পৃথিৱীৰ সকলো দেশতে জৈৱিক পদ্ধতিত উৎপাদিত কৃষিজাত সামগ্ৰীৰ চাহিদা দ্ৰুতগতিত বাঢ়িছে।মানুহৰ স্বাস্থ্য সচেতনতাই জৈৱিক কৃষি পদ্ধতিৰ গুৰুত্ব বৃদ্ধি কৰিছে।জৈৱিক কৃষি পদ্ধতিত শস্য বা উদ্ভিদৰ খাদ্য বা পৰিপুষ্টি জৈৱিক সাৰ,কেচুঁসাৰ বা জৈৱ পদাৰ্থ,গোবৰ আদিৰ দ্বাৰা যোগান ধৰা হয়।অসমৰ পৰিৱেশত বিজ্ঞানসন্মতভাবে পৰিচালনা কৰা এক হেক্টৰ(৭,৫ বিঘা)মাটিৰ নাৰিকল বাগানৰ পৰা ৩-৪ টন আৰু তামোল বাগানৰ পৰা ৫-৬ টন শুকান পাত পাব পাৰি।নাৰিকল আৰু তামোল গছৰ প্ৰয়োজনীয় খাদ্য মৌলৰ অধিকাংশ ইয়াৰ পাতৰ পচন প্ৰক্ৰিয়াৰে উৎপাদন কৰিব পাৰি।কিন্ত তামোল আৰু নাৰিকলৰ পাতৰ বহু পৰিমানৰ “লিগনিন” আৰু “পলিফিনৰ”ৰাসায়নিক পদাৰ্থ থকা বাবে ইয়াৰ পাচন প্ৰক্ৰিয়াত বেছিদিনৰ প্ৰয়োজন হয়।এক বিশেষ ধৰনৰ কেচুঁৰ প্ৰজাতিয়ে তামোল আৰু নাৰিকলৰ পাতৰ পাচন প্ৰক্ৰিয়াত বেছিদিনৰ প্ৰয়োজন হয়।এক বিশেষ ধৰনৰ কেচুঁৰ প্ৰজাতিয়ে তামোল আৰু নাৰিকলৰ পাতৰ পচন প্ৰক্ৰিয়াত যোগাত্মক ভূমিকা গ্ৰ্হন কৰি আহিছে।এই বিশেষ প্ৰজাতিৰ কেচুঁ ব্যৱহাৰ কৰি ৬০-৭০ দিনৰ ভিতৰত তামোল আৰু নাৰিকলৰ শুকান পাতৰ পৰা কেচুঁসাৰ উৎপাদন কৰিব পাৰি।জীপাল মাটি আৰু অনূকূল উষ্ণতাত কেচুঁৰ দ্বাৰা জৈৱিকৰন প্ৰক্ৰিয়ৰে বিভিন্ন পেলনীয় কৃষিজাত সামগ্ৰীৰ পৰা কেচুঁসাৰঁ উৎপাদন কৰিব পাৰি।জীপাল মাটি আৰু অনূকুল উষ্ণতাত কেচুঁৰ দ্বাৰা জৈৱীকৰন প্ৰক্ৰিয়াৰে বিভিন্ন পেলনীয়া কৃষিজাত সামগ্ৰীৰ পৰা কেচুঁসাৰ উৎপাদন কৰিব পাৰি।জীপাল মাটি আৰু অনূকূল উষ্ণতাত কেচুঁৰ দ্বাৰা জৈৱীকৰন প্ৰক্ৰিয়াৰে বিভিন্ন পেলনীয়া কৃষিজাত সামগ্ৰীৰ পৰা কেচুঁসাৰ উৎপাদন কৰিব পাৰি। কেৰালাৰ কাছাৰগডত অৱস্থিত কেন্দ্ৰিয় বাগান শস্য গৱেষনা স্ংস্থাই (CPCRI) কেচুঁৰ এটা প্ৰজাতি(Eudrilus SP) চিনাক্ত কৰিছে। এই প্ৰজাতিৰ কেচুঁৰ সহায়ত তামোল আৰু নাৰিকলৰ পাতৰ পৰা অতি সহজে কেচুঁসাৰ প্ৰস্ততি কৰিব পাৰি।
(ক)কেচুঁসাৰৰ পৰা বিভিন্ন উদ্ভিদ বা শস্যৰ খাদ্য উদ্ভিদে সহজে গ্ৰহন কৰিব পৰা অৱস্থাত পাব পৰি।
(খ)শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে লাগতিয়াল সকলো মৌল “হৰমন” “ভিটামিন” আদি কেচুঁসাৰৰ পৰা পাব পাৰি।
(গ)মাটিৰ উৰ্বৰতা আৰু উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰয়োজনীয় জীৱানু “কেচুঁসাৰত থাকে।
(ঘ)কেচুঁসাৰৰ আয়তন আন জৈৱ সাৰতকৈ কম হোৱাত মজুতকৰন,পৰিবহন আৰু প্ৰয়োগৰ ক্ষেত্ৰত সুবিধা হয়।
(ঙ)কেচুঁসাৰে মাটিৰ পানী আৰু বায়ু ধাৰন কৰিব পৰা ক্ষমতা বঢ়ায় আৰু শস্যৰ শিপাৰ বৃদ্ধিত সহায় কৰে।
(চ)কেচুঁসাৰে খেতিপথাৰ ঘৰ বাৰী বা চৌহদতে প্ৰস্তত কৰিব পাৰি।
(ছ)কেচুঁসাৰাৰ প্ৰস্তত প্ৰনালী সহজ আৰু খৰচো কম।
(জ)কেচুঁসাৰ যিকোনো শস্যতে প্ৰয়োগ কৰিব পাৰি যদিও ফল মূল আৰু শাক পাচলিত ইয়াৰ প্ৰয়োগ বেছি ফলপ্ৰসু হয়।
(ঝ)ইয়াৰ কোনো ধনাত্মস পাৰ্শ্বক্ৰিয়া নাই।
অধিক পৰিমানৰ কেচুঁসাৰ উৎপাদনৰ বাবে বহুসংখ্যক কেচুঁৰ প্ৰয়োজন হয়।মাটি,বায়ু আৰু পানীৰ উপযুক্ত পৰিবেশত কেচুঁৰ বংশবৃদ্ধি বা বিস্তাৰ সোনকালে কৰিব পৰা যায়।তলৰফালে পানী ওলাই যোৱাৰ ব্যৱস্থা থকা প্লাষ্টিকৰ বাল্টি, কাঠৰ বাকচ বা চিমেন্টৰে তৈয়াৰী টাব আৰু কেচুঁৰ বংশ বিস্তাৰৰ বাবে ব্যৱহাৰ কৰিব পৰি।প্লাষ্টিকৰ বাল্টিটো বা কাঠৰ বাকচটো ১:১ত ৬-৭ দিনৰ পূৰনা গোবৰ আৰু আধা পচা পাত বা জাবৰ-জোথৰৰঁ পূৰাব লাগে।প্ৰ্তি দহ কিলোগ্ৰাম গোবৰ আৰু আধা পচা পাতৰ মিশ্ৰনত ৫০ ডাল কেচুঁ এৰি দিব লাগে।আৰু প্ৰয়োজনীয় ছাঁৰ ব্যৱস্থা কৰিব লাগে।মিশ্ৰনটোত এৰি দিয়া কেচুঁবোৰে আধা পচা গোবৰ আৰু পাতবোৰ খাই ৫০-৬০ দিনৰ ভিতৰত প্ৰায় ৩০০ কেচুঁ পাব পাৰি।
কেঁচুৱে সাধাৰনতে বিভিন্ন আধা পচা জৈৱ পদাৰ্থ যেনে-গছৰ পাত,জীৱ জন্তৰ গোবৰ। ঘাহঁ বন শাক-পাচলি আৰু ফল মূলৰ বাকলি আদি খায়।ক্ষুদ্ৰ অণুজীৱ আৰু মাটিৰ পচি থকা জীৱ-জন্তুৰ অৱশিষ্ট অংশৰ পৰাও কেঁচুৱে খাদ্য আহৰণ কৰে। কেঁচুসাৰ প্রস্তুতকৰণ প্রক্রিয়া খৰতকীয়া কৰিবলৈ হ’লে জৈৱ পদার্থবোৰ আগতীয়াকৈ আধা পচাই ল’ব লাগে। আৰু সৰু সৰু কাটি সূর্যৰ পোহৰত এদিন শুকাই ল'ব লাগে।
(ক) পাত্র: কেঁচুসাৰ প্রস্তুত কৰা পাত্ৰটোৰ আকাৰ আৰু আকৃতি নিৰ্ভৰ কৰিবলৈ জৈৱ পদার্থৰ পৰিমাণ আৰু কেঁচুৰ সংখ্যাৰ ওপৰত। এক মিটাৰ দীঘল, মিটাৰ বহল আৰু এক মিটাৰ দ পাত্র এটাত প্রায় ২০০ কেজি জৈৱ পদার্থ ভৰাই তাত প্রায় ২০০ মান প্রাপ্তবয়স্ক কেঁচু এৰি দি মাহে মাহে নিৰ্দিষ্ট পৰিমাণৰ কেঁচুসাৰ পাব পাৰি। বেছি পৰিমাণৰ কেঁচুসাৰ পাবৰ বাবে নিৰ্দ্দিষ্ট জোখৰ মাটিৰ খাল বা চিমেন্ট টেঙ্ক আদি ব্যৱহাৰ কৰিব পাৰি।
(খ) বেডিং মেটেৰিয়েল (পাত্ৰৰ তলত থকা জৈৱ পদার্থৰ তৰপ) : জৈৱযুক্ত পদার্থ যেনে - কলগছ, কলগছৰ পাত, তামোল গছৰ পাত, নাৰিকল, গছৰ পাত, কুঁহিয়াৰৰ পাত, ঘাঁহ-বন আদি কেঁচুৰ বাবে বেডিং মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰিব পাৰি।
(গ) পানীৰ পৰিমাণ : পাত্ৰৰ জৈৱ পদার্থসমূহ সকলো সময়তে সেমেকাকৈ ৰাখিব লাগে। পানীৰ পৰিমাণ বেছি হ’লে শুকান গোবৰৰ গুড়ি বা আধা পচা পাতৰ গুড়ি আদি পাত্ৰটোত যোগ দিব লাগে।
(ঘ) উষ্ণতা: পাত্ৰৰ ভিতৰত জৈৱ পদার্থখিনিৰ উষ্ণতা ২০-৩০° ছেঃগ্রেঃ ভিতৰত ৰাখিব লাগে। কম উষ্ণতাত অথাৎ ঠাণ্ডাৰ দিনত (নবেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী) কেঁচুৰ কাৰ্যদক্ষতা হাসপ্রাপ্ত হয় বাবে উৎপাদিত কেঁচুসাৰৰ পৰিমাণ কম হোৱাৰ আশা থাকে।
(ঙ) কেচুৰ প্রজাতি বাচনি: বেছি তাপ-চাপ সহন ক্ষমতা থকাৰ লগতে বেছি জৈৱ পদার্থৰ মাজত বর্তি থাকিব পৰা অধিক কেঁচুসাৰ উৎপাদনক্ষম উচ্চ পর্যায়ৰ প্রজনন ক্ষমতা থকা কেঁচু বাচনি কৰিব লাগে। ইছেনিয়া ফটিডা আৰু ইউড্রিলাছ প্রজাতিৰ কেঁচু আমাৰ পৰিবেশত উপযোগী বিবেচিত হৈছে।
(ক) কম পৰিমাণৰ কেঁচুসাৰ প্রস্তুতি: উপযুক্ত আৰু নিৰ্দ্দিষ্ট জোখৰ (১ মিটাৰ বহল, ১ মিটাৰ দীঘল আৰু ০.৫০ মিটাৰ ওখ) পাত্র এটা বাছনি কৰি অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ ফুটা এটা কৰি লৈ পাত্ৰটোৰ তলত ৫ ছেঃমি ওখকৈ জৈৱ পদার্থৰ (তামোল, নাৰিকল বা কলগছৰ পাত) তৰপ এটা দিব লাগে। এই তৰপটোৰ ওপৰত আংশিকভাৱে পচা গোবৰৰ তৰপ এটা পাতলকৈ দি পাত্ৰটোত কেঁচু এৰি দিব লাগে। এনেদৰে তৰপে তৰপে ১ মিটাৰ বহল, ১ মিটাৰ দীঘল আৰু ০.৫০ মিটাৰ দ পাত্র এটাত ৩০-৪০ কিলোগ্রাম জৈৱ পদার্থ ৰাখি ১০০০-১৫০০ ভাল কেঁচু এৰি দিয়া আৱশ্যক। পিছত কেঁচুৱে খোৱা যিকোনো জৈৱ পদার্থ তৰপে তৰপে পাত্ৰটোত ৰাখি, জৈৱ পদার্থখিনি জীপাল কৰি ৰাখিব লাগে। পাত্ৰটোত থকা জৈৱ পদার্থখিনি কেঁচুৱে খাই ৫০-৬০ দিনৰ ভিতৰত কেচুঁসাৰ প্ৰস্তুত কৰে। প্রস্তুতি আৰম্ভ কৰাৰ ৫০-৬০ দিনৰ পিচত কেঁচুসাৰ ব্যৱহাৰ কৰিব পৰা হয়।
(খ) অধিক পৰিমাণৰ কেঁচুসাৰ প্রস্তুতি: ঘৰৰ ওচৰৰ ভাল ঠাই এটুকুৰাত অতিৰিক্ত পানী ওলাই যাব পৰা চিমেন্টৰ টেঙ্ক বা বেছিন এটা থ’ব লাগে। সাধাৰণতে চিমেন্ট টেঙ্ক বা বেছিনৰ দৈর্ঘ্য ৩-৪ মিটাৰ, প্রস্থ ১ মিটাৰ আৰু দ ০.৭৫ মিটাৰ হ’ব লাগে। দুমাহ বা তিনি মান পুৰণা শুকান নাৰিকল বা তামোল গছৰ পাত সৰু সৰুকৈ কাটি টেঙ্কটোত বা বেছিনটোত জমা কৰিব লাগে। গোহালিৰ নতুন গোবৰ ১০০ কিলোগ্রাম পানীত মিহলাই লৈ ১০০০ কিলোগ্রাম জৈৱ পদার্থ (তামোল, নাৰিকল গছৰ প ১৫-২০ দিন লাগিব। গড় হিচাপত ২০০-৫০০ টামান নাৰিকল গছৰ পাত আৰু ১৩৫০-১৫০০ টা মান তামোল গছৰ পাতৰ ওজন প্রায় ১০০০ কিলোগ্রাম হয়। জৈৱ পদার্থখিনি পানীৰে জীপাল কৰি ৰাখি মাজে মাজে লৰাই থাকিব লাগে। জৈৱ পদার্থখিনি আংশিকভাৱে পচাৰ পিছত প্রতিটন জৈৱ পদার্থৰ হিচাপত ডাল কেঁচু টেঙ্কটােত এৰি দিব লাগে। তাৰ পিছত পাত্ৰটাে নৰা, খেৰ বা কলপাতেৰে ঢাকি দিব লাগে। সূৰ্যৰ পোহৰ আৰু বৰষুণ নপৰিবৰ বাবে টেঙ্কটােৰ ওপৰত চালি এখনৰ ব্যৱস্থা কৰাৰ আৱশ্যক। এনে ব্যৱস্থাৰে প্রথম পর্যায়ত ৬০-৭০ দিনৰ ভিতৰতে বৃহৎ পৰিমাণৰ কেঁচুসাৰ পাব পাৰি। সময় অতিক্রম কৰাৰ লগে লগে পাত্ৰটোত কেঁচুৰ সংখ্যা বঢ়াৰ ফলত দ্বিতীয় কেঁচুসাৰ প্রায় ৩০-৪০ দিনৰ ভিতৰতে ব্যৱহাৰৰ উপযোগী হৈ উঠে।
কেঁচুসাৰ প্রস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা পাত্ৰটোৰ ওপৰত ডাঠ মুগা বৰণৰ (দানা আকাৰৰ) তৰপ এটা সৃষ্টি হ’লে কেঁচুসাৰ সংগ্ৰহ কৰিব পাৰি। চাৰি-পাঁচদিন পানী নিদিলে কেঁচুবোৰ পাত্ৰটােৰ তলফালে গুচি যাব আৰু তেতিয়াই পাত্ৰটােৰ ওপৰভাগৰ পৰা কেঁচুসাৰ সংগ্ৰহ কৰিব পৰা যায়। সংগৃহীত কেঁচুসাৰ ভালদৰে ছাঁত শুকুৱাই লোৱাৰ পিছত কৃষিক্ষেত্ৰত ব্যৱহাৰৰ উপযোগী হৈ উঠে। তামোল বা নাৰিকল গছৰ পাতৰ পৰা প্রস্তুত কৰা কেঁচুসাৰত শতকৰা ১.২-১.৪ ভাগ নাইট্র’জেন, ০.১-০.২ ভাগ ফছফৰাছ আৰু ০.১-০.৪ ভাগ পটাছ পোৱা যায়ا
(ক) ছাঁৰ ব্যৱস্থা কৰি ৰদ-বৰষুণৰ পৰা কেঁচুবোৰ নিৰাপদে ৰাখিব লাগে,
(খ) চৰাই, এন্দুৰ, নিগনি, ৰঙা পৰুৱা আদি প্রতিৰোধৰ ব্যৱস্থা কৰা দৰকাৰ,
(গ) কেঁচুসাৰ প্রস্তুতিৰ বাবে ব্যৱহাৰ কৰা পাত্ৰটোত সময়তে সময়ে পানী ছটিয়াই থাকিব লাগে। অতিৰিক্তভাৱে পানী জমা হ’লে কেঁচুবোৰ মৰি যাব পাৰে বা অন্য ঠাইলৈও গুচি যাব পাৰে।
কেঁচুসাৰ সকলো শস্যতে প্রয়োগ কৰিব পৰা উত্তম জৈৱ সাৰ। উদ্যানশস্য, বিশেষকৈ শাক-পাচলিত ইয়াৰ প্রয়োগ ফলপ্রসূ বিবেচিত হৈছে। তামোল আৰু নাৰিকলৰ বয়সৰ ওপৰত নির্ভৰ কৰি মার্চ বা এপ্রিল মাহত গছেপতি তামোলত ১০-১৫ কিলোগ্রাম আৰু নাৰিকল গছত ২০-২৫ কিলোগ্রাম কেঁচুসাৰ প্রয়োগ কৰাৰ পিছত জাবৰজোথৰেৰে ঢাকি দিলে কেঁচুসাৰৰ অপচয় নহয়।
উৎসঃ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ গৱেষণা কেন্দ্র, কাঁহিকুছি।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
জৈৱিক কৃষি আৰু কেঁচুসাৰ প্রস্তুত প্রণালী