ব্ৰীডচ ফ্ৰম চেন্ট্ৰেল এভিয়ান ইন্সটিটিউট, ইটানগৰ
থলুৱা/ঘৰুৱা প্ৰকাৰ
কেৰি নির্ভীক (অছিল ক্রচ)
• অছিলৰ আক্ষৰিক অৰ্থ হ’ল আছল আৰু বিশুদ্ধ। কলহপ্রিয়তা, প্ৰচুৰ প্ৰাণশক্তিযুক্ত, ৰাজকীয় ভঙ্গি আৰু একেধাৰে কাজিয়া কৰা স্বভাৱ আৰু গুণৰ বাবে ই পৰিচিত। এই বংশটোক অছিল নাম দিয়াৰ কাৰণ হ’ল ইহঁতৰ সহজাত কাজিয়া কৰা স্বভাৱ আৰু গুণ।
• অন্ধ্র প্রদেশ হ’ল এই মূল্যৱান জাতৰ ঘৰ। এই জাতৰ সকলোতকৈ ভাল নমুনা পোৱাটো এতিয়া দুর্লভ যদিও, কুকুৰা পুহি ভালপোৱা বা দেশজুৰি কুকুৰা যুঁজৰ খেল দেখুওৱা ব্যক্তিৰ ওচৰত পোৱা যাব পাৰে।
• অছিল আঁকাৰত বৃহৎ, ডাঙৰ, ৰাজকীয় আৰু মর্যাদাৱান চেহাৰাৰ।
• মতা কুকুৰাৰ ওজন সাধাৰণতে ৩ ৰ পৰা ৪ কিলোগ্ৰাম আৰু মাইকী কুকুৰাৰ ২ ৰ পৰা ৩ কিলোগ্ৰাম।
• যৌন পূর্ণবয়ষ্কতাৰ বয়স (দিন) ১৯৬ দিন
• বার্ষিক কণী উৎপাদন (সংখ্যা) ৯২
• ৪০ তম সপ্তাহ বয়সত পাৰা কণীৰ ওজন ৫০ (গ্রাম)
কেৰি ছামা(কাডাকানাথ ক্ৰ’চ):
• এই কুকুৰাৰ মাংস ক’লা ৰঙৰ হয় বাবে ইয়াৰ থলুৱা নাম “কালামাসি”৷মধ্য প্রদেশৰ ঝাবুয়া, ধৰ জিলা, ৰাজস্থান আৰু গুজৰাটৰ পার্শ্ববর্তী জিলাৰ ৮০০ বর্গ কি.মি ক্ষেত্ৰ জুৰা স্থানডোখৰক এই জাতি কুকুৰাৰ বাসস্থান হিচাপে গণ্য কৰা হয়৷
• এই জাতৰ চৰাই আদিবাসী সকলে লালন-পালন কৰে৷ এই চৰাইটোক পবিত্ৰ বুলি গণ্য কৰা হয় সেয়ে দেৱালীৰ সময়ত ইহঁতক দেৱীৰ ওচৰত উচৰ্গা কৰা হয়৷
• এদিনীয়া পোৱালিৰ গাৰ ৰঙ নীলাৰ পৰা ক’লা হয় আৰু পিঠিত গাঢ় আঁচল কটা থাকে৷ ইয়াৰ মাংসৰ ৰঙ ক’লা আৰু দেখাত বিৰক্তিকৰ হ’লেও ইয়াৰ ঔষধিগুণ আৰু সোৱাদৰ বাবে গুৰুত্বপূৰ্ণ৷
• এই আদিবাসীসকলে কাদাকানাথৰ তেজ কঠিন ৰোগৰ চিকিৎসাৰ বাবে ব্যবহাৰ কৰে আৰু ইয়াৰ মাংস কাম-উদ্দীপক হিচাবে ব্যবহাৰ কৰে৷
• ইয়াৰ কণী আৰু মাংস, প্র’টিন (২৫.৪৭% মাংস) আৰু আয়ৰনেৰে ভৰপুৰ৷
• ২০তম সপ্তাহত ওজন ৯২০ গ্রাম।
• যৌন পূর্ণবয়ষ্কতাত বয়স ১৮০ দিন
• বার্ষিক কণী উৎপাদন ১০৫ সংখ্যা।
• ৪০তম সপ্তাহত ওজন ৪৯ গ্রাম।
• জনন উৰ্ব্বৰতাৰ হাৰ ৫৫ শতাংশ।
• কণী ফুটুৱা হাৰ FES ৫২ শতাংশ।
হীতকাৰি (নেকেড নেক ক্ৰ’চ):
• নেকেড নেক আঁকাৰত ডাঙৰ আৰু ইহঁতৰ ডিঙি দীঘল নলাকাৰ৷ ইহঁতৰ নামে ইঙ্গিত দিয়াৰ দৰে ইহঁতৰ ডিঙিত কোনো পাখি নাথাকে কেৱল ডিঙিৰ তল অংশৰ ওচৰত অলপ পাখি থাকে৷
• মতা কুকুৰা বিশেষকৈ যৌন পূর্ণবয়ষ্কতা ফালে গতি কৰাৰ লগে লগে পাখিহীন ছাল ৰঙচুৱা হ’বলৈ ধৰে৷
• কেৰলাৰ ত্রিবান্দ্ৰম জিলাত এই জাতীয় চৰাইৰ বাসস্থান৷
• ২০তম সপ্তাহত শৰীৰৰ ওজন ১০০৫ গ্রাম
• যৌন পূর্ণবয়ষ্কতাৰ বয়স ২০১ দিন
• বার্ষিক কণী উৎপাদন ৯৯ টা
• ৪০তম সপ্তাহে কণীৰ ওজন ৫৪ গ্রাম
• জনন উৰ্ব্বৰতাৰ হাৰ ৬৬ শতাংশ।
• কণী ফুটুৱা হাৰ ৭১ শতাংশ।
উপকাৰী (ফ্রিজেল ক্ৰ’চ):
• থলুৱা চৰাইৰজাতৰ পৰা বিকশিত কৰা এইবিধ মুক্তভাৱে চৰি-ফুৰি খোৱা চৰাই দেখাত থলুৱা কুকুৰাৰ লগত একেই যদিও থলুৱা চৰাইৰ তুলনাত ইহঁতৰ অধিক প্রতিৰোধক্ষমতা, গ্রীষ্মমণ্ডলৰ লগত ভাল মিলি যোৱাৰ ক্ষমতা, অসাধাৰণ বৃদ্ধি আৰু প্রজনন ক্ষমতা সম্পন্ন৷
• এই জাতৰ কুকুৰা ঘৰৰ পিছফালে পালন কৰিব পৰা যায়৷
• চৰিটা বিভিন্ন কৃষি জলবায়ুত খাপ খাব পৰাকৈ চাৰি ধৰণৰ চৰাই আছে৷
১. কাদাকান্থ × দেলহাম ৰেড
২. অছিল × দেলহাম ৰেড
৩. নেকেড নেক × দেলহাম ৰেড
৪. ফ্রিজিল × দেলহাম ৰেড
উৎপাদনশীলতাৰ মাপ:
• যৌন পূর্ণবয়ষ্কতাৰ বয়স ১৭০-১৮০ দিন।
• বার্ষিক কণী উৎপাদন ১৬৫-১৮০ টা। কণীৰ আঁকাৰ ৫২-৫৫ গ্রাম ।
• কণীৰ ৰঙ মুগা
• কণীৰ মান অত্যন্ত ভাল অভ্যন্তৰীণ মানদণ্ডৰ
• বৰ্ত্তিথকাৰ ক্ষমতা ৯৫ শতাংশৰ ওপৰত
• চলনশীলতা সক্ৰিয় আৰু ভাল জাবৰ খোচৰা স্বভাৱৰ
কেৰি প্ৰিয়া কণীদিয়া কুকুৰা:
কেৰি ছুনালী লেয়াৰ (গ’ল্ডেন ৯২):
• প্ৰথম কণী দিয়াৰ বয়স – ১৭ ৰ পৰা ১৮ সপ্তাহ
• ১৫০ দিনতে ৫০ শতাংশ উৎপাদন
• ২৬ ৰ পৰা ২৮ সপ্তাহত সৰ্ব্বোচ্চ উৎপাদন
• বাঢ়ন্ত চৰাইৰ বৰ্ত্তি থকাৰ ক্ষমতা ৯৬ শতাংশ আৰু কণীদিয়া কুকুৰাৰ ক্ষেত্ৰত ৯৪ শতাংশ
• কণী দিয়াৰ সৰ্ব্বোচ্চ সময়কালত কণী উৎপাদন ৯২ শতাংশ।
• কুকুৰাই কণী দিয়াৰ উপযুক্ত সময়কাল ৭২ সপ্তাহ আৰু সৰ্ব্বাধিক কণী ২৭০ তকৈ অধিক
• কণীৰ আঁকাৰ মধ্যমীয়া।
• কণীৰ ওজন ৫৪ গ্ৰাম।
• প্ৰথম কণী দিয়াৰ বয়স ১৮ ৰ পৰা ১৯ সপ্তাহ
• ১৫০ দিনতে ৫০ শতাংশ উৎপাদন।
• ২৬ ৰ পৰা ২৮ সপ্তাহত সৰ্ব্বোচ্চ উৎপাদন।
• বাঢ়ন্ত চৰাইৰ বৰ্ত্তি থকাৰ ক্ষমতা ৯৬ শতাংশ আৰু কণী দিয়া কুকুৰাৰ ক্ষেত্ৰত ৯৪ শতাংশ
• কণী দিয়াৰ সৰ্ব্বোচ্চ সময়কালত কণী উৎপাদন ৯০ শতাংশ।
• কুকুৰাই কণী দিয়াৰ উপযুক্ত সময়কাল ৭২ সপ্তাহ আৰু সৰ্ব্বাধিক কণী ২৬৫ তকৈও অধিক
• কণীৰ আঁকাৰ মধ্যমীয়া।
• কণীৰ ওজন ৫৪ গ্ৰাম
কেৰি ডেবেণ্ড্ৰা:
• মজলীয়া আঁকাৰৰ দুই উদ্দেশ্যৰ চৰাই।
• দানাৰ পৰিৱৰ্ত্তিত কৰাত পাৰ্গত– দানাত হোৱা খৰচৰ বিপৰিতে উত্তম লাভ।
• অন্যান্য জাতৰ তুলনাত অধিক সক্ষম – কণী দিয়াৰ সময়কালত নিম্ন মৃত্যুৰ হাৰ
• আঠ সপ্তাহত গাৰ ওজন ১৭০০ ৰ পৰা ১৮০০ গ্ৰাম
• যৌন পূৰ্ণ বয়স্কতা ১৫৫ ৰ পৰা ১৬০ দিনত
• বছৰি কণী উৎপাদন- ১৯০-২০০
কেৰিব্ৰু- বিশাল (কেৰিব্ৰু – ৯১):
• এদিনীয়া পোৱালিৰ ওজন ৪৩ গ্ৰাম
• ছয় সপ্তাহত ওজনঃ ১৬৫০ – ১৭০০ গ্ৰাম
• সাত সপ্তাহত ওজন: ২১০০ ৰ পৰা ২২০০ গ্ৰাম
• উপলব্দ মাংসৰ শতকৰা হাৰ: ৭৫ শতাংশ
• বৰ্ত্তি থকাৰ ক্ষমতাৰ হাৰ : ৯৭-৯৮ শতাংশ
• ছয় সপ্তাহত দানা মাংসলৈ পৰিৱৰ্ত্তিত কৰিব পৰাৰ অনুপাত: ১.৯ ৰ পৰা ২.২০
কেৰি ৰেইনব্ৰ’ (বি – ৭৭):
• এদিনীয়া পোৱালিৰ ওজন ৪১ গ্ৰাম
• ছয় সপ্তাহত ওজনঃ ১৩০০ গ্ৰাম
• সাত সপ্তাহত ওজন : ১৬০০ গ্ৰাম
• উপলব্দ মাংসৰ শতকৰা হাৰ: ৭৩শতাংশ
• বৰ্ত্তি থকাৰ ক্ষমতাৰ হাৰ : ৯৮-৯৯শতাংশ
• ছয় সপ্তাহত দানা মাংসলৈ পৰিৱৰ্ত্তিত কৰিব পৰাৰ অনুপাত : ২.৩
কেৰিব্ৰ’ ধনৰাজা (ৰঙ-চঙীয়া):
• এদিনীয়া পোৱালিৰ ওজনঃ ৪৬ গ্ৰাম
• ছয় সপ্তাহত ওজনঃ ১৬০০ ৰ পৰা ১৬৫০ গ্ৰাম
• সাত সপ্তাহত ওজন : ২০০০ ৰ পৰা ২১৫০ গ্ৰাম
• উপলব্ধ মাংসৰ শতকৰা হাৰ : ৭৩ শতাংশ
• বৰ্ত্তি থকাৰ ক্ষমতাৰ হাৰ : ৯৭-৯৮ শতাংশ
• ছয় সপ্তাহত দানা মাংসলৈ পৰিৱৰ্ত্তিত কৰিব পৰাৰ অনুপাত: ১.৯ ৰ পৰা ২.১০
কেৰিব্ৰ’-মৃত্যুঞ্ঝয় (কেৰি নেকেড নেক):
• এদিনীয়া পোৱালিৰ ওজনঃ ৪২ গ্ৰাম
• ছয় সপ্তাহত ওজনঃ ১৬৫০ ৰ পৰা ১৭০০ গ্ৰাম
• সাত সপ্তাহত ওজন : ২০০০ ৰ পৰা ২১৫০ গ্ৰাম
• উপলব্ধ মাংসৰ শতকৰা হাৰ : ৭৭ শতাংশ
• বৰ্ত্তি থকাৰ ক্ষমতাৰ হাৰ : ৯৭-৯৮ শতাংশ
• ছয় সপ্তাহত দানা মাংসলৈ পৰিৱৰ্ত্তিত কৰিব পৰাৰ অনুপাত:১.৯ ৰ পৰা ২.১০
হাঁহ-কুকুৰাৰ জাচ |
উপলব্ধ ৰাজ্য |
অঙ্কলেশ্বৰ |
গুজৰাট |
অছিল |
অন্ধ্র প্রদেশ আৰু মধ্য প্রদেশ |
বুছৰা |
গুজৰাট আৰু মহাৰাষ্ট্র |
চিটাগং |
মেঘালয় আৰু ত্রিপুৰা |
৪ডাংকি |
অন্ধ্র প্রদেশ |
দাওথিগিৰ |
অসম |
ঘাগুছ |
অন্ধ্র প্রদেশ আৰু কর্নাটক |
হৰিনঘাটা ক’লা |
পশ্চিম বঙ্গ |
কাদাকনাথ |
মধ্য প্রদেশ |
কলস্থী |
অন্ধ্র প্রদেশ |
কাশ্মিৰ ফাভেৰোলা |
জম্মু আৰু কাশ্মীৰ |
মিৰি |
অসম |
নিকোবাৰি |
আন্দামান আৰু নিকোবাৰ |
পাঞ্জাব ব্রাউন |
পাঞ্জাব আৰু হৰিয়াণা |
তেল্লিচেৰি |
কেৰেলা |
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 5/1/2020
ব্ৰ’য়লাৰ কুকৰাৰ উৎপাদন
ব্ৰয়লাৰ কুকুৰা পাম
কণীপৰা ব্ৰইলাৰ আৰু হাঁহৰ প্ৰতিপালনৰ দৈনিক কাম-কাজস...
ব্ৰইলাৰ কুকুৰাৰ পালন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে...