মানৱ শৰীৰৰ পুষ্টি বর্দ্ধনৰ বাবে স্বেতসাৰ, প্ৰটিন, ভিটামিন, খনিজ লৱন আদি পৌষ্টিক উপাদানসমূহৰ অতীৱ প্ৰয়োজন৷ এইবোৰৰ অভাৱ ঘটিলে শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে৷ বৰ্ত্তমান তৃতীয় বিশ্বৰ দেশসমূহত এনে ৰোগৰ প্ৰাদুর্ভাৱ বেছি৷ এই পুষ্টিজনিত ৰোগসমূহ প্ৰতিৰোধ কৰিবৰ বাবে দৈনন্দিন আহাৰত সমতুল্ পৰিমাণৰ পৌষ্টিক উপাদানেৰে সমৃদ্ধ খাদ্যসামগ্ৰী অন্তর্ভূক্ত কৰাতো বিশেষ ভাৱে প্ৰয়োজনীয়৷
শৰীৰৰ আৱশ্যকীয় এই পৌষ্টিক উপাদানবোৰ প্ৰধানকৈ প্ৰানীজ আৰু উদ্ভিজ এই দুই উৎসৰ পৰা আহৰণ কৰা হয়৷ মাছ, মাসং, কণী, গাখীৰ, আদি প্ৰাণীজ উৎসৰ পৰা খাদ্যসমূহৰ চৰা দামৰ বাবে সৰ্বসাধাৰণ লোকৰ সহজলভ্য নহয়৷ ইয়াৰোপৰি এনেবোৰ খাদ্য সহজে জীন নোযোৱাৰ বাবে প্ৰায় পাকস্হলীত অজীনতা আৰু অম্লতাৰ সৃষ্টি হোৱা দেখা যায়৷ অন্যহাতেদি উদ্ভিজ উৎসৰ পৰা পোৱা খাদ্যসমূহ সৰ্বসাধাৰণ সহজলভ্য হোৱাৰ উপৰিও এইবোৰক মানৱশৰীৰে সহজে আত্মিকৰণ কৰিব পাৰে৷
আমাৰ দেশত খাদ্যশস্য হিচাপে ধান বা ঘেঁহুৰ খেতিকেই প্ৰাধান্য দি অহা হৈছে যদিও এই দুবিধ শষ্যৰ পৰা মুখ্যত: শক্তি উৎপাদন কৰি স্বেতসাৰ ভাগহে পোৱা যায়৷ কিন্তু শাক-পাচলিত স্বেতসাৰৰ উপৰিও প্ৰ’টিন, ভিটামিণ, স্নেহপদাৰ্থ, খনিজ লৱণ আদি উপাদানসমূহ যথেষ্ট পৰিমানে থাকে৷ গতিকে সুস্থ সবল স্বাস্হ্যৰ অধিকাৰী হ’বৰ বাবে এজন ব্যক্তিৰ প্ৰয়োজন হোৱা সুষম বা সমতুল্ আহাৰৰ প্ৰস্তুতিৰ সময়ত শাক-পাচলিৰ অন্তর্ভুক্তি অপৰিহাৰ্য্য, শাক-পাচলিয়ে পাকস্হলীত উৎপত্তি হোৱা অম্লতা প্ৰশনিত কৰাৰ উপৰিও ৰক্ষাংশৰ যোগান ধৰি পাচনক্ৰিয়া উন্নত কৰে৷ তদুপৰি শাক-পাচলিবোৰ মৃদুৰেচক গুণসমৃদ্ধ হোৱাৰ বাবে কৌষ্ঠকাঠিন্য দুৰ কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰে৷ বহুবিধ পাচলি ঔষধি গুণাগুণেৰেও পৰিপুষ্ট৷ সেয়েহে ইয়াক নিয়মিত ৰুপে দৈনিক আহাৰত গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পৰা যায়৷
ৰন্ধনশাল কেন্দিক পাচলিবাৰীত গ্ৰীষ্মকালি কৰিব পৰা পুষ্টিকৰ শাক-পাচলিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি বিশেষকৈ ভেণ্ডি, বেঙেনা, লেচেৰামাহ, লাওজাতীয় পাচলি, মৰিচা, কচু, মিঠাআলু, কাঠআলু, ওলকচু আদিৰ কথাকেই উনুকিয়াব পাৰি৷
গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত লেচেৰামাহ আৰু উৰহী বিশেষকৈ প্ৰ’টিন ভাগত চহকী৷ সেইদৰে কচু, মিঠাআলু, ওলকচু, উৰহী আৰু লেচেৰা মাহৰ পৰা যথেষ্ঠ পৰিমাণে স্বেতসাৰ পাব পৰি ৷ ভিটামিন ‘এ’ পাব পৰা সহজ উৎস বোৰ হৈছে কচুথোৰ, মৰিছা, খুতৰা, হেলচি শাক, কলমৌশাক, ওলকচু, তিতা কেৰেলা, ভোল, পটল, ছজিনা আদি ৷ ছজিনা, মৰিছা আৰু তিতা কেৰেলাৰ পৰা প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ পোৱা যায় ৷ সেইদৰে কেলচিয়াম মৌলৰ বাবে খুতৰা, মৰিছা, হেলচিশাক, কচুথোৰ আৰু কলমৌ শাক খোৱাটো একান্ত দৰকাৰ ৷ খুতৰা আৰু মৰিছা আয়ৰণ বা লৌহপদাৰ্থৰ এক নিৰ্ভৰযোগ্য উৎস৷
তালিকা নং ১ : গ্ৰীস্মকালীন পাচলিৰ অভাৱত হব পৰা সম্ভাৱ্য ৰোগ
পৌষ্টিক উপাদান |
সম্ভাৱ্য ৰোগ |
গ্ৰীষ্মকালীন পাচলিজাত |
১) প্ৰটিন |
শিশুৰ বিলম্বিত মানসিক আৰু দৈহিক বন্ধন, মুখ আৰু ভৰিৰ নিম্নমাংশৰ স্ফীতি, চুলি আৰু ছালৰ বৰ্নহীনতা, মচুতৰ মেদবৃদ্ধি |
লেচেৰামাহ, মিঠা আলু, কাঠআলু, কচু |
২) ভিটামিন ‘এ’ |
কুকুৰীকণা হোৱা, উজ্জল পোহৰৰ প্ৰতি তিক্ষ্ন সংবেদনশীলতা, শ্বাসনলী সঘনে বীজানুৰ দ্বাৰা আক্ৰান্ত হোৱা |
কচু থোৰ, মৰিছা, খুতৰা, হেলচিশাক, কলমৌ শাক, ওলকচু, তিতা কেৰেলা, ভোল, পটল, ছজিনা আদি ৷ |
৩) ভিটামিন ‘বি’ সংমিশ্ৰণ (ক) থায়ামিন (বি ১) (খ) ৰাইজ’ফ্লেভিন (বি ২) (গ) নিকটিনিক এচিদ্ |
বেৰি বেৰি আভোক কোৱাৰি ফটা, মুখ গহ্বৰত ঘাঁ লগা, জিভাৰ সেন্দুৰীবৰণ, পেলপ্ৰা, হাত ভৰি আৰু মুখ মণ্ডলত ছালৰ পৰিবৰ্ত্তন |
লেচেৰা মাহ, উৰহি |
৪) ভিটামিন চি
|
সাৰ্ভি, দাঁতৰ আলুৰ ৰক্তক্ষৰণ, পানীলগা জ্বৰৰ দ্বাৰা ঘনাই আক্ৰান্ত হোৱা |
ছজিনা, মৰিছা, তিতা কেৰেলো |
৫) ভিটামিন ‘ডি’ |
ৰিকেট, দন্তৰোগ |
খুতৰা, মৰিছা |
৬) ভিটামিন ‘ই’ |
প্ৰজনন ক্ষমতা হ্ৰাস |
খুতৰা, মৰিছা |
৭) ভিটামিন ‘কে’ |
ৰক্তহীনতা, সহজে ভাগৰ লগা |
খুতৰা, মৰিছা, হেলচি শাক, কচুথোৰ, কলমৌ |
৮) আৱৰণ |
ৰক্তহীনতা সঘনে ভাগৰ লগা |
খুতৰা, মৰিছা, ছজিনা |
৯) কেলচিয়াম |
দাঁত আৰু হাড়ৰ গাঠনিক দুৰ্বলতা সঘনে গৰ্ভধাৰণ কৰা তিৰোতাৰ ‘অষ্টিও মেলেচিয়া’ |
খুতৰা, মৰিছা, হেলচি শাক, কচুথোৰ, কলমৌ |
১০) ফচফৰাছ |
হাড়ৰ গঠন ব্যাহত হোৱা |
উৰহি, লেচেৰামাহ, কচু, হেলচিশাক, ছজিনা |
এই আলেচেনাৰ পৰা দেখা যায় যে গ্ৰীষ্মকালি কৰিব পৰা নানা বিধ শাক-পাচলি মানৱ শৰীৰৰ পৌষ্টিক মৌলৰ যেগান ধৰি শৰীৰক ৰোগমুক্ত কৰিব পাৰে৷ গতিকে দৈনন্দিন আহাৰত অন্তৰ্ভূক্ত কৰিবলৈ গৃহপৰ্য্যায়ৰ পাচলিবাৰীত এইবিলাকৰ খেতি কৰাটো নিতান্তই দৰকাৰ৷ আমাৰ মাটি আৰু জলবায়ুত সহজতে হোৱা নানা বিধ শাক-পাচলিৰ পৌষ্টিক গুণাগুণ সৰ্ম্পকে ঘৰৰ গৃহিনী সকলে সচেতন হলে পৰিয়ালৰ সদস্যৰ স্বাস্হ্যৰক্ষাত যথেষ্ট অৰিহণা যোগাব পাৰে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/22/2020
নদন-বদন হৈ উঠিছে শীতকালীন শাক-পাচলি
গৰমৰ দিনত কি শাক-পাচলি আৰু ফলমূল খাব?
খাদ্য, স্বাস্থ্য আৰু মন
এশ এবিধ শাক-পাচলি আৰু ইয়াৰ ঔষধি গুণ