জাত সমূহ : (কৃষি জলবায়ু পৰিমণ্ডল অনুযায়ী)
(ক) | আধুনিক অৰ্দ্ধচাপৰ জাত | কৃষি জলবায়ু পৰিমণ্ডল | কৃষিকাল (দিন হিচাপত) | গুটিৰ চৰিত্ৰ | ব্লাষ্টৰোগ প্ৰতিৰোধ শক্তি (আছে/নাই) |
(1) | পুছা ২-২১ | ১,২,৩,৪,৬ | ১১৫-১৩০ | সৰু, মোটা | নাই |
(2) | ৰাচী | ২,৩,৪,৫ | ১৩০-১৩৫ | মজলীয়া, মিহি | আছে |
(3) | ছকেট-৪ | ১,২,৩,৪,৫,৬ | ১২৫-১৩০ | দীঘলীয়া, মিহি | নাই |
(4) | আই আৰ-৫০ | ১,২,৩,৫ | ১১৫-১২৫ | দীঘলীয়া, মিহি | নাই |
(5) | গোবিন্দ | ১,২,৫ | ১১৫-১২৫ | দীঘলীয়া, মিহি | আছে |
(6) | ডি আৰ-৯১ (সুভদ্ৰা) | ৪,৫ | ১২০-১৩০ | দীঘলীয়া, মোটা | নাই |
(7) | আই আৰ-৩৬ | ৩,৪,৫ | ১২৫-১৩৫ | দীঘলীয়া, মিহি | আছে |
(8) | কাবেৰী | ৪,৫ | ১২০-১২৫ | ছুটি, মোটা | আছে |
(9) | কালচাৰ-১ | ২,৩,৪,৫ | ১০০-১০৫ | দীঘলীয়া, মিহি | আছে |
(10) | ৰত্না | ১,৪,৫ | ১২৫-১৩০ | দীঘলীয়া, মিহি | আছে |
(11) | কৃষ্ঞা | ৩,৫ | ১৩০-১৩৫ | মজলীয়া মিহি | - |
(12) | জয়া | ১,২,৩,৫,৬ | ১৪০-১৪৫ | দীঘলীয়া, মোটা | - |
(13) | আই আৰ-৮ | ২,৩,৫,৬ | ১৪০-১৪৫ | দীঘলীয়া, মোটা | - |
(14) | লুইত | ২,৩,৪,৫ | ১০০-১০৫ | দীঘলীয়া, মিহি | আছে |
(15) | কপিলী | ২,৩,৪,৫ | ১০০-১০৫ | দীঘলীয়া, মিহি | আছে |
(খ) ওখ জাত | |||||
(1) | পাঞ্জা শালি | ৩,৪ | ১১৫-১২৫ | নাই | |
(2) | কৈজাপৰি | ৪ | ৯৫-১০৫ | নাই | |
(3) | লাউজুলি | ৪ | ১১৫-১২০ | নাই | |
(4) | হাচাকুম্ৰা | ৪ | ৮০-৮৫ | - | - |
ব্লাষ্ট আক্ৰান্ত অঞ্চলত অনুমোদন জনোৱা হোৱা নাই৷
অৰ্দ্ধচাপৰ জাতৰ কৃষি কাল তিতাবৰ গবেষণা কেন্দ্ৰত পৰীক্ষা কৰি নিৰ্ণয় কৰা হৈছে৷ স্হানীয় জাতৰ কৃষি কাল আঞ্চলিক গবেষণা কেন্দ্ৰত পৰীক্ষা কৰি নিৰ্ণয় কৰা হৈছে ৷
মাটি নিৰ্বাচন
জলসিঞ্চনৰ সুবিধা থকা আলতীয়া আৰু মধ্যম আলতীয়া মাটি নিৰ্বাচন কৰিব৷
বীজ নিৰ্বাচন
বীজবোৰ নিৰ্মল পানীত ডুবাই হাতেৰে লৰাই দিয়ক৷ তেতিয়া ওপঙি উঠা বীজবোৰ আতৰাই লৈ, তলত ডুব যোৱা বীজবোৰ নিৰ্বাচন কৰিব৷
বীজতলীত বীজসিঁচা
ফেব্ৰুৱাৰীৰ মাজ ভাগত কঠীয়া তলীত বীজ সিঁচিব লাগে৷
বীজ শোধন
বৰোধানৰ সৈতে একে৷
কঠীয়া
(ক) কঠীয়াতলী প্ৰস্তুতি: কঠীয়া সিঁচিব খোজা মটিডৰা ভালদৰে বোকা কৰি লৈ ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল বীজতলী প্ৰস্তুত কৰিব লাগে৷ প্ৰতিটো বীজতলীৰ মাজত ৩০ ছে: মিটাৰ পাৰ্থক্য ৰাখিব৷
(খ) সাৰ প্ৰয়োগ: প্রত্যেকখন বীজতলীত ২০-৩০ কি:গ্রা: গোবৰ বা পচন সাৰ ,৮০ গ্রাম ইউৰিয়া ,৮০ গ্রাম একক চুপাৰ ফছফেট আৰু ৪০ গ্রাম পটাচ সাৰ প্রয়োগ কৰিব।
(গ) বীজৰ পৰিমাণ: প্ৰতিখন বীজতলীত ৬৫০ গ্ৰাম ৰ পৰা ১০০০ গ্ৰামলৈকে ভালদৰে অংকুৰিত হোৱা বীজ সিঁচিব ৷ এক হেক্টৰ মাটিত ৰোবৰ বাবে ৪০-৪৫ কিলোগ্ৰাম বীজৰ কঠীয়াৰ প্ৰয়োজন৷
(ঘ) বীজতলীত শস্যৰক্ষা: কঠীয়াত ব্লাষ্ট ৰোগৰ দাগ দেখা পালেই বেভিষ্টিন (কাৰ্বেনডেজাইম) ঔষধ প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ মিহলাই অথবা হিনোচান ঔষধ (এদিফেনফছ) প্ৰতি লিটাৰ পানীত ১ মিলি লিটাৰকৈ মিহলাই স্প্ৰে কৰিব৷
(ঙ) পানী যোগানও পৰিচালনা : বীজতলীৰ মাজৰ খালি গাঁতটোত পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে মাটিডৰাত আদ্রাতাৰ অভাৱ নঘটে । ইযাৰ উপৰিও বীজতলীৰ পৰা কঠীয়া উঠোৱাৰ আগে আগে ২-৩ চে:মি: পানী ২-৩ দিনৰ আগেয়ে ৰখাতো প্রয়োজন ।
ঔষধৰ নাম
|
প্ৰতি বৰ্গ মিটাৰত মিলিলিটাৰ হিচাবত
|
ক্লৰপাইৰিফচ্ |
০.১০
|
খুইনালফচ্ |
০.১৫
|
মনক্ৰটফচ্ |
০.১২
|
ফচফমিদন |
০.০৭
|
এন্দোচালফান |
০.১৪
|
হস্তচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গমিটাৰত ৪০০ মিলিলিটাৰ মিশ্ৰণ
যন্ত্ৰচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গমিটাৰত ১০০ মিলিলিটাৰ মিশ্ৰণ
(চ) ৰোৱাৰ আগতে কঠীয়াৰ প্ৰাথমিক প্ৰতিৰোধক ব্যৱস্হা: মজাখোৱা পোক, গলমিজ আৰু চগাপোক দমনৰ বাবে, তুলি অনা কঠীয়াৰ পুলিবোৰৰ শিপাৰ অংশটো শতকৰা ১ ভাগ ইউৰিয়াৰ লগতে শতকৰা ০.০২ ভাগ শক্তিযুক্ত ক্লৰপাইৰিফচ্ ঔষধ ( ১ লিটাৰ পানীত ১ মি: লি: ) পানীত ৩ ঘন্টা সময় ডুবাই ৰাখিব৷
ইয়াৰ বিকল্প হিচাবে, কঠীয়াবোৰ তলীৰ পৰা তুলি অনাৰ ৫-৭ দিনৰ আগতে কাৰ্বফুৰাণ (ফুৰাদন ৩ জি) ঔষধ প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰামকৈ নাইবা ফৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ বা ডিয়াজিনন (বাচুদিন ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ প্ৰয়োগ কৰিব৷
জলসিঞ্চন
কঠীয়াতলী জেকাকৈ ৰাখিবলৈ মাজৰ খাল বোৰত পানী জমা কৰি ৰাখিব লাগে ৷ কঠীয়াবোৰ তুলি অনাৰ অগেয়ে কঠীয়াতলী ডুব যোৱাকৈ জলসিঞ্চন কৰিলে সহজতে কঠীয়া উঘালিব পৰা যায়৷
পথাৰ প্ৰস্তুতি
সাৰ প্ৰয়োগ
সাধাৰনভাৱে সাৰুৱা মাটিত ৰাসায়নিক সাৰৰ উপৰিও প্ৰতি হেক্টৰ মাটিত ১০ টনকৈ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব৷
ৰাসায়নিক সাৰ
অৰ্দ্ধচাপৰ জাতৰ বাবে : | ||||
পুষ্টিৰ পৰিমাণ কি: গ্ৰাম/হেক্টৰ | ৰাসায়নিক সাৰ কি: গ্ৰাম/হেক্টৰ কি: গ্ৰাম/বিঘা | |||
নাইট্ৰোজেন | ৪০ | ইউৰিয়া | ৮৮ | ১২ |
ফচফৰাচ | ২০ | একক চুপাৰ ফচফেট | ১২৫ | ১৭ |
পটাছ | ২০ | এম. অ’ পি | ৩৩ | ৪ |
ওখ জাতৰ বাবে : | ||||
নাইট্ৰোজেন | ২০ | ইউৰিয়া | ৪৪ | ৬ |
ফচফৰাচ | ১০ | একক চুপাৰ ফচফেট | ৬২ | ৯ |
পটাছ | ১০ | এম. অ’ পি | ১৬ | ২ |
সাৰ প্ৰয়োগৰ সময়
শেষৰ বাৰ পথাৰ বোকা কৰোঁতে প্ৰাথমিক সাৰ হিচাপে ইউৰিয়া সাৰৰ তিনিভাগৰ এভাগ, সমুদায় ফচফেট আৰু পটাছ প্ৰয়োগ কৰিব৷ ইউৰিয়া সাৰৰ দ্বিতীয় তিনিভাগৰ এভাগ পোখা মেলা সময়ত আৰু তৃতীয় তিনিভাগৰ এভাগ ফুল ধৰাৰ সময়ত প্ৰয়োগ কৰিব৷ ইয়াৰ লগে লগে বন-বাত নিৰাব ৷ কঠীয়া ৰোৱাৰ ২৫-৩৫ দিনৰ পিছত অৰ্থাৎ পোখা মেলি থকা সময়তে নাইট্ৰোজেন দ্বিতীয় তিনিভাগৰ এভাগৰ লগতে ফছফেট সাৰো প্ৰয়োগ কৰিব পাৰি ৷
এজ’লাৰ প্ৰয়োগ : নাইট্ৰোজেন যুক্ত সাৰৰ অনুপূৰক
নাইট্ৰোজেন সাৰৰ অনুপূৰক হিচাপে এজ’লা প্ৰয়োগ কৰিব পাৰি ৷ মাটিডৰা শেষবাৰ বোকা কৰি লোৱাৰ ২-৩ সপ্তাহ আগেয়ে পথাৰত ৫-১০ চে: মি: পানী ৰাখি ৫০০ কিলো নতুন এজ’লা প্ৰয়োগ কৰিব ৷ এজ’লা প্ৰয়োগৰ সময়ত হেক্টৰে প্ৰতি ৮-১০ কিলোগ্ৰাম ফচফৰাচ সাৰ (একক চুপাৰ ফছফেট) প্ৰয়োগ কৰিব ৷ গতিকে কঠীয়া ৰোৱাৰ সময়ত এই পৰিমানৰ ফচফৰাচ সাৰ কমাই প্ৰয়োগ কৰিব৷
কঠীয়াবোৰ ৰোৱাৰ পিছতো পথাৰত আবদ্ধ হৈ থকা পানীত প্ৰতি হেক্টৰত ৫০০ কিলোগ্ৰামকৈ নতুন এজ’লা প্ৰয়োগ কৰিব পাৰি৷ কঠীয়া ৰোৱাৰ সময়ত অনুমোদিত পৰিমাণৰ ফচফৰাচ সাৰ প্ৰয়োগ কৰিলে, এজ’লা প্ৰয়োগৰ সময়ত আৰু ফচফৰাচ সাৰ প্ৰয়োগ কৰিব নালাগে৷ এজ’লা নিজে নিজে বৃদ্ধি হৈ পথাৰ ভৰি পৰিব ৷ এজ’লাৰ বৃদ্ধি দ্ৰুত গতিত কৰিবলৈ হলে পথাৰখনত ৫-১০ চে: মি; পানী ৰখাৰ ব্যৱস্হা কৰিব লাগে ৷ সাধাৰণতে ২ সপ্তাহমান পিছতে এজ’লা যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷ সেই সময়ত পানীবোৰ বাহিৰলৈ উলিয়াই এজ’লা মাটিৰ সৈতে মিহলাই দিব লাগে ৷ কিন্তু পানীৰ সোঁতত যাতে এজ’লা বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ বাবে সতৰ্ক হব৷ পথাৰডৰা পোকৰ দ্বাৰা আক্ৰান্ত নহবৰ বাবে এজ’লাবোৰ প্ৰয়োগ কৰাৰ আগেয়ে প্ৰতি কিলো এজলা ১ গ্ৰাম ফৰাডন ঔষধেৰে শোধন কৰি ২ ঘন্টা সময় পলিথিন কাগজেৰে ঢাকি থব লাগে ৷ ফলত পথাৰত এজ’লা সোনকালে বৃদ্ধি পাব ৷ তথাপি পথাৰত এজ’লা আক্ৰান্ত হোৱা দেখিলে প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ ফুৰাডন ৩ জি ঔষধৰ দানা ছটিয়াই দিব লাগে ৷
দঃ ঠাই বা পুখুৰী বা কৃত্ৰিম পুখুৰী আদিত এজ’লা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ তেনে এজ’লা মাটি প্ৰস্তুত কৰোঁতে হেক্টৰে প্ৰতি ৬ টনকৈ মাটিত মিহলাই দিব লাগে৷
এজ’লা প্ৰয়োগ কৰা বা মিহলাই দিয়া মাটিত নাইট্ৰোজেন সাৰ শতকৰা ৫০ ভাগ কমাই দিব পাৰি ৷
কঠীয়া ৰোৱাৰ সময়
মাৰ্চৰ শেষ ভাগৰ ভিতৰত কঠীয়া ৰোৱা শেষ কৰিব লাগে৷
কঠীয়া ৰোৱা
৪-৫ চে: মি: দ প্ৰতিটো গাঁতত ২-৩ ডালকৈ কঠীয়া ৰুব লাগে ৷ অৰ্দ্ধ চাপৰ জাতৰ বাবে ২০ × ১৫ চে: মি: ব্যৱধানত আৰু ওখ স্হানীয় জাতৰ বাবে ২০ × ২০ চে: মি: ব্যৱধানত কঠীয়া ৰুব লাগে ৷
খালী ঠাইত কঠীয়া ৰোপন: কঠীয়া ৰোৱাৰ ৭-১০ দিন পাচত মৰা কঠীয়াবোৰ উভালি নতুন কঠীয়া ৰুব লাগে৷
পানী নিয়ন্ত্ৰণ
কঠীয়া ৰোৱাৰ ২-৩ দিন পাচৰ পৰা ১০ চে: মি: গভীৰতাৰ পানী যোগানৰ ব্যৱস্হা কৰিব লাগে ৷ পানী শুকাই যোৱাৰ ৩ দিনৰ পাচত আকৌ ৫ চে: মি: গভীৰতাৰ পানী দিব লাগে ৷ এইদৰে পানী যোগানৰ ব্যৱস্হা খেতি চপোৱাৰ ৭-১০ দিন আগলৈকে কৰিব লাগে৷
বনবাৰ নিৰণি
কঠীয়া ৰোৱাৰ ২০ আৰু ৪০ দিনৰ পিছত দুবাৰ বনবাত নিৰাই দিব লাগে ৷ তাৰ সলনি নাইট্ৰোজেন সাৰ টপদ্ৰেচিং কৰাৰ সময়ত উইদাৰ মাৰি দিলেও হয় ৷ ৰাসায়নিক প্ৰথাৰে বনবাত নিৰাবলৈ হলে বনবোৰ গজালি ওলাই ২-৩ পতিয়া হোৱা অৱস্হাত ২,৪-ডি নামৰ বন মৰা ঔষধ প্ৰতি হেক্টৰত ০.৭৫ কিলোগ্ৰাম বন-পাতত স্প্ৰে কৰিব লাগে ৷
পথাৰত শস্য সংৰক্ষণৰ ব্যৱস্হা
(ক) ধান গছত পোক পৰুৱাৰ উপদ্ৰৱৰ হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব ৷ ১নং তালিকাত আৰ্থিক ক্ষয়-ক্ষতিৰ পৰিসীমা দিয়া হৈছে ৷ যিবোৰ পোক-পৰুৱাৰ ক্ষেত্ৰত আৰ্থিক পৰিসীমা দিয়া হোৱা নাই, সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখাৰ লগে লগে নিয়ন্ত্ৰণ ব্যৱস্হা লব ৷
(খ) ২নং তালিকাৰ অনুমেদন অনুযায়ী বিভিন্ন পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ঔষধ প্ৰয়োগ কৰিব ৷
ব্লাষ্ট বেমাৰ
পোখা মেলাৰ সময়ত (কাৰ্বেনডেজাইম) বেভিষ্টিন (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) ঔষধ স্প্ৰে কৰিব ৷ ইয়াৰ উপৰিও হিনোচান (এডিফেনফছ্ প্ৰতি লিটাৰ পানীত এক মিলিলিটাৰ) পুষ্প উদ্গমন আৰু গেৰ ওলোৱাৰ সময়ত মুঠতে দুবাৰ স্প্ৰে কৰিব ৷
পাতৰ চিৰাত হোৱা ব্লাইট (বৌখা চবকা পৰা) বেমাৰ
এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বেভিষ্টিন (কাৰ্বেনডেজাইম) (প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰাম) অতি উত্তম ঔষধ ৷ এই ঔষধ ২ বাৰ স্প্ৰে কৰিব ৷ প্ৰথমবাৰ বেমাৰৰ আৰম্ভনিত আৰু দ্বিতীয়বাৰ তাৰ ১০ দিনৰ পিছত ৷ বিকল্প হিচাপে কন্টানা ৫ ইচি ২ মি: লি: ১ লিটাৰ পানীৰ হিচাপত মিলাই পাতত চটিয়াব পাৰে ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/20/2020
আগতীয়া আহু (সিঁচা পদ্ধতি)
নিয়মীয়া আহু (ৰোৱা পদ্ধতি)
এপ্ৰিল মাহৰ কৃষি দিহা