আলুৰ বাকলি গুচাই সৰু সৰুকৈ কাটি লওক। চিমলা জলকীয়াৰ ভিতৰৰ গুটিবোৰ গুচাই পাতলকৈ চকলিয়াই লওক। বিলাহীকেইটা কুটি লওক।
জুইত কেৰাহী বহাই গৰম হ’লে মিঠাতেল দিয়ক। তেল গৰম হ’লে তেজপাত, জিৰা আৰু আজোৱান তেলত দি অলপ সময় ভাজক। এতিয়া আলুখিনি ঢালি নিমখ দি অলপ সময় ঢাকোন মাৰি থওক। ঢাকোন গুচাই চিমলা জলকীয়া, জিৰাগুৰি, জলকীয়া গুৰি আৰু হালধি দি ভালদৰে লৰাওক। কেইমিনিটমান পিছত বিলাহীখিনি ঢালি দি ভালকৈ লৰাই ঢাকোন মাৰি থওক। সিজিলে নমাই থওক। এই ভাজিত পানী দিয়াৰ প্ৰয়োজন নহয়। তথাপি যদি বেছি শুকাই যায় বা কেৰাহীত লাগি ধৰে তেন্তে আধাকাপ পানী দিব পাৰে।
লেখিকা: ধনদা বৰুৱা।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
বিলাহী খাওক
বিলাহী আৰু গাজৰ
ৰাজমাহ আৰু বিলাহী
বিলাহীৰ কৃষি প্ৰণালী