অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেলা-ধূলা

এছিয়ান গেমছ

‘অলিম্পিক কাউন্সি অব্‌ এছিয়া’ ৰ (এছিয়া মহাদেশৰ প্ৰায় সকলো কেইখন দেশ এই কাউন্সিলৰ সদস্য) অন্তৰ্গত এছীয় দেশসমূহৰ মাজত প্ৰতি চাৰি বছৰৰ বিৰতিত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা’ এছিয়াড। ১৯৫১ চনৰ মাৰ্চত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত এছিয়ান গেমছ বা এছিয়াডৰ সূচনা হয়। প্ৰফেছাৰ গুৰু দত্ত সোন্ধী নামৰ এজন ক্ৰীড়া সংগঠকৰ অক্লান্ত প্ৰচেষ্টাত এছিয়ান গেমছৰ জন্ম। প্ৰতিযোগিতাখন প্ৰথমে ১৯৫০ চনত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও অৰ্থাভাৱৰ বাবে দুবাৰকৈ তাৰিখ পিচুৱাবলৈ হৈছিল। এছীয় দেশসমূহৰ প্ৰতিনিধি সভাত প্ৰথমে প্ৰতিযোগিতাখনৰ বাম ‘এছিয়াটিক গেমছ’ ৰখাৰ সিদ্ধান্ত হ’লেও তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰামৰ্শ মতে এছিয়ান গেমছ কৰা হয়। সেই সিদ্ধান্ত লোৱা হৈছিল ১৯৪৮ চনত ফেব্ৰুৱাৰীত।

এছিয়াৰ সকলো অপেছদাৰী খেলুৱৈৰ বাবে এছিয়ান গেমছ মুকলি। তদুপৰি শৰীৰৰ ৰং, ধৰ্ম আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে খেলুৱৈ কিম্বা দেশখনক বিচাৰ নকৰাকৈ আৰু বৈষম্য নৰখাকৈ এছিয়াডত ভাগ ল’বলৈ দিয়া হয়।

এতিয়া সম্পূৰ্ণ অলিম্পিকৰ আৰ্হিত, একেই নীতি-নিয়মেৰে আয়োজন কৰা এছিয়ান গেমছ এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা। ২০০৬ চনত কাটাৰৰ দোহাত আয়োজিত এছিয়াডত ৪৫ খন দেশৰ প্ৰায় ১৩,০০০ প্ৰতিযোগীয়ে মুঠ ৩৯ বিধ খেলত প্ৰতিদ্বন্দিতা কৰিছিল।

পতাকা

এছিয়ান গেমছৰ পতাকাখন শুধ বগা কাপোৰেৰে তৈয়াৰী। পতাকাখনৰ মাজত অংকিত থাকে এছিয়ান গেমছৰ প্ৰতীক চিহ্ন আৰু মূলমন্ত্ৰ।

প্ৰতীক আৰু মূলমন্ত্ৰ

এছিয়ান গেমছৰ প্ৰতীকটোৰ মাজত থাকে এটা পূৰ্ণ উদিত সূৰ্য। ইয়াৰ আঠোটা তীক্ষ্ণ জোঙা সোণালী ৰঙৰ চিহ্নই উদিত সূৰ্য্যৰ ৰূপ আৰু সমসংখ্যক ভাঁজবিশিষ্ট চিহ্নই সূৰ্য্যৰ শিখাক বুজায়। উদিত সূৰ্য্যৰ চাৰিওপিনে বৃত্তাকাৰভাৱে দুই-তৃতীয়াংশ স্থানত শিকলিৰ দৰে অংকন কৰা হয় কিছু সংখ্যক বৃত্ত। নীলা শিকলিসদৃশ বৃত্তসমূহে এছিয়ান গেমছ ফেডাৰেচনৰ সদস্য দেশক প্ৰতিনিধিত্ব কৰে। সূৰ্য্যৰ ওপৰৰ দিশে বাকী থকা অংশটোত লিখা হয় ‘EVER ONWARD’- যাৰ অৰ্থ সদায় আগলৈ ধাৱমান হোৱা। এইটোৱেই এছিয়ান গেমছৰ মলমূত্ৰ।

শিখা

এছিয়ান গেমছৰ শিখা প্ৰথম দিল্লী এছিয়াডৰ পৰা প্ৰজ্বলন কৰা হয়। সেইবাৰ অলিম্পিক শিখা প্ৰজ্বলনৰ বাবে ব্যৱহাৰ হোৱা জোঁৰ দান কৰিছিল পাতিয়ালাৰ মহাৰাজ যাদবিন্দ্ৰ সিঙে।

সংগীত

প্ৰথমবাৰৰ বাবে হাইম কিম্বা এছিয়ান গেমছৰ সংগীত ব্যৱহাৰ হৈছিল মেনিলাৰ দ্বিতীয় (১৯৫৪) এছিয়াডত। ‘এভাৰ অনৱাৰ্ড শ্বাইন এণ্ড শ্লিম.....’ শীৰ্ষক সংগীতটো ৰচনা কৰিছিল ফিলিপাইনৰ কৰ্ণেল চি বি ৰিগ’ৰে আৰু সুৰৰে সজাইছিল একে দেশৰে মেজৰ এ বুৱেনাভেনটুৰা ডলে।

এছিয়ান গেমছ অনুষ্ঠিত হোৱা বিভিন্ন দেশ, চন, অন্যান্য তথ্য

চন

স্থান

প্ৰতিযোগীৰ সংখ্যা

দেশৰ সংখ্যা

খেলৰ সংখ্যা

১৯৫১

নতুন দিল্লী (ভাৰত)

৪৮৯

১১

১৯৫৪

মেনিলা (ফিলিপাইন)

৯৬৭

১৮

১৯৫৮

টকিঅ’ (জাপান)

১,৪২২

২০

১৩

১৯৬২

জাকাৰ্টা (ইণ্ডোনেছিয়া)

১৫৪৫

১৭

১৩

১৯৬৬

বেংকক (থাইলেণ্ড)

১৯৪৫

১৮

১৪

১৯৭০

বেংকক (থাইলেণ্ড)

১৭৫২

১৮

১৩

১৯৭৪

টেহৰান (ইৰাণ)

২৩৫৭

২৫

১৬

১৯৭৮

বেংকক (থাইলেণ্ড)

২৮৭৯

২৫

১৯

১৯৮২

নতুন দিল্লী (ভাৰত)

৩৪১১

৩৩

২১

১৯৮৬

ছিউল (দক্ষিণ কোৰিয়া)

৩৩৪৫

২৭

২৫

১৯৯০

বেইজিং (চীন)

৪৬৮৪

২৭

২৭

১৯৯৪

হিৰোছিমা (জাপান)

৪৬৫৯

৪২

৩৪

১৯৯৮

বেংকক (থাইলেণ্ড)

৯৪৬৯

৪১

৩৬

২০০২

বুছান (দক্ষিণ কোৰিয়া)

১২০০০

৪৪

৩৮

২০০৬

দোহা (কাটাৰ)

১৩০০০

৪৫

৩৯

২০১০

গুৱাং ঝু (চীন)

১১০০০

৪৫

৩৫

২০১৪

ইনচিয়ন (দক্ষিণ কোৰিয়া)

-

-

-

 

গুৱাং ঝু এছিয়ান গেমছৰ শ্ৰেষ্ঠ দহখন প্ৰতিযোগী দেশ

দেশ

সোণ

ৰূপ

ব্ৰঞ্জ

মুঠ

চীন

১৯৯

১১৯

৯৮

৪১৬

দক্ষিণ কোৰিয়া

৭৬

৬৫

৯১

২৩২

জাপান

৪৮

৭৪

৯৪

২১৬

ইৰাণ

২০

১৪

২৫

৫৯

কাজাখস্তান

১৮

২৩

৩৮

৭৯

ভাৰত

১৪

১৭

৩৩

৬৪

চাইনিচ টাইপেয়ী

১৩

১৬

৩৮

৬৭

উজবেকিস্তান

১১

২২

২৩

৫৬

থাইলেণ্ড

১১

৩২

৫২

মালয়েছিয়া

১৮

১৪

৪১

কমনৱেলথ গেমছ

অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাৰ মধ্যৱৰ্তী সময়ছোৱাত প্ৰত্যেক চাৰি বছৰৰ বিৰতিত কমনৱেলথ গোষ্ঠীভুক্ত দেশসমূহৰ মাজত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা। ১৯৩০ চনত প্ৰথমখন কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল কানাডাৰ হেমিল্টনত। মাজতে ১৯৪২ আৰু ১৯৪৬ চনত দ্বিতীয় মহাসমৰ বাবে দুবাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাৰ প্ৰতি চাৰি বছৰৰ বিৰতিত কমনৱেলথ গেমছ অনুষ্ঠিত হৈ আহিছে।

নাম সলনি

১৯৩০ চনৰ পৰা ১৯৫০ চনলৈ প্ৰতিযোগিতাখনৰ ব্ৰিটিছ এম্পায়াৰ গেমছ আছিল। ১৯৫০ চনৰ পিছৰ পৰা ইয়াক ব্ৰিটিছ এম্পায়াৰ এণ্ড কমনৱেলথ গেমছ, ১৯৬৬ চনৰ পৰা ব্ৰিটিছ কমনৱেলথ গেমছ আৰু ১৯৭৮ চনৰ পৰা প্ৰতিযোগিতাখনৰ নাম কমনৱেলথ গেমছ কৰা হয়।

অন্তৰ্ভুক্ত খেল

এথলেটিকছ, বক্সিং, লন বউলছ, ৰয়িং, সাঁতোৰা আৰু ৰেচলিং- এই ছবিধ খেলেৰে আৰম্ভ কৰা কমনৱেলথ গেমছত এতিয়া একুৱাটিক, এথলেটিকছ, বেডমিন্টন, বক্সিং, ক্ৰিকেট, চাইক্লিং, জিমনাষ্টিকছ, হকী, নেটবল, লন বউলছ, ৰাগবী, টেনপিন বলিং, শ্বুটিং, ভাৰোত্তোলন আৰু মল্লযুদ্ধকে ধৰি ১৫ বিধ খেল অন্তৰ্ভূক্ত হৈছে। কমনৱেলথ গেমছ ফেডাৰেচনে ১৯৯৮ চনৰ কুৱালালামপুৰ গেমছত প্ৰথমবাৰৰ বাবে দলীয় ক্ৰীড়া অন্তৰ্ভুক্ত কৰে।

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate