বিলাহী এবিধ উন্নত মানদণ্ডৰ আৰু সকলোৰে প্ৰিয় খাদ্য ৷ পকা বিলাহী কেচাই খোৱাৰ বাহিৰেও নানা জুতি লগাই বান্ধি খাব পাৰি৷ বিলাহীত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ থকাৰ বাহিৰেও খনিজ লৱনো পোৱা যায়৷ ই এবিধ পুষ্টিকৰ খাদ্য হোৱাৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণ আছে৷
বিলাহী খেতিৰ বাবে ৰ’দঘাই, ওখ, বালিচহীয়া মাটি নিৰ্বাচন কৰি লব লাগে৷ মাটিডোখৰ ভালদৰে হালকোৰ মাৰি সাৰ গোবৰ দি চহাই লৈ ময়াই সমান কৰি লব লাগে৷
বিলাহীৰ অনুমোদিত জাতবোৰ হৈছে - পঞ্জাৱ চুহাৰা, পঞ্জাব কেশৰী, এচ-১২, পুচা অঅৰলি, ডোৱাৰ্ফ, পুচা ৰুবী, আৰ্কা আভা, আৰ্কা আলোক, বিটি-১ ইত্যাদি ৷ এই জাতবোৰৰ গড়ে উৎপাদন বিঘাই প্ৰতি ২৫ – ৫০ কু: ৷ হাইব্ৰীড জাতৰ বিলাহীৰ ভিতৰত ৰূপালী, নবীন, অবিনাশ, আৰ্কা অভিজিৎ, আৰ্কা শ্ৰেষ্ঠ, পুচা হাইব্ৰীড-১, পুচা হাইব্ৰীড-২, নামধাৰী সুৰক্ষা, নামধাৰী উৎসৱ ইত্যাদি জাত খেতিৰ বাবে নিৰ্বাচন কৰিব পাৰি ৷ এই জাতবোৰৰ উৎপাদন বিঘাই প্ৰতি ৬০-৭০ কুইন্টল পৰ্য্যন্ত পোৱা যায় ৷
বিলাহীৰ পুলিবিলাক পুলিবাৰীত গজাই লব লাগে ৷ এবিঘা মাটিত ৰোৱাৰ বাবে ৬০ গ্ৰাম বীজ পুলিবাৰীত সিঁচি পুলি গজাই লব লাগে ৷ পুলিবাৰীত বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰ-নৱেম্বৰ মাহ অৰ্থাৎ আহিন মাহৰ শেষৰ পৰা আঘোন মাহলৈকে ৷ হাইব্ৰীড জাতৰ বাবে ২৫ গ্ৰাম বীজেই এবিঘা মাটিত ৰুৱাৰ বাবে প্ৰয়োজন হয় ৷ পুলিবোৰ যেতিয়া ২৫-৩০ দিনৰ বয়স হয় তেতিয়া পুলিবোৰ সাৱধানে উঠাই মূল পথাৰত ৰোপণ কৰিব লাগে ৷
মূল পথাৰৰ মাটিডোখৰ হাল কোৰ মাৰি প্ৰয়োজনীয় সাৰ গোবৰ প্ৰয়োগ কৰি শাৰী শাৰীকৈ পুলিবোৰ ৰুপণ কৰিব লাগে ৷ বিলাহী পুলিৰ প্ৰতিতো শাৰীত ডেৰফুট (৪৫ ছে: মি: আৰু শাৰীৰ মাজত দুফুট ৬০ ছে: মি: ) ব্যৱধান ৰাখি ৰুব লাগে ৷ হাইব্ৰীড জাতৰ বাবে ৰোপন ব্যৱধান ৭৫ ছে: মি: (শাৰীৰ মাজত) আৰু ৬০ ছে: মি: (শাৰীৰ ভিতৰত পুলিৰ মাজত) ৷
বিলাহী খেতিত এবিঘা মাটিৰ বাবে অনুমোদিত সাৰৰ পৰিমাণ হৈছে ইউৰীয়া ২০ কিলোগ্ৰাম, একক ছুপাৰ ফচফেট্ ৫০ কিলোগ্ৰাম, মিউৰিয়েট অৱ পটাছ ১৪ কিলোগ্ৰাম আৰু একক কুইন্টল গোবৰ সাৰ ৷ হাইব্ৰীড জাতৰ ক্ষেত্ৰত বিঘাই প্ৰতি ২৫ কিলোগ্ৰাম ইউৰীয়া, ১৭০ কিলোগ্ৰাম একক ছুপাৰফচফেট্ আৰু ৪৬ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন ৷ এই ৰাসায়নিক সাৰ খিনি আধা ভাগ ইউৰীয়া আৰু সম্পূৰ্ণ ভাগ গোবৰ, ছুপাৰ ফচফেট্ আৰু পটাছ সাৰ শেষবাৰ হাল মৰাৰ আগতে মাটিত সমভাগে প্ৰয়োগ কৰি হাল মাৰি মৈয়াই সমান কৰি লব লাগে ৷ বাকি থকা আধাভাগ সউৰীয়া সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পিছত প্ৰতিটো পুলিৰ গুড়িত নতুবা দুটা শাৰীৰ মাজৰ ঠাইডোখৰত পাতলীয়া লোৰ কৰি সমাভাৱে প্ৰয়োগ কৰি মাটি জাপি দিব লাগে ৷ সাৰখিনি গোবৰ বা পচন সাৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে৷
পথাৰত পুলিবোৰ ৰোৱাৰ পৰা পুলি সজল ধৰালৈকে সদায় আবেলি এবাৰ পানী যোগান ধৰিব লাগে আৰু পিছত প্ৰয়োজন অনুসৰি ২/৩ দিনৰ অন্তৰত এবাৰকৈ আৰু শেষলৈ প্ৰয়োজন অনুসৰে ১০/১২ দিনৰ মূৰত এবাৰ পানী দিব লাগে ৷
পুলি ৰোৱাৰ এমাহৰ পিছত ইউৰীয়া সাৰ প্ৰয়োগ কৰাৰ লগে লগেই গছৰ গুৰিত মাটি চপাই দি ওখ জাতৰ পুলিবোৰ হালি পৰি নাযায় তাৰ বাবে বাঁহৰ খুটি পুলিৰ গুৰিত পুতি বান্ধি দিব লাগে৷
বিলাহী মৰহি যোৱা বেমাৰ সঘনে দেখিবলৈ পোৱা যায় ৷ এই বেমাৰ ভেকুঁৰ বা বেক্টেৰীয়াৰ দ্বাৰা হব পাৰে ৷ ভেকুঁৰৰ দ্বাৰা আক্ৰান্ত হ’লে প্ৰথমতে গছৰ তলৰ পাতবোৰ লেৰেলিবলৈ ধৰি হালধীয়া পৰি লাহে লাহে ওপৰৰ পাতবিলাকো লেৰেলিবলৈ ধৰে ৷ এইবেমাৰৰ প্ৰতিকাৰৰ বাবে ‘কেপটাফ’ নাইবা ‘বেভিষ্টিন’ নামৰ ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে ৷
আনহাতে বেক্টেৰীয়াৰ দ্বাৰা আক্ৰান্ত গছৰ প্ৰথমতে ওপৰৰ পাতবোৰ লেৰেলিবলৈ ধৰে আৰু ২/৩ দিনৰ ভিতৰত গোটেই গছজোপাই লেৰেলি যায় ৷ এই বেমাৰৰ পৰা প্ৰতিকাৰ পাবলৈ হ’লে ‘ষ্ট্ৰেপ্টোমাইচিন চালফেট’ নতুবা ‘এগ্ৰমাইচিন’ নামৰ ঔষধ ২০০ মি: গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই গছৰ গুৰিৰ শিপা তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে ৷ নতুবা ১ গ্ৰাম হিং + ৫ গ্ৰাম হালধীৰ গুৰি ১০ লিটাৰ পানীত প্ৰায় ২৫০-৫০০ মি: লি: প্ৰতি জোপা গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ পুলিৰোৱাৰ ১৫,৩০ আৰু ৪৫ দিনৰ মূৰত তিনিবাৰ প্ৰয়োগ কৰিব লাগে ৷ বেছি অম্লযুক্ত মাটিত বেক্টেৰীয়াৰ দ্বাৰা হোৱৱাৰ বেমাৰ বেছিকৈ হোৱা দেখা যায় সেয়েহে মাটিৰ অম্লতা কমাব বাবে কঠাই প্ৰতি ২০ কিলোগ্ৰাম চুণ ৩ বছৰৰ মৰে মূৰে মাটিত প্ৰয়োগ কৰিব লাগে ৷
ইয়াৰ উপৰিও মটিত খলিহৈ, নিম কেক, হাড় সাৰ আদি প্ৰয়োগ কৰিৱেল মাটিডৰা সাৰুৱা কৰাৰ উপৰিও মাটিত থকা জীৱাণুৰ পৰিমাণ হ্ৰাস কৰে ৷ ইয়াৰ উপৰিও বায়ফৰ পি এফ ৰ ব্যৱহাৰ কৰি জৈৱিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পাৰি ৷ তদুপৰি যিবোৰ মাটিত এই বেমাৰবোৰ বেছিকৈ হয় তেনে ঠাইত ৰোগে আক্ৰমণ কৰিব নেৱাৰা শষ্য যেনে – লেচেৰা মাহ, গুমধান, ঘেহুঁ ইত্যাদিৰ খেতি কৰিব লাগে ৷ ভেকুঁৰ বা বেক্টেৰীয়াৰ দ্বাৰা আক্ৰান্ত হোৱা গছ মাটিৰে সৈতে উভালি দূৰত পুতি বা পুৰি পেলাব লাগে, যাতে তাৰ বীজাণু বিস্তাৰিত হ’ব নোৱাৰে ৷ বিলাহীৰ ব্লাইট বেমাৰে অলেখ অনিষ্ট সাধন কৰে ৷ এই বেমাৰ ভেকুঁৰৰ পৰা হয় আৰু পাতবেৰ প্ৰথমতে ক’লা পৰি আৰু পিচলৈ পুৰি যোৱাৰ দৰে হয় ৷ ডাৱৰীয়া আৰু সেমেকা বতৰত এই বেমাৰ বেছিকৈ বিয়পে ৷ এই বেমাৰ নিবাৰণৰ বাবে ইন্দোফিল এম ৪৫ তিনি গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰেে কৰিব লাগে ৷ বেমাৰ হোৱৱালৈ বাট নাচাই প্ৰতিষেধক হিচাপে এই ঔষধ ব্যৱহাৰ কৰা ভাল ৷ কাৰণ এবাৰ আক্ৰমণ হলে ছটিয়াই নিবাৰণ কৰা টান হয় ৷
বিলাহী খেতিত প্ৰায় বিলাহীৰ মূৰবোৰ ক'লা পৰি গাঁতৰ দৰে হোৱা দেখা যায় ৷ এই বিসঙ্গতি কেলচিয়ামৰ অভাৱৰ বাবে হয় ৷ এই ক্ষেত্ৰত ৫ গ্ৰাম কেলচিয়াম ক্লৰাইড নামৰ ঔষধ ১ লিটাৰ পানীত মিহলাই ফুল ফুলাৰ সময়ত স্প্ৰে কৰি সুফল পাব পাৰি ৷ কেতিয়াবা মাটিডৰাত পানীৰ পৰিমাণ কম হলে নাইবা নাইট্ৰোজেন সাৰ অধিক হলেও এই বিসঙ্গতিয়ে দেখা দিয়ে ৷ সেয়েহে মাটিডৰাত নিয়মিত জলসিঞ্চন আৰু অনুমোদিত হাৰত নাইট্ৰোজেন প্ৰয়োগ কৰিব লাগে ৷
বিলাহীৰ খেতিত পাত কেকুঁৰা হোৱাৰ বেমাৰ দেখা যায় ৷ এবিধ সৰু মাখিয়ে এই বেমাৰ বিয়পায় ৷ পুলি ৰুৱাৰ এসপ্তাহৰ পিছৰে পৰা ৰগৰ নামৰ কীটনাশক ঔষধ ১.৫ মি: লি: প্ৰতি লিটাৰ পানীত মিহলাই ১৯ দিনৰ মূৰে মূৰে ফুল ফুলাৰ সময়লৈকে স্প্ৰে কৰিব লাগে ৷ বিলাহীৰ পুলিবোৰ পুলিবাৰীত থাকোতেও এবাৰ স্প্ৰে কৰিব লাগে ৷
বিলাহীৰ খেতিত ফলবিন্ধো পোকে যথেষ্ট অনিষ্ট কৰে ৷ মালাথিয়ন ৫০ ই: চি: ১.৫ মি: লি: প্ৰতি লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগ্ৰে প্ৰয়োগৰ আগতে পৈণত বিলাহীবোৰ চিঙি ল’ব লাগে ৷ ঔষধ প্ৰয়োগৰ ১০ দিনৰ ভিতৰত ফল খাব নালাগে ৷
বিলাহীৰ খেতিত কেতিয়াবা ফল ধৰাৰ সময়ত বতৰৰ উষ্ণতা কম বা বেছি হলে কোষ বিভাজনত বিসঙ্গতিয়ে দেখা দিয়ে ৷ এনে বিসঙ্গতিৰ ফলত বিলাহীতো মেকুৰীৰ মুখখনৰ দৰে হয় সেয়েহে এনে বিসঙ্গতিক ‘কেটফেচ’ বুলি কোৱা হয় ৷
বিলাহীৰ ফলবোৰত যদি অনবৰতে সূৰ্য্যৰ ৰশ্মি পোনপতীয়াকৈ পৰি থাকে তেন্তে গোলাকাৰ আকাৰত বিলাহীতোৰ ওপৰত ফাট মেলে৷ এনে ক্ষেত্ৰত ফলবোৰ পোনপতিয়াকৈ সূৰ্য্যৰ ৰশ্মিৰ পৰা বচাবৰ বাবে পাতেৰে ঢাকি দিব লাগে কেতিয়াবা বহুদিন খৰাঙ বতৰৰ পিচত যদি হঠাত পানী পায় তেতিয়াও বিলাহীবোৰ দীঘলে দীঘলে ফটা দেখা যায় ৷ সেয়েহে এই খেতিত সমভাৱে মাটিত জীপ ৰাখিব লাগে ৷
জাত ভেদে বিলাহীৰ উৎপাদন বিঘাই প্ৰতি ২৫-৭০ কুইন্টল পৰ্য্যন্ত পোৱা যায়৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ৰাজমাহ আৰু বিলাহী
বিলাহীৰ লেৰেলি যোৱা বেমাৰ আৰু নিয়ন্ত্ৰণ
বিলাহী খাওক
চিমলা জলকীয়া, বিলাহী আৰু আলু ভাজি