কলিয়াবৰ কৃষি মহকুমাৰ অধীনৰ দলিবাৰী গাঁৱৰ তোষেশ্বৰ বৰাই নিবনুৱা যুৱকসকলক দেখুৱাইছে এক আদৰ্শৰ পথ। কৃষকজনে বাৰিষা বতৰত কেইবিঘামান মাটিত স্বৰ্ণ মাচুৰিকে আদি কৰি বিভিন্ন উন্নত জাতৰ ধান খেতি কৰাৰ লগতে পৰৱৰ্তী সময়ত সেইখিনি মাটিতে আকৌ ৰবি শস্যৰ খেতি কৰি দুগুণে লাভৱান হৈ আহিছে। এইবেলি কলিয়াবৰ কৃষি মহকুমা কাৰ্য্যালয়ে যোগান ধৰা ‘স্বৰ্ণ মাচুৰি’ নামৰ ধানৰ বীজ ৰোপণ কৰি প্ৰায় দুবিঘা মাটিত বৰাই ধানৰ খেতি কৰাৰ লগতে সেই ধানৰ লগতে মটৰ মাহৰ বীজ সিঁচি দিয়াত এতিয়া সেই মটৰ মাহৰ পুলি লহপহকৈ বাঢ়ি অহা দেখা গৈছে। কেৱল গোবৰ সাৰ প্ৰয়োগেৰে কৰা ধান খেতি কেইডৰাৰ পৰা প্ৰতি বিঘাত প্ৰায় বিশ মোন ধান উৎপাদন হ’ব বুলি বৰাই আশা প্ৰকাশ কৰিছে। ইফালে, অন্যান্য ধান খেতিৰ লগতে মুঠ ৪ বিঘা মাটিত মটৰ মাহৰ বীজ সিচা বুলিও লগতে তেওঁ জনাইছে। একেডৰা মাটিতে ধানখিনি কাটি নিয়াৰ পিছত উদ্যমী কৃষকজনে বিনা কষ্টত উৎপাদন কৰিব পাৰি মটৰ মাহ। তদুপৰি তেওঁ মহকুমা কৃষি কাৰ্য্যালয়ে যোগান ধৰা ৭ কুইণ্টল আলু ৰোপণ কৰিছে। বৰাই জনোৱা মতে, ৭ কুইন্টল আলুৰ পৰা প্ৰায় ৫০ কুইন্টল আলু উৎপাদন হ’ব। তেওঁ আলু, মটৰ মাহৰ খেতিৰ লগতে পিঁয়াজ, ৰঙালাও, মূলা, বন্ধা কবি, ওল কবি, জলকীয়া, ধনীয়া, লাইশাক, পালেংশাক, মৰিছাশাক, কচু, বিলাহী আদি বিভিন্ন প্ৰকাৰৰ ৰবি শস্য কৰিছে। বিগত বৰ্ষসমূহতো বৰাই ৰবি শস্য কৰি নিজে লাভান্বিত হোৱাৰ লগতে স্থানীয় গ্ৰাহক ৰাইজকো ৰাসায়নিক সাৰবিহীন শাক-পাচলি যোগান ধৰি আহিছে। ইতিমধ্যে শাক-পাচলি বজাৰত বিক্ৰীৰে বৰাই বহু উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰাই জানিবলৈ দিয়া মতে, বৰাই জানিবলৈ দিয়া মতে, তেওঁ ম’বাইল ফোনৰ জৰিয়তে গ্ৰাহকৰ পৰা শাক-পাচলি বিক্ৰীৰ অৰ্ডাৰ লাভ কৰে আৰু সেই মতেই গ্ৰাহকক বিক্ৰী কৰে। ইফালে, নিৰ্ভেজাল সতেজ শাক-পাচলি বিক্ৰী কৰাৰ ওচৰত এনে শাক-পাচলিৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাব লাগিছে। সেই অনুসৰি যুৱ কৃষক বৰাই গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ জখলাবন্ধা হাস্পতাল চাৰিআলিত এখন বজাৰ কৰি লৈছে। পথাৰৰ উৎপাদিত ফচল চপোৱাত বৰাৰ পত্নীয়েও সততে সহযোগ কৰি আহিছে। কেৱল কৃষিকৰ্মৰ জৰিয়তে বৰাই এতিয়া সফলতাৰ মূখ দেখিছে। কৃষিকৰ্মৰ পৰা কষ্টোপাৰ্জিত ধনেৰে তেওঁ সুন্দৰভাৱে এটা পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে। যুৱ কৃষক তোষেশ্বৰ বৰাৰ লেখীয়াকৈ আমাৰ গাঁওসমূহৰ নিবনুৱা যুৱকসকলে নিজৰ পৰি থকা মাটিডৰা যদি শাক-পাচলিৰে নদন বদন কৰি তোলে, তেন্তে বজাৰত শাক-পাচলিৰ মূল্য উৰ্দ্ধগামী হোৱাৰ পৰা কিছু সকাহ পোৱা যাব বুলি মন্তব্য কৰি লগতে বৰাই নতুনচামক কৃষিকৰ্মৰ প্ৰতি আগবাঢ়ি আহিবলৈও আহ্বান জনাইছে। তোষেশ্বৰ বৰাৰ এনে সৎ কাৰ্য্যৰ বাবে স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।
লিখক: তৰুণ মুক্তিয়াৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/24/2020
স্বাস্থ্যসন্মত মাংস উৎপাদন
পালেং শাকেৰে কণী
কলমৌ শাকৰ দ্বাৰা সৌন্দৰ্য চৰ্চা
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা