অশেষ কষ্টেৰে কৰা ধাননিডৰাত বেমাৰৰ আৰ্বিভাৱ হলেই খেতিয়ক সকলে ৰাসায়ণিক ঔষধৰ দ্বাৰা নিয়ন্ত্ৰণৰ বাবে ঢাপলি মেলা দেখা যায়৷ যধে মধে আৰু বিবেচনাহীন ভাবে প্ৰয়োগ কৰা ৰাসায়ণিক ঔষধসমূহে আগন্তুক প্ৰজন্মৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে ৷ যেনে:
বৰ্তমানৰ অব্যাহত কৃষি প্ৰণালীত ( Sustainable Agriculture) কৃষি খণ্ডত ৰাসায়ণিক ঔষধৰ সলনি পৰিবেশ শৃংখলত অপকাৰ নকৰা জৈৱিক নিয়ন্ত্ৰণ ব্যৱহাৰৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷
উদ্ভিদৰ বিভিন্ন অনিষ্টকাৰী কাৰকবোৰ (যেনে : ভেঁকুৰ, বেক্টেৰিয়া, ভাইৰাচ, কীট-পতঙ্গ আৰু অপতৃৰ্ণ) জৈৱিক জীৱাণু বা কীট-পতঙ্গৰ সহায়ত পৰিবেশ শৃংখলাৰ মমতাত ক্ষতি নোহোৱাকৈ সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰি শস্যৰ পৰা আশানুৰূপ ফচল পোৱাত সহায় কৰাকে জৈৱিক নিয়ন্ত্ৰণ বোলে ৷
কেইবিধমান ভেঁকুৰ যেনে, ট্ৰাইক’ডাৰমা, এচপাৰজিলাক্ষ আৰু বেক্টেৰীয়া যেনে, চিউচমনাচ আৰু বেচিলাচ আমি প্ৰধানকৈ ভেঁকুৰনাশক হিচাবে ব্যৱহাৰ কৰিব পাৰো ৷ ইয়াৰ ট্ৰাইক’ডাৰমা বিধ, ট্ৰাইক’জেন, ট্ৰাইক’ডুৱেলচ, ইকফিট, ভিৰিকন-এল, ভিৰিভিন, এফ ষ্টপ, ট্ৰাইক’পেল, ট্ৰাইক’ছিল, এন্টাগম-কস্বি, ছান-ডাৰ্মা, প্লিয়গাৰ্ড আদি নামেৰে বজাৰত পোৱা যায় ৷ জৈৱিক নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা চিউউমনাচ নামৰ বেক্টেৰিয়া বিধ বায়’ছেভ-১০০, কনকুৱেৰ, কনটানচ, ইন্টাৰছেন্ট আদি নামেৰে কৃষি ৰাসায়ণিক বিক্ৰেতা বিপনীত জনাজাত ৷ ইয়াৰোপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ব্যাধি বিভাগত বায়ফৰ-এফ নামেৰে এই বেক্টেৰিয়া বিধ বিক্ৰি হয়৷ ইয়াৰ বাহিৰে বেচিলাচ নামৰ বেক্টেৰিয়াবিধক এপিক, কডিয়াক, ৰইজপ্লাচ, ছেৰেনাও, ছিছটেম-৩ ইত্যাদি নামেৰে পোৱা যায় ৷
ধানৰ এই বেমাৰৰ প্ৰতিৰোধৰ বাবে জৈৱিক ভেঁকুৰনাশক বোৰ তলত দিয়া ধৰণে প্ৰয়োগ কৰিব পাৰি ৷
১. বীজশোধন: শস্যৰ বীজ সিচাঁৰ আগতে গ্ৰাম জৈৱিক ঔষধ (চিত্ৰ ২) এক কি:গ্ৰা: বীজৰ সৈতে পাত্ৰ এটাত ভালদৰে মিহলাব লাগে৷ ফলত শস্যৰ বীজৰ ওপৰত ঔষধৰ পাতল আৱৰণীয় মাটিত বা শস্যৰ বীজত থকা জীৱাণুৰ আক্ৰমণৰ পৰা বীজবোৰক বা গজালি ওলোৱাৰ পাছত পুলিবোৰক নিৰাপদে ৰাখে৷ জৈৱিক পদ্ধতিৰ দ্বাৰা নিয়ন্ত্ৰণৰ অন্যান্য পদ্ধতিবোৰৰ ভিতৰত বীজ শোধনৰ সফলতা আটাইতকৈ বেছি আৰু অতি সহজতে কৰিব পাৰি৷ ধানৰ বীজ কঠিয়াৰ বাবে পানীত তিয়াই গাপ দিয়াৰ সময়ত বীজ শোধন কৰিলে অধিক সফল হোৱা দেখা যায়৷
২. জৈৱিক ঔষধৰ স্প্ৰে : শস্যৰ পথাৰত জৈৱিক ঔষধৰ স্প্ৰে অতিশয় গুনদায়ক হয় ৷ ৰাসায়ণিক ঔষধৰ দৰে জৈৱিক ঔষধ বোৰো (চিত্ৰ ২) সঠিক পৰিমাণ (১-২ গ্ৰাম) ১ লিটাৰ পানীত মিহলাই ৰোগৰ লক্ষণৰ বাবে অনুকুল বতৰত ৰোগ লক্ষণ পৰিলক্ষিত নহলেও স্প্ৰে মেচিনৰ সহায়েৰে স্প্ৰে কৰিব লাগে ৷ এইদৰে গোটেই শস্যতলিত ২০-২৫ দিনৰ অন্তৰে অন্তৰে দুবাৰ স্প্ৰে কৰিলে ভাল ফল পোৱা যায় ৷ স্প্ৰে কৰাৰ সময়ত গছৰ পাত আৰু গা-গছ তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে ৷
৩. জৈৱিক ঔষধৰ মাটিত প্ৰয়োগ : শস্যৰ বীজ সিচাঁৰ আগতে বা মাটি তৈয়াৰ কৰাৰ সময়ত ১০০-১৫০ গ্ৰাম জৈৱিক ঔষধ (চিত্ৰ ৩) ৩০-৪০ কি:গ্ৰা: পচন সাৰৰ সৈতে ভালদৰে মিহলাই এটা দম কৰি এখন প্লাষ্টিকেৰে দমটো ঢাকি ৰাখিব লাগে ৷ এনে কৰিলে জৈৱিক ভেঁকুৰ গোটেই দমটোতে গজি উঠিব ৷ এইদৰে ২০-২৫ দিন বাকী ৰখাৰ পাছত কোৰ এখনেৰে ভালদৰে মিহলাই এক বিঘা মাটিত ছটিয়াব লাগে ৷ জৈৱিক ঔষধ মাটিত প্ৰয়োগ কৰিব পাৰিলে বেমাৰ নিয়ন্ত্ৰণৰ সফলতা বেছি হয় যদিও এই পদ্ধতি ব্যয়বহুল সেয়েহে সাম্ভৱতা অনুযায়ী উপৰুক্ত যিকোনো এটা পদ্ধতি অৱলম্বন কৰিলেই হ'ব ৷
বিশেষ মন কৰিবলগীয়া কথা এয়ে যে ধান বৌখা জ্বলা বেমাৰৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে বীজ শোধন আৰু স্প্ৰে এই দুবিধ পদ্ধতিহে ফলপ্ৰসু ৷
জৈৱিক ঔষধ প্ৰয়োগৰ আগতে বৌখা জ্বলা ৰোগৰ আক্ৰান্ত ধান গছ
জৈৱিক ঔষধ প্ৰয়োগৰ পাছত বৌখা জ্বলা ৰোগত কমকৈ আক্ৰান্ত ধান গছ
জৈৱিক জীৱাণুৰ বিশেষ মাধ্যমত বংশ বৃদ্ধি কৰণ
জৈৱিক বীজাণুৰ মিত্ৰত পাউদাৰ জাতীয় ঔষধ বীজশোধন আৰু স্প্ৰেৰ বাবে ব্যৱহাৰ কৰা হয়
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 5/22/2020
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ
জাপানীছ এনকেফেলাইটিছ