ধান অসমৰ প্ৰধান শস্য ৷ ধান খেতিত দেখা দিয়া বিভিন্ন সমস্যাৱলীৰ ভিতৰত অনিষ্টকাৰী কীট-পতঙ্গ অন্যতম কাৰণ হিচাপে দেখা দিছে৷ অসমত প্ৰতি বছৰেই কীট-পতঙ্গই ধান খেতিৰ প্ৰচুৰ অনিষ্ট সাধন কৰে ৷ অঞ্চল বিশেষে ক্ষয় ক্ষতিৰ পৰিমাণ বেলেগ বেলেগ যদিও তলত অসমৰ ধান খেতিত সাধাৰণতে গুৰুত্বৰ ভাৱে অনিষ্ট সাধন কৰা কেইবিধমান কীট-পতঙ্গৰ সংক্ষিপ্ত বিৱৰণ আৰু নিবাৰণৰ উপায় দিয়া হ’ল৷
থ্ৰিপ্ছ : ই কেৱল ধানখেতিতহে আক্ৰমণ কৰে ৷ পূৰ্ণাঙ্গ থ্ৰিপ্ছ কলা বৰণৰ (Dark Brown), অতি সৰু আৰু ই ১-২ মি. মি. দীঘল হয় ৷ প্ৰধানকৈ কঠীয়াতলীত ইয়াৰ আক্ৰমণ দেখা যায় ৷ পানী নথকা পথাৰতো থ্ৰিপ্ছে আক্ৰমণ কৰে ৷ কঠীয়া আৰু কোমল ধানৰ পাতৰ পৰা ৰস সুহি খোৱাৰ ফলত কঠীয়াবোৰ ৰঙচুৱা হয় আৰু পাতবোৰ পাক খাই যায় ৷
নিয়ন্ত্ৰণ : এই পোক নিবাৰণৰ বাবে ২ চামুচ ডাৰ্চবেন ২০ ই.চি. বা ২ চামুচ মন’ক্ৰ’ট’ফচ্ ৪০ ই.চি. ৫ লিটাৰ পানীৰ মিহলাই স্প্ৰে কৰক৷
মজা খোৱা পোক : ছাৰি প্ৰকাৰৰ মজাখোৱা পোক পোৱা যায় যদিও অসমত হালধীয়া মজা খোৱা পোকেহে প্ৰধানকৈ ধান খেতিৰ অনিষ্ট সাধন কৰে ৷ মাইকী মজাখোৱা পোকৰ সন্মুখৰ পাখিৰ মাজভাগত একোটাকৈ কলা দাগ থাকে ৷ মজা খোৱা পোকৰ পলুৱে গছৰ গুৰিত ফুটা কৰি মজা খায় আৰু ফলত ধান গছৰ পোখা মৰি যায় ৷ মৰি যোৱা পোখা সহজে উঘালিব পাৰি ৷ ধান ফুলাৰ সময়ত আক্ৰমণ হলে শিহৰ ৰং বগা হৈ পৰে আৰু ধানবোৰ পতান হয়৷
নিয়ন্ত্ৰণ
পলু আৰু পুৰ্ণাঙ্গ পোকে কোমল ধান গছৰ অনিষ্ট সাধন কৰে ৷ পাতত শাৰী শাৰী বগা আচ (Streaks) আৰু দাগৰ (Patches)সৃষ্টি হয় ৷ ইয়াৰ আক্ৰমণ বেছি হলে পাতবোৰ শুকান খেৰৰ নিচিনা হৈ গোটেই ধাননি ডৰা বগা বা ধানখেৰৰ নিচিনা হয় পূৰ্ণাঙ্গ পোকবোৰ উজ্জল, নীলা-কলা বৰণৰ, ৫.৫ মি.মি. দীঘল আৰু গাত কাইট থাকে ৷
নিয়ন্ত্ৰণ
পলুবোৰ সেউজীয়া বৰণৰ ৷ পূৰ্ণাঙ্গ পখিলা নিশাচৰ ৷ ই পাতৰ আগ কাটি দিয়ে আৰু নিজৰ গাত মেৰিয়াই লয় আৰু পাতৰ সেউজীয়া অংশ খায় ৷ পলুৱে কটা টুপবিলাক পানীত উপঙি থকা দেখা যায় ৷ ব্যাপকভাৱে এই পোকে আক্ৰমণ কৰিলে পথাৰখন বগা হৈ পৰে ৷
নিয়ন্ত্ৰণ
ই বানপানীৰ পিছত (আগষ্টৰ শেষৰ পৰা অক্টোবৰলৈ) হোৱা খেতিত বেছিকৈ আক্ৰমণ কৰে ৷ পূৰ্ণাঙ্গ পলুৰ ৰং ডাঠ সেউজীয়া, গাত দীঘল আঁচ থাকে আৰু ই এডৰা শস্য খোৱাৰ পিছত আন এডৰা শস্যলৈ যায় ৷ আক্ৰান্ত পথাৰত পলুৰ পৃষ্ঠা বিষ্ঠা স্পষ্ট হৈ থাকে ৷ বেছিকৈ আক্ৰান্ত পথাৰ গৰুৱে খোৱাৰ দৰে দেখি ৷ পূৰ্ণাঙ্গ পলুৱে ধানৰ শীহ গুৰিতে কাটি পেলায় বাবে ইয়াক শীহ কটা পোক বুলিও কোৱা হয় ৷
নিয়ন্ত্ৰণ :
পৈণত গান্ধীপোকৰ ৰং মুগা আৰু ইয়াৰ গাত দীঘল ঠেং আৰু শুং থাকে ৷ ই পাতত শাৰী শাৰী কৈ কনি পাৰে ৷ এই পোকে ধানৰ গাখীৰতী অৱস্থাত ৰস শুহি খোৱা ফলত গুটি পতানত পৰিণত হয় ৷ ৰস শুহি খোৱা স্হানত সৰু সৰু মুগা দাগৰ (সপৗতস) সৃষ্টি হয়৷
নিয়ন্ত্ৰণ :
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/12/2020
আধুনিক বনাম বিকল্প চিকিৎসা
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শ...
অসমীয়া সমাজ ব্যৱস্থাত জাপি
খাদ্য সামগ্ৰীৰ ভেজালকৰণ