মাটি নিৰ্বাচন:
যি অঞ্চলত বোকা, বালিঅঁহীয়া, মাটিৰ ওপৰ ভাগত মজলীয়া বালিয়া মাটি থাকে, তেনেকুৱা মাটি এই খেতিৰ বাবে উপযোগী ৷
জাত সমূহ (মণ্ডল ভিত্তিক অনুমোদন):
জাত |
কৃষিজলবায়ু |
কৃষিকাল |
গড় অনুপাতে গা-গছৰ |
|||
ক) আধুনিক অৰ্দ্ধচাপৰ জাত: |
||||||
গোবিন্দ |
২,৩,৪,৫,৬ |
১০৫-১১০ |
৯৫ |
|||
আই-আৰ-৫০ |
২, ৩,৪,৫,৬ |
১০৫-১১০ |
৮৫ |
|||
আই-আৰ ৮/জয়া |
৬ |
১৩০-১৪০ |
১০০-১০৫ |
|||
ৰাচী |
১,২,৪,৬ |
১১০-১১৫ |
৯০ |
|||
আই-আৰ-৩৬ |
১,৩,৮,৬ |
১১০-১২০ |
৮৫ |
|||
কালচাৰ-১(কলিঙ্গ-৩) |
২,৩,৪,৫ |
৮০-৯০ |
৭৫-৮৫ |
|||
চি আৰ এম |
৬ |
----- |
------ |
|||
খ) ওখ জাত: |
||||||
বাঙলামী |
১ ক, ৪ |
১১৫-১২০ |
১০০ |
|||
ৰঙাদৰীয়া |
১,৩,৪ |
১১৫-১২০ |
ঐ |
|||
ডুবাইচেঙা |
১ |
১১৫-১২০ |
ঐ |
|||
চি এইচ-৬৩ |
১,২,৩,৪ |
১১০-১১৫ |
ঐ |
|||
আহুজহা |
১,ক,৪ |
ঐ |
||||
ডোগাৰঙা |
১ |
১১০-১২০ |
ঐ |
|||
কলা ছোপিলা |
৩ |
৮৫-৯৫ |
ঐ |
|||
ইহাজিত |
৩ |
ঐ |
||||
পাঞ্জাশালি |
৩,৪ |
১১০-১১৫ |
ঐ |
|||
ফাপৰি আহু |
৩ |
৯৫-১০০ |
ঐ |
|||
ক’ইজাপৰি |
৪ |
৯৫-১০৫ |
ঐ |
|||
হাছাকুমৰা |
৪ |
৮০-৮৫ |
ঐ |
|||
গুণী |
৪ |
৮০-৮৫ |
ঐ |
|||
ক’লামানিক |
৪ |
১১৫-১২০ |
ঐ |
|||
ক’ই মুৰলী |
৫ |
৯৫- ১০০ |
ঐ |
|||
মাইৰী |
৬ |
৯০-১০০ |
ঐ |
|||
ডিমৰু |
৬ |
৯০- ১০০ |
ঐ |
|||
ল’টাগুণী |
১ |
১১০-১২০ |
ঐ |
|||
হৰিণ কাজলী |
৪ |
১১০-১১৫ |
ঐ |
|||
১) (ক) শোণিতপুৰ আৰু দৰং জিলাত ৷
১) ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ মণ্ডল,
(২) ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চল মণ্ডল,
(৩) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য মণ্ডল,
(৪) ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি মণ্ডল,
(৫) বৰাক উপত্যকা মণ্ডল,
(৬) পাৰ্বত্য অঞ্চল মণ্ডল ৷
অৰ্দ্ধচাপৰ জাতৰ কৃষিকাল তিতাবৰত লোৱা পৰীক্ষাভিত্তিক লেৱা হৈছে ৷ বাকী সকলো বিলাক জাতৰ কৃষিকাল প্ৰত্যেক মণ্ডলৰ ক্ষেত্ৰ অনুসন্দ্ধান কেন্দ্ৰৰ পৰা যুগুত কৰা হৈছে৷
ব্লাষ্টৰোগে আক্ৰান্ত কৰা অঞ্চল সমূহৰ বাবে অনুমোদিত নহয়৷
বীজ নিৰ্বাচন:
বীজবোৰ পৰিষ্কাৰ পানীত ডুবাই হাতেৰে লৰাই দিয়ক ৷ ইয়াৰ পিছত ওপঙি উঠা বীজবোৰ আঁতৰাই লৈ তলত ডুব যোৱা বীজবোৰ নিৰ্বাচন কৰিব৷
বীজ সিঁচাৰ সময়:
মাৰ্চ-এপ্ৰিল মাহত বীজ সিঁচিব লাগে৷
শুকান বীজ শোধন:
বীজবোৰ এটা পাত্ৰত তলত দিয়া যিকোনো এটা ঔষধৰ লগত মিহলাই লওক ৷ তেতিয়াহে বীজৰ সৈতে ভালদৰে মিহলি হ’ব৷
ৰোগনাশক ঔষধৰ |
প্ৰতি কিলোগ্ৰাম |
এক হেক্টৰ মাটিৰ বাবে |
ইন্দফিল এম-৪৫ |
২.৫ গ্ৰাম |
৪৪.০০ টকা |
পথাৰ প্ৰস্তুতি:
মাটিডৰা ৩-৪ বাৰ হাল বাই চহাই মৈ দি সমান কৰি লব, যাতে সকলো ঠাইতে সমানে পানী থাকে ৷ মাটি প্ৰস্তুত কৰোঁতে পচন সাৰ প্ৰয়োগ কৰিব৷
সাৰ প্ৰয়োগ:
হেক্টৰে প্ৰতি ১০ টনকৈ নাইবা বিঘাই প্ৰতি ১৫ কুইন্টলকৈ পচন সাৰ প্ৰয়োগ কৰিব লাগে৷
(ক) আধুনিক অৰ্দ্ধচাপৰ জাত :
পুষ্টিৰ পৰিমাণ (কি:গ্ৰা:/হেক্টৰ) |
ৰাসায়নিক সাৰ(কি:গ্ৰা:/হেক্টৰ) |
সাৰৰ পৰিমাণ(কি:গ্ৰা:/বিঘা) |
নাইট্র'জেন ৪০ |
ইউৰিয়া ৮৮ |
১২ |
ফচফৰাচ ২০ |
একক চুপাৰ ফছফেট ১২৫ ঢ |
১৭ |
পটাছ ২০ |
মিউৰেট অৱ পটাছ ৩২ |
৪ |
(খ) ওখ জাত আৰু কলিঙ্গ ৩:
পুষ্টিৰ পৰিমাণ (কি:গ্ৰা:/হেক্টৰ) |
ৰাসায়নিক সাৰ(কি:গ্ৰা:/হেক্টৰ) |
সাৰৰ পৰিমাণ(কি:গ্ৰা:/বিঘা) |
নাইট'জেন ২০ |
ইউৰিয়া ৪৪ |
৬ |
ফচফৰাচ ১০ |
একক চুপাৰ ফছফেট ৬২ |
৯ |
পটাছ ১০ |
মিউৰেট অৱ পটাছ ১৭ |
৩ |
১ নং পৰিমশুলৰ বাবে নাইট্ৰজেন, ফছফৰাচ আৰু পটাছৰ পৰিমাণ প্ৰতি হেক্টৰত ৩০ : ৩০ : ২০ কিলোগ্ৰামকৈ অনুমোদন কৰা হৈছে৷ দানা যুক্ত মিশ্ৰিত ৰাসায়নিক সাৰ সিমিত পৰিমাণৰ প্ৰয়োগ কৰিব পাৰে৷
ডি, এ, পি, সাৰ অকলে বা ৰক, ফছফেট সাৰৰ লগত অনুমোদিত হাৰত (৪০ : ২০ : ২০) হিচাবে একক চুপাৰ ফছফেট বা মিচৌৰী ফচচেটৰ সলনি ব্যৱহাৰ কৰিব পাৰি৷
সাৰ প্ৰয়োগৰ সময়
বীজ সিঁচা বিধি আৰু বীজৰ পৰিমাণ :
প্ৰতিপালন:
উপতৃণ নাশক ঔষধৰ পৰিমাণ নিৰ্ণয় কৰিব পৰা উপায়:
উপতৃণ আৱশ্যকৰ পৰিমাণ = কক x খ x ১০০
কক= অনুমোদিত উপতৃণৰ নাশক ঔষধৰ পৰিমাণ
খ = উপতৃণ নাশক ঔষধ প্ৰয়োগ কৰিব লগা মাটিৰ পৰিমাণ
গ = উপতৃণ নাশক ঔষধত প্ৰকৃত শক্তিৰ পৰিমাণ৷
শস্য ৰক্ষাৰ ব্যৱস্থা
(ক) পোক-পৰুৱা
(১) ধান গছত পোক-পৰুৱাৰ উপদ্ৰৱৰ হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব লাগে (১ নং তালিকা) ৷ যিবোৰ পোক-পৰুৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিসীমা দিয়া হোৱা নাই সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখা দিয়াৰ লগে লগে ঔষধ প্ৰয়োগ কৰিব৷
(২) ২ নং তালিকাৰ অনুমোদন অনুযায়ী বিভিন্ন পোক-পৰুৱাৰ নিয়ন্ত্ৰণৰ বাবে ঔষধ প্ৰয়োগ কৰিব৷
(খ) ৰুটনট নিমাটোড – এই ৰোগে আক্ৰান্ত কৰা অঞ্চল সমুহত শস্যৰ প্ৰথম অৱস্হাত খেতিডৰাক এই পোকৰ আক্ৰমনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া যিকোনো এবিধ দানাযুক্ত কীটনাশক ঔষধ বীজ সিচাঁৰ ৫-৭ দিনৰ পিচত প্ৰয়োগ কৰিব৷
(১) কাৰ্বোফু্ৰান (ফুৰাদন ৩ জি) প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰামকৈ৷
(২) ফোৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ৷
(৩) ডায়াজিনন (বাচুদিন ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ৷
(গ) ৰোগ
(১) ব্লাষ্ট
(ক) গোবিন্দ, কাবেৰী, আই আৰ-৩৬, কালচাৰ-১ আৰু চি এইচ-৩৬ আদিৰ দৰে ব্লাষ্ট বেমাৰ প্ৰতিষেধক গুণ বিশিষ্ঠ জাতৰ খেতি কৰিব ৷
(খ) আগতে কৈ অহাৰ দৰে বীজবোৰ শোধন কৰি লব ৷
(গ) ব্লাষ্ট বেমাৰ নিয়ন্ত্ৰণৰ বাবে সময়মতে ঔষধ প্ৰয়োগ কৰাটো অতি জৰুৰী ৷ ধানৰ ওপৰৰ পাঁচোটা পাত লক্ষ্য কৰিব ৷ যদি পাৰত শতকৰ ৫ ভাগ ব্লাষ্ট ৰোগৰ দ্বাৰা ক্ষতি হৈছে তেনে হলে শস্য ৰক্ষাৰ ব্যৱস্হা গ্ৰহণ কৰিব ৷ সাধাৰণতে ৩ বাৰ ঔষধ প্ৰয়োগ কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ পোখা মেলাৰ সময়ত (বীজ সিঁচাৰ ৪০-৪৫ দিনৰ পিচত) প্ৰতিলিটাৰ পানীত ১ গ্ৰামকৈ বেভিষ্টিন নাইবা ডিৰোচাল নাইবা টপছিল এম ৭০% (পানীত গুলিব পৰা) ঔষধ প্ৰয়োগ কৰিব ৷ তাৰ পিছত ফুল ওলোৱাৰ লগে লগে এবাৰ এবাৰকৈ মুঠতে ২ বাৰ হিনোচান ঔষধ ১ মি: লি: ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব৷
(২) পাতৰ সিৰাত হোৰা ব্লাইট বেমাৰ
ক) গোবিন্দ, আই আৰ ৩৬ ৰ নিচিনা ৰোগ প্ৰতিষেধক গুণ বিশিষ্ট জাতৰ খেতি কৰিব৷
খ) যদিহে ইতিমধ্যে এই বেমাৰ দেখা দিছে তেনেহলে ফুল ধৰা সময়ত নাইট্ৰ’জেন সাৰ টপদ্ৰেছিং নকৰিব৷ তাৰ সলনি প্ৰতি হেক্টৰত ১০ কিলোগ্ৰামকৈ পটাছ নাইবা প্ৰতি বিঘাত ৫ কিলোগ্ৰামকৈ পটাছ শতকৰা ৩ ভাগ মিশ্ৰণ হিচাবে স্প্ৰে কৰিব৷
(৩) পাত শুকাই যোৱা বেমাৰ
ক) বীজবোৰ ২৪ ঘন্টা সময় তলত দিয়া যি কোনো এটা ঔষধৰ মিশ্ৰণত ডুবাই ৰাখিব ৷ টপছিন এম (থায়োফেনেট মিঠাইল), বেনলেট (বেনোমিলা), বেভিষ্টিন (এন বি চি), ডেৰোচল (এম বি চি) প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ ঔষধ মিহলাব ৷
খ) ৰোগে আক্ৰান্ত কৰা গছবোৰ খেতিপথাৰৰ পৰা উভালি আতৰাই পেলাব৷
উন্নত মানদণ্ডৰ শস্যদানাৰ বাবে চপোৱাৰ আগতে লবলগীয়া ব্যৱস্থা
বৰষুণৰ বতৰত সাধাৰণতে আহুধান চপাবৰ হয় ৷ সেয়েহে শস্যত থকা জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱা বাবে শস্যৰ বীজবোৰৰ ৰং বিবৰ্ণ হৈ যোৱাৰ উপৰিও সময়ে সময়ে গজালি ওলায় ৷ সেয়েহে এই সমস্যাৰ পৰা হাত সাৰিবলৈ ০,০৫% ভাগ ডাইকোৱাট নাইবা ০.১% ভাগ পেৰাকোৱাট নাইবা ১০% নিমখ মিশ্ৰণ শতকৰা ৫০ ভাগ ফুল ওলোৱাৰ পিছত, প্ৰতি হেক্টৰত ১০০০ লিটাৰকৈ ষ্প্ৰে কৰিব ৷ এই ৰাসায়নিক পদাৰ্থবোৰ শস্য পৈণত হোৱাৰ সময় ৫ – ৭ দিনলৈ আগুৱাই দিয়ে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
আগতীয়া আহু (সিঁচা পদ্ধতি)
নিয়মীয়া আহু (ৰোৱা পদ্ধতি)