অন্যহাতে,ৰাসায়নিক সাৰত থকা সীহ,কেডমিয়াম আদি ধাতুৰ অশুদ্ধিৰ বাবে অনুমোদিত হাৰতকৈ অধিক পৰিমাণত আৰু সুদীর্ঘ সময়ৰ কাৰণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে,মাটিত এনে ধাতুৰ পৰিমাণ বৃদ্ধি হোৱাৰ প্রমাণ পোৱা গৈছে।
কীটনাশক,অপতৃণনাশক আদি ৰাসায়নিক দ্রব্যৰ ক্ষেত্রত মাটিত পোনপটিয়াকৈ প্রয়োগ কৰা অংশৰ উপৰিও শস্য বা গছ-বনত প্রয়োগ কৰা অংশৰ প্রায় ৩০-৩৫ শতাংশও মাটিত যোগ হয় । এনেস্থলত,প্রয়োজনতকৈ বেছি পৰিমাণত প্রয়োগ কৰিলে এনে ৰাসায়নিক দ্রব্য বা ইয়াৰ অৱশিষ্ট অংশই মাটিৰ স্বাভাৱিক গুণাগুণ বিনষ্ট কৰে । ফলস্বৰুপে,শস্যৰ উত্পাদন আৰু গুণগত মান হ্রাস হোৱাৰ লগতে মানৱ আৰু পশুধনৰ স্বাস্থ্যত বিৰুপ প্রভাৱ পেলায় । খাদ্যবস্তু,পশুদানা আদিত বিষাক্ত প্রভাৱ পেলাব পৰা পৰিমাণত থকা এনে ৰসায়নিক দ্রব্য বা এইবিলাকৰ অৱশেষৰ কেইটিমান উদাহৰণ ১ নম্বৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে । এনে কৃত্রিম ৰাসায়নিক দ্রব্যৰ অপকাৰী প্রভাৱ প্রতিৰোধ আৰু প্রতিকাৰৰ বাবে বিশ্বজুৰি বিভিন্ন মহলত বিচাৰ-বিবেচনা আৰু সুদৃঢ় পদক্ষেপ গ্রহণ কৰা হৈছে । ইয়াৰ এক প্রধান বিকল্প হিচাপে জৈৱিক কৃষি প্রণালী বহুল ভাৱে চর্চিত আৰু ব্যৱহত হোৱা দেখা গৈছে ।
তালিকা নং ১ খোৱাবস্তু,পশুদানা আদিত বিষাক্ত প্রভাৱ পেলাব পৰা পৰিমাণত চিনাক্ত হোৱা কেইবিধমান কীটনাশকৰ অৱশেষ
কীটনাশক | বিষাক্ত প্রভাৱ পেলাব পৰা পৰিমাণত চিনাক্ত সামগ্রী |
ডি ডি টি | ৰন্ধনতেল,গাখীৰ,মাখন,গোমধান,মাছ পশুদানাৰ মিশ্রণ পশুদানা,কণী,মাতৃদুগ্ধ । |
মনক্রটফ'ছ | বিলাহী,পিয়াঁজ,ৰন্ধন তেল |
চাইপাৰমেথ্রিন | ৰন্ধন তেল |
কুইনলফছ মাছ | ৰন্ধনতেল |
এলদ্রিন | গোমধান,মাছ,পশুদানাৰ মিশ্রণ,কণী |
এনদ'চালফন | মাছ,পশুদানা |
ৰাসায়নিক সাৰ আৰু কীটনাশক আদি কৃত্রিম ৰাসায়নিক দ্রব্যৰ মাত্রাধিক প্রয়োগৰ কুপ্রভাৱৰ পৰা হাত সাৰিবিলৈ কৃষি প্রণালীত ইবিলাকৰ যথাসম্ভৱ বর্জন অথবা মার্জিত ব্যৱহাৰ মূলমন্ত্র হিচাপে লৈ বিকল্প কৃষি প্রণালীৰ ধাৰণাই গঢ় লৈ উঠিছে । জৈৱিক কৃষি প্রণালী এই ব্যৱস্থাৰ এক গুৰুত্বপূর্ণ আৰু অৱিচ্ছেদ্য অংশ আৰু ই বিশষকৈ তলত উল্লিখিত দিশকেইটিৰ আধাৰত প্রতিস্থিত :
কৃত্রিম ৰসায়নিক দ্রব্যৰ নুন্যতম প্রয়োগ আৰু কৃষি যান্ত্রিকীকৰণ ব্যৱস্থাৰ পৰিপন্থী জৈৱিক কৃষি প্রণালীয়ে প্রধানকৈ প্রাকৃতিক সম্পদৰ সদব্যৱহাৰৰ যোগেদি উত্পাদনৰ স্থিতাৱস্থা বাহাল ৰখাত গুৰুত্ব প্রদান কৰে। জৈৱিক কৃষি প্রণালীৰ বিভিন্ন সূত্রসমূহ ফঁহিয়াই চালে তলত উল্লেখ কৰা দিশসমূহ এই প্রণালীত প্রয়োগ হোৱা দেখা যায়:
.কৃত্রিম ৰাসায়নিক দ্রৱ্য, সাৰ, শ্রীবৃদ্ধিকাৰক দ্রব্যৰ ব্যৱহাৰ আওকাণ কৰা নতুবা সম্পূর্ণ বর্জন কৰা।
কেঁচুসাৰ আৰু জৈৱিক কৃষি প্রণালী
আগতেই উল্লেখ কৰা হৈছে যে জৈৱিক কৃষি প্রণালীত পেলনীয়া বস্তু,জাবৰ-জোথৰ,অপতৃণ,শস্যৰ অৱশিষ্ট অংশ আদিৰ পচনৰ দ্বাৰা শস্যত পূর্ণব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ফলত কেঁচুসাৰ এই প্রণালীৰ সফলতাত এক হোতাস্বৰুপ হৈ পৰিছে। তদুপৰি,কেঁচুসাৰত শস্যৰ অত্যাৱশ্যকীয় বিভিন্ন মৌলসমূহৰ পৰিমাণ আন পচনসাৰ,গোবৰসাৰতকৈ তুলনামুলকভাৱে বেছি থকাৰ প্রমাণ পোৱা গৈছে । সেইদৰে,শস্যৰ উত্পাদন আৰু গুণাগুণৰ ক্ষেত্রতো কেঁচুসাৰৰ প্রয়োগৰ উপৰুৱা কার্যকাৰিতা দেখা গৈছে। উত্পাদনৰ দিশতো কেঁচুসাৰ প্রস্তুত প্রণালী খৰতকীয়া আৰু সৰল হোৱা হেতুকে কম সময়ৰ ভিতৰতে ই জনপ্রিয়তা আৰু বিস্তৃত প্রসাৰ লাভ কৰিছে।
কেঁচুসাৰ উত্পাদন গোটৰ বাবে প্রয়োজনীয় বিভিন্ন উপাদান আৰু সুবিধাসমূহৰ এক চমু আলোচনা তলত ডাঙি ধৰা হৈছে :
১. জৈৱিক আৱর্জনা/পেলনীয়া বস্তু/অপতৃণ
কেঁচুসাৰ প্রস্তুত কৰিবলৈ শস্যৰ অৱশিষ্ট অংশ,বিভিন্ন অপতৃণ যেনে-বাম কলমৌ,বিহমেটেকা,জার্মানী বন,জাপানী লতা,গোফুল,পার্থেনিয়াম(ফুল ফুলাৰ আগতে),ইত্যাদি,কৃত্রিম ৰসায়নিক দ্রব্য(ৰং,সংৰক্ষক দ্রব্য,বিলাহীৰ ছছ,সুগন্ধিযুক্ত দ্রব্য)ৰহিত পেলনীয়া খোৱাবস্তু,কাগজ আদিৰ ব্যৱহাৰ কৰিব পাৰি ।
২.আধা পঁচা গোবৰ
যদিওবা বিভিন্ন পশু-পক্ষীৰ গোবৰ কেঁচুসাৰ উত্পাদনত ব্যৱহিত হোৱাৰ নিদের্শন গৱেষণা পত্র,বৈজ্ঞানিক সাহিত্যত ডাঙি ধৰা হয়,তথাপি গৰু বা ম'হৰ গোবৰৰ উত্কৃষ্টতা সন্দেহাতীত ভাৱে প্রমাণিত । আন পশু-পক্ষীৰ গোবৰৰ ক্ষেত্রত,যথেষ্ট সর্তকতা নোলোৱাকৈ ব্যৱহাৰৰ ফলত ঘোঁৰাৰ গোবৰত থকা টিটেনাছ ভাইৰাছৰ মানৱ স্বাস্থ্যৰ প্রতি ভাবুকি তথা মৃত্যুৰ কাৰণৰ কথা উল্লেখ কৰিব পাৰি।
৩. উপযুক্ত প্রজাতিৰ কেঁচু :
লাভজনক আৰু কার্যকৰী কেঁচুসাৰ উত্পাদন গোটৰ বাবে সঠিক প্রজাতিৰ কেঁচুৰ নির্বাচন এক গুৰুত্বপূর্ণ দিশ । সাধাৰণ ভাষাত ক'বলৈ গ'লে নির্বাচিত কেঁচুৰ খৰতকীয়া পচন ক্ষমতা,বেমাৰ প্রতিৰোধ গুণ আৰু ভিন্ন পৰিৱেশত কার্যক্ষমতা থকা দৰকাৰ । অসমৰ পৰিৱেশত এইচেনীয়া ফ'টিদা(Eiseniafoetida),ইউদ্রিলাচ ইউযেনি(Eudrilus eugeniae),এমানথাচ দিফ্রিনজেনচ(Amyanthus defringens),পেৰিঅ'নিক্সএক্সকেভেটাছ(Perionyx excavatus),লেমপিট'মউৰিটি(Lampito mauritii) ইত্যাদি প্রজাতিৰ কেঁচুৰ ভিন ভিন পৰিৱেশ আৰু বতৰত দক্ষতাৰ প্রমাণ পোৱা গৈছে । ইয়াৰে কেইবিধমান চমু বিৱৰণ তলত উল্লেখ কৰা হ'ল :
(ক)এইচেনিয়া ফ'টিদা(Eisenia foetida)
এইবিধ প্রজাতিৰ কেচুৰ বিচৰণ আমাৰ দেশৰ প্রায় সকলো অঞ্চলৰ নলা-নর্দমা,জাবৰ-জোথৰ আদিত দেখা পোৱা যায় । গাৰ বৰণৰ ভিন্নতা অনুসৰি এইবিধ কেঁচুৰ নামাকৰণ ৰঙা কেঁচু(red worm),গুলপীয়া বা বেঙুনীয়া কেঁচু(pink or purple worm),বাঘ কেঁচু(tiger worm)ইত্যাদি হোৱা দেখা যায় । জীৱিত অৱস্থাত কেঁচুৰ বর্হিভাগ যদিও উজ্জ্বল বৰণৰ হয় । সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিলে বাহিৰৰ ফালে প্রতিটো আঙুঠিত দুডালকৈ ৰঙীণ বেণ্ড মন কৰিব পাৰি । একোডাল প্রাপ্তবয়স্ক কেঁচুৰ ওজন ১.৫ গ্রাম পর্যন্ত হয় আৰু জন্মৰ পৰা ৫০-৫৫ দিনৰ ভিতৰত বংশবৃদ্ধিৰ বাবে সক্ষম হয় ।
(খ) ইউদ্রিলাচ ইউযেনি
পশ্চিম আফ্রিকাৰ মূলৰ এইবিধ প্রজাতি বর্তমান গোটেই বিশ্বতে কম-বেচি পৰিমাণে পোৱা যায় । এইবিধ কেঁচুৰ বৰণ মুগা বা ৰঙাৰ পৰা ডাঠ বেঙুনীয়া ৰঙৰ হয় । একোডাল কেঁচু দৈর্ঘই প্রায় ৩২ ৰপৰা ১৪০ মিলিমিটাৰ আৰু ওজনে প্রায় ৪.৩ গ্রাম পর্যন্ত হোৱা দেখা যায়।
(গ) লেমপিট'মউৰিটি
উত্তৰ প্রদেশৰ বাহিৰে ভাৰতৰ প্রায় সকলো ঠাইতে এই প্রজাতিৰ কেঁচুৰ অৱস্থিতি লক্ষ্য কৰা যায় । শৰীৰৰ পশ্চাত্ক অংশত বেঙুণীয়া ৰঙৰ আভাষৰ বিপৰীতে গাৰ ৰং ঘন হালধীয়া হয় । এইবিধ কেঁচু দীঘলে প্রায় ৪০-২১০ মিলিমিটাৰ পর্যন্ত হয় ।
(ঘ) পেৰিঅ'নিক্স এক্সকেভেটাছ
ভাৰতবর্ষৰ বিভিন্ন অঞ্চলত বিশষকৈ পূবোর্ত্তৰ হিমালয় অঞ্চল,পিলিভিট,পশ্চিমবঙ্গ,মহাৰাষ্ট্র,পশ্চিম হিমালয় অঞ্চল,আন্দামান দ্বীপপুঞ্জ অঞ্চলত এইবিধ প্রজাতিৰ বিচৰণ দেখা যায়। শৰীৰৰ বর্হিভাগৰ বৰণ ঘন কজলা বা ৰঙা মুগা হয় আৰু অন্তর্ভাগ শেঁতা বৰণৰ হয়। একোডাল কেঁচুৰ দৈর্ঘ্য ২৩-১২০ মিলিমিটাৰ পর্যন্ত হ'ব পাৰে।
৪. পকী টেংকি বা টাব আৰু উপযুক্ত চালিঘৰ
উন্নত পদ্ধতিৰে কেঁচুসাৰ প্রস্তুত কৰিবৰ বাবে নিদির্ষ্ট জোখৰ পকী টেংকি/টাব নির্মাণ নাইবা সংগ্রহ কৰি ল'ব লাগে । এনে টেংকি/টাবৰ প্রস্থ ২.৫-৩ ফুট,গভীৰতা ২-৩ ফুট আৰু দৈর্ঘ্য প্রয়োজন অনুসৰি হোৱা উচিত । অভিজ্ঞতাৰ পৰা দেখা গৈছে যে টেংকি/টাবৰ দৈর্ঘ্য ৩-৫ ফুটৰ ভিতৰত ৰাখিব পাৰিলে যথেষ্ট সুবিধাজনক হয়। টেংকি/টাবৰ মজিয়া আৰু বেৰৰ অন্তর্ভাগ মসৃণকৈ পকা কৰি লোৱা দৰকাৰ আৰু পানী ওলাই যাব পৰাকৈ মজিয়াৰ তলত সৰু ফুটা(জালিযুক্ত)ৰখা দৰকাৰ ।
পকী টেংকি/টাব ৰ'দ-বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত চালিঘৰ নির্মাণ কৰি ল'ব লাগে । এনে চালিঘৰ সেমেকা বা চেচুক ঠাইৰ আতঁৰত নির্মাণ কৰিব লাগে ।
কেচুঁসাৰ প্রস্তুত প্রণালী
তালিকা নং ২ বিভিন্ন অপতৃণৰ পৰা প্রস্তুত কৰা কেঁচুসাৰত থকা শস্যৰ পোষকদ্রব্যৰ পৰিমাণ
অপতৃণ | পচনৰ সময়(দিন) |
পোষক দ্রব্যৰ পৰিমাণ(%)
|
বিহমেটেকা | ৬৫ | ১.৯২ | ১.২০ | ১.৬৫ |
বাম কলমৌ | ৭০ | ২.২০ | ২.১০ | ২.৪২ |
জার্মানী বন | ৭৫ | ১.৯৪ | ০.৮৯ | ১.২৫ |
মেদেলুৱা | ৫৮ | ২.২৫ | ১.১০ | ১.৬২ |
জাপানী লতা | ৪৫ | ২.২০ | ১.০১ | ১.৪৫ |
গোফুল | ৬০ | ২.১২ | ০.৯৬ | ১.৪১ |
মিশ্রিত অপতৃণ | ৫৫ | ১.৯০ | ০.৯২ | ১.২০ |
শেহতীয়া উন্নীতকৰণ: : 3/21/2020
অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি
অসমীয়া লোক-স্ংস্কৃতিত কৃষি আৰু ডাক পুৰুষ
অমিতাৰ উন্নত কৃষি পদ্ধতি
আদা-হালধিৰ কৃষি কাহিনী