কিলোগ্ৰাম আৰু মুকুট কাকতিয়ে দুই কঠা মাটিত ১৬০ কিলোগ্ৰাম উৎপাদন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে লটাছ প্ৰ’গেছিভ চেন্টাৰে এই ধানখিনি বীজ হিচাপে সংগ্ৰহ কৰি আগন্তুক শালি ধানৰ খেতিৰ বতৰত নিৰ্বাচিত কৃষকৰ জৰিয়তে প্ৰায় ২০ বিঘা মাটিত এইবিধ ধানৰ খেতি কৰিবলৈ পৰিকল্পনা কৰিছে বুলি ‘দৈনিক অসম’ক জানিবলৈ দিছে। উল্লেখ্য যে এই জাত ধানৰ চাউলৰ বৰণ ক’লা; এই চাউল মিঠা, সুগন্ধিযুক্ত আৰু আঠাযুক্ত। কৃষি বিভাগৰ লাভ কৰা তথ্য মতে এইবিধ চাউল যথেষ্ট পুষ্টিকাৰক। ইয়াত ১১.৪৪ শতাংশ প্ৰ’টিন, ৮০ শতাংশ কাৰ্ব’হাইড্ৰেট, ২.৮ শতাংশ চৰ্বিজাতীয় পদাৰ্থ, ১.৩ শতাংশ আঁহজাতীয় পদাৰ্থ, খনিজ লোণ ১.২৭ শতাংশ আৰু বুজন পৰিমাণৰ কেলৰি থাকে। এই ক’লা চাউল যে অকল শক্তিয়ে যোগান ধৰে তেনে নহয়, বৰং ই স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো বহু কাম কৰে।
খাদ্যগুণেৰে সমৃদ্ধ ক’লা চাউল যথেষ্ট ঔষধিযুক্তও। ই মানৱ দেহৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ক’লা চাউল ১৮ বিধ এমাইনো এচিড, ভিটামিন বি, লো, জিংক, কপাৰ, কেলছিয়াম, মেগনেছিয়াম আদিৰে সমৃদ্ধ। এই চাউলবিধত যথেষ্ট পৰিমাণে এনথোচিয়ানিন্ছ থাকে, যিয়ে এন্টি অক্সিডেন্টৰ কাম কৰে। আনহাতে, বজাৰৰ চাউলত ৬ ৰ পৰা ৮ শতাংশহে প্ৰ’টিন থাকে। আৰু কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ একে যদিও চৰ্বিজাতীয় পদাৰ্থ, আঁহজাতীয় পদাৰ্থ আৰু খনিজ লোণ প্ৰায় নাথাকে বুলিয়েই ক’ব পাৰি। মিলত ধান বানিলে চাউল যিমানে চক্চকীয়া হয়, সিমানে চাউলৰ খাদ্যগুণৰ পৰিমাণ কমি যায়। এইবিধ চাউল ভাত ৰান্ধি খোৱাৰ উপৰি পিঠা, পায়সৰ লগতে অন্যান্য খাদ্য সম্ভাৰ প্ৰস্তত কৰাৰ বাবে উপযোগী। উল্লেখ্যযোগ্য যেন চীন আদি দেশত এই চাউলক ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়।
লিখক: কামিনীকান্ত মিশ্ৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/5/2020
অসমত জৈৱিক খেতিৰ সম্ভাৱনা
আফ্ৰিকাৰ ফৰ্মূলাৰে শ্ৰীপদ্ধতিত খেতি কৰি উজলিছে কৃষ...
অসমত নিকৰি খেতিৰ সম্ভাৱনীয়তা
অসমত ৰিহা খেতি