স্বাস্থ্যই হৈছে মানৱ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ৷ সু-স্বাস্হ্যৰ অৰ্থ কেৱল বেমাৰ-আজাৰৰ পৰা মুক্ত থকাটোৱেই নহয়৷ লগতে ই শাৰিৰীক, মানসিক আৰু অনুভূতিক সক্ষমতাও বুজায়৷ স্বাস্থ্যৰ লগত খাদ্য বা আহাৰৰ ওতপ্ৰোত সমন্ধ আছে৷ সুস্হ শৰীৰ লাভ কৰিবলৈ হ’লে সুষম আহাৰৰ অতি প্ৰয়োজন আৰু সুষম আহাৰৰ পৰিকল্পনা আৰু গ্ৰহণত শাক-পাচলি ও ফলমূলে প্ৰধানতঃ খদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ যোগান ধৰি আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে ৷ ইয়াৰ অভাৱ, অপৰিমিত বা অসমতা হলে শৰীৰত নানা ৰোগে দেখা দি জটিল অৱস্হাৰ সৃষ্টি কৰে৷
খদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থ সমূহ সতেজ শাক-পাচলিৰ পৰাই আহৰণ কৰিব পাৰি৷ শৰীৰৰ বৃদ্ধি অঅৰু বিকাশৰ বাবে চকু, স্নায়ু আৰু ছাল সুস্থভাৱে ৰাখিবলৈ, হাড় আৰু দাঁতৰ গঠন আৰু সংৰক্ষণৰ বাবে খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন৷ তেজৰ গঠন, শৰীৰৰ বিভিন্ন ক্ৰিয়া যেনে মাংসপেশীৰ সংকোচন, স্নায়ু উদ্দীপনা, শৰীৰটো ৰোগ সংক্ৰমণৰ পৰা নিৰাপদে ৰখাত খাদ্যপ্ৰাণ ও খনিজ পদাৰ্থই সহায় কৰে ৷ ইয়াৰ উপৰিও আহাৰত প্রর্য্যাপ্ত পৰিমাণে আঁহজাতীয় পদাৰ্থ থকা উচিত যিটো শাক-পাচলিৰ পৰাই আহৰণ কৰিব লগা হয়৷ আধুনিক পুষ্টি সম্পকীয় গৱেষণাৰ পৰা পুষ্টিবিজ্ঞানী সকলে মত প্ৰকাশ কৰিছে যে শাক-পাচলি আৰু ফলমূলত খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ ও আঁহজাতীয় পদাৰ্থৰ উপৰিও এনে কিছুমান ৰাসায়নিক পদাৰ্থ (Antioxidant and Phytochemicals) আছে যাক একৈশ শতিকাৰ খাদ্যপ্ৰাণ বুলিব পাৰি ৷ এইবিলাকে কৰ্কট ৰোগ, হৃদৎপিণ্ডৰ ৰোগ আৰু বয়সত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে৷ এনে মূল্যবান পুষ্টিকাৰক শাক-পাচলি ও ফলমূল পতিদিনে প্ৰতিসাজ আহাৰত অন্তভূক্তি কৰাটো অতি প্ৰয়োজনীয়৷
বিভিন্ন শাক-পাচলি বেলেগ বেলেগ পুষ্টিকাৰকৰ উৎস আৰু এইবিলাকে শৰীৰত কিছুমান বিশেষত্বমূলক কাম সমাধা কৰে ৷ সেয়ে আমাৰ আহাৰৰো বিভিন্ন ধৰণৰ বতৰীয়া সতেজ শাক-পাচলি থকা উচিত ৷ খেতিক বতৰৰ ওপৰত ভিত্তি কৰি শাক-পাচলিক গ্ৰীষ্মকালীন আৰু শীতকালীন হিচাপে বিভাজন কৰিব পাৰি ৷ ভেন্দি, জিকা, তিয়ঁহ, লেচেৰামাহ, মৰিচা, ধুন্দুলি, ভোল আদি গ্ৰীষ্মকালীন আৰু ফুলকবি, বন্ধাকবি, ওলকবি, পালেং, লাই, লফা, বাবৰি, চুকাশাক, মুলা, মেথি, বিন, মটৰ, বিলাহী, ধনীয়া, আদি শীতকালীন শাক-পাচলি৷ ইয়াৰ উপৰিও অমিতা, বেঙেনা, ৰঙালাও, পুৰাকল আদি কিছুমান পাচলি বছৰৰ যিকোনো সময়তে পাব পাৰি৷
সকলো শাকপচলিৰে পুষ্টিকৰ মূল্য মনত ৰখা সহজ কথা নহয়৷ সেয়ে পুষ্টিকাৰক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰিও শাক-পাচলি বিলাকক কিছুমান গোটত ভগাই লব পাৰি ৷ যেনে হালধীয়া ও কমলা ৰঙৰ শাক-পাচলি ও ফলমূল ও গাঢ় সেউজীয়া শাক খাদ্যপ্ৰাণ ‘ক’ৰ উৎস৷ উদাহৰণ স্বৰূপে, গাজৰ, পকা অমিতা, খুতৰা, কচুশাক, ধনিয়া, নৰসিংহ পাত চজিনাপাত ইত্যাদি ৷ সেউজীয়া শাক লৌহ পদাৰ্থৰ ও কেলচিয়ামৰো উত্তম উৎস৷ আকৌ সেউজীয়া শাক-পাচলি আৰু টেঙাজাতীয় ফলমূল যেনে – আমলখি, নেমু, মধূৰিআম, কমলা, অনাৰস, বন্ধাকবি, ধনিয়া পাত, কলমৌ শাক, চজিনা পাত খদ্যপ্ৰাণ ‘গ’ ৰ যোগান ধৰে৷ কিছুমান সেউজীয়া শাক-পাচলিয়ে খাদ্যপ্ৰাণ ‘খ’ বৰ্গ, খাদ্যপ্ৰাণ ‘কে’, ফলিক এচিদ আদিৰ যোগান ধৰে ৷ অন্যান্য সকলো সতেজ শাক-পাচলি ও ফলমূল কমবেছি পৰিমাণে আমাৰ প্ৰয়োজনীয় সকলোখিনি খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ আৰু আঁহজাতীয় পদাৰ্থৰ উৎস৷ সেয়ে আমাৰ দৈনন্দিন আহাৰত কিছু পৰিমাণে হালধীয়া ও কমলাৰঙৰ, কিছু পৰিমাণে সেউজীয়া শাক পাত আৰু কিছু পৰিমাণে অন্যান্য শাক-পাচলি থাকিলে আমাৰ শৰীৰৰ প্ৰয়োজনীয়তা পূৰণ হয়৷
সকলোবিলাক শাক-পাচলিৰ ভিতৰত সেউজীয়া পাত জাতীয় শাক-পাচলি অতি পুষ্টিকাৰক৷ এই বিলাক অতি কম দামতে পাব পাৰি আৰু অতি সহজে ঘৰতে কৰিব পাৰি৷ শাক-পাচলি বাছনি কৰোতে মনত ৰখা উচিত যে বতৰৰ শাক-পাচলিত যথেষ্ট পৰিমাণে পুষ্টিকাৰক উপাদান ও উত্তম সোৱাদ থাকে আৰু দামো কম৷ আবতৰীয়া শাক-পাচলি শীতল ভৰালত মজুত কৰি থোৱাৰ বাবে সংৰক্ষণৰ প্ৰক্ৰিয়া কালত পুষ্টিকাৰক গুণাগুণ হ্ৰাস পায়৷ দামো বেচি হয় আৰু সোৱাদো কিছু পৰিমাণে কমি যায়৷ আমাৰ মাজত এটা ভ্ৰান্ত ধাৰনা আছে যে দামী শাক-পাচলি বা ফলমূলহে অধিক পুষ্টিকাৰক৷ পকৃততে কিছুমান খাদ্য সস্তা হলেও অধিক পুষ্টিকাৰক যেনে আপেল বা আঙুৰৰ তুলনাত আমলখি বা মধূৰীআম খাদ্যপ্ৰাণ ‘গ’ অধিক পোৱা যায়৷ সেয়ে এইবিলাক পুষ্টিকাৰক সমন্ধেও সাম্যক জ্ঞান থকা উচিত৷
পৰিপুষ্টি অটুত ৰাখিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত৷
১) শাকপাচলি কটাৰ আগতে ভাল দৰে ধুই লব লাগে৷ কটাৰ পাছত ধুলে পানীত দ্ৰৱনীয় পুষ্টিকাৰক সমূহ নষ্ট হয় ৷
২) ৰন্ধাৰ আগে আগেহে শাক-পাচলি কাটিব লাগে৷ বেচি সময়ৰ আগতে কাটি থৈ দিলে বতাহৰ সংস্পর্শতো খাদ্যপ্ৰাণ নষ্ট হয় ৷
৩) যিমান পাৰি দাঙৰ আকাৰত শাক-পাচলি কাটিব লাগে আৰু কেতিয়াও পানীত তিয়াই থব নালাগে ৷
৪) ৰান্ধিবৰ কাৰণে কম পানী ব্যৱহাৰ কৰিব লাগে ৷ বেছি পানীত ৰান্ধিব লগা হ’লে থাকি যোৱা পানীখিনি দাইল, চুপ বা আটা মৰাত ব্যৱহাৰ কৰিব পাৰি৷
৫) ৰন্ধনত খোৱা চ’দা ব্যৱহাৰ কৰা অনুচিত৷
৬) কম সময়ৰ বাবেহে শাক-পাচলি ৰান্ধিব লাগে, সিদ্ধ হোৱাৰ পাছত অধিক সময় ৰান্ধি থাকিব নালাগে ৷
কেইবিধমান সহজে পোৱা শাকৰ পুষ্টিকাৰক মূল্য
পুষ্টিকাৰক |
পদিনা |
মৰিচা |
পালেং |
চজিনা পাত |
ধনীয়া পাত |
টেঙামৰা |
শক্তি |
৪৮ |
৪৫ |
২৬ |
৯২ |
৪৪ |
৫৬ |
প্ৰটিন |
৪.৮ |
৪.০ |
২.০ |
৬.৭ |
৩.৩ |
১.৭ |
কেলচিয়াম |
২০০ |
৩৯৭ |
৭৩ |
৪৪০ |
১৮৪ |
১৭২০ |
(আইৰন) লৌহ পদাৰ্থ অনুগামী |
২৫.৬ |
২৫.৫ |
১০.৯ |
৭.০ |
১৮.৫ |
২.২৮ |
খাদ্যপ্ৰাণ ‘ক’ |
২৬২০ |
৫৫২০ |
৫৫৮০ |
৬৭৮০ |
৬৯১৪ |
২৮৯৮ |
খাদ্যপ্ৰাণ ‘গ’ |
২৭.০ |
৯৯.০ |
২৮ |
২২০ |
১৩৫ |
২০.০ |
আহাৰত থকা কেইবিধমান পৌষ্টিক উপাদানৰ, অভাৱত ৱহাৱা সাম্ভাৱ্য ৰোগ আৰু নিয়ন্ত্ৰনৰ বাবে খাব লগা শাক-পাচলি
পৌষ্টিক উপাদান |
সাম্ভাব্য ৰোগ |
নিয়ন্ত্ৰনৰ বাবে খাব লগা শাক-পাচলি |
১) খাদ্যপ্ৰাণ ক(A) |
কুকুৰী কণা (চকুৰ বগা অংশ শুকাই যায় আৰু চকুৰ মনিলৈও বিয়পি যায় ৷ ত্ৰিকোন আকৃতিৰ দাগ পৰে(Bitot’s Spot), অন্ধ হব পাৰে ৷ |
গাজৰ, অমিতা, কমলা, ৰঙালাও, মেতি শাক, ঢেৰুৱা, চজিনাপাত, নৰসিংহ, পদিনা, ইত্যাদি ডাঠ সেউজীয়া শাক ৷ |
২) খাদ্যপ্ৰাণ গ (C) |
দাঁত আৰু চালৰ বেমাৰ স্কাৰ্ভি (Scurvy), ঘাঁ শুকুৱাৰ দেৰি হয় ৷ |
আমলখি, নেমু, কমলা, মৌচুমী, বন্ধাকবি, গাজি মাহ, মিঠাআলু, বাঁহ গাজ ৷ |
৩) খাদ্যপ্ৰাণ খ১ (B1) (থায়মিন) |
শাৰীৰিক আৰু মানসিক দুৰ্বলতা, এলাহ ভাৱ, স্মৰণ শক্তি হ্ৰাস, খিংখিঙিয়া হয় ৷ বেছি অভাৱ হলে বেৰী বেৰী নামৰ ৰোগ হয় ৷ |
সেউজীয়া শাক-পাচলি, মূলাজাতীয় পাচলি |
খাদ্যপ্ৰাণ খ২ (B2) (ৰায়ব’ফ্লবিন) |
মুখৰ কোৱাৰি আৰু জিভাত ঘাঁ লাগে ৷ |
সেউজীয়া শাক-পাচলি ৷ |
লৌহ পদাৰ্থ |
ৰক্তহীনতা, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় ৷ |
সেউজীয়া শাক-পাচলি যেনে মৰিচা, নিমপাত, লাইশাক, বিটৰুট, কাচকল আদি ৷ |
কেলচিয়াম |
হাড় আৰু দাঁতৰ গঠনত বাধা প্ৰাপ্ত হয়৷ স্নায়ুৰ ৰোগ হয়৷ |
সেউজীয়া শাক যেনে – চজিনা পাত, নিম আলুৰ পাত কলমৌ, কাঠফুলা ভেন্দি আদি ৷ |
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
এৰবিক ব্যায়াম
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।