জাঁত |
কৃষি কাল |
শস্য উৎপাদন (কুইণ্টল/হেক্টৰ) |
বৈশিষ্ট্য |
টি-২১ |
১৭০-২০০ |
১২-১৫ |
মধ্যমীয়া উচ্চতাৰ (১৭০-১৮৫ চে:) |
টি-২১ সকলো পৰিমণ্ডলৰ বাবে অনুমোদিত।
বীজ সিঁচাৰ সময়: জুন-জুলাই মাহত বীজ সিঁচাৰ বাবে উত্তম।
মাটি: বালিচহীয়া, পলসুৱা মাটিৰ ৰহৰ খেতি ভাল হয়।
মাটি প্ৰস্তুতি: মাটিডৰা ৩-৫ বাৰ মান মাৰি মৈ দি সমান কৰি লৈ বনবাত নিৰাই ল’ব লাগে।
বীজৰ পৰিমাণ: ১২-১৫ কিলোগ্ৰাম/হেক্টৰ বা ১.৮-২.০ কিলোগ্ৰাম/বিঘা।
দূৰত্ব: শাৰীবদ্ধভাৱে কৰা খেতিত প্ৰতিটো শাৰীৰ মাজত ৭৫ চে:মি: দূৰত্ব আৰু প্ৰতি দুজোপা গছৰ মাজত ৩০ চে:মি: ব্যৱধান ৰাখিব লাগে।
চূণ প্ৰয়োগ: মাটিডৰা পৰীক্ষা কৰি মাটিৰ অল্মতা ৬ লৈ আনিবলৈ প্ৰয়োজন অনুসৰি কৃষিত ব্যৱহাৰিক চূণ সময়মতে প্ৰয়োগ কৰিব লাগে।
সাৰ প্ৰয়োগ: হেক্টৰে প্ৰতি ৪.৫ টন বা বিঘাই প্ৰতি ৬ কুইণ্টল পথৰুৱা সাৰ বা পচনসাৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰি।
সাৰ |
ৰাসায়নিক সাৰৰ পৰিমাণ |
||
নাইট্ৰজেন-১৫ |
ইউৰিয়া |
৩২ |
৪ |
ফচফৰাচ-৪০ |
একক চুপাৰ ফচফেট |
২২০ |
৩৫ |
পটাছ-০ |
মিউৰেট অৱ পটাছ |
- |
- |
সাৰ |
ৰাসায়নিক সাৰৰ পৰিমাণ |
||
নাইট্ৰজেন-১০ |
ইউৰিয়া |
২২ |
৩ |
ফচফৰাচ-৪০ |
একক চুপাৰ ফচফেট |
২৫০ |
৩৫ |
পটাছ-০ |
মিউৰেট অৱ পটাছ |
- |
- |
প্ৰতিপালন: বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছত এবাৰ বনবাত নিৰাব লাগে।
শস্যৰক্ষা: (ক)ৰোগ
ৰোগ |
প্ৰতিকাৰ |
১) মৰহি যোৱা ৰোগ পাত হালধীয়া ৰঙৰ হৈ লেৰেলি যায়, আক্ৰান্ত ঠাল লেৰেলি শুকাই যায়। |
আক্ৰান্ত গছসমূহ উভালি দূৰৈত জ্বলাই দিব লাগে। ট্ৰাইক’ডাৰমা ভিৰিডি (২.৫ কি:গ্ৰাম/হেক্টৰ) প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব লাগে। |
২) পাতত দাগ পৰা ৰোগ। |
ব্লাইটক্স-৫০ বা ফাইটোলান প্ৰয়োগ কৰিব লাগে ১.৮-২.০০ কি:গ্ৰাম ৬০০-৭০০ লি: পানীত মিহলাই স্প্ৰে কৰিব লাগে, ৭-১০ দিনৰ ব্যৱধানত। বেভিষ্টিন ৩০০-৫০০ গ্ৰাম ৬০০-৭০০ লিটাৰ পানীত মিহলাই ১২-১৫ দিনৰ ব্যৱধান স্প্ৰে কৰিব লাগে। |
শস্যৰক্ষা: খ) পোক পৰুৱা
ৰোগ |
প্ৰতিকাৰ |
১) মোৱা পোক ২) ছেই-ফুটা কৰা পোক/প’ড ব’ৰাৰ ৩) এপিয়ন ব’ৰাৰ ৪) জেচিড ৫) পাত মেৰোৱা পোক |
মালাথিয়ান-৫০ ইচি ১.০-১.৫ লিটাৰ বা ফেনিট্ৰিথিয়ন ১.০-১.৫ লিটাৰ প্ৰতি ৫০০-৭০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰত স্প্ৰে কৰিব লাগে। ছেই ফুটা কৰা পোক আৰু এপিয়ন ব’ৰাৰ বাবে ফুল ওলোৱাৰ পৰা ১৫ দিনৰ অন্তৰত/ব্যৱধানত তিনিবাৰ স্প্ৰে কৰিব লাগে। জেচিড, পাত মেৰ খোৱা পোক আদিৰ বাবে প্ৰয়োজন অনুসাৰে স্প্ৰে কৰিব লাগে। |
খেতি চপোৱা: ছেইবোৰ পূৰঠ হ’লে আৰু সামান্য হেচিলেই মেল খালে চপাবৰ হয়। ২-৩ বাৰত খেতি চপাই শেষ কৰিব লাগে।
১২-১৫ কুইণ্টল/হেক্টৰ।
পাহাৰৰ এঢলীয়া (২০-২৫%) মাটিত মগু বা মাটি মাহ আৰু তিলখেতিৰ সৈতে মাজে মাজে ৰহৰ খেতিও কৰিব পাৰি। ৰহৰ গছ শাৰী পাতি ৰুব লাগে। তেনেকুৱা অৱস্থাত ১৫ কি:গ্ৰাম নাইট্ৰজেন আৰু ৪০ কি:গ্ৰাম ফচফৰাচ প্ৰতি হেক্টৰত সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচা সময় জুলাইৰ শেষৰ সপ্তাহৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহত।
উৎস: কৃষি বিভাগ, অসম।
শেহতীয়া উন্নীতকৰণ: : 3/31/2020
আলুখেতিত আলুৰ প্ৰকৃত বীজৰ (টি:পি:এচ) ব্যৱহাৰ
এই শিতানত নিমৰ বীজ নিষ্কাশনৰ প্ৰয়োজনীয় সামগ্ৰী আৰু...
পুষ্টিকৰ আহাৰ বিভিন্ন ডাইলৰ বিষয়ে ইয়াত আলোচনা কৰ...
ধানৰ বীজ সংৰক্ষণেৰে অভিলেখ