এড়া পাত বিভিন্ন মাটি আৰু জলবায়ুত হ'ব পাৰে। সফল লেটা উৎপাদনৰ বাবে প্ৰয়োজন হোৱা পূৰ্ব্ব চৰ্ত হ’ল উচ্চ গুণমানসম্পন্ন এড়া পাতৰ খেতি যিটো আটাইতকৈ ভাল পৰিচালন ব্যাৱস্থা অৱলম্বনৰ দ্বাৰাহে সম্ভৱ হয়। এড়়ি কীট লার্ভা অবস্থাত মোট নির্মোচনৰ পাঁচটা স্তৰ অতিক্রম কৰে। উচ্চ গুনমানৰ এড়ি পাবলৈ হ’লে লার্ভা অৱস্থাত বিশেষভাৱে তৈয়াৰী ছাঁ আৰু যত্নৰ প্ৰয়োজন।
|
বিৱৰণ |
মূল্য (Rs.) |
১ |
মাটি চহোৱা কাম |
১৫০০.০০ |
২ |
চূড়ান্ত ভাবে মাটি তৈয়াৰ কৰা |
৪০০.০০ |
৩ |
সাৰ প্ৰয়োগ(৮ টন) (৫০০ টকা প্রতি টন) |
৪০০০.০০ |
৪ |
এড়া পাত গছ - ৬০০০ পুলি ( ৫০ পইছা প্রতিটো পুলি) |
৩০০০.০০ |
৫ |
ট্রেক্টৰেৰে গাঁত বনোৱা (৪ঘন্টা) আৰু পুলি লগোৱা |
২২০০.০০ |
৬ |
সাৰ (১০০ কে.জি এমোনিয়াম চালফেট; ১২৫ কে.জি চিঙ্গল চুপাৰ ফচফেট আৰু ৩৫ কে.জি মিউৰেট অফ পটাছ) |
১০৩৬.০০ |
৭ |
সাৰ প্ৰয়োগৰ খৰচ |
১২০.০০ |
৮ |
জলসিঞ্চন |
১৫০০.০০ |
৯ |
নিৰোৱা আৰু অপতৃন পৰিষ্কাৰ কৰা |
১৮০০.০০ |
১০ |
অন্যান্য |
৫০০.০০ |
|
মুঠ |
১৬০৫৬.০০ |
চৌকী খেতি হল এড়ি পলু খেতিৰ প্রথম দুটি স্তৰ। চৌকীৰ পেলু বিলাক সঠিকভাৱে পালন নকৰিলে পৰৱর্তী কালত শস্য নষ্ট হ'ব পাৰে। গতিকে চৌকী খেতি হ’ল পলু পালনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হচ্ছে যাৰ বাবে সঠিক উষ্ণতা, আর্দ্রতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কোমলীয়া পাত, পালনৰ বাবে উত্তম ব্যৱস্থা আৰু প্ৰযুক্তিগত দক্ষতাৰ প্ৰয়োজন।
ব্যৱসায়িক ভাবে চৌকি উৎপাদন কৰা কেন্দ্ৰসমূহত প্ৰয়োজন হোৱা সুবিধাসমূহ
ব্যৱসায়িক ভিত্তিক চৌকী পালন কেন্দ্ৰৰ লাভসমূহ
১. উন্নত আৰু স্বাস্থ্যবান এড়ি পলুৰ উৎপাদন সম্ভৱ, যাৰ বাবে লেটাৰ খেতি স্থিৰ আৰু উৎপাদন পোৱা যায়।
২. স্বাস্থ্যৱান সমান জোখৰ এড়ি পলু আৰু লার্ভাৰ উৎপাদন সম্ভৱ কৰে।
৩. প্ৰদূষণ আৰু বেমাৰ বিস্তাৰিত কৰাৰ সম্ভাৱনা হ্ৰাস হয়।
৪. সঠিক ইনকিউবেশ্বনে সঠিক কণী ফুটা সম্ভৱ কৰে।
৫. পালনৰ সময়ত লার্ভাৰ মৃত্যুৰ হাৰ হ্ৰাস হয় ফলত অধিক উৎপাদন পোৱা যায়।
শেহতীয়া উন্নীতকৰণ: : 11/24/2018
আফ্ৰিকাৰ ফৰ্মূলাৰে শ্ৰীপদ্ধতিত খেতি কৰি উজলিছে কৃষ...
অসমত ৰিহা খেতি
অসমত জৈৱিক খেতিৰ সম্ভাৱনা
আদা খেতিৰ কীট-পতঙ্গ আৰু বেমাৰৰ সমন্বিত নিয়ন্ত্রণ