নিমৰ বীজ মূলৰ নিষ্কাশন (এন.এচ.কে.ই) প্ৰস্তুতি (৫% দ্ৰৱ)
প্ৰয়োজনীয় সামগ্ৰী
১০০ লিটাৰ ৫% NSKE দ্ৰৱৰ প্ৰস্তুতিৰ বাবে
- নিমৰ বীজ মূল (শুকান) – ৫ কি.গ্ৰাম
- পানী (যথেষ্ট ভাল মানদণ্ডৰ) – ১০০ লিটাৰ
- অপমাৰ্জক (Detergent )-২০০ গ্ৰাম
- চেকিবলৈ মচলিন কাপোৰ
পদ্ধতি
- প্ৰয়োজনীয় পৰিমানৰ নিমৰ বীজ মূল ( ৫ কি.গ্ৰাম )
- মূলবিলাক খূন্দি গুড়ি কৰক।
- ১০ লিটাৰ পানীত এৰাতি তিয়াই থওক।
- দ্ৰৱটো গাখীৰৰ দৰে বগা হোৱালৈকে কাঠৰ হেতাৰে লৰাই থাকক।
- দুই তৰপীয়া মছলিন কাপোৰেৰে চেকি লওক আৰু পৰিষ্কাৰ পানী যোগ কৰি ইয়াৰ পৰিমান ১০০ লিটাৰ কৰক।
- ১% অপমাৰ্জক (detergent)যোগ কৰক (অপমাৰ্জকৰ পেষ্ট বনাই লৈ দ্ৰৱটোত যোগ দিয়ক)
- দ্ৰৱটো ভালকৈ মিহলাই ব্যৱহাৰ কৰক।
টোকা
- নিমৰ ফলবিলাক ফল ফলা বতৰত সংগ্ৰহ কৰি ছাঁৰ তলত বতাহত শুকাই লওঁক।
- আঠমাহৰ ওপৰৰ বীজ ব্যৱহাৰ নকৰিব। এই বয়সৰ ওপৰত মজুত কৰি ৰখা বীজ সমূহে নিজা কাৰ্য্যক্ষমতা হেৰুৱায়, গতিকে এইবোৰ এন.এচ.কে. ই. প্ৰস্তুতিৰ বাবে উপযুক্ত নহয়।
- সদায় সদ্য প্ৰস্তুত দ্ৰৱ ব্যৱহাৰ কৰক।
- ভাল ফল পাবৰ বাবে নিষ্কাষনটো আবেলি ৩.৩০ বজাৰ পিচত চটিয়াওক।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/28/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.