ভাৰতবৰ্ষৰ শিক্ষা জগতখনত বহু আগৰে পৰাই পৰিবেশ নামৰ বিষয়টো সন্নিবিষ্ট হৈ আছে। সেয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই পৰিবেশ বিজ্ঞান বিষয়টোও কিছু পুৰণি বুলিব পাৰি। কিন্তু শিক্ষাৰ ক্ষেত্ৰত যিকোনো বিষয়তে ইয়াৰ কোনো সীমাবদ্ধতা নাথাকে। ঠিক তেনেদৰেই পৰিবেশ বিষয়টোও অধ্যয়নৰ ক্ষেত্ৰত ইয়াৰ পৰিসৰ বাঢ়ি গৈ আছে দিনে দিনে। সাধাৰণতে ক’বলৈ গ’লে পৰিবেশ বিষয়ক অধ্যয়ন হৈছে প্ৰাকৃতিক পৰিবেশ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু ইয়াৰ এটাৰ আনটোৰ ওপৰত প্ৰভাৱৰ বিষয়ে বিজ্ঞানসন্মত প্ৰণালীবদ্ধ অধ্যয়ন। সাধাৰণতে বহুতে পৰিবেশ বিদ্যা আৰু পৰিবেশ বিজ্ঞান একে বুলি ভাবে। দুয়োটা বিষয় যদিও পৰিবেশৰ ওপৰতেই অধ্যয়ন কৰা যায়, তথাপি ইয়াৰ মাজত বহুতো পাৰ্থক্য আছে। পৰিবেশ বিজ্ঞান বিষয়টো সম্পূৰ্ণৰূপে বিজ্ঞানভিত্তিক। ইয়াত পৰিবেশ প্ৰদূষণ আদিৰ উপৰি জীৱজগতৰ ওপৰত ইয়াৰ ৰাসায়নিক, জৈৱিকভাৱে পৰা প্ৰভাৱ আদিৰো বিজ্ঞানভিত্তিক অধ্যয়ন কৰা হয়। য’ত গৱেষণা, গৱেষণাগাৰৰ কাম-কাজ আদিও যথেষ্ট থাকে। ভাৰতবৰ্ষৰ বেছিভাগ বিশ্ববিদ্যালয়ে পৰিবেশ বিজ্ঞান বিষয়টোত সাধাৰণতে স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায় যদিও কিছুমান শিক্ষানুষ্ঠানে ইয়াৰ স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়াইছে। সাধাৰণতে স্নাতক মহলাত এই বিষয় অধ্যয়ন কৰিবলৈ বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে। তেনেদৰে স্নাতকোত্তৰত নামভৰ্তিৰ বাবে অৰ্হতা শতকৰা ৫০-৬০ নম্বৰেৰে বিজ্ঞান শাখাত স্নাতক হোৱা প্ৰয়োজনীয় হোৱাৰ লগতে জীৱ বিজ্ঞান, প্ৰাণী বিজ্ঞান, ৰসায়ন, পদাৰ্থ বিজ্ঞান, ভূগোল, ভূতত্ত্ব আদি যিকোনো এটা বিষয় থাকিব লাগিব। পৰিবেশ বিজ্ঞানৰ অধ্যয়ন ক্ষেত্ৰত ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ভিতৰত আছে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু টি ই আৰ আই বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, কেৰালা বিশ্ববিদ্যালয়, মাদ্ৰাজ বিশ্ববিদ্যালয়, মুম্বাই বিশ্ববিদ্যালয়, পুনে বিশ্ববিদ্যালয় আৰু পণ্ডিচেৰী বিশ্ববিদ্যালয়। ভাৰতৰ বাহিৰত থকা আগশাৰীৰ শিক্ষানুষ্ঠানৰ ভিতৰত আছে-
লিখক: অৰূপ কুমাৰ ডেকা, অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
অকণিৰ বিজ্ঞানৰ খেল
“ৰং” বিজ্ঞান (প্ৰথম খণ্ড)
‘জৈৱ তথ্য প্ৰযুক্তি’ – বিজ্ঞানৰ এক নতুন দিগন্ত
“ৰং” বিজ্ঞান-২