কেৱল মাত্ৰ মাংসৰ বাবে প্ৰতিপালন কৰা ব্ৰইলাৰ হৈছে এবিধ উন্নতমানৰ অতি সোনকালে বাঢ়িব পৰা ক্ষমতা থকা কুকুৰা, যিবোৰে উপযুক্ত প্ৰতিপালনত মাত্ৰ ৭/৮ সপ্তাহ বয়সত ১.৫ ৰ পৰা ২ কেজি পৰ্যন্ত ওজন হয়৷ সেয়েহে বৰ্ধিত জনসংখ্যা, অভূতপূৰ্ব নিবনুৱা সমস্যাই জৰ্জৰিত কৰা অসম তথা ভাৰতবৰ্ষত এই ব্ৰইলাৰ কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে৷
কুকুৰাৰ ঘৰ নিৰ্মাণ এখন ওখ, শুকান, ৰ’দ পৰা, পানী, বিজুলী, যান-বাহন আৰু বজাৰৰ সুব্যৱস্থা থকা ঠাই হোৱা উচিত৷ স্থানীয় সামগ্ৰীয়ে তৈয়াৰ কৰা ঘৰটো ভেটিৰ পৰা ৩ ফুট ওখলৈ সম্পূৰ্ণ বেৰ দি ওপৰৰ অংশত বাহঁ, তাৰঁৰ জালি আদিৰে আবদ্ধ কৰি দিব লাগে৷ মজিয়াখন পকা হ’লে ভাল হয়৷ ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত কীটনাশক ছটিয়াই পৰিস্কাৰ কৰি ল’ব লাগে৷ শুকান ডাঠ মাটিৰ ওপৰত ২-৩ ইঞ্চিমান তুঁহ গুৰি বা কাঠৰ গুৰি পাৰি দি লিটাৰ প্ৰস্তুত কৰিব পাৰি৷ প্ৰতিটো ব্ৰইলাৰৰ বাবে ১ বৰ্গফুটকৈ মজিয়াৰ জোখত ঘৰটো নিম্ৰ্মাণ কৰা হয়৷ প্ৰতিটো কোঠাত ২৫০-৩০০ টাতকৈ অধিক কুকুৰা নৰখাই ভাল৷ এদিনীয়া পোৱালীবোৰ ৭-৮ সপ্তাহলৈ ৰাখি বিক্ৰি কৰাৰ পিছত, ঘৰটো ১০-১৫ দিন খালি কৰি ৰাখিব লাগে৷ এই সময়ছোৱাত কুকুৰা ঘৰটো পৰিস্কাৰ কৰি পুনৰ বীজাণুনাশক দ্ৰব্য ছটিয়াব লাগে৷
এদিনীয়া পোৱালীবোৰ পামলৈ অনাৰ পিছতেই বিশেষভাৱে নিৰ্মাণ কৰা বুডাৰ বা তোলনীয়া ঘৰত ৰখা হয়৷ এই সময়চোৱাত এটা বুডাৰত ৬০ ৱাট ক্ষমতাৰ ৪ টা বাল্ব জ্বলাই ৰাখিব লাগে৷ বুডাৰৰ চাৰিওফালে চিক্ৰ্গাড লগোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে পোৱালীবোৰ বুডাৰৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে৷ বুডাৰৰ ভিতৰতে পানী আৰু দানা ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ ছয় ফুট দীঘল আৰু চাৰি ফুট বহল এটা কাঠৰ বুডাৰত ৩৫০টা পোৱালী ৰাখিব পৰা যায় ৷ পোৱালী জন্মাৰ প্ৰথম সপ্তাহত বুডাৰ উষ্ণতা ৯৫ ডিগ্ৰী ফাৰেণহাইট আৰু পিচত প্ৰত্যেক সপ্তাহত অন্তত ৫ ডিগ্ৰী ফাৰেণহাইটতকৈ কমাই ৪ সপ্তাহৰ শেষত কৃত্ৰিম উত্তাপ দিয়াৰ প্ৰয়োজন নহয়৷ জাৰকালি পাৰিপাশ্বিক উষ্ণতা ১০ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ কম হ’লে কুকুৰাঘৰৰ আটাইবোৰ লাইট জ্বলাই ৰাখিব লাগে৷ অন্যথাই দিনৰ ভাগত লাইটবোৰ জ্বলাই ৰখাৰ প্ৰয়োজন হয় ৷ প্ৰথম চাৰিদিন লিটাৰখিনিৰ ওপৰত খবৰ কাগজ পাৰি দিব লাগে যাতে পোৱালীবোৰে লিটাৰ খাব নোৱাৰে৷
দানা যোগানৰ বাবে দীঘলীয়া বা ঘূৰণীয়া দানাৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি৷ দুসপ্তাহ বয়সলৈকে প্ৰত্যেক পোৱালীকে দীঘলে ২.৫ চে:মি: ঠাইৰ প্ৰয়োজন৷ সেইদৰে ৩-৬ সপ্তাহলৈ ৫ চে:মি: আৰু সপ্তম সপ্তাহৰ পৰা ৭.৫ চে:মি: ঠাইৰ প্ৰয়োজন ৷ ব্ৰইলাৰক ৫ সপ্তাহ বয়সলৈ ষ্টাৰ্টৰ দানা আৰু তাৰ পিছত ফিনিছাৰ দানা খুৱাব লাগে৷ প্ৰথম তিনিদিন পোৱালীক দানাৰ পাত্ৰ পূৰাকৈ, পিচৰ সাতদিন পাত্ৰৰ আধালৈকে আৰু তাৰ পিছত পাত্ৰটোৰ এক-তৃতীয়াংশ পূৰ হোৱাকৈ দানাৰ যোগান ধৰিব লাগে৷
ব্ৰইলাৰ কুকুৰাক প্ৰচুৰ পৰিমাণে নিৰ্মল পানী যোগান ধৰা উচিত৷ প্ৰত্যেক ১০০ ব্ৰইলাৰৰ বাবে প্ৰথম দুই সপ্তাহত ২ লিটাৰ আৰু তাৰ পিচত প্ৰত্যেক সপ্তাহত ২ লিটাৰকৈ যোগ কৰি গ’লেই ইয়াৰ বাবে লাগতিয়াল পানীৰ জোখ উলিয়াই লব পাৰি৷
ৰোগৰ নাম |
ছিটা |
ছিটা দিয়াৰ সময় |
ছিটাৰ পৰিমাণ |
কেনেকৈ দিয়া হয় |
ৰাণি খেত্ |
আৰ.ডি.ছিটা (ক) এফ্ ছিটা (খ) আৰ.২ বি ছিটা |
জন্মৰ ৭ দিনৰ ভিতৰত ২৮ দিনত |
এক টোপালকৈ ০.৫ মি:লি: |
চকু আৰু নাকৰ বিন্ধাত আন্ত:পেশীয় |
গাম্বৰু (আই.বি.ডি) |
আই.বি.ডি.ছিটা |
জন্মৰ ১৩/১৪ দিনত |
------------ |
খোৱা পানীৰ লগত |
মাৰেক্ছ |
এম ডি ছিটা |
জন্মৰ ৭ দিনৰ ভিতৰত |
০.২ মি:লি: |
ছালৰ তলেৰে |
শেহতীয়া উন্নীতকৰণ: : 6/15/2020
ব্ৰ’য়লাৰ কুকৰাৰ উৎপাদন
কণীপৰা ব্ৰইলাৰ আৰু হাঁহৰ প্ৰতিপালনৰ দৈনিক কাম-কাজস...
ইয়াত অন্যান্য থলুৱা হাঁহ-কুকুৰাৰ জাত আৰু ইয়াৰ উপলব...
ব্ৰয়লাৰ কুকুৰা পাম