আমাৰ ৰাজ্যখনৰ পটভূমিত মীন পালন এটা ফলপ্ৰসূ ব্যৱস্থা। এই ব্যৱস্থাৰ এই ব্যৱস্থাৰ জৰিয়তে তুলনামূলকভাৱে কম মূলধন বিনিয়োগ কৰি মীন পালন কৰিব পাৰি। বিশেষকৈ মীন পোনা প্ৰতিপালনৰ বাবে এই পদ্ধতি অতি উত্তম। মীন পালনৰ আন পদ্ধতিসমূহৰ তুলনাত এই পদ্ধতি আপেক্ষিকভাৱে নতুন। আধুনিক সজা পদ্ধতিত মীন পালন ১৯৫০ চন মানৰপৰাহে আৰম্ভ হৈছে। সজা পদ্ধতিৰ মীন পালনত সততে নিম্নোক্ত সুবিধা সমূহ দৃষ্টিগোচৰ হয়-
সজা নিৰ্মাণ কৰাৰ আগতে সজা প্ৰক্ষেপণৰ স্থান সম্পৰ্কে এটা স্পষ্ট ধাৰণা লোৱাটো নিতান্তই প্ৰয়োজনীয়। মন কৰিবলগীয়া কথাটো হ’ল পানী নুশুকোৱা, জাল টানিব নোৱাৰা, বানপানী পীড়িত অঞ্চলকে আদি কৰি প্ৰায় সকলো স্থানতে এই পদ্ধতি ৰুপায়ণ কৰিব পাৰি। অতি কমেও দুই মিটাৰ গভীৰতা বিশিষ্ট পৰ্যাপ্ত অম্লজান থকা তথা কম বতাহ, ঢৌ আৰু কম জলজ অপতৃণৰে আবৃত অঞ্চল সজা স্থাপনৰ বাবে বিশেষ উপযোগী। সজা নিৰ্মাণৰ বাবে আজিকালি বিভিন্ন কৃত্ৰিম সামগ্ৰী, প্লাষ্টিকৰ সামগ্ৰী আৰু ভিন ভিন সামগ্ৰী পোৱা যায় যদিও আমাৰ ৰাজ্যখনৰ সাধাৰণ মীন পলকৰ বাবে বাঁহৰ সজত মীন পালনহে পোষকতা কৰা হয়।
সজা বিভিন্ন আকৃতিৰ নিৰ্মাণ কৰিব পাৰি যদিও ৪ মিটাৰ ২ মিটাৰ ১.৫ মিটাৰ(ঘণমিটাৰ)বা ৩ মিটাৰ ২ মিটাৰ ১.৫ মিটাৰ (ঘণমিটাৰ) জোখৰ আয়তাকাৰ সজা সুবিধাজনক বুলি বিবেচিত হয়। ১৫-২০ ডাল জাতি বাঁহ, ২-৩ ডাল ভলুকা বাঁহ, নাইলনৰ ৰছী, ফিটা, গজাল বা বাঁহৰ শলখা, আঁঠুৱা জাল আদি সজাটো নিৰ্মাণ কৰাৰ আগতে যোগাৰ কৰি লোৱাটো বাঞ্চণীয়। সজাৰ গাঁঠনীটো প্ৰথমে গোটা বা ফলীয়া বাঁহেৰে নিৰ্মাণ কৰি ল’ব লাগে। এনে কৰোতে কোণবিলাকত পৰাপক্ষত লোওৰ গজালৰ পৰিৱৰ্তে বাঁহৰ শলখা ব্যৱহাৰ কৰিব লাগে আৰু কোণবোৰ নাইলনৰ ফিটাৰে মজবুত কৰি দিব লাগে। এই কামখিনি, অৰ্থাত জঁকাটো সম্পূৰ্ণ হ’লে ভিতৰৰ চাৰিওফাল আৰু তলৰ মজিয়াখনো বাঁহৰ মিহি কাঠীৰে প্ৰায় আধা ইঞ্চি ব্যৱধানত ঘনকৈ বোৱা বেৰেৰে আবৃত কৰি দিব লাগে। এই বেৰৰ বাহিৰৰ ফালে বাঁহৰ মিহি কামিৰে বোৱা অন্য এখন বেৰ চাৰিওফালে আৰু তলৰফালেও কটকটীয়াকৈ বান্ধি দিব লাগে। অৱশ্যে ওপৰৰ ফালটো এই বেৰৰে সংলগ্ন কৰা নহয়। সজাতোৰ ভিতৰত আঁঠুৱা জালেৰে নিৰ্মিত একে আকৃতিৰ আন এটা সজা স্ংলগ্ন কৰিব লাগে। আঁঠুৱা জালেৰে নিৰ্মিত সজাটোৰ ওপৰৰ ফালে এখন চুঙা আকৃতিৰ মুখ থাকিব লাগে আৰু এই মুখখনেদি খাদ্য দিয়া, পোনা মেলা, মাছৰ বাঢ়ন আৰু স্বাস্থ্য পৰীক্ষা কৰা আদি সমাপন কৰা হয়।
সজা সাধাৰণতে চাৰি প্ৰকাৰৰ-
(ক) স্থিৰ,
(খ) ওপঙা বা ভাসমান,
(গ) অৰ্দ্ধ নিমজ্জিত আৰু
(ঘ) নিমজ্জিত। অৱশ্যে প্ৰথম দুবিধ সজা নিৰ্মাণ সহজ আৰু ৰুপায়ণ সুবিধাজনক বাবে এই দুই পদ্ধতি মীন পালনৰ বাবে বেছি জনপ্ৰিয়।
সজাৰ কিছু নিৰ্দিষ্ট বৈশিষ্ট্য থকাটো বাঞ্চনীয়। যেনে-
সজাত মাছপোনাৰ জোখ অনুযায়ী পোনাৰ সংখ্যা নিৰ্ধাৰণ কৰা হয়। প্ৰতি ঘণমিটাৰ সজাত ২-৩ ছেণ্টিমিটাৰ জোখৰ পোনা হ’লে ৩৫০ টা, ৩-৪ ছেণ্টিমিটাৰ হ’লে ২৫০ টা আৰু ৪-৫ ছেণ্টিমিটাৰ জোখৰ হ’লে ২০০ টা পোনা মেলিব লাগে। মাছপোনা নিৰ্ভৰযোগ্য স্থল বা উতসৰ পৰা স্ংগ্ৰহ কৰাটো একান্ত বাঞ্চনীয়। পোনাখিনি সুস্থ-সবল, নিৰোগী আৰু গুণগত মানবিশিষ্ট হ’ব লাগে। বিভিন্ন অনুমোদিত নিৰিখত পোনা মেলিব পাৰি যদিও বাহু ৩০ শতাংশ, ৰৌ ২০ শতাংশ, মিৰিকা বা ভাঙন ১০ শতাংশ, ছিলভাৰ কাৰ্প ৩০ শতাংশ আৰু গ্ৰাছকাৰ্প ১০ শতাংশ মেলাটো সকলো দিশৰ পৰাই উত্তম। অৱশ্যে সচৰাচৰ কৰাৰ দৰে এই ক্ষেত্ৰতো পোনাখিনি পোনপটীয়াকৈ মেলি নিদি ১পি পি এম পটাছিয়াম পাৰামাংগানেট দ্ৰৱণত (এক লিটাৰ পানীত এক মিলিগ্ৰাম ঔষধ) দুই মিনিট ডুবাই থৈহে সজাত মেলিব লাগে।
স্মৰ্তব্য যে সজাত স্থাপন কৰিব বিচৰা জলাশয়ৰ জল গভীৰতা ৫ মিটাৰতকৈ কম হ’লে স্থিৰ পদ্ধতিত আৰু বিপৰীত হ’লে ওপঙা পদ্ধতিৰ সজা স্থাপন বেছি ফলপ্ৰসূ। সজা স্থাপন কৰিব বিচৰা ঠাইখিনিৰ জলজ উদ্ভিদখিনি পৰিস্কাৰ কৰি চাৰিটা বা ছটা ভলুকা বাঁহৰ খুটা পুতি সজাটো নাইলনৰ ৰছীৰে তলে-ওপৰে কটকটীয়াকৈ বান্ধি স্থিৰ পদ্ধতিত সজাটো স্থাপন কৰা হয়। দুয়ো ক্ষেত্ৰতে সজাতো পানীৰপৰা কমেও ১.৫ ফুট ওপৰত অৱস্থান কৰে।
ৰহাস্থিত মীন মহাবিদ্যলয়ে(অসম কৃষি বিশ্ববিদ্যালয়) চলোৱা এলানি পৰীক্ষামুলক প্ৰকল্পৰপৰা দেখা গৈছে যে ৪০-৪৫ দিনৰ ভিতৰত সজাত মেলা পোনাবোৰ ১০-১৫ ছেণ্টিমিটাৰ জোখৰ হয়গৈ। সেয়েহে একোটা প্ৰতিপালনৰ সময়সীমা ডেৰ মাহ ধাৰ্য কৰাটোৱেই শ্ৰেয়। সেই হিচাপে মে’ মাহমানৰপৰা অক্টোবৰলৈ তিনিবাৰ সজাত পোনা প্ৰতিপালন আৰু নৱেম্বৰ মাহৰ পৰা পৰৱৰ্তী বৰ্ষৰ এপ্ৰিললৈ খাদ্য উপযোগী মাছ অনায়াসে পালন কৰিব পাৰি। সাধাৰণতে পূৰঠ জাতি বাঁহেৰে নিৰ্মিত সজাৰ স্থায়িত্ব ২-৩ বছৰ মান হয়। কিন্তু ৪-৫ মাহপানীত গোঁৰাই থোৱা বাঁহেৰে নিৰ্মিত সজাৰ স্থায়িত্ব তুলনামূলকভাৱে বহু বেছি।
পোনা প্ৰতিপালনৰ বাবে ব্যৱহৃত সজাত প্ৰথম ১৫ দিন মাছক মুঠ ওজনৰ ৩ শতাংশ হিচাপত সমপৰিমাণৰ চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ, অৰ্থাত ১:১ হিচাপত লাড়ু কৰি দিব লাগে। পৰৱৰ্তী ৩০ দিন ৩ শতাংশৰ ঠাইত হিচাপটো ৫ শতাংশ হ’ব। উপকৰণ দুটা সানোতে মুঠ মাছৰ ওজনৰ ০.o৩ শতাংশ এগ্ৰিমিন জাতীয় অনুৰেখ মৌলৰ গুড়ি দিব পাৰিলে ভাল। খাদ্য উপযোগী মাছ পালনৰ ক্ষেত্ৰত মুঠ মাছৰ ওজনৰ ২-৪ শতাংশ খাদ্য ওপৰত বৰ্ণোৱা ধৰণে প্ৰয়োগ কৰিব লাগে। মাজে-সময়ে শুকান ন্মাছৰ গুড়ি, খনিজ পদাৰ্থ, ভিটামিন আদি মিহলাই দিব লাগে। প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে মাছৰ ওজন চাই খদ্যৰ পৰিমাণ নতুনকৈ নিৰ্দ্ধাৰণ কৰিব লাগে। খলিহৈ খিনি আগৰাতি পানীত তিয়াই থৈ পিছদিনা সমপৰিমাণৰ চাউলৰ মলৰ লগত মিহলাই খাদ্য দিয়া পাত্ৰত দিব লাগে।
বাঁহৰ সজাত থকা মাছখিনিৰ সুৰক্ষাৰ বাবে দৃষ্টি ৰাখিব লাগে। এই ক্ষেত্ৰত সচৰাচৰ পালন কৰিবলগীয়া সতৰ্কতা আৰু প্ৰতিষেধমূলক ব্যৱস্থালানী গ্ৰহণ কৰাটো বাঞ্চণীয়। ততসত্বেও মাছৰ চাল-চলন, আচাৰ-আচৰণত বৈসাদৃস্য দৃষ্টিগোচৰ হ’লে বা মাছৰ ৰোগ চকুত পৰিলে তুৰন্তে মীন বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। সজা নিৰ্মাণ কৰা স্থান ডোখৰত উপযুক্ত পৰিমাণত সূৰ্যৰ কিৰণ পৰিব লাগে। এই ক্ষেত্ৰত সজাই প্ৰতি ৫-৬ টা কমন কাৰ্পৰ পোৱালি ৰাখিলেও সুফল পোৱা যায়।
দেখা গৈছে যে ৬০ ঘণমিটাৰ মুঠ কালিৰ ৫ টা সজাত (সজাৰ গড় স্থায়িত্ব ৩ বছৰ কাল) ৬ মাহ পোনা প্ৰতিপালন আৰু ৬ মাহ মীনপালন কৰি বছৰেকত কমেও ৭০-৮০ হাজাৰ টকা সকলো খৰচ বাদ দি লাভ কৰিব পাৰি।অসমৰ জলবায়বীয় আৰু ভৌগলিক পটভূমিত এই কৌশল ৰুপায়ণ কৰি লাভৱান হ’ব পাৰি।
ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/12/2020
অমিতাৰ উন্নত কৃষি পদ্ধতি
আহু ধানৰ উন্নত কৃষি পদ্ধতি
আধুনিক বনাম বিকল্প চিকিৎসা
আলুখেতিৰ অধিক উৎপাদনৰ বাবে উন্নত কৃষি পদ্ধতি