আহোম স্বৰ্গদেৱসকলে নৈৰ পাৰত বিশেষ একোখন ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা দি তাৰ পৰা ফাট নামৰ এবিধ কৰ বা ৰাজহ সংগ্ৰহ কৰিছিল। নৈৰ জলপথ আৰু বিভিন্ন গিৰিপথেৰে আহি বিভিন্ন বেপাৰীয়ে এনেবোৰ ঠাইত নিৰ্দ্দিষ্ট দিনত বেহা-বেপাৰ কৰি পুনৰ উভতি গৈছিল। বিশেষকৈ অবিভক্ত লক্ষীমপুৰ জিলাৰ নৈপৰীয়া উত্তৰ অঞ্চল ইয়াৰ বাবে অধিক সুচল আছিল। কাৰণ অৰুণাচল, ভুটান, চিকিম আদিৰ পৰা বেপাৰীবোৰ আহি এই ঠাইত সমবেত হৈছিল। পোনতে এই ফাটত বিহু নৃত্য-গীত পৰিবেশন কৰি বিভিন্ন বিহুৱা দলে পৰোক্ষভাৱে ধন সংগ্ৰহ কৰিছিল। ফাটত পৰিবেশন কৰা বিহুৰ বাবেই ইয়াৰ নাম ফাট-বিহু হিচাপে জনাজাত হ’ল। মিচিংসকল এই বিহুৰ প্ৰৱৰ্তক বুলিব পাৰি। আকৌ ঢকুৱাখানাৰ চাৰিকড়িয়া নৈৰ পাৰতো সাত দিন সাত ৰাতি পৰ্যন্ত ফাট বিহু চলিছিল। মিচিং দলৰ এই বিহু নৃত্য চাবৰ বাবে অসংখ্য মানুহ গোট খাইছিল। কোনো কোনোৱে এই বিহুৰ প্ৰতিক্ৰিয়া দিশটো অনুধাৱন কৰি ফাটবিহু নাম হোৱা বুলি ক’ব খোজে যদিও ই সত্য নহয়। এই বিহু পৰিবেশনত ‘আই বসুমতী ফাট দিয়া পাতালে লুকাও’ এনে অৱস্থা হোৱা, ঢোল ফটা, মাত ফটা আদি পৰিস্থিতিলৈ লক্ষ্য কৰি এই বিহুৰ নাম ফাট-বিহু হোৱা বুলি ধাৰণা কৰে; কিন্তু চাৰিকড়িয়া নৈৰ পাৰ ফাট সংগ্ৰহৰ স্থলী হিচাপেহে ইয়াৰ নাম যে ফাট-বিহু হ’ল ই ধুৰূপ। অবিভক্ত লক্ষীমপুৰ জিলাৰ উত্তৰপিনে কোনো ঠাইত এই বিহু পালন কৰা হৈছিল বুলি বুঢ়া-মেথাসকলে কয়।
লিখক: ড° পৰমানন্দ ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 4/2/2020
অসমৰ কেইটামান বিশেষ উদ্যোগ-প্ৰতিষ্ঠান আৰু ঠাই
উপকাৰী বাহক
ঠাইতে আছে ঠাইতে নাই
বুৰঞ্জীপ্ৰসিদ্ধ গোলাঘাটৰ বিখ্যাত ঠাই টেঙানি, কছাৰী...