অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰিয়হ খেতিৰে আনিছে আশাৰ ৰেঙণি

সৰিয়হ খেতিৰে আনিছে আশাৰ ৰেঙণি

এখনি বৃহৎ পথাৰ। পূৰ্বতে পথাৰখন বাওখেতিৰে ভৰপূৰ আছিল। কৃষকৰ ভঁৰাল, চোতাল বাওধানেৰে উপচি আছিল। আজি পথাৰখন উদং। আঘোণত ন ভাত মুঠি খাবলৈও পথাৰখনত এডৰা ধান নাই। কৃষকে সৰিয়হৰ খেতি কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ চিন্তামণিগড় মটিয়াৰী পথাৰখন এতিয়া সৰিয়হৰ খেতিৰে হালধীয়া হৈ আছে। প্ৰায় ৩০০ বিঘাৰো অধিক মাটিকালিৰে আৱৰা পথাৰখনত অঞ্চলটোৰ প্ৰায় ৪০ জন কৃষকে সৰিয়হ খেতি আৰম্ভ কৰিছে। চিন্তামণিগড়ৰ নুৰুদ্দিন আলীৰ ১০ বিঘা, ধনু আলীৰ ৮ বিঘা, বেজিয়া আলীৰ ৯ বিঘা, জুৱেল আলীৰ ৮ বিঘা, পোৱালি আলীৰ ৯ বিঘা, ফুল আলীৰ ৮ বিঘাকে ধৰি প্ৰায় ৪০ টা পৰিয়ালে এই পথাৰখনত সৰিয়হ, আলু, মূলা আদি খেতি কৰি উপাৰ্জনৰ পথ বাচি লৈছে। উল্লেখ্য যে ব্ৰক্ষ্মপুত্ৰই ৰূপহীমুখত মথাউৰি ছিগাৰ ফলত মটিয়ৰি পথাৰখন প্ৰতিবছৰে বানে ধুই নিয়ে। সেয়েহে অঞ্চলটোৰ কৃষকসকলে ধানখেতিৰ সলনি বহু বছৰ ধৰি সৰিয়হৰ খেতি কৰি আহিছে। কৃষকসকলে জানিবলৈ দিয়া অনুসৰি, আঘোণৰ প্ৰথম ভাগতে বীজ সিঁচা হয়। প্ৰথমতে, ট্ৰেক্টৰেৰে মাটি চলাই ইউৰিয়া, ডি এ পি, পটাছ আদি ৰাসায়নিক দ্ৰব্য মাটিত মিশ্ৰন কৰি প্ৰতি বিঘাত প্ৰায় ৩ কেজি সৰিয়হ বীজ সিঁচা হয়। এই বীজৰ পৰা গছ হৈ ফুল ফুলালৈ এমাহ সময় লাগে। আনহাতে, সৰিয়হ খেতিৰ বাবে ট্ৰেক্টৰৰ মালিকে প্ৰতি বিঘাত ২৫০ টকাকৈ কৃষকৰ পৰা আদায় লয়। কৃষকসকলে জানিবলৈ দিয়া অনুসৰি প্ৰতি বিঘা মাটিত সৰিয়হ ৩০ কুইন্টল উৎপাদন হয়। সেইমৰ্মে ৩০০ বিঘা মাটিত ৬০০০ কুইন্টল সৰিয়হ উৎপাদন হয়। কৃষকসকলে উৎপাদিত সৰিয়হ বীজবিলাক গৌৰীসাগৰৰ গদাধৰ মিলত প্ৰতি কুইন্টলত ২৮০০/৩০০০ টকাৰ ভিতৰত বিক্ৰী কৰে। এনেদৰে, চিন্তামণিগড়ত মিটং পাৰৰ কৃষকসকলে সৰিয়হ খেতিৰে জীৱন-নিৰ্বাহৰ এটা অংশ আহৰণ কৰিবলৈ প্ৰয়াস চলাই আহিছে।

লিখক: সমীৰণ দুৱৰা।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate