যি অঞ্চলত বোকা, বালিঅহীয়া, মাটিৰ ওপৰ ভাগত মজলীয়া বালিয়া মাটি থাকে, তেনেকুৱা মাটি এই খেতিৰ বাবে উপযোগী।
জাতসমূহ(মণ্ডল ভিত্তিক অনুমোদন)ঃ
জাত |
কৃষি জলবায়ু পৰিমণ্ডল |
কৃষিকাল (দিন হিচাপত) |
গড় অনুপাতে গা-গছৰ উচ্চতা(চে:মি:) |
(ক)আধুনিক অৰ্দ্ধচাপৰ জাতঃ |
|||
গোবিন্দ |
২, ৩, ৪, ৫, ৬ |
১০৫-১১০ |
৯৫ |
আই-আৰ-৫০ |
২, ৩, ৪, ৫, ৬ |
১০৫-১১০ |
৮৫ |
আই-অৰ ৮/জয়া |
৬ |
১৩০-১৪০ |
১০০-১০৫ |
ৰাচী |
১, ২, ৪, ৬ |
১১০-১১৫ |
৯০ |
আই-আৰ-৩৬ |
১, ৩, ৮, ৬ |
১১০-১২০ |
৮৫ |
কলচাৰ-১ কেলিঙ্গ-৩) |
২, ৩, ৪, ৫ |
৮০-৯০ |
৭৫-৮৫ |
চি আৰ এম |
৬ |
- |
- |
খ)ওখ জাতঃ |
|||
বাঙলামী |
১ ক, ৪ |
১১৫-১২০ |
১০০ |
১৪০ ৰঙাদৰীয়া |
১, ৩, ৪ |
১১৫-১২০ |
১০০ |
ডুবাই চেঙা |
১ |
১১৫-১২০ |
১০০ |
চি-এইচ-৬৩ |
১, ২, ৩, ৪ |
১১০-১১৫ |
১০০ |
আহু জহা |
১ ক, ৪ |
|
১০০ |
ডোগাৰঙা |
১ |
১১০-১২০ |
১০০ |
ক’লা ছোপিলা |
৩ |
৮৫-৯৫ |
১০০ |
ইহাজিত |
৩ |
|
১০০ |
পাঞ্জা শালি |
৩, ৪ |
১১০-১১৫ |
১০০ |
ফাপৰি আহু |
৩ |
৯৫-১০০ |
১০০ |
ক’ইজাপৰি |
৪ |
৯৫-১০৫ |
১০০ |
হাছা কুমুৰা |
৪ |
৮০-৮৫ |
১০০ |
গুণী |
৪ |
৮০-৮৫ |
১০০ |
ক’লা মাণিক |
৪ |
১১৫-১২০ |
১০০ |
ক’ই মুৰুলি |
৫ |
৯৫-১০০ |
১০০ |
মাইৰী |
৬ |
৯০-১০০ |
১০০ |
ডিমৰু |
৬ |
৯০-১০০ |
১০০ |
ল’টা গুণী |
১ |
১১০-১২০ |
১০০ |
হৰিণ কাজলী |
৪ |
১১০-১১৫ |
১০০ |
টোকাঃ (১) ব্ৰহ্মপুত্ৰৰ উত্তৰ মণ্ডল, (২) ব্ৰহ্মপুত্ৰৰ উজনী অঞ্চল মণ্ডল, (৩) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য মণ্ডল, (৪)ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি মণ্ডল, (৫) বৰাক উপত্যকা মণ্ডল, (৬) পাৰ্বত্য মণ্ডল।
অৰ্দ্ধ চাপৰ জাতৰ কৃষিকাল তিতাবৰত লোৱা পৰীক্ষাভিত্তিক লোৱা হৈছে। বাকী সকলোবিলাক জাতৰ কৃষিকাল প্ৰত্যেক মণ্ডলৰ ক্ষেত্ৰ অনুসন্ধান কেন্দ্ৰৰ পৰা যুগুত কৰা হৈছে।
ব্লাষ্ট ৰোগে আক্ৰান্ত কৰা অঞ্চল সমূহৰ বাবে অনুমোদিত নহয়।
বীজবোৰ পৰিস্কাৰ পানীত ডুবাই হাতেৰে লৰাই দিয়ক। ইয়াৰ পিছত ওপঙি উঠা বীজবোৰ আঁতৰাই লৈ তলত ডুব যোৱা বীজবোৰ নিৰ্বাচন কৰিব।
মাৰ্চ-এপ্ৰিল মাহত সিঁচিব লাগে।
বীজবোৰ এটা পাত্ৰত তলত দিয়া যিকোনো এটা ঔষধৰ লগত মিহলাই লওক। তেতিয়াহে ঔষধ বীজৰ সতে ভালদৰে মিহলি হ’ব।
ৰোগনাশক ঔষধৰ নাম |
প্ৰতি কিলোগ্ৰাম বীজৰ বাবে ঔষধৰ পৰিমাণ |
এক হেক্টৰ মাটিৰ বীজ শোধন কৰোতে হোৱা খৰছ |
ইন্দফিল এম-৪৫ |
২.৫ গ্ৰাম |
৪৪.০০ টকা |
কেপটাক |
২.৫ গ্ৰাম |
৬৬.০০ টকা |
ফোলটাফ |
২.৫ গ্ৰাম |
১০৬.০০ টকা |
মাটিডৰা ৩-৪ বাৰ হাল বাই চহাই মৈ দি সমান কৰি লব, যাতে সকলো ঠাইতে সমানে পানী থাকে। মাটি প্ৰস্তুত কৰোতে পচন সাৰ প্ৰয়োগ পৰিব।
হেক্টৰে প্ৰতি ১০ টন কৈ নাইবা বিঘাই প্ৰতি ১৫ কুইণ্টলকৈ পচন সাৰ প্ৰয়োগ কৰিব লাগে।
পুষ্টিৰ পৰিমাণ (কি:গ্ৰা/হে:ত) |
ৰাসায়নিক সাৰ (কি:গ্ৰা/হেক্টৰ) |
সাৰৰ পৰিমাণ (কি:গ্ৰা/বিঘা) |
ক) আধুনিক অৰ্দ্ধ চাপৰ জাতঃ
নাইট্ৰজেন ৪০ |
ইউৰিয়া ৮৮ |
১২ |
ফচফৰাচ ২০ |
একক চুপাৰ ফচফেট ১২৫ |
১৭ |
পটাছ ২০ |
মিউৰেট অৱ পটাছ ৩২ |
৪ |
খ) ওখ জাত আৰু কলিঙ্গ ৩(থ্লুৱা জাত)ঃ
নাইট্ৰজেন ২০ |
ইউৰিয়া ৪৪ |
৬ |
ফচফৰাচ ১০ |
একক চুপাৰ ফচফেট ৬২ |
৯ |
পটাছ ১০ |
মিউৰেট অৱ পটাছ ১৭ |
৩ |
১ন্ং পৰিমণ্ডলৰ বাবে নাইট্ৰ্জেন, ফচফৰাছ, আৰু পটাছৰ পৰিমাণ প্ৰতি হেক্টৰত ৩০:৩০:২০ কিলোগ্ৰামকৈ অনুমোদন কৰা হৈছে। দানা যুক্ত মিশ্ৰিত ৰাসায়নিক সাৰ পৰিমিত পৰিমাণত প্ৰয়োগ কৰিব পাৰে।
ডি, এ, পি, সাৰ অকল বা ৰকফচফেট সাৰৰ লগত অনুমোদিত হাৰত (৮০:২০:২০) হিচাপে একক চুপাৰ পগচফেট বা মিচৌৰী ফচফেটৰ সলনি ব্যৱহাৰ কৰিব পাৰি।
১) মাটিডৰা শেষবাৰ চহাই লোৱাৰ সময়ত সমুদায় ফচফৰাচ সাৰ প্ৰয়োগ কৰিব।
২) বীজ অঙ্কুৰিত হোৱাৰ ১৫-২৫ দিনৰ পিছত, প্ৰথমবাৰ নিৰনিৰ সময়ত আধাভাগ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।
৩) বীজ অঙ্কুৰিত হোৱাৰ ৪৫-৫০ দিনৰ পিছত, দ্বিতীয়বাৰ নিৰনিৰ সময়ত বাকী থকা আধা অংশ নাইট্ৰ’জেন আৰু প’টাছ সাৰ টপদ্ৰেছ হিচাপে প্ৰয়োগ কৰিব।
১) শাৰীৰদ্ধঃ ২০ চে:মি: আঁতৰে আঁতৰে শাৰীবদ্ধ ভাৱে বীজ হেক্টৰে প্ৰতি ৭৫ কেজি বা বিঘাই প্ৰতি ১০-১২ কেজি সিঁচিব।
২) সিঁচি দিয়া পদ্ধতিঃ হেক্টৰে প্ৰতি ১০৫-১১০ কেজি বা বিঘাই প্ৰতি ১৪ কেজি।
১) বীজ সিঁচাৰ ২-৩ সপ্তাহ পিছত চক্ৰকোৰ, শুকান মাটিৰ নিৰনি যন্ত্ৰ, বিন্ধা বা মৈ ব্যৱহাৰ কৰি বন-বাত নিৰাই দিব। বীজ চক্ৰ কোৰ নাইবা শুকান মাটিত নিৰণি যন্ত্ৰ নাথাকিলে হাতেৰেই বন-বত উভালি দিব। বন-বাত নিৰাই দিয়াৰ পিছত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব।
২) বন-বাত নিৰোধক ৰাসায়নিক সাৰ হিচাপে, গজালি ওলোৱাৰ আগেয়ে প্ৰয়োগ কৰা ঔষধ হিচাপে প্ৰতি হেক্টৰত ২ কিলোগ্ৰামকৈ বুটাক্লোৰ ঔষধ বীজ সিঁচাৰ ২-৩ দিনৰ পিছতে প্ৰয়োগ কৰিব। বীজ সিঁচাৰ ৩০-৩৫ দিনৰ পিছত হাতেৰে বাৰ বন –বাত নিৰাই দিব। পাহাৰীয়া অঞ্চলৰ বাবে বুটাক্লোৰ ঔষধ প্ৰতি হেক্টৰত ১.৫ কিলোগ্ৰামকৈ। গুটি সিঁচাৰ ৩৫ দিন আৰু ৫০ দিনৰ পিছত হাতেৰে এবাৰকৈ বন-বাত নিৰাই দিব।
অপতৃণ আৱশ্যকৰ পৰিমাণ ক খ ১০০
ক = অনুমোদিত অপতৃণ নাশক ঔষধৰ পৰিমাণ।
খ = অপতৃণৰ নাশক ঔষধ প্ৰয়োগ কৰিব লগা মাটিৰ পৰিমাণ।
গ = অপতৃণ নাশক ঔষধত প্ৰকৃত শক্তিৰ পৰিমাণ
ক) পোক-পৰুৱাঃ
১) ধান গছত পোক-পৰুৱাৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব লাগে(১নং তালিকা)। যিবোৰ পোক-পৰুৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিসীমা দিয় হোৱা নাই সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখা দিয়াৰ লগে লগে ঔষধ প্ৰয়োগ কৰিব।
২) ২ নং তালিকাৰ অনুমোদন অনুযায়ী বিভিন্ন পোক-পৰুৱাৰ নিয়ন্ত্ৰনৰ বাবে ঔষধ প্ৰয়োগ কৰিব।
খ) ৰুটনট নিমাটোডঃ
এই ৰোগে আক্ৰান্ত কৰা অঞ্চলসমূহত শস্যৰ প্ৰথম অৱস্থাত খেতিডৰাক এই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া যিকোনো এবিধ দানাযুক্ত কীটনাশক ঔষধ বীজ সিঁচাৰ ৫-৭ দিনৰ পিছত প্ৰয়োগ কৰিব।
১) কাৰ্বোফুৰাণ (ফুৰাডন ৩ জি) প্ৰতিবৰ্গমিটাৰত ৩ গ্ৰামকৈ।
২) ফোৰেটে (থিমেট ১০ জি) প্ৰতিবৰ্গমিটাৰত ১ গ্ৰামকৈ।
৩) ডায়েজিনন (বাচুদিন ১০ জি) প্ৰতিবৰ্গমিটাৰত ১ গ্ৰামকৈ।
ক) গোবিন্দ, কাবেৰি, আই আৰ-৩৬, কালচাৰ-১, আৰু চি এইচ ৩৬ আদিৰ দৰে ব্লাষ্ট বেমাৰ প্ৰতিষেধক গুণবিশিষ্ট জাতৰ খেতি কৰিব।
খ) আগতে কৈ অহাৰ দৰে বীজবোৰ শোধন কৰি ল’ব।
গ) ব্লাষ্ট বেমাৰ নিয়ন্ত্ৰণৰ বাবে সময়মতে ঔষধ প্ৰয়োগ কৰাটো অতি জৰুৰী। ধানৰ ওপৰত ৫ টা পাত লক্ষ্য কৰিব। যদি পাতৰ শতকৰা ৫ ভাগ ব্লাষ্ট ৰোগৰ দ্বাৰা ক্ষতি হৈছে তেনেহলে শস্য ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব। সাধাৰণতে ৩ বাৰ ঔষধ প্ৰয়োগ কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। পোখা মেলা সময়ত(বীজ সিঁচা ৪০-৪৫ দিনৰ পিছত) প্ৰতিলিটাৰ পানীত একগ্ৰামকৈ বেভিষ্টিন নাইবা টপছিল এম ৭০% (পানীত গুলিব পৰা) ঔষধ প্ৰয়োগ কৰিব। তাৰ পিছত ফুঅল ওলোৱাৰ লগে লগে এবাৰ এবাৰকৈ মুঠতে ২ বাৰ হিনোচান ঔষধৰ ১ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব।
ক) গোবিন্দ, আই আৰ ৩৬ ৰ নিচিনা ৰোগ প্ৰতিষেধক গুণ বিশিষ্ট জাতৰ খেতি কৰিব।
খ) যদিহে ইতিমধ্য এই বেমাৰ দেখা দিছে তেনেহলে ফুল ধৰা সময়ত নাইট্ৰ’জেন সাৰ টপড্ৰেছিং নকৰিব। তাৰ সলনি প্ৰতি হেক্টৰত ১০ কিলোগ্ৰামকৈ পটাছ নাইবা প্ৰতি বিঘাত ৫ কিলগ্গ্ৰামকৈ পটাছ শতকৰা ৩ ভাগ মিশ্ৰণ হিচাপে স্প্ৰে কৰিব।
ক) বীজবোৰ ২৪ ঘণ্টা সময় তলত দিয়া যিকোনো এটা ঔষধৰ মিশ্ৰণত ডুবাই ৰাখিব। টপছিন এম (থোয়োফেনেড মিঠাইল), বেনলেট(বেনোমিলা), বেভিষ্টিন (এন বি চি), ডেৰোচল (এম বি চি) প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ ঔষধ মিহলাব।
খ) ৰোগে আক্ৰান্ত কৰা গছবোৰ খেতিপথাৰৰ পৰা উভালি আঁতৰাই পেলাব।
বৰষুণৰ বতৰত সাধাৰণতে আহুধান চপাবৰ হয়। সেয়েহে শস্যত থকা জলীয় বাষ্পৰ পৰিমাণ বেছি হোৱাৰ বাবে শস্যৰ ৰ্ং বিবৰ্ণ হৈ যোৱাৰ উপৰিও সময়ে সময়ে গজালি ওলায়। সেয়েহে এই সমস্যাৰ পৰা হাত সাৰিবলৈ ০.০৫% ভাগ ডাসইকট নাইবা ০.১% ভাগ পেৰাকট নাইবা ১০% নিমখ মিশ্ৰণ শতকৰা ৫০ ভাগ ফুল ওলোৱাৰ পিছত , প্ৰতি হেক্টৰত ১০০০ লিটাৰকৈ ষ্প্ৰে কৰিব। এই ৰাসায়নিক পদাৰ্থবোৰ শস্য পৈণত হোৱাৰ সময় ৫-৭ দিনলৈ আগুৱাই দিয়ে।
উৎসঃ কৃষি বিভাগ, অসম
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
বায়বীয় ধান
ধানখেতিৰ কীট-পতংগ নিয়ন্ত্ৰণ
ধানৰ প্ৰবলীকৰণ পদ্ধতি বা ‘শ্ৰী’ৰ বিষয়ে কিছু কথা