অতীজৰে পৰা অসমীয়া সমাজত মাঘ বিহুত কাঠ আলুৰ ব্যৱহাৰ হৈ আহিছে। কাঠ আলু হৈছে পাচলি জাতীয় এবিধ উদ্যান শস্য। অসমৰ জলবায়ু কাঠ আলু খেতিৰ বাবে উপযোগী। সেয়েহে লাভজনকভাৱে অসমত কাঠ আলু খেতি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। কাঠ আলু খেতিৰ বাবে পানী জমা নোহোৱা, ওখ, সাৰুৱা মাটি উপযোগী। কাঠ আলুৰ অধিক উৎপাদনক্ষম সঁচবোৰৰ ভিতৰত কুঁৱৰী আলু, দি এ – ৪৮, দি এ – ৪০ ইত্যাদিয়ে প্ৰধান। কাঠ আলুৰ ৰোপণ সামগ্ৰীৰ বাবে ডাঙৰ আকাৰৰ আলুবোৰ (১-২ টা) চকু ৰাখি ভাগ ভাগকৈ কাটি লোৱা উচিত।প্ৰতিটো ৰোপণ সামগ্ৰী তথা আলুৰ টুকুৰাবোৰৰ ওজন (২৫০-৩০০) গ্ৰাম মান হোৱা উচিত। ৰোৱাৰ আগেয়ে টুকুৰাবোৰ গোবৰৰ লেপ দি ছাঁত শুকুৱাই ল’ব লাগে। ৰোৱাৰ সময়ত আলুৰ চকুবোৰ ওপৰমুৱাকৈ থাকিব লাগে।ৰোৱাৰ সময় হৈছে মাৰ্চ-মে’ মাহ। ৰোৱাৰ বাবে ডেৰফুট বহল আৰু ডেৰফুট দ’কৈ একোটা গাঁত খান্দিব লাগে। গাঁতবোৰৰ মাজত ১ মিটাৰ ব্যৱধান ৰাখিব লাগে।১ কে. জি. পচন সাৰ মাটিৰ লগত মিহলাই গাঁতবোৰৰ তিনি চতুৰ্থাংশ ভৰাই পেলাব লাগে। এতিয়া ৰোপণ সামগ্ৰীবোৰ মাটিৰ পৰা ২০-২৫ ছেণ্টিমিটাৰ তলত চকুবোৰ ওপৰমুৱাকৈ ৰাখি ৰুব লাগে। মাটি চহোৱাৰ সময়ত এক বিঘা মাটিত ২০ কিল’গ্ৰাম ইউৰিয়া, ৫০ কিল’গ্ৰাম একক চুপাৰ ফছফেট আৰু ১৬ কিল’গ্ৰাম মিউৰেট অৱ পটাচ সাৰ প্ৰয়োগ কৰিব লাগে। সাৰখিনি দুটা ভাগৰ এটা ভাগ পোখা ওলোৱাৰ ৭-১৫ দিনৰ পাছত আৰু আনটো ভাগ ৪৫ দিনৰ পাছত গছৰ গুৰিত প্ৰয়োগ কৰি পাছত গছৰ গুৰিত মাটি চপাই দিব লাগে।পুলি গজাৰ পাছত ৰছীৰে পুলিবোৰ গছত নতুবা বাঁহৰ জেং আদিত বান্ধি দিব লাগে যাতে লতাজাতীয় কাঠ আলুৰ গছবোৰ বগাই যাবলৈ সুবিধা হয়।কাঠ আলু পূৰঠ হোৱাৰ সময়ত নতুবা শস্য চপোৱাৰ পাছত সংৰক্ষণ গৃহত কাঠ আলুবোৰত স্কেল নামৰ পোকবিধে আক্ৰমণ কৰা দেখা যায়। আক্ৰান্ত আলুবোৰ ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব নালাগে। এই পোকিবধে আক্ৰমণ কৰা আলুবোৰ জমা কৰি ৰাখিব নালাগে। পোকবিধ নিয়ন্ত্ৰণৰ বাবে ৰোৱাৰ আগেয়ে আলুবোৰ নুভাক্ৰণ দৰৱ ২ মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই প্ৰস্তুত কৰা দ্ৰৱত দহ মিনিট সময় ডুবাই ৰাখিব লাগে। ৰোৱাৰ ৮-৯ মাহ পাছত অৰ্থাৎ ডিচেম্বৰ, জানুৱাৰী মাহত যেতিয়া গছবোৰ মৰহি শুকাই যাবলৈ ধৰে, সেই সময়তে আলুবোৰ খান্দিব পৰা হয়। প্ৰতি বিঘা মাটিৰ পৰা ২-৪ টন মান কাঠ আলু উৎপাদন হয়।
লেখিকা: লুনা বৰুৱা, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
অমিতাৰ উন্নত কৃষি পদ্ধতি
আলুখেতিৰ অধিক উৎপাদনৰ বাবে উন্নত কৃষি পদ্ধতি
আহু ধানৰ উন্নত কৃষি পদ্ধতি
অভিনৱ পদ্ধতিৰে মৌ সংগ্ৰহ