জাত : কাজুনগোলা, নন্দী ৷
মাটি নিৰ্বাচন : পানী জমা হব নোৱাৰা জৈৱিক সাৰ সমৃদ্ধ ওখ মাটি নিৰ্বাচন কৰি লব লাগে৷
মাটি প্ৰস্তুতি : মোল্ডবোৰ্ড নাঙলেৰে ভালদৰে হালবাই ২-৩ বাৰ তক্তাৰে মৈয়াই সমান কৰি লব লাগে৷
ৰোৱাৰ সময় : এপ্ৰিল-জুন৷
ব্যৱধান : শাৰীৰ দূৰত্ব = ৫০ ছে:মিটাৰ ৷
গছৰ দূৰত্ব = ৫০ ছে:মিটাৰ৷
শিপা বা ৰোৱাৰ সামগ্ৰী আৱশ্যকতা
হেক্টৰে প্ৰতি ৪০,০০০ বা বিঘাই প্ৰতি ৫,০০০ টা ৷
সাৰ প্ৰয়োগ
হেক্টৰে প্ৰতি ৫ টন বা বিঘাই প্ৰতি ৭ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব৷
পুষ্টি |
পৰিমান (কি:গ্ৰাম/হেক্টৰত) |
সাৰ |
সাৰৰ পৰিমান (কি:গ্ৰাম/বিঘাত) |
নাইট্ৰোজেন |
১২০ |
ইউৰীয়া |
৩৫ |
ফছফৰাছ |
৫০ |
একক চুপাৰ ফছফেট |
৪৪ |
পটাছ |
৩০ |
মিউৰেট অৱ পটাছ |
৭ |
মাটিডৰা শেষবাৰ চহাওঁতে হেক্টৰে প্ৰতি ৪০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ আৰু সমূদায় ফচফেট আৰু পটাছ সাৰ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব ৷ বাকী থকা ৩০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ প্ৰত্যেকবাৰ গছ কাটোতে প্ৰয়োগ কৰিব ৷ হেক্টৰে প্ৰতি ২.৫ টন কেঁচুসাৰও প্ৰয়োগ কৰিব পাৰে৷
পৰিচৰ্য্যা
গছ ৰোৱাৰ ৩০-৩৫ দিনৰ পিছত আৰু প্ৰত্যেক বাৰ গছ কটাৰ পিছত এবাৰমান গছৰ মাজে মাজে কোৰ মাৰি দিব৷
জলসিঞ্চন
যদি ৰোৱাৰ সময়ত মাটিডৰা বেছি শুকান হৈ থাকে তেতিয়া ৰোৱাৰ ঠিক পিছতে এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব ৷ তাৰ পিছত বতৰৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চনৰ ব্যৱস্থা লব৷
ঘাঁহ কটা
গছৰোৱাৰ ৬০-৬৫ দিনৰ পিছত প্ৰথমবাৰ গছ কাটিব তাৰ পিছত ৪৫-৬০ দিনৰ ব্যৱধানত ঘাঁহ কটাৰ ব্যৱস্থা কৰিব৷
সেউজীয়া ঘাঁহৰ উৎপাদন
হেক্টৰে প্ৰতি ৮০০-১০০০ টন ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
অসমত ৰিহা খেতি
আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ
অসমত নিকৰি খেতিৰ সম্ভাৱনীয়তা
আফ্ৰিকাৰ ফৰ্মূলাৰে শ্ৰীপদ্ধতিত খেতি কৰি উজলিছে কৃষ...