অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বংশগত ৰোগ

মানৱ সমাজত ইয়াৰ প্ৰভাৱ

আমাৰ কেউকাষে থকা সৰু-বৰ সকলো জীৱই প্ৰায় নিজৰ দৰেই সতি-সন্ততিৰ জন্ম দিয়ে। অৰ্থাৎ এই পৃথিৱীৰ প্ৰতিটো জীৱই বংশবৃদ্ধি কৰে। বংশ বিস্তাৰৰ দ্বাৰা জীৱই বংশধাৰা অক্ষুণ্ণ ৰাখে। প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা পিতা-মাতাৰ বংশধাৰা সন্তানে লাভ কৰে। পূৰ্বপুৰুষৰপৰা উত্তৰ পুৰুষলৈ বংশধাৰা সঞ্চালন হোৱাকে বংশগতি বোলে। এই বংশগতিৰ বিষয়ে বিজ্ঞানৰ যি শাখাত আলোচনা কৰা হয়, তাকেই বংশগতি বিজ্ঞান বোলে। অষ্ট্ৰিয়া দেশৰ বিজ্ঞানী গ্ৰেগৰ জেহান মেণ্ডেলে ১৮৫৮ চনৰ পৰা ১৮৬৬ চনলৈ মটৰ মাহৰ ওপৰত চলোৱা পৰীক্ষাৰ আৱিষ্কাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই পিচলৈ বংশগতি বিদ্যাৰ জনক বুলি কোৱা হয়। সেয়েহে মেণ্ডেলক বংশগতি বিদ্যাৰ জনক বুলি কোৱা হয়। মানুহে যৌন প্ৰজননৰ দ্বাৰা বংশগতি কৰে। যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰা হেতু পিতৃ-মাতৃৰ উভয়ৰে বংশগতিৰ ধাৰা সন্তানে লাভ কৰে। যৌন প্ৰজননৰ যোগেদি পিতৃ-মাতৃৰ লগত জড়িত কেতবোৰ দুৰাৰোগ্য ব্যাধি সন্তানৰ দেহলৈ প্ৰবাহিত হয়। বংশগতিৰ জৰিয়তে প্ৰবাহিত হোৱা ব্যাধিবোৰ পিতা-মাতাৰ সকলো সন্তানৰ দেহত দেখা নিদি কোনো কোনো সন্তানৰ দেহত সুপ্ত অৱস্থাতো থাকিব পাৰে। বংশগতিৰ জৰিয়তে প্ৰবাহিত হোৱা কেতবোৰ ৰোগ পুত্ৰ সন্তানৰ যোগেদি আৰু আনবোৰ কন্যা সন্তানৰ যোগেদি প্ৰবাহিত হয়। পিতৃ-মাতৃ উভয়ৰে দেহত ৰোগ থকা আৰু কেৱল পিতৃ নতুবা মাতৃৰ দেহত ৰোগ থকাৰ মাজতো পাৰ্থক্য আছে। বিভিন্ন প্ৰকাৰৰ বংশগত ৰোগ সঞ্চালন হোৱাৰ নিয়মো বেলেগ বেলেগ ধৰণৰ। বংশগতিৰ দ্বাৰা প্ৰবাহিত হোৱা ৰোগবোৰৰ ভিতৰত বৰ্ণান্ধতা, হিম’ফিলিয়া, ছালৰ ধৱলতা, খাৰ্বাঙুলি, কাঁচিকোষ, ৰক্তহীনতা, থেলেছেমিয়া, ডাউনৰ লক্ষণ, ক্লাইন’ফেল্টাৰৰ লক্ষণ, অতিপুৰুষ লক্ষণ, টাৰ্নাৰৰ লক্ষণ আদি উল্লেখযোগ্য। তলত ইহঁতৰ বিষয়ে পৃথকে পৃথকে আলোচনা কৰা হ’ল।

ছালৰ ধৱলতা

মানুহৰ ছালৰ ক’লা ৰঞ্জক পদাৰ্থ গঠন হোৱাটো জিনে নিয়ন্ত্ৰণ কৰে। স্বাভাৱিক প্ৰভাৱী জিন(AA) থাকিলে লোকজনৰ শৰীৰত ৰঞ্জক দ্ৰব্য গঠন হয়। কিন্তু ইয়াৰ পৰাহত জিন(aa)থাকিলে মেলানিন গঠন নহয়। ফলত তেনে লোকৰ ছাল আৰু চুলিৰ বৰণ শুদ্ধ বগা হয়। এনে লোকৰ চকুৰ আইৰিছতো কোনো ৰঞ্জক দ্ৰব্য নথকা হেতু এনে ধৱল লোকে ৰ’দত ভালদৰে চকু মেলিব নোৱাৰে।

থেলেছিমিয়া

এই ৰোগত ভোগা ৰোগীয়েও ৰক্তহীনতাত ভোগে। এই ৰোগ ভূমধ্য সাগৰীয় দেশসমূহৰ ল’ৰা-ছোৱালীৰ মাজত দেখা যায়। এই ৰোগতো লোহিত ৰক্তকণিকাবোৰে স্বাভাৱিক আকৃতি হেৰুৱাই বিভিন্নধৰণে বিকৃত হৈ পৰে। শৈশৱ অৱস্থাত যি কেইপ্ৰকাৰৰ হিম’গ্ল’বিন যি যি অনুপাতত গঠন হ’ব লাগে, সেই সেই অনুপাতত গঠন নোহোৱা হেতু এই ৰোগ হয়। এই প্ৰক্ৰিয়াটো কেইবাটাও জিনে নিয়ন্ত্ৰণ কৰে।

মধুমেহ

আমি সকলোৱেই মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগৰ বিষয়ে কম-বেছি পৰিমাণে জানো। শৰীৰত শৰ্কৰাজাতীয় দ্ৰব্যৰ বিপাকৰ বাবে যিমানখিনি ইনছুলিন হৰম’ন লাগে, সিমানখিনি ইনছুলিন হৰম’ন উৎপাদন নোহোৱাৰ বাবেই এই ৰোগ হয়। এই ৰোগ দুই প্ৰকাৰৰ। প্ৰথম প্ৰকাৰৰ মধুমেহ কম বয়সতে, বিশেষকৈ ৩০ বছৰৰ তলতে আৰম্ভ হয়। এই প্ৰকাৰৰ মধুমেহ নিয়ন্ত্ৰণ কৰিবৰ বাবে বহু পৰিমাণৰ ইনছুলিন হৰম’ন ৰোগীয়ে গ্ৰহণ কৰিবলগীয়া হয় আৰু আনবিধ আদ বয়সত দেখা দিয়ে। এই প্ৰকাৰৰ মধুমেহ দৰৱ খায়েই সাধাৰণতে নিয়ন্ত্ৰণ কৰিব পৰা হয়। যদিও কেতিয়াবা এই প্ৰকাৰৰ মধুমেহ ৰোগীয়েও বয়স বৃদ্ধি পোৱাৰ লগে লগে অৰ্থাৎ ৰোগ পুৰণা হোৱাৰ লগে লগে ইনছুলিন ল’ব লগা হয়। দুয়ো প্ৰকাৰৰ মধুমেহৰ লগত বংশগতিৰ সম্বন্ধ আছে বুলি বিজ্ঞানীসকলে নিশ্চিত কৰিছে যদিও কেইটা আৰু কি কি প্ৰকাৰ জিনে ইয়াক নিয়ন্ত্ৰণ কৰে, এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ডাউনৰ লক্ষণ

ই হ’ল ক্ৰম’জ’ম সংখ্যাজনিত এক ৰোগ। মিয়’ছিছ বিজ্ঞানৰ দ্বাৰা প্ৰজনন কোষ সৃষ্টি হোৱাৰ সময়ত কেতিয়াবা প্ৰত্যেকযোৰ সমৰূপী ক্ৰম’জ’ম সঠিকভাৱে অন্তৰণ নোহোৱাৰ বাবে প্ৰত্যেক প্ৰজনন কোষত ঐকধ্য সংখ্যক ক্ৰম’জ’ম নাথাকি কোনো এটা বা দুটা ক্ৰম’জ’ম কম বা বেছি থকা দেখা যায়। এনে হোৱাৰ ফলত যোজন কোষত ক্ৰম’জ’মৰ সংখ্যাৰ তাৰতম্য হয়। যোজন কোষৰ মাইট’ছিছ বিজ্ঞানৰ ফলত সন্তান দেহটো গঠন হয়, সেয়েহে এনে সংখ্যাজনিত বিকাৰ থকা যোজন কোষৰ পৰা গঠন হোৱা দেহত বিসংগতি থকাটো স্বাভাৱিক। ডাউনৰ লক্ষণত ২১ সংখ্যক ক্ৰম’জ’ম তিনিডাল থাকে। এই অৱস্থাৰ লক্ষণসমূহ হৈছে- শৰীৰৰ বৃদ্ধি আৰু বিকাশত বাধাপ্ৰাপ্ত হয়। আঙুলি মূৰৰ আৰু হাতৰ তলুৱাৰ ৰেখাসমূহ অস্বাভাৱিক হয়, চকুৰ ওপৰ বাদু ওলোমা হয়। মানসিকভাৱে বাধাপ্ৰাপ্ত আৰু লিউক’মিয়া ৰোগৰ প্ৰৱণতা অধিক হয়।

কাঁচিকোষ ৰক্তহীনতা

তেজ তৰল ভৌম্য দ্ৰব্য, যাক কোৱা হয় প্লাজমা আৰু প্লাজমাত ভাহি থকা ৰক্তকোষৰ দ্বাৰা গঠিত। তেজৰ ৰক্তকণাবোৰ তিনি প্ৰকাৰৰ- লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অণুচক্ৰিকা। লোহিত ৰক্তকণিকাবোৰে সিহঁতৰ কোষ ৰসত যথেষ্ট পৰিমাণে হিম’গ্ল’বিন সংৰক্ষণ কৰিব পাৰে। অক্সিজেনে এই হিম’গ্ল’বিনৰ লগত লগ হৈ অক্সিহিম’গ্ল’বিন গঠন কৰে। আমাৰ তেজত লোহিত ৰক্তকণিকাৰ পৰিমাণ কমি যোৱাকে ৰক্তহীনতা বোলে। তেজৰ লোহিত ৰক্তকণিকাৰ কাম হ’ল শৰীৰৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যসমূহ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়া। সেয়েহে তেজত লোহিত ৰক্তকণিকাৰ অভাৱ হ’লে শৰীৰৰ বিভিন্ন অংগত পোষক দ্ৰব্যৰ অভাৱ হয়। মানুহৰ তেজত লোহিত ৰক্তকণিকাত থকা এই হিম’গ্ল’বিন নামৰ শ্বাসৰঞ্জকবিধৰ গঠন ১১নং আৰু ১২নং স্বক্ৰম’জ’মত থকা কেইবাযোৰা জিনে নিয়ন্ত্ৰণ কৰে। মানুহৰ জীৱনৰ বিভিন্ন অৱস্থাত, যেনে- কেঁচুৱা, ডেকা, বৃদ্ধ অৱস্থাত এই হিম’গ্ল’বিনৰ প্ৰকাৰ বিভিন্ন হয় আৰু ইয়াক বংশগতিৰ বাবে জিনে নিয়ন্ত্ৰণ কৰে। প্ৰাপ্তবয়স্ক সুস্থ লোক এজনৰ লোহিত ৰক্তকণিকাত থকা হিম’গ্ল’বিন প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি লোহিত ৰক্তকণিকাবোৰ ‘ঘিলা’ আকৃতিৰ হয় বাবে সিহঁতে স্বাভাৱিক পৰিমাণে অক্সিজেন শোষণ কৰিব পাৰে। কিন্তু বংশানুক্ৰমে ভোগা কাঁচিকোষ ৰক্তহীনতাত লোহিত ৰক্তকণিকাবোৰ দীঘল আৰু ধেনুভিৰীয়া হৈ কাঁচি একোখনৰ আকৃতি ধাৰণ কৰে, যাৰ ফলত লোহিত ৰক্তকণিকাবোৰে পৰ্যাপ্ত পৰিমাণে অক্সিজেন শোষণ কৰিব নোৱাৰে। এই ৰোগ প্ৰথমে ধৰা পৰে পশ্চিম ইণ্ডিজৰ বাসিন্দাসকলৰ মাজত। এই ৰোগত ভোগা ৰোগীৰ ১১ নম্বৰ আৰু ১২ নম্বৰ স্বক্ৰম’জ’মত থকা কেইবাযোৰা জিনৰ প্ৰভাৱত এই ৰোগে দেখা দিয়ে।

কেশ স্খলন

পুৰুষৰ চুলি তপা হোৱাটো এক হৰম’নে নিয়ন্ত্ৰণ কৰে আৰু এই হৰম’ন নিয়ন্ত্ৰণ কৰে এক বা একাধিক জিনে। ই আমাৰ সমাজৰ বাবে ক্ষতিকাৰক নহয়।

হিম’ফিলিয়া

ই যৌন ক্ৰম’জ’মৰ দ্বাৰা সঞ্চাৰিত হোৱা ৰোগ। এই ৰোগত আক্ৰান্ত হোৱা লোকৰ ৰেজৰ চেঁকুৰা মৰা গুণ নাইকিয়া হোৱা বাবে সাধাৰণ কটা-ছিঙাতে ৰক্তক্ষয় হৈ ৰোগী মৃত্যুমুখত পৰে।

খাৰ্বাঙুলি

কোনো কোনো লোকৰ হাত আৰু ভৰিৰ আঙুলি চুটি চুটি হয়, তাকে খাৰ্বাঙুলি বোলে। এটা পৰাহত জিন, ইয়াৰ বাবে দায়ী।

টাৰ্নাৰৰ লক্ষণ

এনে স্ত্ৰীৰ এডাল মাত্ৰ ‘X’ ক্ৰম’জ’ম থাকে। সাধাৰণ স্ত্ৰীৰ ‘X’ ক্ৰম’জ’ম দুডাল (XX) থাকে। এনে ৰোগত ভোগা স্ত্ৰীৰ এডাল ‘X’ ক্ৰম’জ’ম কম থাকে। এনে স্ত্ৰীৰ গঢ়ত পুৰুষৰ লক্ষণ দেখা যায়। কান্ধ বহল, নিতম্ব ঠেক হয়। গাৰ নোমবোৰ দীঘল দীঘল হোৱাৰ উপৰি স্তন গঠন নহয়। অণ্ডাশয় বৰ্ধন নোহোৱা হেতু এনে স্ত্ৰীয়ে সন্তান জন্ম দিব নোৱাৰে।

ক্লাইন’ফেল্টাৰৰ লক্ষণ

এই লক্ষণ থকা লোকৰ যৌন ক্ৰম’জ’ম ‘XXX’ হয়। স্বাভাৱিক পুৰুষৰ যৌন ক্ৰম’জ’ম হ’ল ‘XY’। ইহঁতৰ এডাল ‘X’ ক্ৰম’জ’ম বেছি থাকে। এনে লোকক পুৰুষ বুলি ধৰা হয় যদিও পুৰুষ জননাংগৰ বৃদ্ধি নহয়, গাৰ নোম কম হয়, স্তন ডাঙৰ হয়, মানসিকভাৱে বাধাগ্ৰস্ত হয়।

অতিপুৰুষ লক্ষণ

এনে পুৰুষৰ যৌন ক্ৰম’জ’ম ‘XY’ৰ পৰিৱৰ্তে ‘XYY’ হয়। অৰ্থাৎ ইহঁতৰ ‘Y’ ক্ৰম’জ’ম এডাল বেছি থাকে। এনে লোকৰ পুৰুষৰ লক্ষণ অতিচাৰ হয়। যেনে- বেছি ওখ, অধিক প্ৰতাপী হয়। এনে লোক মানসিকভাৱে বাধাপ্ৰাপ্ত হোৱাৰ উপৰি অপৰাধপ্ৰৱণ হয়।

বৰ্ণান্ধতা

এই ৰোগ সদায় স্ত্ৰীৰ দ্বাৰা প্ৰবাহিত হয়। এই জিন ‘X’ যৌন ক্ৰম’জ’মত থাকে। এনে লোকে সেউজীয়া আৰু ৰঙা ৰঙৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰে।

এনেদৰে বংশগতভাৱে প্ৰবাহিত হোৱা ৰোগসমূহে মানৱ সমাজত বহু ক্ষতি কৰিছে। এনে ৰোগসমূহ যাতে অধিক মাত্ৰাত বিয়পিব নোৱাৰে, তাৰ প্ৰতি আমি সচেতন হ’ব লাগে। সকলো লোককে প্ৰয়োজন মতে বংশগত ৰোগসমূহৰ বিষয়ে জনাবলৈ আৰু তেওঁলোকৰ বৈবাহিক জীৱন সম্পৰ্কে পৰামৰ্শ দিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত কেতবোৰ সংস্থা গঢ়ি উঠাটো অতি প্ৰয়োজন। অৱশ্যে উন্নত দেশবোৰত এনে সংস্থা ইতিমধ্যে গঠন হৈছে। এনে সংস্থাবোৰে বংশগতি পৰামৰ্শ আগবঢ়াই বংশগত ৰোগ কোনবোৰ, ইহঁত কেনেধৰণে সমাজত বিয়পিব পাৰে, এনে ৰোগৰ ভয়াৱহতাৰ বিষয়ে সমাজক অৱগত কৰিব পাৰে। বিভিন্ন বংশাৱলী অধ্যয়ন কৰি কোনো বংশত বংশগত ৰোগ থাকিলে সেই বংশৰ লোকসকলক সেই বিষয়ে জনাই, তেনে লোকক সন্তান জন্ম দিয়া-নিদিয়াৰ বিষয়ে পৰামৰ্শ আগবঢ়াবৰ বাবে এই সংস্থাসমূহে কাৰ্যপন্থা হাতত ল’ব পাৰে। আমাৰ সমাজৰ বহুতো লোকৰ বংশগত ৰোগসমূহৰ ক্ষেত্ৰত জ্ঞান নথকা হেতু বংশগত ৰোগত ভোগা ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ভুক্তভোগী পৰিয়ালসমূহৰ বাদেও সমাজৰ আন আন লোকসকলেও ইয়াৰ কুপ্ৰভাৱ ভোগ কৰিব লগাত পৰিছে। এনে ৰোগৰ কবলত পৰি পাৰিবাৰিক অশান্তিৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সেয়েহে বংশগত ৰোগসমূহৰ পৰা সমাজক মুক্ত ৰাখিবলৈ আমি যত্নবান হ’ব লাগে। বংশগত ৰোগ চিকিৎসা কৰিলেও সম্পূৰ্ণ নিৰ্মূল নহয়। কোনো ব্যক্তিৰ তেনে ৰোগ চিকিৎসা কৰি নিয়ন্ত্ৰণ কৰিব পাৰিলেও জিনীয় চৰিত্ৰ থকা হেতু তেওঁৰ বংশধৰসকলৰ মাজত এই ৰোগসমূহ পুন: পুন: দেখা দিয়ে। তদুপৰি এই ৰোগসমূহৰ চিকিৎসাও অতি ব্যয়বহুল। দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোক এনে ৰোগৰ চিকিৎসাৰ বাবে অৰ্থনৈতিকভাৱে অসমৰ্থ। মানুহৰ ক্ষেত্ৰত বংশগতি ৰোগসমূহৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলোৱাটো অতি জটিল। কিয়নো মানুহৰ প্ৰজনন প্ৰক্ৰিয়া অতি ধীৰ গতিত হয় আৰু ই স্বনিয়ন্ত্ৰিত। সেয়েহে বংশগত ৰোগ থকা লোকসকলক সন্তান জন্ম দিয়াৰ পৰা বিৰত ৰখাটো বাঞ্ছনীয়। এই ক্ষেত্ৰত প্ৰায়বোৰ দেশৰে সংবিধানসমূহ নিমাত। সেয়েহে বুজাপৰাৰ মাজেদি, সামাজিক সচেতনতা বৃদ্ধিৰ যোগেদি চৰকাৰ তথা স্বেচ্ছাসেৱী সংগঠনসমূহে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি সমাজত বংশগত ৰোগ থকা লোকৰ সংখ্যা হ্ৰাস কৰিবলৈ যত্ন কৰাৰ সময় আহি পৰিছে। নহ’লে ক্ৰমাগতভাৱে বংশগত ৰোগ থকা লোক আমাৰ সমাজত বৃদ্ধি পাই আমাৰ যথেষ্ট ক্ষতি কৰিব।

লিখক: ড° দিলীপ কলিতা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate