অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ হ’ল কৃষি আৰু পশুপালন| কৃষি আৰু পশুপালন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি| অসম এখন কৃষিপ্ৰধান ৰাজ্য বাবে ৭০ ভাগ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল| বৰ্ত্তমান জনসংখ্যা বৃদ্ধিৰ লগে লগে জনমুৰি হাৰত মাটিৰ পৰিমাণ কমি যোৱাত কম মাটিতেই অধিক উৎপাদনৰ লক্ষ্য কৰিবলগীয়া হৈছে| পশুপালনৰ জৰিয়তে কম মাটিত অধিক লাভজনক ফল পাব পৰা উপায় আছে| গৃহপালিত জীৱজন্তুয়ে অতীজৰে পৰা কৃষকৰ অৰ্থনীতিত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ পেলাই আহিছে| আদিম মানুহে পৰ্ব্বতৰ গুহাৰ পৰা ওলাই আহি যেতিয়া স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে তেতিয়াই কৃষিকাৰ্যৰ উদ্ভাৱন হ’ল আৰু গৃহপালিত জীৱজন্তুৰ আদৰ বাঢ়িবলৈ ধৰিলে| কৃষিকাৰ্য কৰিবলৈ গৰু, মহ ইত্যাদি আৰু প্ৰটিন জাতীয় খাদ্য যেনে- গাখীৰ, কণী আৰু মাংসৰ বাবে গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা আৰু বিভিন্ন কাম কৰিবৰ বাবে উট, ঘোঁৰা, হাতী ইত্যাদিৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে| যাযাবৰী জীৱনৰ অৱসান হোৱাৰ পিছত মানুহে স্থায়ীভাৱে গাওঁপাতি বসবাস কৰিবলৈ ল’লে আৰু কৃষি আৰু পশুপালনৰ যোগেদি আৰাম্ভ হ’ল এক নতুন সভ্যতা| সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে কৃষি আৰু পশুপালনৰ ক্ষেত্ৰতো নতুন নতুন ধ্যান ধাৰণাই ভুমুকি মাৰিছে| কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত নতুন বৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে ক্ষেত্ৰ সমুহ আধুনিকৰণৰ ব্যৱস্থা কৰা হৈছে| কৃষি আৰু পশুপালনৰ এক ওত:প্ৰোত সম্পৰ্ক আছে যদিও বিত্তীয় শিতানত কৃষিৰ নামত বছৰি চৰকাৰে যিমান ধন আবণ্টিত কৰে তাৰ বহু শতাংশ কম ধন পশুপালন ক্ষেত্ৰখনৰ বাবে খৰছ কৰা হয়, যদিও ভাৰতবৰ্ষই গাখীৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে আৰু ই দেশৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে| আমাৰ ৰাজ্যৰ কৃষক সকলে এতিয়ালৈকে কৃষিৰ ওপৰত যিমান গুৰুত্ব দিছে ঠিক তেনেদৰে তাৰ ফলাফলো ভোগ কৰিব পাৰিছে| অন্যহাতে পশুধনৰ ওপৰত সিমান গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই যাৰ ফলত পশুধনৰ পৰা উৎপন্ন হ’ব পৰা পুষ্টিকৰ পশুজাত সামগ্ৰীৰ পৰিমান কমি আছে| ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য যেনে-পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যত কৃষিক্ষেত্ৰত যিদৰে অগ্ৰগতি লাভ কৰিছে ঠিক তেনেদৰে গজৰাট, তামিলনাডু, কেৰেলা, কৰ্ণাটক, হাৰিয়ানা, ৰাজস্থান ইত্যাদি ৰাজ্যই পশুপালনৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা লাভ কৰিছে| অসমত পশুপালন ব্যৱস্থাতো মূল আয়ৰ পথ হিচাবে বাচি লোৱা পশুপালকৰ সংখ্যা এতিয়াও সন্তোষজনক নহয়| তথাপিও ক্ৰমাগত ভাৱে ব্ৰইলাৰ কুকুৰা পালনৰ ক্ষেত্ৰখনত যথেষ্ট সংখ্যক শিক্ষিত নিৱনুৱা যুৱকে নিজৰ কৰ্মদক্ষতা আৰু ধৈৰ্যৰ বলত আত্ম নিৰ্ভৰশীল হ’বলৈ সক্ষম হৈছে| ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ হ’লেও খাদ্য আৰু পৰিপুষ্টিৰ সমস্যাতো আমাৰ দেশৰ প্ৰধান সমস্যা সমুহৰ অন্যতম| আমাৰ ৰাজ্যখনৰো অধিক লোক এতিয়াও পৰিপুষ্টিহীনতাত ভুগি মৃত্যু বৰণ কৰে| ভাৰতীয়া চিকিৎসা গৱেষণা পৰিষদৰ অনুমোদন অনুসৰি বৰ্তমান উপলব্ধ আৰু ঘাটি হৈ থকা পশুজাত দ্ৰব্য নিম্নলিখিত ধৰণৰ:-
উপাদান |
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অনুমোদন |
বৰ্তমান উপলব্ধ |
ঘাটি |
ঘাটিৰ শতাংশ |
গাখীৰ |
৭৬ লি:/জনমুৰি/বছৰ |
৩২ লি:/জনমুৰি/বছৰ |
৪৪ লি:/জনমুৰি/বছৰ |
৫৭% |
কণী |
১৮০ টা/জনমুৰি/বছৰ |
১৮ টা/জনমুৰি/বছৰ |
১৬২ টা/জনমুৰি/বছৰ |
৯০% |
মাংস |
১০.৭৬ কেজি/জনমুৰি/বছৰ |
৬.৫ কেজি/জনমুৰি/বছৰ |
৪.২৬ কেজি/জনমুৰি/বছৰ |
৪০% |
অসমত দৈনিক প্ৰয়োজন হোৱা ওপৰোক্ত পশুজাত সামগ্ৰী সমুহ থলুৱা ভাৱে উৎপাদন নোহোৱা বাবেই প্ৰয়োজনীয় চাহিদা পুৰণ কৰিব পৰা নাই| যাৰ ফলত অসমলৈ নিতৌ বাহিৰৰ পৰা মাছ, মাংস, কণী, পাউদাৰ গাখীৰ আহিব লাগিছে আৰু এক বুজন পৰিমাণৰ ৰাজহ অসমৰ বাহিৰলৈ ওলাই গৈছে|বৰ্তমান অসমত পৰিপুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা যিদৰে বাঢ়িব লাগিছে সেইদৰে বৃদ্ধি হৈছে শিক্ষিত নিৱনুৱাৰ সংখ্যা| এনে সময়ত দুয়োটা সমস্যাকে পাৰস্পাৰিকভাৱে সমাধানৰ বাবে শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে পশুজাত সামগ্ৰী উৎপাদনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰে| ইয়াৰ ফলত নিৱনুৱাৰ সংখ্যা যিদৰে কমিব,ঠিক সেইদৰে মাংস অথবা কণী,গাখীৰ ইত্যাদিৰ উৎপাদনো বাঢ়িব আৰু আমাৰ মানুহে মাংসহাৰৰ অভাৱত ভোগাৰ পৰিত্ৰান পাব| অসমত বৰ্তমান চৰকাৰে স্ব-নিয়োজনৰ বাবে বহু আঁচনি প্ৰস্তুত কৰিছে যদিও পশুপালন ক্ষেত্ৰ খনত সেই আঁচনি অতি সীমিত যাৰ বাবে পশুপালনৰ জৰিয়তে স্ব-নিয়োজনৰ আগ্ৰহ থকা স্বত্তেও অৰ্থৰ অভাৱত বহু যুৱকে পশুপালন ক্ষেত্ৰখন এক মূল আয়ৰ পথ হিচাপে গণ্য কৰিব পৰা নাই| পশুপালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’ব খোজা উদ্যোগী যুৱকি-যুৱতী সকলে মন কৰিবলগীয়া কথাকেইটা হ’ল-
১) অধিক উৎপাদনক্ষম জাত নিৰ্বাচন|
২) সুষম আৰু নিয়মিত খাদ্য যোগান|
৩) বৈজ্ঞানিক বিশ্লেষণেৰে প্ৰজনন পদ্ধতি|
৪) স্বাস্থ্যৰ যতন, বিভিন্ন সময়ত হ’ব পৰা বেমাৰ আৰু তাৰ প্ৰতিকাৰ|
৫) উৎপাদিত সামগ্ৰী সমুহ বিক্ৰী কৰিব পৰা সঞ্চলিত বজাৰ|
৬) ঋণ পোৱাৰ সুবিধা|
৭) পশুপালনৰ বিষয়ে সাধাৰণ জ্ঞান/প্ৰশিক্ষণ|
বিশিষ্ট অৰ্থনীতিবিদ ৰাজকৃষ্ণৰ মতে, গ্ৰামাঞ্চল অৰ্থনৈতিক বিকাশ আৰু আত্মনিয়োজনৰ এক বিশেষ আহিলা হল পশুপালন| তেওঁ আৰু কৈছে যে, খীৰতি গাইৰ পালনে দৰিদ্ৰতা নিৰ্মুলকৰণত এক বিশেষ ভুমিকা পালন কৰিব পাৰে| অসমৰ গ্ৰামাঞ্চলৰ কৃষকৰ নিৰক্ষৰতা, সামাজিক সচেতনতাৰ অভাৱ আৰু কিছু পৰিমাণে অন্ধবিশ্বাসৰ কুপ্ৰভাৱৰ ফলত জীৱজন্তুৰ স্বাস্থ্যৰ যতন লোৱা আৰু নিয়মিত প্ৰতিষেধক ব্যৱস্থাৰ উন্নতি এতিয়াও হোৱা নাই| যাৰফলত প্ৰতিবছৰে বিভিন্ন মহামাৰী ৰোগ আৰু পেলুৰ দ্বাৰা আক্ৰান্ত হৈ পশুধন আৰু হাঁহকুকুৰা মৃত্যু মুখত পৰে| ২০০৭ চনৰ পশুধন পিয়ল মতে অসমৰ পশুধন আৰু হাঁহকুকুৰা সংখ্যা আছিল নিম্নলিখিত ধৰণৰ:
গৰু |
ম’হ |
ছাগলী |
ভেড়া |
গাহৰি |
ঘোঁৰা |
কুকুৰ |
হাতী |
শহাপশু |
কুকুৰা |
হাঁহ |
||
দেশী |
উন্নত |
মুঠ |
||||||||||
৯৬,৭৫৯৬৪ টা |
৬,৯০,৪১৯ টা |
১,০৩,৬৫,৫৮৩ টা |
৫,২৫,৮৩৫ টা |
৪,৩৭,৬১৫০ টা |
৩,৬০,৩৭৯ টা |
২,১৩,৩৪৩১ টা |
১০,৯৫৩ টা |
৭,৮২৯৩৭ টা |
৩৩ টা পোহনীয়া |
৬৬৩৯ টা |
২,৫৯,৩১০৮১ টা |
১,৩১,৮১,১০২ টা |
ওপৰোক্ত বুজন সংখ্যক পশুধন আৰু হাঁহ-কুকুৰা থকা স্বত্তেও আমাৰ ৰাজ্যখনত প্ৰয়োজন হোৱা গাখীৰ, কণী আৰু মাংসৰ চাহিদা পুৰণ কৰিব নোৱাৰাৰ মূল কাৰণবোৰ হ’ল আমাৰ দেশখনত উপলব্ধ হোৱা পশুধন সমুহৰ উৎপাদন ক্ষমতা অতি নিম্নমানৰ| ফলত সংখ্যাগত ভাৱে পশুধনৰ সংখ্যা অধিক হ’লেও চাহিদ পূৰণ কৰিব পৰা অধিক উৎপাদনক্ষম উন্নত প্ৰজাতিৰ পশুধনৰ সংখ্যা যথেষ্ট কম| গৰুৰ ক্ষেত্ৰত মাত্ৰ ৫ শতাংশ কৰ্মকৰ অথবা উন্নত প্ৰজাতিৰ গৰুহে আমাৰ ৰাজ্যখনত উপলব্ধ| আমাৰ ৰাজ্যখনত পশুপালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হবলৈ অগ্ৰসৰ হোৱা যুৱক-যুৱতীৰ সংখ্যা তাকৰীয়া যদিও বৰ্দ্ধিত নিৱনুৱা সমস্যাৰ সহজলভ্য আৰু একমাত্ৰ সমাধান হ’ল পশুপালন| চৰকাৰী চাকৰিৰ বাবে কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি বিফল মনোৰথে ঘুৰি অহাতকৈ নিজৰ ঘৰৰ চৌহদতে এখন পাম প্ৰস্তুত কৰি বিজ্ঞানসন্মত ভাৱে পশুপালন কৰিলে আত্মনিৰ্ভৰশীল হ’ব পাৰি| সেই কথাতো ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে প্ৰমাণ কৰাৰ বিপৰীতে বেছিভাগ অসমীয়া যুৱকৰ কৰ্মবিমুখতা,কম কষ্টত অধিক ধন ঘটাৰ বাসনা, অসহিষ্ণুতা ইত্যাদিৰ বাবে এচাম মধ্যভোগী দালাল আৰু বহিৰাগত বণিক গোষ্ঠীয়ে আলাসতে ধন ঘটি আছে| উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহলৈ প্ৰতিমাহে প্ৰায় ৪০ লাখ ব্ৰইলাৰ কুকুৰা পোৱালীৰ প্ৰয়োজন হয়| ইয়াৰ পৰা প্ৰায় ২০ লাখ পোৱালীৰ চাহিদা কেৱল অসমৰ বাবে| যাৰ বজাৰ মুল্য ৬০ কৌটি টকা| ইয়াৰে প্ৰায় ২৫ টা পোৱালী উৎপাদন কেন্দ্ৰত জন্ম দিয়া হয় আৰু ১০ লাখ পোৱালী অসমৰ বাহিৰৰ পৰা আমদানি কৰা হয়| পোৱালীৰ বাবে প্ৰয়োজনীয় কণীবোৰ অসমৰ বাহিৰৰ পৰা প্ৰধানকৈ অন্ধপ্ৰদেশ, বাংগলোৰ, তামিলনাডু, কেৰেলা ইত্যাদিৰ পৰা আমদানি কৰা হয়| ঠিক তেনেদৰে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ বাবে প্ৰতিমাহে ব্ৰইলাৰৰ বাবে প্ৰায় ৬ লাখ কুইণ্টল দানা প্ৰয়োজন হয় আৰু অসমৰ বাবে প্ৰয়োজন হয় ৩ লাখ কুইণ্টল দানা| যাৰ বজাৰ মুল্য আনুমানিক ১৩০ কৌটি টকা| অৰ্থাৎ অসমৰ ব্ৰইলাৰ কুকুৰা উদ্যোগত প্ৰতিমাহে প্ৰায় ১৯০ৰ পৰা ২৫০ কৌটি টকাৰ লেনদেন হয়| কিন্তু আমাৰ ৰাজ্যখনৰ লক্ষ লক্ষ কুকুৰাপালকে যিমান কষ্ট কৰি উৎপাদন কৰে তাৰ তুলনাত লভ্যাংশৰ পৰিমাণ যথেষ্ট কম| এই বৃহৎ উদ্যোগটোত অসমৰ মুষ্ঠিমেয় কেইজনমান অসমীয়া যুৱক জড়িত হৈ আছে যদিও গোটেই ব্যৱসায়টো নিয়ন্ত্ৰণ কৰি আছে বহিৰাগত বণিক গোষ্ঠীয়ে| কাৰণ কণীৰ পৰা দানালৈ আটাইবোৰ উৎপাদন হয় অসমৰ বাহিৰৰ ৰাজ্যসমুহত| অসমৰ স্থানীয় যুৱক সকলৰ মুৰৰ ঘাম মাটিত পেলাই পোৱালী পালন কৰি উৎপাদন ব্যয় অধিক হোৱা বাবে লভ্যাংশৰ পৰিমাণ কমকৈ পায় আৰু এচাম মধ্যভোগীয়ে ওপৰতে মুনাফা আদায় কৰি ব্যৱসায়টো নিয়ন্ত্ৰণ কৰি আছে| তথাপিতো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় যে অসম ব্ৰইলাৰ উৎপাদনত স্বাধীন হ’ব পাৰিছে| ব্ৰইলাৰ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰে ইতিবাচক ভূমিকা গ্ৰহণ কৰিলে বুজনসংখ্যক নিৱনুৱাই আত্মসংস্থাপনৰ পথ বিচাৰি পাব| অকল ব্ৰইলাৰ পালনে নহয় গাখীৰ উৎপাদনৰ বাবে গো-পালন, ছাগলী পালন, গাহৰি পালনৰ যোগেদি বহু অসমীয়া উদ্যোগী যুৱক আত্মনিৰ্ভৰশীল হবলৈ সক্ষম হৈছে| যদিও ৰাজ্যখনত এতিয়াও গাখীৰ উৎপাদনৰ বাবে এচাম অনা অসমীয়া গো পালকৰ ওপৰত ভৰষা কৰিয়েই গুৱাহাটী মহানগৰী আৰু ইয়াৰ পাৰ্শ্ববৰ্তী এলেকাৰ দোকান, বজাৰ চলি থাকিবলগীয়া হৈছে| অসমৰ প্ৰতিজন উদ্যোগী যুৱকৰ বাবে ই কেতিয়াও সুখবৰ হ’ব নোৱাৰে| বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত অসমীয়া যুৱক-যুৱতীয়ে আৱেগৰ বশবৰ্তী হৈ স্বাবলম্বনৰ নাটক আৰম্ভ কৰিছিল| কোনোবা নাপিত, কোনোবা মুচি, কোনোবা দোকানী, কোনোবা ৰিকচা চালক, কিন্তু প্ৰকৃতাৰ্থত আমি কোনোৱে কৰ্মৰ জৰিয়তে স্বাবলম্বী হ’ব নোৱাৰিলে|
ডা° দণ্ডেশ্বৰ ডেকা।
শেহতীয়া উন্নীতকৰণ: : 3/19/2020
আপোনাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন হয় সেই বিষয়ে কিছু...
খাদ্যত থকা বিভিন্ন দূষিত কীটনাশক আৰু ইয়াক আঁতৰ কৰা...
কিড্নি সুস্থ ৰখাৰ উপায়
অসমৰ বাদ্যযন্ত্ৰ