জাত সমুহ (মণ্ডলভিত্তিক অনুমোদন)
জাত | কৃষি জলবায়ু পৰিমণ্ডল | কৃষিকাল (দিন হিচাবত) | ব্লাষ্ট বেমাৰৰ লগত সংবেদনশীলতা | |
(ক) অধুনিক অৰ্দ্ধচাপৰ জাত | ||||
১ ৷ | আই আৰ ৫০ | ২-৩ | ১১০-১২০ | সংবেদনশীল |
২ | বালা | ১ | ১১০-১২০ | অসংবেদনশীল |
৩ ৷ | ডি আৰ(সুভদ্ৰা) | ১ | ১১৫-১২৫ | সংবেদনশীল |
৪ ৷ | ফুচা ২-২১ | ১,২,৩,৪ | ১২০-১২৫ | সংবেদনশীল |
৫ ৷ | কাবেৰী | ৪ | ১১৫-১৩০ | অসংবেদনশীল |
৬ ৷ | ৰাচী | ১,২,৪ | ১২৫-১৩০ | অসংবেদনশীল |
৭ ৷ | আই আৰ ৩৬ | - | ১২০-১৩০ | - |
৮ ৷ | কালচাৰ-১(কলিঙ্গ) | ১,২,৩,৪ | ৯০-১০০ | অসংবেদনশীল |
৯ ৷ | লুইত | ১,২,৩,৪ | ৯৫-১০০ | অসংবেদনশীল |
১০ ৷ | কপিলী | ১,২,৩,৪ | ৯৫-১০০ | অসংবেদনশীল |
(খ) ওখ জাত | ||||
১ ৷ | চি এইচ ৬৩ | ১,৩ | ১২০-১৩০ | অসংবেদনশীল |
২ ৷ | বাঙলামী | ১,৪ | ১১৫-১২০ | সংবেদনশীল |
৩ ৷ | ৰঙাদৰীয়া | ১,২ | ১১৫-১২০ | সংবেদনশীল |
৪ ৷ | ডুবাইচেঙা | ১,২ | ১১০-১২০ | সংবেদনশীল |
৫ ৷ | আহুজহা | ১ | ১১০-১২০ | সংবেদনশীল |
৬ ৷ | ডোগাৰঙ্গা | ১ | ৮৫-৯৫ | সংবেদনশীল |
৭ ৷ | কলাছোপিলা | ৩ | - | - |
৮ ৷ | ইহাজিত | ৩ | - | - |
৯ ৷ | পাঞ্জাশালী | ৩,৪ | ১১০-১১৫ | সংবেদনশীল |
১০ ৷ | ফাপৰী আহু |
৩
|
-
|
-
|
১১ ৷ | কইজাপৰী |
৪
|
৯৫-১০৫
|
সংবেদনশীল
|
১২ ৷ | হাছাকোমোৰা |
৪
|
৮০-৮৫
|
-
|
১৩ ৷ | গুণী |
৪
|
৮০-৮৫
|
সংবেদনশীল
|
১৪ ৷ | ক’লামণিক |
৪
|
১১৫-১২০
|
সংবেদনশীল
|
১৫ ৷ | ক’ইমুৰলী |
৫
|
৯৫-১০০
|
-
|
১৬ ৷ | নিলাজী |
২,৪
|
-
|
সংবেদনশীল
|
১৭ ৷ | হৰিণ কাজলী |
৪
|
১১৫-১২০
|
-
|
ব্লাষ্ট ৰোগ আক্ৰান্ত হোৱা অঞ্চলসমুহৰ বাবে অনুমোদিত নহয়৷
নতুনকৈ অনুমোদিত জাত :
জাতৰ নাম | গছৰ উচ্চতা(চে:মি:) | কৃষিকাল (দিন হিচাবত) | সিঁচাৰ সময় | ৰোৱাৰ সময় | কঠীয়াৰ বয়স(দিন) | উত্পাদন (কুইন্টল/হেক্টৰত) | কৃষি পৰিমণ্ডলৰ বাবে অনুমোদিত | বেমাৰৰ প্রতি প্র্রতিক্রিয়া |
কণকলতা | ১২৫ | ১৩০-১৩৫ | ফেব্রুৱাৰী মার্চ | ২৫-৩০ | ৪০-৪৫ | ২,৩,৪,৫ | ব্লাট আৰু বৈখাজ্বলা বেমাৰৰ বাবে সামান্য প্রতিৰোধ ক্ষমতা, বেকটেৰিয়ল ব্লাষ্ঠ বেমাৰ প্রতিৰোধ কৰিব পৰা ক্ষমতা থকা |
মাটি নিৰ্বাচন
যি অঞ্চলত বোকা, বালিচঁহীয়া, মাটিৰ ওপৰভাগত মজলীয়া বালিয়া মাটি থাকে, তেনেকুৱা মাটি এই খেতিৰ বাবে উপযোগী ৷ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে জীব থকা মাটি নির্বাচন কৰিব লাগে ৷
মাটিডৰা ৩-৪ বাৰ হাল বাই সমান কৰি লব লাগে যাতে মাটিয়ে বৰষুণৰ পানী ধৰি ৰাখিব পাৰে ৷
সাৰ পৰিচালন/প্ৰয়োগ
প্ৰাৰম্ভিক অৱস্হাত মাটি চহোৱাৰ সময়তে পচন সাৰ প্ৰতি হেক্টৰত ১০ টন বা বিঘাই প্ৰতি ১৫ কুইন্টল পৰিমানৰ প্ৰয়োগ কৰি লব লাগে৷
পুষ্টিৰ পৰিমান (কি: গ্ৰাম /হেক্টৰত) |
ৰাসায়নিক সাৰ | সাৰৰ পৰিমান | |
কি: গ্ৰাম /হেক্টৰত | কি: গ্ৰাম /বিঘাত | ||
ক: আধুনিক অর্দ্ধচাপৰ জাত | |||
নাইট্ৰজেন ৪০ | ইউৰিয়া | ৮৮ | ১২ |
ফছফৰাছ ২০ | একক চুপাৰ ফছফেট | ১২৫ | ১৮ |
পটাছ ২০ | মিউৰেট অৱ পটাছ | ৩৩ | ৪ |
খ: ওখ জাত | |||
নাইট্ৰজেন ২০ |
ইউৰিয়া
|
৪৪
|
৪
|
ফছফৰাছ ১০ |
একক চুপাৰ ফছফেট
|
৬২
|
৯
|
পটাচ ১০ |
মিউৰেট অৱ পটাচ
|
১৬
|
২
|
একক চুপাৰ ফছফেটৰ অবিহনে ডাই এমোনিয়াম ফছফেট ব্যৱহাৰ কৰিব পাৰে ৷
বি:দ্ৰ: বানাক্ৰান্ত অঞ্চল যেনে মাজুলী, য’ত খেতিয়কে আগতীয়া আহুখেতি বানপানীৰ আগে আগে চপাব পৰাকৈ কৰে তেনে অঞ্চলৰ বাবে অকল প্ৰয়োজনীয় সাৰখিনিহে ব্যৱহাৰ বা প্ৰয়োগ কৰিব লাগে ৷
সাৰ প্ৰয়োগৰ সময়
বীজ সিঁচাৰ সময়
বীজ সিচাৰ উচিত সময় হ’ল ফেব্ৰ'ৱাৰী মাহৰ মাজভাগ ৷ বৰাক উপত্যকাত মাচ,মাহতহে বীজ সিচাৰ বাবে উচিত সময়৷
বীজ নির্বাচন
বীজবোৰ পানীত ঢালি পানীখিনি ভালদৰে ঘোদালি লব ৷ ওপৰলৈ উপঙি অহা বীজবোৰ পেলাই দিব৷
বীজ শোধন
(ক) তিওৱা পদ্ধতি
বীজবোৰ নিৰ্বাচন কৰাৰ পিছত তলত দিয়া যিকোনো এবিধ ঔষধৰ মিশ্ৰণত বীজবোৰ ২৪ ঘন্টা তিয়াই ৰাখিব৷
ঔষধৰ নাম | পৰিমান(গ্ৰাম/লিটাৰ) |
ডাইথেন এম-৪৫ |
২.৫
|
কেপ্টাফ |
২.৫
|
ফোলটাফ |
২.৫
|
বেভিষ্টিন |
১.০
|
এক কিলো বীজ শোধনৰ বাবে এক লিটাৰ ঔষধৰ মিশ্ৰণৰ প্ৰয়োজন ৷
(খ) শুকান পদ্ধতি
তলত উল্লেখ কৰা যি কোনো এবিধ ঔষধ আৰু বীজবোৰ কোনো এটা পাত্ৰত লৈ ভালদৰে বন্ধকৰি জোকাৰি দিলে বীজবোৰৰ গাত ঔষধবোৰ লাগি ধৰিব আৰু সেই ঔষধেই বীজবোৰক বেমাৰ প্ৰতিহত কৰিব পৰা শক্তি যোগান ধৰিব ৷
ভেঁকুৰ নাশক ঔষধ | পৰিমান (গ্ৰাম/ কেজি বীজত ) |
ডাইথেন এম-৪৫ |
২.৫
|
কেপটাফ |
২.৫
|
ফোলটাফ |
২.৫
|
বেভিষ্টিন |
২.০
|
বীজৰ পৰিমান আৰু সিঁচা
প্ৰতিপালন
শস্য ৰক্ষা
(ক) পোক পৰুৱা : ধান গছত পোক পৰুৱাৰ উপদ্ৰৱৰ পৰা ৰক্ষা বা হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয় ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব লাগে (১ নং তালিকা)৷ যিবোৰ পোক পৰুৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিসীমা দিয়া হোৱা নাই, সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখা দিয়াৰ লগে লগে ঔষধ প্ৰয়োগ কৰিব৷
(খ) শস্য কৃমিৰ দ্বাৰা শিপাত গাঠি ধৰা বেমাৰ
এই ৰোগে আক্ৰান্তকৰা অঞ্চলসমুহত শস্যৰ প্ৰথম অৱস্হাত খেতিডৰাক এই কৃমিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া যিকোনো এবিধ দানাযুক্ত কীট নাশক ঔষধ বীজ সিচাৰ ৫-৭ দিনৰ পিছত প্ৰয়োগ কৰিব ৷
১ ৷ কাৰ্বোফুৰান (ফুৰাদন ৩ জি) প্ৰতি বর্গ মিটাৰত ৩ গ্ৰামকৈ
২ ৷ ফৰেট (থিমেট ১০ জি) প্ৰতি বর্গ মিটাৰত ১ গ্ৰামকৈ
৩ ৷ ডায়াজিনন (বাচুদিন ১০ জি) প্ৰতি বর্গ মিটাৰত ১ গ্ৰামকৈ
(গ) ৰোগ ব্যাধি
১ ৷ ব্লাষ্ট
গছৰ পাতত এই বেমাৰৰ ১-২ টা দাগ পৰিলক্ষিত হোৱাৰ মাত্ৰকে তলত উল্লেখ কৰা ঔষধবোৰৰ যিকোনো এটা ঔষধ প্ৰয়োগ কৰিব লাগে৷
ঔষধ ( ভেঁকুৰ নাশক ঔষধ
গাঢ়তা)
|
মিশ্ৰণৰ পৰিমান (লিটাৰ/হেক্টৰত)
|
১
হিনচান ৫০ ইচি ০.১%(১মি:লিটাৰ প্ৰতি লিটাৰ পানীত) |
৫২৫-৭৫০
|
২
ডায়েথেন এম ৪৫ ০.২%(২মি:লিটাৰ প্ৰতি লিটাৰ পানীত) |
৫২৫-৭৫০
|
৩
ব্লাইটষ্ক ৫০ নতুবা ফাইটলেন ০.৪%(৪মি:লিটাৰ প্ৰতি লিটাৰ পানীত) |
৫২৫-৭৫০
|
৪
টপচিন এম ৭০ শতাংশ ডব্লিও পি ০.১%(১মি:লিটাৰ প্ৰতি লিটাৰ পানীত) |
৫২৫-৭৫০
|
৫
দেৰটল ০.১%(১মি:লিটাৰ প্ৰতি লিটাৰ পানীত) |
৫২৫-৭৫০
|
ৰোগ নির্মূল নোহোৱালৈকে প্ৰতি ১০ ৰ পৰা ২৫ দিনৰ ব্যৱধানত স্প্ৰে কৰিব লাগে ৷
২ ৷ পাতত হোৱা ব্লাইট বেমাৰ
এই বেমাৰ ৰোধ বা নির্মূল কৰিবলৈ তলত দিয়া ঔষধৰ যি কোনো এটা প্ৰয়োগ কৰিব ৷
(ক) কাৰবেনদাজিম (বেভিষ্টিন) ০.০৫ % (০.০৫ গ্ৰাম প্ৰতি লিটাৰ পানীত)
(খ) ক’নটাফ ৫ ইচি ২ মি: লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷
প্ৰথমবাৰ বেমাৰ পৰিলক্ষিত হোৱা মাত্ৰকে আৰু দ্বিতীয়বাৰ প্ৰথম স্প্ৰে কৰাৰ ১০ দিনৰ পিছত ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/19/2020
নিয়মীয়া আহু (সিঁচা পদ্ধতি)
আগতীয়া আহু (ৰোৱা পদ্ধতি)
এপ্ৰিল মাহৰ কৃষি দিহা