অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েটিচিয়ান নিউট্ৰিচনিষ্ট

ডায়েটিচিয়ান নিউট্ৰিচনিষ্ট

ভাৰতত নিউট্ৰিচন বিষয়ক শিক্ষা ১৯৩০ চনতেই আৰম্ভ হৈছিল যদিও ই সীমাবদ্ধ আছিল কেৱল ৰন্ধন বিষয়ক শিক্ষাৰ মাজতে।প্ৰ্কৃততে কবলৈ গলে নিউট্ৰিচন বিষয়ক শিক্ষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত হৈছিল ১৯৬০ চনৰ পৰাহে। বিভিন্ন দিশৰ ওপৰত আলোকপাত হৈছিল যদিও সেই সময়ত প্ৰ্ধানকৈ ইয়াৰ লগত জড়িত বিভিন্ন সমস্যাৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। ডায়েটিচিয়ান প্ৰ্ধান কাম হৈছে যে তেওঁলোকে বিভিন্ন ব্যক্তি বিশেষৰ খাদ্য তালিকা প্ৰ্স্তত কৰে আৰু ইয়াৰ তদাৰক কৰে। সাধাৰনতে তেওঁলোকে চিকিৎসালয় ক্লিনিক স্পৰ্টছ চেন্টাৰ,জিম আদি স্বাস্থ্যৰ লগত জড়িত বিভিন্ন প্ৰ্তিষ্ঠানত নিয়োজিত হৈ থাকে।চিকিৎসালয় আদিত ডায়েটিচিয়ানসকলে ডাক্তৰৰ লগত আলোচনা কৰি বিভিন্ন ৰোগী আদিৰ বাবে খাদ্য-তালিকা প্ৰ্স্তত কৰে আৰু তাৰ তদাৰক কৰে। নিউট্ৰিচনিষ্টসকলৰ অধ্যয়নৰ ক্ষেত্ৰখন হৈছে খাদ্য বিজ্ঞান,খাদ্য বিষয়ক গৱেষনা,FMCG(Fast moving consumer goods companies)আদি। নিউট্ৰিচনিষ্টসকলৰ কামবোৰ সাধাৰনতে খাদ্য বিষয়ক গৱেষনাৰ লগত জড়িত।

পাঠ্যক্ৰম

নিউট্ৰিচন বিষয়ক অধ্যয়ন কৰিবৰ বাবে নুন্যতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ন হব লাগে।বিভিন্ন কলেজ বা বিশ্ববিদ্যালয় অনুযায়ী ইয়াৰ পাঠ্যক্ৰমৰ আৰ্হিও বেলেগ বেলেগ হয়।দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰমত Home Science বিযয়ত স্নাতক মহলাত এই বিষয়ৰ বিশেষ পেপাৰ সন্নিবিষ্ট আছে।ছাত্ৰ-ছাত্ৰীসকলে ফুড বিষয় হিচাপে বাছি লৈ অধ্যয়ন কৰিব পাৰে।এই বিষয় অধ্যয়ন কৰিবলৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ন হব লাগে।তদুপৰি এই বিষয় অধ্যয়ন কৰিবলৈ বিভিন্ন বিশ্ববিদ্যালয়ত অন্তৰ্গত কলেজসমূহত Nutrition & Dietician বিষয়ত স্নাতক পাঠ্যক্ৰম আছে।এই বিষয় অধ্যয়নৰ বাবে শীৰ্ষত থকা শিক্ষানুষ্ঠানসমূহ হৈছে-Lady Irwin college(দিল্লী বিশ্ববিদ্যালয়),SNDT women university,Institute of Home economics,Avinashilingam university for women,Women christiian college,Manav,Rachna university ইত্যাদি। তদুপৰি বিদেশত অধ্যয়নৰ ক্ষেত্ৰত এই বিষয়ৰ বাবে আটাইতকৈ ভাল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। তদুপৰি লেখত লবলগীয়া বিশ্ববিদ্যালয় হৈছে Tsukuba university আৰু Curtain university.

নিয়োগৰ সুবিধা

এই বিষয়ৰ অধ্যয়ন কৰাসকলৰ ক্ষেত্ৰত নিয়োগৰ যথেষ্ঠ সুবিধা আছে।এই বিষয়ৰ স্নাতকসকলে সাধাৰনতে চিকিৎসালয়, হেলথ ক্লিনিক, VLCC খাদ্য উদ্যোগ যেনে-Kellong Britannia আদিত নিয়োজিত হব পাৰে।তদুপৰি Food & Nutrition board বিভিন্ন পৰীক্ষা আদি UPSC য়ে অনুষ্ঠিত কৰে। স্নাতক উত্তীৰ্নসকলে ইয়াৰ বাবেও অবেদন কৰিব পাৰে।বিভিন্ন বিভাগত সদ্যস্নাতক উত্তীৰ্নসকলৰ বাবে দৰমহা সাধাৰনতে ১৫,০০০ ৰ পৰা ২০,০০০ ভিতৰত হয়।বিভিন্ন চৰকাৰী বিভাগত চাকৰিত সাধাৰনতে দৰমহা ২৫,০০০ ৰ পৰা আৰম্ভ হোৱা দেখা যায়।

লিখক: অৰুপ কুমাৰ ডেকা, সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate