প্ৰথমে বাবৰি শাককেইমুঠি ভালকৈ বাছি-ধুই মিহিকৈ কুটি ল’ব। জুইত কেৰাহি বহুৱাই দি গৰম হ’বলৈ দিব। কেৰাহি গৰম হ’লে তেল গৰম কৰি লৈ কুটা পিঁয়াজখিনি দি অলপ ভাজি বাবৰি শাকখিনি দি দিব। নিমখ, হালধি দি শাকখিনি ভালকৈ ভাজিব। কণীকেইটা বাটি এটাত ভালদৰে ফেটি লৈ এই শাকখিনিৰ লগত মিহলাই দি ভাজিব। ভজা ভজা গোন্ধ যেতিয়া ওলাব নমাই থ’ব। বাবৰি শাকৰ গোন্ধ এটা আছে। সেই কাৰণে এনেয়ে খাবলৈ সকলোৱে ভাল নাপায়, কিন্তু এনেকৈ কণী দি ৰান্ধি খাই চাবচোন।
প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 6/24/2020
উৎকৃষ্ট খাদ্য কণী
কণীৰ বিষয়ে একাষাৰ
পালেং শাকেৰে কণী
নকল বা কৃত্ৰিম কণী চিনাক্ত কৰাৰ দহটা সহজ কিটিপ