ধানৰ উন্নত জাতসমূহ
আহু, শালি, বৰো আৰু বাওধানৰ বাবে মাটি আৰু পানীৰ পৰিস্থিতি সাপেক্ষে বেছি উৎপাদন দিব পৰা আধুনিক জাত সমূহ উৎপাদন বৃদ্ধিৰ সচাঁৰ কাঠী৷
আহুধান
সিচাঁ আৰু ৰোৱা তথা আগতীয়া আৰু নিয়মীয়া আহুধানৰ জাত
লুইত আৰু কপিলী
অতি কমদিনীয়া (৯৫-১০০) অৰ্দ্ধচাপৰ জাত ৷ দ’ চানেকীয়া মাটিত শুকানে সিচাঁ আৰু ৰোৱাৰ বাবে উপযুক্ত ৷ বানপানী হোৱা অঞ্চলত বানপানী হোৱাৰ আগতে চপাব পাৰি ৷ ধানৰ আকাৰ মোটা ৷
লাচিত আৰু চিলাৰায়
কমদিনীয়া (১২০-১২৫) অৰ্দ্ধচাপৰ জাত ৷ ৰোৱা আহুৰ বাবে উপযুক্ত ৷ ধানৰ আকাৰ মোটা ৷
গোবিন্দ
কমদিনীয়া (১১০-১১৫) খৰাং সহ্য কৰিব পৰা জাত ৷ সিচাঁ আৰু ৰোৱা আহুৰ বাবে উপযুক্ত ৷
ৰাচী
আই আৰ–৩৬ আৰু আই আৰ–৫০
কমদিনীয়া (১১৫-১২০) জাত ৷ ৰোৱা আহুৰ বাবে উপযুক্ত ৷
কমদিনীয়া (১১৫-১২০) জাত ৷ ৰোৱা আহুৰ বাবে উপযুক্ত ৷ ধানৰ আকাৰ দীঘলীয়া, লাহি ৷
শালিধান
শালি বতৰত নিয়মীয়া বা শেহতীয়া আৰু মাটি পানীভেদে কৰিব পৰা জাত বেলেগ বেলেগ৷
মনিৰাম, কুশল আৰু পঙ্কজ
তাকৰীয়া অথচ ফুলফুলাকৈ পানী থকা দ’ চানেকীয়া মাটিৰ বাবে উপযুক্ত দীৰ্ঘদিনীয়া (১৫০-১৫৫) অৰ্দ্ধচাপৰ জাত ৷ ধানৰ আকাৰ মজলীয়া ৷
পিয়লি, ৰঞ্জিৎ আৰু বাহাদুৰ
নিয়মীয়া পানী থকা দ’ মাটিৰ বাবে উপযুক্ত, দীৰ্ঘদিনীয়া (১৫০) লাহি, অৰ্দ্ধচাপৰ জাত ৷
বৈদেহী(আই,ই,টি–১০০১৬)
দ’ মাটিৰ বাবে উপযুক্ত, দীৰ্ঘদিনীয়া অৰ্দ্ধচাপৰ লাহি ধান ৷
মাচুৰী
মজলীয়া ধৰণৰ মাটিৰ বাবে উপযুক্ত,মধ্যমীয়া ওখ, দীৰ্ঘদিনীয়া (১৪৫) লাহি ধান ৷
সত্যৰঞ্জন, বসুন্ধৰা
মজলীয়া ধৰণৰ মাটিৰ বাবে উপযুক্ত, অৰ্দ্ধচাপৰ মধ্যমদিনীয়া (১৩৫) ৷ ৰবিশস্যৰ বাবে মাটি সময়মতে আজৰি হোৱাকৈ চপাব পৰা লাহি ধানৰ জাত ৷
মনোহৰ শালি
বেছি দ’মাটিৰ বাবে উপযুক্ত ওখ জাত, অতি সাৰুৱা মাটিত বাগৰি পৰে ৷ ধানৰ আকাৰ মোটা৷
বৰাধান
আঘোণী, ভোগালী
বৰা ধানৰ অৰ্দ্ধচাপৰ অধিক উৎপাদনক্ষম জাত ৷ শালিৰ সময় মতে কৰিব পাৰি ৷ চাউলৰ ৰং বগা ৷
ৰঙিলী
বৰা ধানৰ অধিক উৎপাদনক্ষম ওখ জাত ৷ নিয়মীয়া সময়ত কৰাৰ বাবে উপযুক্ত ৷ চাউলৰ ৰং বগা ৷
জহাধান
কেতেকী জহা
অধিক উৎপাদনক্ষম সময়মতে কৰিব পৰা জহা ধানৰ মধ্যমীয়া ওখজাত ৷
শেহতীয়া শালি
মনোহৰ শালি, এণ্ডিউ শালি
বুঢ়া কঠীয়া (৬০ দিন) ভাদৰ শেহলৈকে ৰুব পৰা মোটা ধানৰ জাত ৷ আহিনৰ মাজলৈকেও ৰুব পাৰি ৷
প্ৰসাদ ভোগ
বুঢ়া কঠীয়া (৬০ দিন) ভাদৰ তৃতীয় সপ্তাহলৈকে ৰুব পাৰি, লাহি জাত ৷
সত্যৰঞ্জন, বসুন্ধৰা
কুমলীয়া কঠীয়া (২১-২৫ দিন) ভাদৰ শেহলৈকে ৰুব পৰা মোটা ধান ৷ এই কেইবিধ জাত কঠীয়া সিঁচাৰ দৰে গজালি উলিয়াই বোকা মাটিত ভাদৰ ২৫ তাৰিখলৈকে সিঁচিও কৰিব পাৰি ৷
বৰোধান
কিছু পৰিমাণে ঠাণ্ডা সহ্য কৰিব পৰা বৰো ধানৰ উন্নত জাত উদ্ভাৱিত হৈছে ৷ অৱশ্যে সাৱধান হোৱা উচিত যাতে পানী হোৱাৰ আগতে ধান চপাব পৰা হয় ৷
জয়মতী
মধ্যমীয়া ওখ আৰু মধ্যমদিনীয়া (১৭৫) লাহি ধানৰ জাত ৷ পানী যোগানৰ ব্যৱস্থা থকা মাটি আৰু শেহতীয়াকৈ কঠীয়া পৰা অৱস্থাৰ বাবে উপযুক্ত ৷
বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ আৰু গৌতম
মধ্যমদিনীয়া (১৬০-১৬৫) অৰ্দ্ধচাপৰ আৰু মজলীয়া মোটা ধানৰ জাত ৷ পানী যোগানৰ ব্যৱস্থা থকা মাটিৰ বাবে শেহতীয়াকৈ কঠীয়া পৰা জাত ৷
মাচুৰী
মধ্যমদিনীয়া (১৮০) আৰু শীত সহ্য কৰিব নোৱাৰা লাহি ধানৰ ওখ জাত৷ আগতীয়াকৈ কঠীয়া পৰা জাত ৷
বৰো-১, বৰো-২
কমদিনীয়া (১৫০-১৬৫) জাত ৷ অতি দ’ বা বিল অঞ্চলৰ বাবে উপযুক্ত জাত৷ মোটা ধান৷
কালচাৰ–১
অতি কমদিনীয়া (১৪০) মোটা জাতৰ ধান ৷ শেহতীয়াকৈ কঠীয়া পৰা জাত৷
কলিঙ্গ-২
মধ্যমদিনীয়া (১৭৫) অৰ্দ্ধচাপৰ জাত ৷ শেহতীয়াকৈ কঠীয়া পৰা আৰু মোটা ধানৰ জাত ৷
আই আৰ-৫০
কমদিনীয়া (১৫৫) দীঘলীয়া আকাৰৰ গুটিৰ অৰ্দ্ধচাপৰ জাত ৷ জলসিঞ্চন থকা মাটিৰ বাবে শেহতীয়াকৈ ৰোৱা জাত ৷
বাওধান
অতি দ’ অঞ্চলত কৰিব পৰাকৈ বাও ধানৰ দুটা নতুন মোটা জাতৰ ধান অসমতে উদ্ভাৱিত হৈছে৷ পদ্মনাথ, পানীন্দ্ৰ৷
কঠীয়া পৰা প্ৰণালী
মাটি নিৰ্বাচন
- ৰ’দ ঘাই সমান আৰু পানীৰ উৎসৰ ওচৰত থকা মাটি বাচি ল’ব ৷
- প্ৰয়োজন সাপেক্ষে পানী উলিয়াই দিব পৰা ব্যৱস্থা থাকিব লাগে ৷
- অতি বালিয়া বা অতি আলতীয়া মাটি কঠীয়া তলিৰ বাবে উপযুক্ত নহয় ৷
বীজ শোধন
- নিৰ্ভৰযোগ্য অনুষ্ঠানৰ পৰা সংগহ কৰা বীজ নহলে বেমাৰ আজাৰৰ বাবে শোধন কৰি লোৱা ভাল ৷
- শুকানে সিচাঁ ধানৰ বাবে বীজ শুকানে শোধন কৰিব আৰু কঠীয়া পৰাৰ বাবে বীজ ঔষধ মিহলোৱা পানীত তিয়াই শোধন কৰিব ৷
ঔষধবোৰ হ’ল
- ডাইথেন এম ৪৫, কেপটাফ্ আৰু ফলটাফ্ নামৰ ঔষধৰ প্ৰতি কিলোগ্ৰাম বীজৰ বাবে ২.৫ গ্ৰাম বা ওপৰ সমানকৈ এচামুচ ৷
- শুকান বীজৰ লগত উক্ত ঔষধ সমূহৰ যি কোনো এবিধৰ ২.৫ গ্ৰাম প্ৰতি কি:গ্ৰাম বীজৰ লগত মিহলাই ড্ৰাম বা টিনত বন্ধ কৰি পাঁচ মিনিটমান সময় জোকাৰি থাকিলে ঔষধবোৰ বীজত মিহলি হব ৷
- এইবোৰ ঔষধৰ অভাৱত বেভিষ্টিন একগ্ৰাম প্ৰতি কি: গ্ৰাম বীজৰ লগত মিহলাব পাৰে ৷
- তিয়াব লগা বীজৰ ক্ষেত্ৰত উক্ত ঔষধ সমূহৰ ২.৫ গ্ৰাম বা বেভিষ্টিন ঔষধৰ ১.০ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ১ কি:গ্ৰা:বীজ হিচাবে তিয়াই থ’ব৷ সেই বীজখিনি পিছত গাপ দিলেই হ’ল ৷
বোকা কঠীয়া তলী
- কঠীয়া পৰাৰ এমাহ আগতে গোবৰ/পচন সাৰ চতিয়াই লৈ সমাৰ বাই থ’ব ৷
- যিমান মাটি ৰুব তাৰ দহ ভাগৰ এভাগ মাটিত কঠীয়া পাৰিব ৷ এইদৰে দহকঠা অৰ্থাৎ দুবিঘা মাটিৰ বাবে কঠীয়াতলী হ’ব লাগিব ১ কঠা ৷
- বিঘাই প্ৰতি ৫ কিলোগ্ৰামকৈ বীজৰ প্ৰয়োজন হলে ১ কঠা কঠীয়া তলীত ১০ কিলো বীজ সিঁচিব ৷
- কঠীয়াতলী ৬-৮ চাহ মাৰি মৈয়াই খুব ভালদৰে চাহ কৰিব আৰু ওপৰভাগ সমান কৰিব ৷
- প্ৰস্তুত কৰা ডৰাটো ৪ ফুট বহল কৈ মাজত খোজেৰে এফুট মানৰ বাট ৰাখি চিতা কৰিব ৷ বোকা অলপ টান হ’লে এই বাটৰ মাটিখিনি কোৰেৰে আতৰাই পেলালে নলা হ’ব ৷
- এতিয়া ফলিয়া বাহেৰে প্ৰতিখন চিতা পুনৰ সমান কৰি লওঁক ৷
- শেষৰ চাহত প্ৰতি কঠাত ১৭০০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ৮০০ গ্ৰাম মিউৰিয়েট অৱ পটাচ্ সাৰ প্ৰয়োগ কৰিব ৷
গুকান কঠীয়াতলি
- বিশেষ পৰিস্থিতিত (খৰাং) শুকান কঠীয়াতলী কৰা হয়৷
- এমাহ আগতে গোবৰ/পচনসাৰ দি সমাৰ বাই থ’ব৷
- সিচাঁৰ আগতে ৮-১০ চাহ মাৰি মৈয়াই মাটি ধুলিয়াৰি কৰি ল’ব৷
- শেষৰ চাহত প্ৰতি কঠাৰ তলীত ১৭০০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷
- চাৰি ফুটৰ অন্তৰে অন্তৰে এফুটকৈ বাট ৰাখিব যাতে তলীখন চিতা চিতা হয়৷
- পাতলীয়াকৈ নাঙলেৰে সীৰলু উলিয়াই শুকান বীজ সিচিঁব, আৰু পাতলীয়াকৈ মৈ মাৰি বীজবোৰ মাটিৰে ঢাকি দিব৷
- ওপৰত শুকান গোবৰৰ গুৰি চটিয়াই দিব পাৰিলে জীপ ৰখাত সহায় কৰিব ৷
- বীজবোৰ বেছি দ’ত পৰিব নালাগিব আৰু মাটিখিনি পিত খুৱাব লাগিব ৷
ডাপগ পদ্ধতি
- বিশেষ পৰিস্থিতিৰ (বানপানী) কঠিয়াৰ অভাৱত এই পদ্ধতিৰে কঠিয়া কমদিনতে পাব পাৰি ৷
- পকা মজিয়া, চোতালৰ চুক, সমান টিনপাত আদি টান সমতলৰ ওপৰত পলিথিন পাৰি লৈ গজালি উলিওৱা বীজ ঘনকৈ সিঁচিব ৷
- এক বৰ্গমিটাৰত প্ৰায় ১.৫ কিলোগ্ৰাম বীজ সিঁচিব ৷
- বীজতলী পানীৰে পাতলীয়াকৈ তিয়াই ৰাখিব আৰু প্ৰথম তিনিদিন মানলৈ হাতেৰে লাহে লাহে মাজে মাজে হেচাঁ দিব যাতে শিপাই পানী পাই থাকে ৷
- কঠীয়া এক ইঞ্চিমান ওখ হলে আধা ইঞ্চিমান পানী ৰাখিব ৷
- অতি ঘন বাবে কঠীয়াৰ শিপাই জট বান্ধিব আৰু দুসপ্তাহতে কঠীয়া নুৰিয়াই পথাৰলৈ নি, ফালি ফালি ৰুব পাৰিব৷
- একঠাৰ ডৰা এটা ৰুবলৈ ১ বৰ্গমিটাৰতকৈ অলপ বেছি ডাপগ কঠীয়া লাগে ৷
- সময়মতে নুৰুলে মাটিৰ অভাৱত ডাপগ কঠীয়া মৰি যাব ৷
বীজ তিওৱা
- বীজে পানী শুহি নললে গজালি নোলায় ৷
- শোধন কৰিলে ঔষধ মিশ্ৰিত পানীতে বীজ তিয়াব ৷
- বহল পাত্ৰ যেনে কেৰাহী, থালি আদিত বীজ তিয়াব ৷
- টেমাত তিয়ালেও অপকাৰ নহয় ৷বস্তাত তিয়ালে চিমেন্ট আদিৰ প্লাষ্টিক বস্তা নল’ব ৷ বস্তাত যদি ৭০ কিলোগ্ৰাম ধৰে তেনেহলে ৪০ কিলোগ্ৰাম মান বীজ হে ভৰাব৷ বস্তাৰ একেবাৰে ওপৰত মুখখন গাঠি দি এনেভাৱে বন্ধ কৰিব যাতে সকলো খিনি বীজে পানী শুহি ফুলিব পাৰে৷ বস্তাত বেছিকৈ বীজ ভৰালে বীজে ভালকৈ পানী নুশুহিব আৰু সকলোখিনি নগজিব ৷
- গৰমত ২৪ ঘন্টা আৰু ঠাণ্ডাত ৩৬ ঘন্টা বীজ তিয়াব ৷
গাপ দিয়া
- এনে ফ্ৰেম উঠাই নিব পৰাকৈ কৰিব আৰু ৰাতিৰ ভাগত ঠাণ্ডা সোমাব নোৱাৰাকৈ কাষবোৰ বোকাৰে বন্ধ কৰি দিব ৷
- কঠীয়া উঠোৱাৰ ৭ দিন মান আগৰে পৰা ১-২ ঘন্টাকৈ দিনত ফ্ৰেমটো উঠাই থ’ব ৷ এনে কৰিলে মুকলি পৰিবেশৰ লগত কঠীয়াই নিজকে খাপ খুৱাব পৰা হয় ৷
- পলিথিনৰ ফ্ৰেম আঁতৰোৱাৰ পদ্ধতি হ’ল প্ৰথম দিনা দুঘন্টা আৰু পিছত ক্ৰমে বঢ়াই দি দুদিনমান সম্পূৰ্ণ উন্মুক্ত কৈ ৰাখিব লাগে ৷
- গজালি ওলাবলৈ ধান গৰম হ’ব লাগিব ৷
- মাটিৰ ওপৰত পলিথিন, কলপাত আদি পাৰি ল’ব ৷
- গৰম আনিবলৈ ওপৰত ফটা বস্তা আদিৰে ভালকৈ গাপ দিব ৷
- ঠাণ্ডাৰ দিনত (বৰো) পাৰিলে ৰ’দ খুৱাব ৷
- গৰমত ২৪-৩৬ ঘন্টা আৰু ঠাণ্ডাত ৩৬-৪৮ ঘন্টা গাপ পালে গজালি ওলাব ৷
- গাপ দিয়া সময়ত যাতে বীজখিনি ওলাই নাযায় তালৈ লক্ষ্য ৰাখিব ৷ আৱশ্যক হ’লে পানী ছতিয়াই থাকিব ৷
- গজালি ওলালে সিঁচাৰ কাম আৰাম্ভ কৰিব ৷
- বৰো কঠীয়া শীতৰ প্ৰভাৱৰ বাবে দ্ৰুতগতিত নাবাঢ়ে ৷
- বাঁহৰ কামিৰে কৰা ফ্ৰেমত বন্ধ পলিথিন লগাই বৰোধানৰ কঠীয়াতলীৰ ওপৰত দি থ’লে ৰ’দ আৰু গৰম সমানে পাব৷ কঠীয়াতলীৰ দৈৰ্ঘ্য বেচি হ’লে পলিথিনৰ ফ্ৰেম সুবিধা আনুযায়ী বঢ়াই লব পাৰে ৷
- এনে ফ্ৰেম উঠাই নিব পৰাকৈ কৰিব আৰু ৰাতিৰ ভাগত ঠাণ্ডা সোমাব নোৱাৰাকৈ কাষবোৰ বোকাৰে বন্ধ কৰি দিব ৷
- কঠীয়া উঠোৱাৰ ৭ দিন মান আগৰে পৰা ১-২ ঘন্টাকৈ দিনত ফ্ৰেমটো উঠাই থ’ব ৷ এনে কৰিলে মুকলি পৰিবেশৰ লগত কঠীয়াই নিজকে খাপ খুৱাব পৰা হয় ৷
- পলিথিনৰ ফ্ৰেম আঁতৰোৱাৰ পদ্ধতি হ’ল প্ৰথম দিনা দুঘন্টা আৰু পিছত ক্ৰমে বঢ়াই দি দুদিনমান সম্পূৰ্ণ উন্মুক্ত কৈ ৰাখিব লাগে ৷
বানাক্ৰান্ত অঞ্চলত ধান খেতি
বানাক্ৰান্ত অঞ্চলত ধান খেতি
অসমত বছৰি পায় ৫ লাখ হেক্টৰ খেতি মাটিত বানপানী হয় ৷ অসমত দুই ধৰণৰ বানাক্ৰান্ত অঞ্চল আছে ৷
১) প্ৰতি বছৰে বানপানী হোৱা :পাহাৰ অঞ্চলত হোৱা বৰষুণৰ পানী ভৈয়ামলৈ বাগৰি আহি সময় মতে ওলাই যাব নোৱাৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে ৷ অতি দ’ অঞ্চল য’ত নৈৰ পৃষ্ঠৰ পানী ওফন্দি পানীয়ে বুৰাই বা ওভতনি মাৰে আৰু বছৰি মথাউৰি ছিগি পানী হোৱা দ’ অঞ্চল ৷ এইবোৰ অঞ্চলত কৃষকে বাম ঠাইত কঠীয়া পাৰি থয় ৷
২) মাজে মাজে বা হঠাৎ পানী হোৱা : নৈৰ সোঁত সলনি হৈ পাৰ বা মথাউৰি ভাগি সচৰাচৰ পানী নোহোৱা অঞ্চলো প্লাৱিত কৰে ৷ এনে অঞ্চলত ৰাইজে নিয়মীয়া খেতি কৰে যদিও পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে আৰু তাক পুৰণ কৰিবলৈ সঁচ কঠীয়াকৈ নাথাকে ৷
বানাক্ৰান্ত অঞ্চলত ধান খেতিৰ প্ৰধান কৌশল সমুহ
(ক) পোহৰ সংবেদনশীল জাতৰ বুঢ়া কঠীয়া ৰোৱা
পৰিস্থিতি
প্ৰতি বছৰে বানপানী হোৱা অঞ্চল ৷
জাত
পোহৰ সংবেদনশীল অৰ্থাৎ কাতিবিহুৰ সময়ত ফুলা দীৰ্ঘদিনীয়া ওখ জাত ৷ যেনে : মনোহৰ শালি, এণ্ডিউ শালি আৰু অৰ্দ্ধচাপৰ জাত যেনে – বিৰাজ৷
কঠীয়া
- সচৰাচৰ পানী নুঠা বাম মাটিত কঠীয়া পাৰিব ৷
- কঠীয়া নিয়মীয়া শালিতকৈ ঘনকৈ ( একঠা মাটিত ১২-১৫ কিলো) পাৰিব ৷
- নিয়ম মতে সাৰ প্ৰয়োগ কৰিব ৷
- প্ৰয়োজন সাপেক্ষে মিউৰিয়েট অৱ পটাছ (কঠাত ২৫০ গ্ৰাম) টপদেছ কৰিব ৷
- জুলাই মাহত (আহাৰ ১৫- শাওণ ১৫) কঠীয়া পাৰিব ৷
- সম্ভাব্য পানী শুকাই মাটি ওলোৱাৰ দিনৰ দুমাহ আগত কঠীয়া পাৰিব ৷
ৰোৱা
- কঠীয়াৰ বয়স ৫৫-৬০ দিন হ’লেই ভাল ৷
- কহুঁৱা ফুলালৈকে ৰোৱাৰ সময় থিক থাকে ৷
- ভাদ মাহৰ পৰাই বুঢ়া কঠীয়া ৰুলে গোছাত ৬-৭ ডালকৈ দিব আৰু ঘনাই (৮"x৬" বা ৬"x৬" দুৰত) ৰুব ৷
- থিয় পোনকৈ ৰুব আৰু বেছি দ’ত নুপুতিব ৷
সাৰ প্ৰয়োগ
-
শেষৰ বা ৰোৱণী চাহত আটাইখিনি সাৰ প্ৰয়োগ কৰি হাল বাই মাটিত সাৰ মিহলি কৰি দিব ৷
-
ডি. এ, পি ৩ কিলোগ্ৰাম, ইউৰীয়া ৫ কিলো গ্ৰাম আৰু মিউৰিয়েট অৱ পটাচ ৪ কিলোগ্ৰাম নাইবা চুপাৰ ফচফেট ৯ কিলোগ্ৰাম, ইউৰীয়া ৬ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাচ ৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰক ৷
-
ধান ফুলিবলৈ অতি কম দিন পায় হেতুকে ইয়াত টপদেছ কৰাৰ প্ৰয়োজন নহয় ৷ আটাইখিনি সাৰ শেষৰ চাহতে প্ৰয়োগ কৰিব ৷
(খ) অতি কমদিনীয়া জাতৰ কুমলীয়া কঠীয়া ৰোৱা
অতি কমদিনীয়া (১০০ দিনৰ তলৰ) জাতৰ যেনে- লুইত, কপিলী, কালচাৰ – ১, হীৰা আদিৰ ২০-২৫ দিনীয়া কঠীয়া ৰুব পাৰি ৷
পৰিস্থিতি
সচৰাচৰ বানপানী হোৱা আৰু হঠাৎ বানপানী হৈ কঠীয়া নষ্ট কৰা এই দুয়ো অঞ্চলতে এই পদ্ধতিৰে ধান খেতি কৰিব পাৰি ৷
কঠীয়া
- কঠীয়াতলী বাম ঠাইত নিৰ্বাচন কৰিব যাতে পানীয়ে নাপায় ৷
- কঠীয়াতলী পানীত ডুব গৈ থাকিলে ডাপগ পদ্ধতিৰে পাৰিব ৷
- লুইত, কপিলী, কালচাৰ-১ আদি জাতৰ কঠীয়া ভাদৰ ১৫ তাৰিখলৈকে পাৰিব ৷
সাৰ প্ৰয়োগ
- মাটি শেষৰবাৰ চাহ কৰাৰ সময়ত সম্পূৰ্ণ সাৰ প্ৰয়োগ কৰিব ৷
-
ইউৰীয়া ১২ কিলোগ্ৰাম, একক চুপাৰ ফচফেট ১৭ কি:গ্ৰা: আৰু মিউৰিয়েট অৱ পটাচ ৪ কি:গ্ৰা: প্ৰতি বিঘাত একেবাৰতে দিব ৷
-
অন্যথা ডি, এ, পি ৬ কি:গ্ৰা:, ইউৰীয়া ১০ কি:গ্ৰা: আৰু মিউৰিয়েট অৱ পটাচ ৪ কি:গ্ৰা: প্ৰতি বিঘা হিচাবতো দিব পাৰে ৷
- অতি কমদিনীয়া বাবে এই খেতিত টপদেচিং নকৰিলেও হয় ৷
ৰোৱা
(গ) দীৰ্ঘদিনীয়া জাতৰ কঠীয়া জীয়াই থৈ ৰোৱা
পোহৰ সংবেদনশীল দীৰ্ঘদিনীয়া জাতৰ কঠীয়া জীয়াই থৈ পুনৰ মূল পথাৰত ৰুব পাৰি ৷ এনে কৰিলে তিনিটা লাভ হয় ৷
- কঠীয়া গাঁঠি নধৰে আৰু কঠীয়াৰ সংখ্যা ২-৩ গুণ বাঢ়ি যায় ৷
- কঠীয়া সোনকালে সজাল ধৰে আৰু পোখাও মেলে ৷
- বুঢ়া কঠীয়াতকৈ উৎপাদন বেছি পোৱা যায় ৷
কঠীয়া
-
ৰীতি অনুসৰি আহাৰৰ শেষ ভাগত কঠীয়া পাৰিব ৷
-
কঠীয়াৰ বয়স ৩-৪ সপ্তাহ হোৱাৰ লগে লগে আন এডৰা পথাৰত ১৫" x ১৫" বা ২০"x ১০" দুৰত ৰুই থ’ব ৷
-
এই কঠীয়া পুনৰ ৩-৪ সপ্তাহৰ পিছত উঠাই পানী মুক্ত হোৱা পথাৰত ৰুব ৷
-
জীয়াই থোৱা কঠীয়াত পোখা মেলিব বাবে তাৰ পোখা ভাঙি ২-৩ গোছা সহজেই ৰুব পাৰিব৷
-
এনেকৈ ভাদৰ মাজভাগলৈকে উন্নত জাতৰ কঠীয়াও ৰুব পাৰি৷
-
পোহৰ সংবেদনশীল জাতৰ ক্ষেত্ৰত কঠীয়া তলীত আৰু জীয়াই থোৱা তলীত এসপ্তাহকৈ মুঠ দুসপ্তাহ ৰোৱাৰ সময় বঢ়াই দিব পাৰি৷
(ঘ) কমদিনীয়া জাত বোকাত সিঁচা
বোকা কৰা সমান পথাৰত অতি কমদিনীয়া (১০০ দিনৰ তলৰ) জাত গজালি উলিয়াই কঠীয়াৰ দৰে পাতলীয়াকৈ সিঁচিব পাৰি ৷
পৰিস্থিতি
- ঠাতে পানী হোৱা ঠাইত যদি কঠীয়া পৰা সম্ভৱ নহয়৷
- সচৰাচৰ পানী হোৱা ঠাইত কঠীয়াৰ অভাৱ হ’লে৷
- বাৰে বাৰে পানীয়ে মাৰি কঠীয়া নোহোৱা কৰিলে৷
মাটি প্ৰস্তুতি
- আগতে ৰোৱা ধান মাৰিলে এচাহ বাই মৈয়াই সমান কৰি ল’ব৷
- পিছৰ চাহৰ আগে আগে সাৰ প্ৰয়োগ কৰিব৷
- আগতে ৰোৱা মাটি নহলে চাৰি চাহৰ প্ৰয়োজন হ’ব৷
- পলস পৰা মাটি সমান হৈ থাকিলে প্ৰস্তুতিৰ প্ৰয়োজন নহয়৷
তিওৱা আৰু গাপ দিয়া
- কঠীয়া পৰাৰ দৰে একেই ৷
- শালি বতৰত এদিন এৰাতি তিয়াই এদিন এৰাতি গাপ দিলেও গজালি ওলাব ৷
সাৰ প্ৰয়োগ
- সাৰ প্ৰয়োগৰ হাৰ আৰু নিয়ম ৰোৱা পদ্ধতিৰ দৰে ৷
- একেবাৰতে নিদিৰ্ষ্ট নিৰিখত সাৰ প্ৰয়োগ কৰিব ৷
- সাৰ যাতে মাটিত মিহলি হয় তাৰবাবে এচাহ হাল বাই মৈয়াব ৷
সিঁচা
- বিঘা মাটিত ৮-১০ কি:গ্ৰা: হিচাপত বীজ সিচিঁব৷
- বোকা মাটিত সিচিঁবলৈ হ’লে মাটিৰ ওপৰভাগ সমান হ’ব লাগিব ৷
- সিচাঁৰ দুদিনৰ পৰা সাত দিনলৈ চৰায়ে খাব পাৰে, তাৰবাবে সাৱধান হ’ব ৷
- পাৱাৰ টিলাৰ চলোৱা মাটিত এদিন পিছতহে সিঁচিব৷
- বতৰ চাই সিঁচিব যাতে সিঁচাৰ দিনাখন বৰষুণ নহয় ৷
উন্নত জাতৰ আহুধানৰ কৃষি পদ্ধতি
উন্নত জাতৰ আহুধানৰ কৃষি পদ্ধতি
আহুখেতি তিনি ধৰণে কৰিব পাৰি ৷
শুকানে সিঁচা আহু
দ’ চানেকীয়া, পলসুৱা, যথেষ্ট জীপাল মাটিত শুকানে সিঁচা আহু কৰিব পাৰি ৷
সিঁচা
-
ছয় আঠ চাহ মাৰি মৈয়াই ধুলিয়াৰিকৈ মাটি প্ৰস্তুত কৰিব ৷
-
শেষৰ চাহৰ আগে সাৰ প্ৰয়োগ কৰিব ৷
-
নাঙলেৰে ৬" – ৮" দূৰত সীৰলু কৰিব ৷
-
মাটিত জীপ থাকিলে সীৰলু বাম আৰু খৰাং হ’লে সীৰলু অলপ দ’ কৰিব (১” - ২”) ৷
-
বিঘাত ১০-১২ কি:গ্ৰাম হিচাপে বীজ সিঁচি মৈৰে ঢাকি দিব৷
বনবাত
- বনবাতেই শুকানে সিঁচা আহুৰ প্ৰধান আহুকাল ৷
- শাৰীৰ মাজত সাৰ প্ৰয়োগ কৰিব লাগে ৷ শুকান নিৰণি যন্ত্ৰ বা ঘুৰ্নিত কোৰ বা বুটি কোৰ ২০-২৫ দিনত চলাব৷
- মাটিত যথেষ্ট জীপ থাকিলে এবিঘাৰ বাবে বুটাক্লোৰ নামৰ ঔষধ আধা লিটাৰ ৫০-৬০ লিটাৰ পানীত মিহলাই বীজ সিঁচাৰ ৫-৭ দিনৰ ভিতৰত মাটিত স্প্ৰে কৰিব ৷ ২৫ দিনত এবাৰ হাতেৰে নিৰণি কৰিব৷
সাৰ প্ৰয়োগ
- বিঘাই প্ৰতি ১২ কি:গ্ৰাম ইউৰীয়া, ১৭ কি:গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪ কি:গ্ৰাম মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷
- মাটি চহোৱাৰ সময়ত মাত্ৰ একক চুপাৰ ফচফেট দিব ৷
- ইউৰীয়া আৰু মিউৰিয়েট অৱ পটাচৰ আধা নিৰণিৰ সময়ত আৰু বাকীখিনি ৪০-৪৫ দিনৰ পিছত দিব ৷
বোকা কৰি সিঁচা আহু
- পানী যোগানৰ সুবিধা থকা মাটিত কঠীয়া সিঁচাৰ দৰে সিঁচা পদ্ধতি ৷
- বীজ তিয়াই গাপ দি গজালি উলিয়াই বোকা কৰি সমান কৰা পথাৰত বিঘাই প্ৰতি ৮-১০ কি:গ্ৰাম হিচাপে বীজ সিঁচিব ৷
- বোকা কৰাৰ সময়ত একক চুপাৰ ফচফেট বিঘাই প্ৰতি ১৭ কি:গ্ৰাম হিচাপে প্ৰয়োগ কৰিব ৷
- ইউৰীয়া আৰু মিউৰিয়েট অৱ পটাচৰ প্ৰয়োগ বিধি শুকানে সিঁচা আহুৰ দৰে ৷
- বনবাত নিয়ন্ত্ৰণৰ ব্যৱস্থা শুকানে সিঁচা আহুৰ দৰেই ৷ কেৱল বোকাত মৰা নিৰনি যন্ত্ৰ ব্যৱহাৰ কৰিব ৷
- বনবাত মৰা ঔষধৰ প্ৰয়োগ শুকান আহুৰ দৰে একে ৷
- বোকাত শাৰী শাৰীকৈ সিঁচাৰ বাবে ধান গৱেষণা সঞ্চালকালয়ে উলিওৱা ড্ৰাম চীডাৰ ব্যৱহাৰ কৰিব পৰা হয় ৷
ৰোৱা আহু
পানী যোগানৰ সুবিধা থকা মাটিতহে আগতীয়া ৰোৱা আহু কৰা সম্ভৱ ৷ বৰষুণ নিৰ্ভৰশীল অঞ্চলত নিয়মীয়া ৰোৱা আহুৰ কম দিনীয়া জাত বাচি লব ৷
কঠীয়া
- ভাল জাত আৰু ভাল কঠীয়া উৎপাদনৰ প্ৰধান আহিলা ৷
- অনুমোদিত নিয়ম সমূহ অনুসৰণ কৰি কঠীয়াতলী প্ৰস্তুত কৰিব, সাৰ দিব আৰু কঠীয়া সিঁচিব৷
- কঠীয়া সঠিক বয়সত উঠাব আৰু বেমাৰ বা কীট পতঙ্গৰ পৰা ৰক্ষা কৰিব ৷
মাটি প্ৰস্তুতি
- শালি ধান কটাৰ পিছত পথাৰত জীপ থাকোতেই দ’কৈ সমাৰ বাই থব যাতে নৰাবোৰ পচিবলৈ সময় পায় আৰু শালিত হোৱা বেমাৰ, পোক-পতঙ্গ আদি মৰে ৷
- ৰোৱাৰ এমাহমান আগতে গোবৰ, পচন সাৰ দি এচাহ মাৰিব ৷
- আলিবোৰ বাতি তিনিদিন মান পানী ভৰাই থ’ব ৷
- চাৰি–ছয় চাহেৰে বোকা দিব ৷
- শেষৰ চাহৰ আগে আগে সাৰ প্ৰয়োগ কৰিব ৷
- মাটিৰ ওপৰ ভাগ যিমান পাৰি সমান কৰি ল’ব ৷
সাৰ প্ৰয়োগ
- সাৰ প্ৰয়োগ কৰাৰ সময়ত পানী কমাই ৰাখিব ৷
- বিঘাই প্ৰতি ১২ কি:গ্ৰাম ইউৰীয়া, ১৭ কি:গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪ কি:গ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰ লাগে ৷
- ৰোৱাৰ সময়ত ইউৰীয়াৰ আধা, একক চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাচৰ সম্পূৰ্ণ ভাগ, শেষৰ চাহৰ আগে আগে প্ৰয়োগ কৰিব যাতে হালৰ লগত মাটিত মিহলি হৈ যায় ৷
- বাকী থকা ইউৰীয়াৰ আধাভাগ পোখা মেলাৰ সময়ত (২০-২৫ দিনত) আৰু বাকী আধা মনি ধৰাৰ আৰাম্ভণিতে (৪০-৪৫ দিনত) টপদেচ কৰিব ৷
- টপদেচ কৰি উঠিয়েই নিৰণি যন্ত্ৰ শাৰীৰ মাজত চলাই সাৰখিনি মাটিত মিহলি কৰি ল’ব ৷
ৰোৱা
- কঠীয়াৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখিব ৷ যিমান মহীয়া জাত সিমান সপ্তাহৰ কঠীয়া ৰুব ৷ কমদিনীয়া জাতৰ বুঢ়া কঠীয়া ৰুলে একেলগে নপকে ৷ ৰোওঁতে হেলনীয়াকৈ নুৰুব, হেলনীয়াকৈ ৰুলে সজাল ধৰাত আৰু পোন হওঁতে সময় ল’ব ৷
- কঠীয়া একেবাৰে ওপৰতে ৰুব (১” ইঞ্চি) ৷ বেচি দ’ত ৰুলে নতুন শিপা আৰু পোখা মেলোতে বিসঙ্গতি হয় আৰু একেলগে নপকে ৷ যিমান পাৰি ঘনাই ৰুব ৷ চাৰিমহীয়া জাত ৮” X ৬”ইঞ্চি দুৰত আৰু তিনিমহীয়া জাত ৬” X ৪”ইঞ্চি দুৰত ৰুব ৷ সেৰেঙা কৰিলে শেষলৈকে পোখা মেলি থাকিব ৷ ফলত থোক চুটি হ’ব আৰু একেলগে নপকিব ৷
- গোছত কঠীয়া দুডালকৈ দিব ৷ ৰোৱাৰ এসপ্তাহৰ ভিতৰত মাজে মাজে মৰি যোৱা গোছাবোৰ একে বয়সৰ কঠীয়াৰে পুৰাই দিব ৷
ধান চপোৱা
- আহু ধান কটাৰ সময়ত বৰষুণ হৈ থাকিলে থোকতে গজালি ওলাব পাৰে ৷
- ধান ৫০% ভাগ ফুল ফুলাৰ ৩০-৩৫ দিনৰ পিচৰ পৰা চপাব পৰা হয় ৷ সেইমতে বতৰ চাই ৩০ দিনৰ পৰা চপোৱাৰ চেষ্টা কৰিব ৷ বতৰ ভাল নহ’লে ৪০ দিনলৈকে বাট চাব পাৰিব ৷
- ধান কাটি মুঠিবোৰ ওপৰ মোৱাকৈ ৰাখি পথাৰতে শুকাবলৈ দিব ৷
- পথাৰত পানী থাকিলে বাহঁৰ ডাং বান্ধি শুকুৱাওঁক ৷
- নুশুকুৱাকৈ জাপি ৰাখিলে বতৰৰ বাবে গাপ লাগিব নাইবা গজালি ওলাব ৷
- যিমান পাৰি সোনকালে মৰণা মাৰি শুকুৱাই গুটি ধানহে ৰাখিব ৷
উন্নত জাতৰ শালি ধানৰ কৃষি পদ্ধতি
পথাৰ প্ৰস্তুতি
- কঠীয়া ৰোৱাৰ কমেও তিনি সপ্তাহ আগেয়ে প্ৰথম চাহ সমাৰ বাব লাগে ৷ কঠীয়া ৰোৱাৰ আগে আগে বোকা দিলেই হ'ল ৷
- আগতীয়াকৈ হাল বাই থলে বন-বাতবোৰ গেলি পঁচি পচনসাৰ তৈয়াৰ হোৱাত সহায় হয় ৷
- সোমাই থকা পোক-পৰুৱাবোৰ ধবংস হয় ৷
- পথাৰখন যিমান পাৰে সমান কৰিব লাগে ৷
- সমান কৰিলে পানী ৰাখিবলৈ ভাল আৰু সাৰ প্ৰয়োগত অধিক সুফল পোৱা যায় ৷
- পথাৰ ডৰাৰ চাৰিও কাষ পৰিষ্কাৰ কৰি ৰাখিলে পোক-পৰুৱাৰ বংশ বৃদ্ধি আৰু আক্ৰমণ যথেষ্ট কমি থাকে ৷
সাৰৰ পৰিমাণ
বিঘাই প্ৰতি ১৫০০ কি:গ্ৰাম (অনুমানিক ১৫০ পাচি) পচনসাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে ৷ ইয়াৰ উপৰিও প্ৰয়োজন হোৱা ৰাসায়নিক সাৰৰ পৰিমাণ এনে ধৰণৰ:-
সাৰৰ নাম
|
একক চুপাৰ ফচফেট দিলে (বিঘাই প্ৰতি) কিলোগ্ৰাম হিচাপত
|
ডি,এ,পি দিলে (বিঘাই প্ৰতি) কিলোগ্ৰাম হিচাপত
|
অৰ্দ্ধচাপৰ জাতৰ বাবে:
|
ইউৰীয়া
|
১২
|
১০
|
ডি,এ,পি
|
০
|
৬
|
একক চুপাৰ ফচফেট
|
১৭
|
০
|
মিউৰিয়েট অৱ পটাচ্
|
৪
|
৪
|
ওখ জাতৰ বাবে:
|
ইউৰীয়া
|
৬
|
৫
|
ডি,এ,পি
|
০
|
৩
|
একক চুপাৰ ফচফেট
|
৮
|
০
|
মিউৰিয়েট অৱ পটাচ্
|
২
|
২
|
সাৰ প্ৰয়োগৰ সময়
কমদিনীয়া (১০০-১২০) জাতৰ বাবে
- শেষৰ বাৰ মাটি চাহ কৰা সময়ত আধাভাগ ইউৰীয়া অৰ্থাৎ ৬ কি:গাম, সমুদায় একক চুপাৰ ফচফেট্ আৰু মিউৰিয়েট অৱ পটাচ্ প্ৰয়োগ কৰিব ৷
- বাকী আধাভাগ ইউৰীয়া অৰ্থাৎ ৬ কি:গাম পোখা মেলাৰ (২০-২৫ দিনত) সময়ত প্ৰয়োগ কৰিব ৷
মধ্যকালীন আৰু দীৰ্ঘকালীন (১২০-১৫০) জাতৰ বাবে
- শেষৰবাৰ মাটি বোকা কৰা সময়ত আধাভাগ ইউৰীয়া (অৰ্থাৎ ৬ কি:গাম), সমুদায় একক চুপাৰ ফচফেট্ আৰু মিউৰিয়েট অৱ পটাচ প্ৰয়োগ কৰিব ৷
- বাকী থকা ইউৰীয়াৰ আধাভাগ পোখা মেলাৰ সময়ত (কঠীয়া ৰোৱাৰ পৰা ২০-৩০ দিনৰ ভিতৰত) আৰু আধাভাগ মনি ধৰাৰ আৰশনিতে (কঠীয়া ৰোৱাৰ পৰা ৪৫-৫০ দিনৰ ভিতৰত) প্ৰয়োগ কৰিব ৷
কঠীয়াৰ বয়স আৰু ৰোৱাৰ দুৰত্ব
জাত
|
বয়স (দিন হিচাপত)
|
শাৰী আৰু পুলিৰ দুৰত্ব (চে:মি:)
|
অতি কমদিনীয়া জাত (১০০ দিনৰ ভিতৰত)
|
২১-২৫
|
১৫x১০ বা ১০x১০ (৬"x৪") বা (৪"x৪")
|
কমদিনীয়া আৰু মধ্যকালীন জাত (১২০ দিন)
|
২৫-২৮
|
২০x১৫ (৮"x৬")
|
মধ্যকালীন জাত (১২০-১৩০ দিন)
|
২৫-৩০
|
২০x১৫ (৮"x৬")
|
দীৰ্ঘকালীন জাত (১৩০ দিনৰ বেচি)
|
৩০-৩৫
|
২০x২০ (৮"x ৮")
|
মাচুৰি
|
৩০-৩৫
|
৩০-৩৫x২০ (১০"x ৮")
|
মনোহৰ শালি আৰু অন্যান্য ওখ জাত
|
৩৫-৫৫
|
২৫x২৫ (১০"x ১০")
|
তলৰ শাৰী বন্ধনীত থকা বোৰইঞি হিচাপত
প্ৰয়োজনীয় কথা
অধিক উৎপাদনক্ষম দীৰ্ঘদিনীয়া যেনে: বাহাদুৰ, ৰিঞ্জৎ আদি জাতৰ ক্ষেত্ৰত দুৰত ২০ x ১৫ চে:মি: ও দিব পাৰি ৷ অধিক উৎপাদনক্ষম কমদিনীয়া শেহতীয়া শালিৰ ক্ষেত্ৰত দুৰত ১৫ x ১০ চে:মি: বা ১০ x ১০ চে:মি: ও দিব পাৰি ৷
গোছে প্ৰতি কঠীয়াৰ সংখ্যা
- জুলাই মাহত (সময়মতে ৰোৱা) ৰোৱা খেতিত ২-৩ ডাল ৷
- অতি কমদিনীয়া কিন্তু শেহতীয়াকৈ ৰোৱাত ২-৩ ডাল ৷
- চেপ্তেম্বৰত অৰ্থাৎ শেহতীয়া ৰোৱা খেতিত (দীৰ্ঘকালীন বা ওখ জাত) ৬-৭ ডাল ৷
কঠীয়া ৰোৱাৰ গভীৰতা
- যি কোনো জাতৰ বা যি কোনো সময়তে ৰোৱা কঠীয়া ৪-৫ চে:মি: (১-২ইঞি) দত ৰুব লাগে
- কঠীয়া বেছি দ কৈ ৰুলে শিপা আৰু গছ বাঢ়োতে পলম হয় ৷
বনবাত নিয়ন্ত্ৰণ
- কঠীয়া ৰোৱাৰ ২০-২৫ দিন আৰু ৪০-৫০ দিনৰ ভিতৰত শাৰীবোৰৰ মাজত গছকি দি অথবা নিৰণি যন্ত্ৰৰ সহয়েৰে বনবাত নিয়ণ্ত্ৰণ কৰিব ৷ সেই সময়ত টপদেচ কৰিলে সাৰ মাটিত ভালদৰে মিহলি হয়৷
- পথাৰখন আগতীয়াকৈ হাল বাই থলে বনবাত সহজে গজি উঠি অনষ্টি কৰিব নোৱাৰে৷
- ভালকৈ প্ৰস্তুত হোৱা পথাৰত সদায় হিচাবত পানী ৰাখিব পাৰিলে (২"-৩") বনবাত সহজে নাবাঢ়ে ৷
- বনবাতবোৰ পথাৰৰ মাজত গছকি বা নিৰণি যন্ত্ৰৰে সুমুৱাই দিলে সেইবোৰ পচি সাৰ হয় ৷
পথাৰত পানী ৰখাৰ ব্যৱস্থা
পথাৰত পানী ৰখাৰ ব্যৱস্থা
- কঠীয়া ৰোৱাৰ ২-৩ দিন পিছৰ পৰাই খেতি চপোৱাৰ ৭-৮ দিন আগলৈকে ধাননী পথাৰত ৩-৪ চে:মি: (২ ইঞি) পানী ৰখাৰ প্ৰয়োজন৷
- গোটেই পথাৰ ডৰাত সমানে পানী ৰাখিবলৈ হ’লে পথাৰ ডৰা সমান হোৱা প্ৰয়োজন৷ নহলে উৎপাদনৰ তাৰতম্য হয়৷
- জলসিঞ্চন কৰিলে এবাৰ ২" - ৩" পানী সুমুৱাই বন্ধ পানী নাইকিয়া হোৱাৰ পিছত পুনৰ পানী ভৰাই দিব লাগে৷
- ধাননী পথাৰৰ মাটি কঠীয়া ৰোৱাৰ পিছত কেতিয়াও ফাটি যোৱাকৈ শুকাবলৈ নিদিব ৷ অন্তত: জেক ৰখাকৈ পানীৰ ব্যৱস্থা কৰিব ৷
- পথাৰ ডৰাত ১০-১৫ দিন পানী বন্ধ হৈ থাকিলে পানীৰ ওপৰত এটা চামনি পৰে ৷ ফলত গছে বায়ুৰ পৰা খাদ্য আহৰণ আৰু উশাহ নিশাহ লোৱাত অসুবিধা হয় ৷ তেনে ক্ষেত্ৰত পাৰিলে মাজতে পানী উলিয়াই দিলে বা নিৰণি যন্ত্ৰ চলালে উৎপাদন বৃদ্ধি হয় ৷ অন্যথা শাৰীবোৰৰ মাজত খোজ কাঢ়ি দিলেও হয় ৷
- ৰোৱা মাটি ডৰাত পানী বেছি হ’লে পথাৰ ডৰাৰ পানী উলিয়াবৰ বাবে আলি কাটিলে একেফালে নাকাটিব ৷
- ধানৰ পোখা মেলা, ফুলফুলা বা মনিধৰাৰ সময়ত পানী ৰখাটো অত্যন্ত্ত প্ৰয়োজনীয় অন্যথা উৎপাদন হাস নিশ্চিত৷
উন্নত জাতৰ বৰোধানৰ কৃষি পদ্ধতি
উন্নত জাতৰ বৰোধানৰ কৃষি পদ্ধতি
পথাৰ প্ৰস্তুতি
পথাৰখন ৩-৪ বাৰ হাল বাই মৈয়াই লব ৷
সাৰৰ পৰিমাণ
- বৰাক উপত্যকা আৰু মধ্য অসম মশলৰ বাদে বাকী সকলো অঞ্চলত ৷
সাৰৰ নাম
|
অতি দ’ অঞ্চল
|
দ’ অঞ্চলৰ আশে পাশে
|
পানী যোগান ধৰিলে
|
(বিঘাই প্ৰতি কিলোগাম)
|
ইউৰীয়া
|
০
|
১২
|
১৮
|
একক চুপাৰ ফচ্ফেট
|
০
|
১৭
|
২৭
|
মিউৰিয়েট অৱ পটাচ
|
০
|
৪
|
৬
|
- বৰাক উপত্যকা আৰু মধ্য বশপুত্ৰ মশলৰ দ অঞ্চলৰ আশে পাশে বিঘাই প্ৰতি ৫ কি:গাম ইউৰীয়া, ৯ কি:গাম একক চুপাৰ ফচফেট আৰু ২ কি:গাম মিউৰিয়েট অৱ পটাচৰ প্ৰয়োজন
সাৰ প্ৰয়োগৰ সময়
জলাহ বা দ অঞ্চলত কঠীয়া ৰোৱাৰ সময়ত সাৰ প্ৰয়োগৰ প্ৰয়োজন নাই ৷ দ অঞ্চলৰ আশে পাশে কৰা খেতিত সমুদায় ইউৰীয়া একক চুপাৰ ফচ্ফেট আৰু মিউৰিয়েট অৱ পটাচ্ কঠীয়া ৰোৱাৰ ২০-২৫ দিনৰ পিছত টপ্দেচিং কৰিব ৷ পানী যোগান ব্যৱস্থা থকা খেতিত ৬ কি:গাম ইউৰীয়া, সমুদায় একক চুপাৰ ফচ্ফেট আৰু মিউৰিয়েট অৱ পটাচ্ শেষৰ চাহ হাল বোৱাৰ আগে আগে প্ৰয়োগ কৰিব ৷ দ্বিতীয় ৬ কি:গাম পোখা মেলাৰ সময়ত আৰু বাকী থকা ৬ কি: গাম ইউৰীয়া মনি ধৰাৰ আৰম্ভণিতে প্ৰয়োগ কৰিব ৷
জলসিঞ্চত অঞ্চলত একক চুপাৰ ফচ্ফেট দ্বিতীয় ৬ কি:গাম ইউৰীয়া টপদেচিং কৰাৰ সময়ত একেলগে প্ৰয়োগ কৰিবও পাৰে ৷
গোছে প্ৰতি কঠীয়াৰ সংখ্যা
বিষ্ণুপসাদ, জ্যেতিপসাদ, জয়মতী, বৰো-১, বৰো-২, কৃষ্ণা ধানৰ বাবে গোছে প্ৰতি ২ ডালকৈ কঠীয়া আৰু কালচাৰ-১ (কলিঙ্গ-৩) ধানৰ কঠীয়াৰ সংখ্যা ৩ ডাল হব লাগে ৷
কঠীয়া ৰোৱাৰ গভীৰতা
সকলো জাতৰ কঠীয়াই ১-২" (২-৫ চে:মি:) দত ৰুব ৷
কঠীয়া ৰোৱাৰ দুৰত্ব
মাচুৰী, বৰো-১, বৰো-২ জাতৰ বাবে শাৰীৰ পৰা শাৰীলৈ ২৫ চে:মি: আৰু গোছাৰ পৰা গোছালৈ ২০ চে:মি: হব লাগে ৷
- বিষ্ণুপসাদ, জ্যোতিপসাদ, জয়মতী, কলিঙ্গঁ-২, কৃষ্ণা আৰু কালচাৰ-১ জাতৰ বাবে শাৰীৰ পৰা শাৰীলৈ ২০ চে:মি: আৰু গোছাৰ পৰা গোছালৈ ২০ চে:মি: হব লাগে ৷
- বেছি ঘনকৈ কঠীয়া ৰুলে গছ ভালকৈ বাঢ়িব নোৱাৰে আৰু গুটি কম হয় ৷
- বেছি দূৰে দূৰে কঠীয়া ৰুলে বনবাত বেছি হোৱাৰ উপৰিও থোকৰ সংখ্যা কমি উৎপাদন যথেষ্ট হাস পাব ৷
খালি ঠাই পূৰ কৰা
- কোনো কোনো ঠাইত কঠীয়া ৰোৱাৰ পিচত মৰিলে ৭-১০ দিনৰ ভিতৰত একে বয়সৰ কঠীয়া ৰুই দিব লাগে ৷
- খালি হোৱা ঠাইত বেছি পলমকৈ কঠীয়া ৰুলে সকলো ধান একেলগে পূৰঠ নহয় ৷
পানী যোগান ব্যৱস্হা
- শীত কালত বৰষুণ কম হয় বাবে সাধাৰণতে পানী থকা ঠাইতহে এনে খেতি কৰা উচিত ৷ পানী যোগান ব্যৱস্থা থাকিলে পথাৰত ২"ইঞি (৫ চে:মি:) পানী কঠীয়া ৰোৱাৰ ২-৩ দিন পিছৰে পৰা ধান চপোৱাৰ ৭-১০ দিনৰ আগলৈকে ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷
- অবিৰত ভাৱে পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰিলে অন্তত: পথাৰত পানী শকাই যোৱাৰ ৩ দিনৰ পিছত পানী যোগান ধৰিলেও সুফল পোৱা যায় ৷
- শীত কালত খেতিত ৰাতিপুৱাই অগভীৰ নলীনাদৰ পানী যোগান ধৰিলে পানীৰ উষ্ণতা বাঢ়ে আৰু গছ বঢ়াত সহায় হয় ৷
বনবাত নিয়ন্ত্ৰণ
- কঠীয়া ৰোৱাৰ ২০ দিন আৰু ৪০ দিনৰ পিছত এবাৰকৈ বনবাত নিৰাই দিব লাগে ৷
- ইউৰীয়া টপদেচিং কৰাৰ পিছতে নিৰণি যন্ত্ৰ বা শাৰীৰ মাজত গছকি দিলে বনবাত নিয়ণ্ত্ৰণ হোৱাৰ লগতে ইউৰীয়া সাৰখিনিও মাটিৰ লগত ভালদৰে মিহলি হোৱাত সহায় হয় ৷
সাৰ প্ৰয়োগৰ খুটি নাটি
- ৰাসায়নিক সাৰ দিলে মাটি বেয়া নহয় ৷ কেৱল প্ৰয়োগৰ মাত্ৰা সঠিক আৰু সুষম হোৱা উচিত ৷
- ৰাসায়নিক সাৰৰ লগত পৰ্য্যাদ্ভ: পৰিমাণে সেউজ সাৰ, গোবৰ বা পচন সাৰ প্ৰয়োগ কৰা উচিত ৷
- সাৰ প্ৰয়োগৰ সময়ত বেচি পানী নাৰাখিব ৷ লাগিলে ২-৩ দিন ৰওক ৷ পথাৰত ২-৩ ইঞি পানী থাকিলে সাৰ প্ৰয়োগ কৰিব পাৰে ৷
- সাৰ সদায় ধানৰ মাজৰ মাটিত প্ৰয়োগ কৰিব ৷ পাতত সাৰ ছটিয়াব নালাগে ৷
- বোৱতী পানীৰ পথাৰত সাৰ প্ৰয়োগ নকৰিব ৷ সাৰ নষ্ট হয় ৷ কম পানীত ভেটা মাৰি লৈ সাৰ প্ৰয়োগ কৰিব পাৰে ৷
- সাৰ প্ৰয়োগৰ লগে লগে বনবাত নিৰণি কৰিব নহ’লে বনবাতে অধিকাংশ সাৰ গহণ কৰি শস্য ডৰা নশিকটীয়া কৰে ৷
- সাৰ প্ৰয়োগ কৰিয়েই নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিলে সাৰ ভাগ মাটিত ভালকৈ মিহলি হয় ৷ অন্যথা মাটি ভালকৈ গছকি যাব লাগে ৷
- থলুৱা ধানতকৈ অধিক উৎপাদনক্ষম ধানৰ খাদ্য আহৰণ ক্ষমতা বেচি বাবে সাৰৰ প্ৰয়োজনীয়তা বেছি ৷
- বেছি পানী থকা পথাৰত ইউৰীয়া সাৰ টপ্দেচ কৰিব লগা হ’লে ১০ কি:গাম গোবৰৰ লগত ১কি:গাম ইউৰীয়া সাৰৰ হিচাপত মিহলাই গাপ দি প্ৰয়োগ কৰিব ৷
- ইউৰীয়া সাৰ সদায় ভাগ ভাগ কৰি প্ৰয়োগ কৰিব লাগে আৰু প্ৰয়োগ কৰি মাটিত মিহলোৱাৰ ব্যৱস্থা কৰিব লাগে৷
- ইউৰীয়া আৰু একক চুপাৰ ফচ্ফেট একেলগে মিহলি কৰি নথ'ব, লদা বান্ধি সাৰখিনি নস্ত হয় ৷
- ধান ৰোৱাৰ দুমাহ আগতে সেউজ সাৰ পথাৰত সিচিঁ থৈ ৪৫-৫০ দিনত কাটি হাল বাই পথাৰত মিহলি কৰি দিব লাগে ৷ সেউজ সাৰ দিয়া পথাৰত ইউৰীয়াৰ হাৰ শতকৰা ২৫-৫০ ভাগলৈকে কমাব পাৰি ৷
- অন্যথা ইউৰীয়া সাৰৰ অপচয় ৰোধ কৰিবলৈ "নীমিন" (নিমৰ ৰসেৰে তৈয়াৰী লালি) দুচামোচ ১ কি:গাম ইউৰীয়াৰ লগত সানি প্ৰয়োগ কৰিব পাৰে ৷
ধানৰ অনিষ্টকাৰী কীট-পতঙ্গ চিনাক্তকৰণ
কঠীয়াতলীত
পাত ওকণীয়ে
মজা খোৱাই আক্ৰমণ কৰিলে দুই এডাল কঠীয়া ৰঙচুৱা হয় ৷ এনেবোৰ কঠীয়া টানি দিলে সহজে উঠি আহে ৷
পথাৰত
টুপলিকটাই
পাতৰ আগবোৰ কুটি তাৰে বাহঁ সাজে ৷ এই বাহঁৰ মাজত লুকাই থাকি ইহঁতে পাতৰ সেউজীয়া অংশখিনি খায় ৷ আক্ৰান্ত পাত খিলা উজ্জ্বল বগা বৰণৰ হৈ জিলিকি উঠে ৷
চৰহাই
আক্ৰমণ কৰিলে পাতত সমান্তৰাল বগা দাগ পৰে ৷ আক্ৰমণৰ মাত্ৰা বেছি হলে পাতবোৰ খেৰ বৰণীয়া হয় ৷
পাতমেৰোৱা পোকে
পাতখিলা মেৰিয়াই ভিতৰত লুকাই থাকি পাতৰ সেউজীয়া অংশখিনি খায় ৷ মেৰবোৰ খুলি দিলে বগা দাগবোৰ জিলিকি উঠে ৷
মজা খোৱাই
পোখা মেলাৰ সময়ত আক্ৰমণ কৰিলে আক্ৰান্ত পোখাবোৰ ৰঙচুৱা হয় এনেবোৰ পোখা টানি দিলে সহজে উঠি আহে ৷ আনহাতে ইহঁতৰ আক্ৰমণ ফুলফলাৰ পিছত হলে ধানৰ থোকবোৰ পতান হয় ৷ বগা বৰণৰ পতান হোৱা থোকবোৰ টানি দিলে সহজে উঠি আহে ৷
পিয়াঁজী পোকে
নতুন পোখা আক্ৰমণ কৰে ৷ আক্ৰান্ত পোখাবোৰ বাঢ়িব নোৱাৰে আৰু পিয়াঁজৰ নলৰ দৰে হয় ৷
সেউজীয়া পাত সোহাই
আক্ৰমণ কৰিলে পাতত সৰু বগা ফুটফটীয়া দাগ পৰে ৷ ভাইৰাচ বেমাৰৰ বীজানুবাহক এই পাত সোহাই (পায় ২ মি:মি: দৈৰ্ঘ্য) আক্ৰমণ কৰিলে আক্ৰান্ত গছজোপাত বেমাৰৰ লক্ষণ পৰিলক্ষিত হয়৷
বগা পিঠিয়া সোহনী পোকে
গা-গছৰ গুৰি ভাগৰ পৰা ৰস শহি খায় ৷ আক্ৰান্ত গছজোপা পথমে কমলা বৰণীয়া হয় ৷ পিছলৈ গছ-পাতবোৰ মূগাবৰণীয়া হৈ শকাই যায় ৷ সৰু ঘুৰণীয়া অংশত দেখা দিয়া এই আক্ৰমণৰ লক্ষণ পিছলৈ ক্ৰমে বাঢ়ি যায় ৷
গান্ধী পোকে
ধানৰ গাখীৰতী অৱস্থাত থোকত পৰি ৰস শহি খায় ৷ আক্ৰান্ত ধানবোৰত মুগা বৰণীয়া ফুট একোটা দেখা যায় আক্ৰমণৰ মাত্ৰা বেচি হলে ধানবোৰ পতান হয় ৷
শুৰ পোকে
বান আক্ৰান্ত অষ্টলত গছৰ পাতত আক্ৰমণ কৰে ৷ কজলা বা গাঢ় সেউজীয়া বৰণৰ পায় ২-৩ ইষ্টিমান দীঘল পলুবোৰ আক্ৰমণ কৰিলে গছবোৰ কাঁচিৰে কটাৰ দৰে হয় ৷
কেওকটা পোকে
পুৰঠ গছৰ পাত আৰু থোকত আক্ৰমণ কৰে ৷
সু সংহত শস্যৰক্ষাৰ কৌশল
কঠীয়াতলিত
- কঠীয়া সিঁচাৰ দহদিন মানৰ পিছত হাত এখন পানীত তিয়াই কঠীয়া ডৰাৰ ওপৰেদি চলাই দিলে ক'লা বৰণৰ পাত ওকণীবোৰ হাতৰ তলুৱাত লাগি অহা দেখিব ৷ খৰাং বতৰত ইহঁতৰ আক্ৰমণৰ মাত্ৰা বেছি হয় ৷ পাত ওকণি নিয়ণ্ত্ৰণ কৰিবলৈ ইহঁতক দেখাৰ পিছতে ইকালক্স ১০ ইচি নামৰ ঔষধৰ দুচামোচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷
- মজাখোৱাৰ আক্ৰমণ দেখিলে মনক্ৰট’ফচ্ ৩৬ ইচি এচামোচ প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷
- কঠীয়া উঠোৱাৰ এসপ্তাহৰ আগেয়ে কঠীয়াডৰাত ফুৰাডন ৩ জি দানাজাতীয় ঔষধৰ ৩-৫ গাম প্ৰতি বৰ্গমিটাৰত ছটিয়াব ৷ এই অৱস্থাত কঠীয়াতলীত জীপ থকাৰ ব্যৱস্থা কৰিব ৷
পথাৰত
- মাঘ-ফাগুণত এবাৰ দ’কৈ হালবাই থ'লে মজাখোৱা আদিৰ পলু-লেটা বোৰ নষ্ট হ'ব ৷
- ধানৰ জাতৰ কৃষিকাল অনুযায়ী সঠিক সময়ত ধান ৰুব ৷ সাধাৰণতে কমদিনীয়া জাত আগতে ৰুলে গান্ধীপোক বেছি হয় ৷আনহাতে দীৰ্ঘদিনীয়া জাত পলমকৈ ৰুলে মজাখোৱা, পিয়াঁজী পোক, চৰহা আদি বেছি হয়
- এখন পথাৰত পায় একে সময়তে ধান ৰুই শেষ কৰিবলৈ যত্ন কৰিব লাগে ৷ পলম হ’লে পথমে ৰোৱা ডৰাবোৰৰ পৰা পোক-পৰুৱা পিছত ৰোৱা ডৰালৈ বিয়পি পৰিব আৰু বেছি অনিষ্ট কৰিব ৷
- দীৰ্ঘদিনীয়া জাত সময়মতে ৰুব নোৱাৰিলে (শাওণৰ পথম পষেকত) বুঢ়া কঠীয়া (৪০-৪৫ দিনীয়া) ব্যৱহাৰ কৰি পোক-পৰুৱাৰ আক্ৰমণ কিছু কম কৰিব পাৰি ৷
- কঠীয়াৰ আগবোৰ কাটি ৰুব ৷ এনে কৰিলে মজাখোৱা আদিয়ে পাতৰ আগভাগত পাৰি থোৱা কণীবোৰ মূল পথাৰলৈ বিয়পিব নোৱাৰে ৷
- নাইট্ৰোজেন যুক্ত সাৰ একেবাৰতে মাটিত প্ৰয়োগ নকৰি দুবাৰ বা তিনিবাৰত ভাগ কৰি দিব৷ এনে কৰিলে পোক-পৰুৱাৰ আক্ৰমণ কম হয় ৷
- ধান ৰুই উঠাৰ পিছত ডৰাবিলাকত ঘনাই জেং পুতি দি পোক খোৱা চৰাই বহিবলৈ সুবিধা কৰি দিব ৷ ফুলফুলাৰ পিছত জেংবোৰ আঁতৰাই দিব যাতে ধান খোৱা চৰাই বহিবলৈ সুবিধা নাপায় ৷
- টুপলিকটাৰ আক্ৰমণ হোৱা দেখিলে কেৰাচিন তেলত তিয়াই থোৱা ৰচি এদাল দুজনে দুমূৰে ধৰি ধাননী ডৰাৰ ওপৰেদি চলাই দিব ৷
- চৰহা পৰা দেখিলে আক্ৰান্ত পাতবোৰ কাটি পথাৰৰ আঁতৰত পুতি দিব ৷ নতুবা বগৰী আদি কাঁইটীয়া গছৰ ডালেৰে দুদিন মানৰ অন্তৰে অন্তৰে ধানগছবোৰ কোবাই দিব ৷
- থলুৱা পদ্ধতি (ITK) প্ৰয়োগ কৰি পোক-পৰুৱাৰ আক্ৰমণৰ মাত্ৰা কম কৰি ৰাখিবলৈ যত্ন কৰিব ৷
- ধান পৰাপক্ষত গুৰিত কাটিব ৷ এনে কৰিলে মজাখোৱা আদিৰ পলু-লেটাবোৰ ধবংশ হয় ৷
- ধাননীডৰা ভালদৰে নিৰীক্ষণ কৰি থাকিব ৷
- পোক-পৰুৱাৰ আক্ৰমণৰ এটা নিৰ্দিষ্ট সীমা (তালিকা) পালেহে ঔষধ প্ৰয়োগ কৰিব ৷
অনিষ্টকাৰী কীট
|
আক্ৰমণৰ সীমা
|
ঔষধ
|
পৰিমান প্ৰতি ৫ লি: পানীত
|
টুপলীকটা
|
গোছে প্ৰতি ১-২ বাঁহ
|
কুইনালফচ্ ২০ ইচি মনক্ৰটফচ ৩৬ ইচি
|
দুচামোচ এচামোচ
|
চৰহা
|
গোছে প্ৰতি ১-২ আক্ৰান্ত পাত নাইবা এটা পূৰ্ণাঙ্স কীট
|
মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি
|
এচামোচ দুচামোচ
|
পাত মেৰোৱা
|
গোছে প্ৰতি ১-২ আক্ৰান্ত পাত
|
কুইনালফচ্ ২০ ইচি মনক্ৰটফচ ৩৬ ইচি
|
দুচামোচ এচামোচ
|
মজাখোৱা
|
শতকৰা পাঁচ ভাগ আক্ৰান্ত পোখা বা ফুলফুলাৰ পিছত প্ৰতি বৰ্গমিটাৰত এজনী পখিলা
|
মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি
|
এচামোচ দুচামোচ
|
পিয়াঁজী পোক
|
শতকৰা পাঁচ ভাগ আক্ৰান্ত পোখা বা প্ৰতি বৰ্গমিটাৰত এডাল আক্ৰান্ত পোখা (পিয়াঁজী পদুৰ্ভাৱ অঞ্চলত)
|
মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি
|
এচামোচ দুচামোচ
|
সেউজীয়া পাত সোঁহা
|
গোছে প্ৰতি ৫-১০ টা চগা (ভাইৰাচ বেমাৰ পাদুৰ্ভাৱ অঞ্চলত গোছে প্ৰতি দুটা চগা)
|
মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি
|
এচামোচ দুচামোচ
|
বাদামী সোহনী পোক
|
গোছে প্ৰতি ৫-১০ টা চগা (ভাইৰাচ বেমাৰ পাদুৰ্ভাৱ অঞ্চলত গোছে প্ৰতি দুটা চগা)
|
মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি
|
এচামোচ দুচামোচ
|
বগা পিঠিয়া সোহনী পোক
|
গোছে প্ৰতি ৫-১০ টা চগা
|
মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি
|
এচামোচ দুচামোচ
|
গান্ধী পোক
|
গোছে প্ৰতি ২ টা
|
মালাথিয়ন ৫% পাউদাৰ
|
৩কি:গাম প্ৰতি বিঘাত
|
শূৰ পোক কেওকটা পোক
|
গোছে প্ৰতি ১ টা পলু
|
মনক্ৰটফচ ৩৬ ইচি ক্লৰপাইৰিফচ ২০ ইচি মালাথিয়ন ৫% পাউদাৰ
|
এচামোচ দুচামোচ ৩কি:গাম প্ৰতি বিঘাত
|
ভঁৰালত
- ধান সঠিক সময়ত কাটিব ৷ পথাৰত বেচিকৈ পকিবলৈ থ’লে ৰ'দৰ তাপত ধানবোৰ ফাটিব আৰু এই ফাটবোৰেদি পোক-পৰুৱাৰ আক্ৰমণ হ'ব ৷
- মৰণা মৰাৰ পিছত একে লেঠাৰিকৈ চোকা ৰ'দত ধান শুকাবলৈ নিদিব ৷ এনে কৰিলেও ধানবোৰ ফাটিব ৷
- দিনটোৰ আগবেলা ৩-৪ ঘ্ৰুন্টাকৈ কম ৰ'দৰ তাপত প্ৰায় এসপ্তাহমান ধান শুকুৱাব ৷ এনে কৰিলে ধান ফটাৰ ভয় নাথাকে ৷
- ধান ভৰোৱাৰ আগেয়ে ভঁৰালবোৰ ভালদৰে পৰিষ্কাৰ কৰি গোবৰ আৰু বালিৰে লিপি ল’ব ৷ প্ৰয়োজন হ’লে মালাথিয়নৰ ৫০ ইচি দুচামোচ একলিটাৰ পানীত মিহলাই বেৰবোৰত স্প্ৰে কৰিব ৷ প্ৰতি ১০০ বৰ্গমিটাৰ এলেকাৰ বেৰৰ বাবে তিনি লিটাৰ পানীৰ আৱশ্যক হ'ব ৷
- ডুলি আদিত থোৱা ধানৰ মাজত নিমপাত ভৰাই থ'ব ৷ নিমপাতৰ গোন্ধত পোক পৰুৱা আঁতৰি থাকিব ৷
- ফুটিপোক আদিৰ আক্ৰমণৰ মাত্ৰা বেছি হ’লে ফচ্ফিন নামৰ ধোৱাজাতীয় ঔষধৰ বড়ি প্ৰতি ১০০ কি:গাম ধানৰ মাজত এটাকৈ ভৰাই থ'ব ৷ এই ক্ষেত্ৰত ধানৰ ওপৰত পলিথিন এখন মেলি থ'ব যাতে ধোঁৱা বাহিৰ ওলাই নাযায়৷
- সময় আৰু সুবিধা অনুযায়ী ভঁৰালৰ ধানখিনি ৰ'দত দি শুকুৱাই ৰাখিব ৷
- ভঁৰালৰ ধানত কেতিয়াও ঔষধস্প্ৰে নকৰিব ৷
- বীজৰ বাবে ৰখা ধানত মালাথিয়ন ৫% পাউদাৰ মিহলাই থ'ব পাৰে ৷
- ভঁৰালত এন্দুৰৰ আক্ৰমণ কমাবলৈ বিষাক্ত টোপ ব্যৱহাৰ কৰিব ৷
ঔষধ প্ৰয়োগৰ নিয়ম
ঔষধ প্ৰয়োগৰ আগেয়ে
- ঔষধ ব্যৱহাৰৰ আগেয়ে প্ৰয়োগৰ নিয়মাৱলী ভালদৰে পঢ়িব আৰু টেমা বা পেকেটত লিখা চন তাৰিখ চাই ঔষধৰ গুণাগুণ সম্পৰ্কে নিশ্চিত হৈ ল'ব ৷
- অনুমোদিত ঔষধ ব্যৱহাৰ কৰিব ৷
- ঔষধৰ পৰিমাণ স্প্ৰে যন্ত্ৰৰ আয়তন অনুযায়ী হিচাপ কৰি লব ৷
- আৱশ্যক হোৱা ঔষধখিনি পোনে পোনে স্প্ৰে যন্ত্ৰত ঢালি নিদিব ৷
- ঔষধখিনি এটা সৰু পাত্ৰত অলপ পানীৰ লগত মিহলাই মশিণ প্ৰস্তুত কৰি লব ৷
- স্প্ৰে যন্ত্ৰত আধামান পানী ভৰাই ঔষধৰ মশিণটো লাহে লাহে স্প্ৰে যন্ত্ৰত ঢালি দি জোকাৰি লব ৷ ইয়াৰ পিছত বাকী থকা পানীখিনি ঢালি যন্ত্ৰটো পুৰ কৰি বন্ধ কৰিব ৷
- বন্ধ যন্ত্ৰটো ভালদৰে জোকাৰি পাম্প দি স্প্ৰে কৰিবলৈ সাজু হ'ব ৷
- বতৰটো লক্ষ্য কৰিব ৷ বৰষুণ দিয়াৰ সশাৱনা থাকিলে স্প্ৰে নকৰিব ৷ সদায় ৰাতিপুৱা বা আবেলি স্প্ৰে কৰিব ৷
ঔষধ প্ৰয়োগৰ সময়ত
- গামোছা আদিৰে নাক-মুখ ভালদৰে ঢাকি ল'ব ৷
- বতাহৰ দিশ লক্ষ্য কৰিব ৷ বেচি বতাহ বলি থাকিলে স্প্ৰে নকৰিব ৷ মৃদু বতাহ বলি থাকিলে বতাহৰ দিশত স্প্ৰে কৰিব ৷
- স্প্ৰে এনেদৰে কৰিব যাতে গছজোপা ভালদৰে তিতি যায় ৷
- ঔষধ প্ৰয়োগৰ সময়ত তামোল,বিড়ি, চুৰট আদি পান নকৰিব ৷
- শৰীৰৰ কৰবাত কটা-ছিঙা থাকিলে স্প্ৰে কৰাৰ পৰা বিৰত থাকিব ৷
ঔষধ প্ৰয়োগৰ পিছত
- স্প্ৰে যন্ত্ৰত ৰৈ যোৱা অৱশষ্টি ঔষধৰ মশিণখিনি আঁতৰত পেলাব ৷
- স্প্ৰে যন্ত্ৰটো ভালদৰে পৰিপ্তাৰ কৰিব ৷
- পুখুৰী, কুঁৱা আদিৰ পাৰত স্প্ৰে যন্ত্ৰ নুধুব ৷
- ঔষধ শেষ হলে টেমা বা বটল দ' গাত কৰি পুতি দিব ৷
- ঔষধ প্ৰয়োগৰ পিছত ভালদৰে হাত, ভৰি আৰু গা ধুব ৷
- ঔষধৰ টেমা বা বটল সৰু লৰা-ছেৱালীয়ে সহজে বিচাৰি নোপোৱাকৈ লুকুৱাই থব ৷
গছৰ বয়স অনুযায়ী স্প্ৰে কৰিবলৈ আৱশ্যক হোৱা পানী পৰিমাণ
কঠীয়াতলিত
|
৬৫-৮০ লিটাৰ
|
প্ৰতি বিঘাত
|
ধান ৰোৱাৰ ৩০ দিনলৈকে
|
২৫-৪০ লিটাৰ
|
"
|
" " ৩০-৩৫ দিনলৈকে
|
৬৫-৮০ লিটাৰ
|
"
|
" " ৫০ দিনৰ পিছত
|
৭০-১০০ লিটাৰ
|
"
|
ধানৰ প্ৰধান বেমাৰ সমূহৰ চিনাক্তকৰণ
চৰক পৰা বা পাত জ্বলা
গছৰ পাতত চকু বা মাকো সদৃশ দাগ পৰে ৷ দুই মূৰ জোঙা; মাজ অংশ ধোৱাঁ বা বগা বৰণ আৰু দাগৰ চাৰিও দিশ মুগা ৰঙেৰে আগুৰা ৷ পাচলৈ দাগবিলাক লগ লাগে আৰু পাত জ্বলি যায় ৷
ঠোৰ পচা
ঠোকৰ গুৰি সংকোচিত হয় আৰু কলা পৰে ৷ পাছলৈ কলা পৰা অংশত ভাঙি যায় ৷ বেমাৰ গুটিলেও সংক্ৰমিত হয় ৷
মুগা দাগ পৰা
পাতত মুগা ৰঙৰ ডিম্বাকৃতিৰ দাগ পৰে আৰু মাজৰ অংশ বগা ৷ দাগবিলাক সাধাৰণতে লগ নালাগে৷
বৌখা চবকা পৰা
গছত চবকা চবক দাগ পৰে ৷ দাগ বিলাক সেউজীয়া ও ধোৱাঁ বৰণীয়া ৷ পাচলৈ লক্ষণ পাতত দেখা দিয়ে আৰু বৌখা ও পাতবিলাক দেই যায় ৷
বৌখা পচা
ধোৱা মুগা বৰণৰ কিছুমান দাগ বিশেষকৈ থোক আবৰি থকা বৌখা অংশত পৰিলক্ষিত হয় ৷ থোক আধামান ওলায় বা কেতিয়াবা সম্পূৰ্ণ ওলাব নোৱাৰে ৷
বেক্টেৰীয়াজনিত ৰোগ
পাত ও গছ লেৰেলা পৰা পয্ৰ্যায়
পাত বিলাক হালধীয়া পৰে আৰু পথম গাঠিটো গুৰিৰ ফালে কলা পৰে আৰু পাচলৈ পাত লেৰেলা পৰি পানীত ওপঙি পৰে ৷ গছবিলাক চাপৰ হয় আৰু কম পোখা মেলে ৷ মাজে মাজে গছ মৰিও যায় ৷
পাত দেই যোৱা পয্ৰ্যায়
পাতৰ মূৰ আৰু দাঁতিত পথমে সেউজীয়া ও ধোঁৱা বৰণীয়া দাগ সৃষ্টি হয় ৷ লাহে লাহে দাগবোৰ হালধীয়া বৰণ লৈ পাচলৈ বগা হৈ গোটেই পাত আগুৰি ধৰি শকাই যায় ৷
ধানৰ প্ৰধান বেমাৰ কেইটাৰ প্ৰতিকাৰ
পাত জ্বলা
প্ৰতিৰোধক জাত
|
বাহাদুৰ, মনিৰাম, পিয়লী, কুশল, লুইত, কপিলী, কালচাৰ-১, গোবি্ৰুন্দ, আই আৰ.৩৬, এণ্ডিউ শালি, মনোহৰ শালি, জয়া, ৰাচী, আই,ই,টি - ১০০১৬, আই,ই,টি -“ ১০০২১
|
গুটি শোধন
|
ডাইথেন এম ৪৫ কেপটাফ
|
প্ৰতি কিলো বীজৰ বাবে ২.৫ গাম ঔষধৰ প্ৰয়োজন
|
বেভিষ্টিন্
|
প্ৰতি কিলো বীজৰ বাবে ১ গাম ঔষধৰ প্ৰয়োজন
|
ইউৰীয়া সাৰ সীমিতকৰণ
|
টপদেচিং কৰিবলগীয়া ইউৰীয়া সাৰ তিনিভাগত, ৰোৱাৰ ২০, ৪০ আৰু ৬০ দিনত প্ৰয়োগ কৰিব বা বেমাৰৰ প্ৰকোপ বাঢ়িলে ইউৰীয়া ব্যৱহাৰ বন্ধ কৰিব ৷
|
ঔষধৰ ব্যৱহাৰৰ সীমা (ETL)
|
ৰোৱা ধানৰ পায় ৫-১০% জ্বলাৰ পাচত নাইবা ২% ঠোৰ পচাৰ পাছতহে ঔষধ চতিয়াব ৷
|
ঔষধ স্প্ৰে
|
হিন'চান ১ মি:লি: প্ৰতি লিটাৰ পানীত অথবা এচামুচ ঔষধ ৫ লিটাৰ পানীৰ হিচাপত নাইবা ১ গামকৈ টপচিন্ এম বা বেভিষ্টিন ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷
|
মুগা দাগ পৰা
গুটি শোধন
|
বেভিষ্টিনৰ বাহিৰে বাকী কেইটা ঔষধ ব্যৱহাৰ কৰিব ৷
|
পটাছ সাৰ প্ৰয়োগ
|
মিউৰিয়েট অৱ পটাছ সাৰ ওপৰিঞ্চি (৪ কি: প্ৰতি বিঘাত) পথাৰত চতিয়াই বোকাৰ লগত মিহলি কৰি দিব ৷
|
ঔষধ স্প্ৰে
|
ডাইথেন এম ৪৫ ঔষধ ২.৫ গাম প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে কৰিব ৷
|
বৌখা চবকা পৰা
প্ৰতিৰোধক জাত
|
বাহাদুৰ, ৰিদ্ভ—ত, মনিৰাম, পিয়লি, কুশল, লক্ষিমী, পদ্ভজ, মনোহৰ শালি, এণ্ডিউ শালি, বৰধান, বৰশ'ল পোনা, ইকৰা শালি ইত্যাদি ৷
|
পথাৰ পৰিচৰ্য্যা
|
বেমাৰী পাতবোৰ কাটি নষ্ট কৰা ৷ ইউৰীয়া সাৰ সীমিত কৰণ ৷ ৰোৱাৰ দুৰত্ব বঢ়াই দিয়া ৷ নিৰণি কৰি চাফ চিকুণকৈ খেতি ডৰা প্ৰতিপালন কৰা ৷
|
বৌখা পচা
প্ৰতিৰোধক জাত
|
বাহাদুৰ, ৰিদ্ভ—ত, মনিৰাম, পিয়লি, কুশল, লক্ষিমী, পদ্ভজ, মনোহৰ শালি, এণ্ডিউ শালি, বৰধান, বৰশ'ল পোনা, ইকৰা শালি ইত্যাদি ৷
|
পথাৰ পৰিচৰ্য্যা
|
বেমাৰী পাতবোৰ কাটি নষ্ট কৰা ৷ ইউৰীয়া সাৰ সীমিত কৰণ ৷ ৰোৱাৰ দুৰত্ব বঢ়াই দিয়া ৷ নিৰণি কৰি চাফ চিকুণকৈ খেতি ডৰা প্ৰতিপালন কৰা ৷
|
ঔষধ ব্যৱহাৰৰ সীমা (ETL)
|
৬-৭% গছত বেমাৰ হ’লেও ঔষধ চতিয়াব ৷
|
ঔষধ স্প্ৰে
|
বেভিষ্টিন ১ গাম বা কনটাফ ২ মি:লি: প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে কৰিব ৷
|
বেক্টেৰীয়াজনিত ৰোগ
পাত ও গছ লেৰেলা পৰা পৰ্য্যায়
প্ৰতিৰোধক জাত
|
পৃস্জ, বাহাদুৰ, মনিৰাম, মাচুৰী, ৰিদ্ভ—ৎ, পিয়লী
|
গুটি শোধন
|
১০ কি: গাম গুটিৰ বাবে ষ্ট্ৰপটোচাইক্লিন, এগিমাইচিন বা পুচামাইচিন ঔষধ ৫ গাম হিচাপত লৈ শোধন কৰিব ৷
|
গোবৰত পানীৰ মশিণৰ স্প্ৰে
|
কেঁচা গোবৰ (২০০ গাম প্ৰতিলিটাৰ পানীত) সাত দিনৰ অন্তৰে অন্তৰে কমেও তিনিবাৰ স্প্ৰে কৰক ৷
|
ওপৰিঞ্চি পটাচ সাৰ
|
৪ কি:গাম প্ৰতি বিঘাত (মিউৰিয়েট অৱ পটাচ) চটিয়াই বোকাৰ লগত মিহলি কৰিব ৷
|
পাত দেই যোৱা পৰ্য্যায়
প্ৰতিৰোধক জাত
|
বাহাদুৰ, ৰিদ্ভ—ত, মনিৰাম, পিয়লি, কুশল, লক্ষিমী, পদ্ভজ, মনোহৰ শালি, মাচুৰী, আই আৰ - ৩৬, ৰাচী, আই আৰ-৫০ জয়া ৷
|
নাইট্ৰোজেন সাৰ সীমিত কৰণ
|
নাইট্ৰোজেন সাৰ সীমিত কৰণ নাইট্ৰোজেন সাৰৰ ব্যৱহাৰ বেমাৰ দেখা দিলে বন্ধ কৰি তাৰ পৰিবৰ্তে ওপৰিঞ্চি মিউৰিয়েট অৱ পটাচ ৪ কি:গাম প্ৰতি বিঘাত ব্যৱহাৰ কৰিব আৰু বোকাৰ লগত মিহলাই দিব ৷
|
পথাৰ পৰিচৰ্য্যা
|
সঘনে বেমাৰ হৈ থকা পথাৰত কঠীয়াৰ আগ নাকাটিব ৷ বনবাত নিৰণি কৰি চাফ চিকুণকৈ খেতি ডৰাক পৰিচৰ্য্যা কৰিব ৷ মাধ্যমীয়া বা হ্ৰস্বকালীন জাত পৰাপক্ষত শাওনৰ শেষৰ ফালে ৰুব ৷
|
কেঁচা গোবৰ স্প্ৰে
|
লেৰেলা পৰা পৰ্য্যায়ত উল্লেখ কৰাৰ দৰে স্প্ৰে কৰিব ৷
|
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।