চিলা ঐ চিলা ৷ চিলাৰ না না কথা ৷
মূৰৰ ওপৰৰ আকাশখন বৰ ধুনীয়া, খেয়ালীও৷ কেতিয়াবা গোমা, কেতিয়াবা ফৰকাল৷ কেতিয়াবা অভিমানী প্ৰিয়াৰ দৰে থেঁহ পাতে৷ কেতিয়াবা খঙাল পিতৃৰ দৰে গৰজি উঠে৷ এই বিচিত্ৰ আকাশখনে যেন কথা কয় তেতিয়া, যেতিয়া আকাশৰ বহল বুকু চুব খোজে এখনি কণমাণি চিলাই৷ চিলাৰ পৰশত প্ৰাণ পায় কোনোবা ষোড়শীৰ খিলখিলনীয়ে৷ খন্তেকৰ বাবে হলেও যেন দুখ বেদনা পাহৰে প্ৰেমিক আকাশে৷ এইয়া ফাগুনৰ বতৰ, ফিৰফিৰিয়া বতাহত এখন চিলা উৰুৱাৰ বতৰ৷
ইতিহাস খুঁচৰিলে বহু কথাই পোহৰলৈ আহে৷ চীনাসকলে বিশ্বাস কৰে যে, চিলাৰ উৎপত্তি তেওঁলোকৰ দেশতে, এতিয়াৰ পৰা প্ৰায় ২০০০ বছৰৰ আগতে৷ এজন কৃষকে খেতি চপাবলৈ যাওঁতে বতাহে উৰুৱাই নিব নোৱাৰাকৈ তেওঁৰ টুপিটো ৰছীৰে বান্ধিৰখাৰ চেষ্টা কৰিছিল৷ কিন্তু টুপীটো ৰছীৰ সহিতে বতাহত উৰিবলৈ ধৰিলে৷ চীনাসকলে বিশ্বাস কৰে যে সেইয়াই চিলাৰ আৰম্ভণি৷ প্ৰথম অৱস্থাত চিলাবোৰ নিৰ্মাণ কৰা হৈছিল পাতল ৰেচমী কাপোৰেৰে; আৰু এতিয়া প্ৰচলিত কাগজৰ চিলাবোৰৰ আৰম্ভণি ৫৪৯ খ্ৰীষ্টাব্দত৷ কথিত আছে যে, এবাৰ চীনে এখন নগৰ আক্ৰমণ কৰিবলৈ ওখ প্ৰাচীৰৰ ওপৰেৰে চিলা উৰুৱাই শত্ৰুৰ শিবিৰৰ দূৰত্বৰ উমান লৈছিল৷
ইংৰাজীত কাইট শব্দটোৰ অসমীয়া অৰ্থ হ’ল পাখি৷ প্ৰতিখন দেশতে চিলাই ভিন ভিন আদৰৰ নাম পাইছে৷ এই নামবোৰৰ ভিতৰত লুকাই আছে সেই অঞ্চলৰ মানুহৰ চিলা সম্পৰ্কে ধাৰণা, চিলা উৰুৱাৰ কাৰণ, ইত্যাদি..৷ জাপানত চিলাক কোৱা হয় ‘‘টাকো’’৷ ইয়াৰ অৰ্থ অক্টোপাচ৷ ফ্ৰান্সত কোৱা হয় ‘‘চেৰ্ফ ভোল্যা’’৷ মেক্সিকোত ‘‘পাপালোতে’’, দক্ষিণ আফ্ৰিকাত আকৌ ‘‘ভ্লিয়াৰ’’৷ ডাচ ভাষাত কোৱা হয় ‘‘ভ্লিয়েজাৰ’’৷ চিলা উৰুৱাটো কেৱল আমোদ বা ধনৰ অপচয়েই নহয় ; কোনো দেশত ইয়াত এক পৰম্পৰা, বিশ্বাস জড়িত হৈ আছে৷ কোৰিয়াত কোনো লোকৰ ঘৰত সন্তান জন্ম হ’লে চিলা উৰুৱাই ৰছিডাল কাটি দিয়া হয়৷ তেওঁলোকৰ বিশ্বাস, নৱজাতকৰ লগত থকা সকলো দুৰ্ভাগ্য চিলাৰ লগতে উৰি যায়গৈ৷ থাইলেণ্ডৰ একাংশই আকৌ চিলাৰ দ্বাৰা ভগৱানৰ ওচৰলৈ বাৰ্তা পঠিয়াব খোজে, বৰষুণ সঠিকভাৱে দিবলৈ ; যাতে শস্য ভালধৰণে উৎপন্ন হয়৷
১৭৪৯ চনত বৈজ্ঞানিক কাৰণত চিলা উৰুওৱা আৰম্ভ হয়৷ স্কটলেণ্ডৰ আলেকজেণ্ডাৰ উইলচনে এডাল সূতাত কেইবাখনো চিলা সংলগ্ন কৰি তাত থাৰ্মোমিটাৰ বান্ধি বিভিন্ন উচ্চতাৰ তপমাত্ৰাৰ পৰীক্ষা কৰিছিল৷ তাৰ এবছৰৰ পিছতে বেঞ্জামিন ফ্ৰেংকলিনে চিলাৰ দ্বাৰাই প্ৰমাণ কৰিছিল যে বজ্ৰপাত আচলতে বিদ্যুৎহে৷ ১৯০৬ চনত আকৌ ছানফ্ৰান্সিসকোৰ ভয়ংকৰ ভূমিকম্পৰ তদন্তৰ সুবিধাৰ বাবে চিলাত কেমেৰা সংলগ্ন কৰি উৰুওৱা হৈছিল৷ তাৰ এবছৰৰ পিছতে আলেকজেণ্ডাৰ গ্ৰাহামবেলে তিনি হাজাৰৰো অধিক ‘‘টেট্ৰাহেড্ৰাল’’ আকৃতিৰ চিলা একত্ৰিতভাৱে উৰুৱাই তাৰ লগত এজন মানুহক সুৰক্ষিত ভাৱে উৰুওৱাবলৈ সক্ষম হৈছিল৷
চীনত আছে চিলাৰ এটি বৃহৎ সংগ্ৰহালয়৷ চীনৰ ৱেইফাঙত ৮১০০ বৰ্গমিটাৰজোৰা এই সংগ্ৰহালয়ত সংৰক্ষিত আছে চীনা সকলে বহু শতিকাৰ পূৰ্বে ব্যৱহাৰ কৰা চিলা৷ এইখন চহৰতে প্ৰতিবছৰে অনুষ্ঠিত হয় চিলা মহোৎসৱ৷ জাপান, মালেচিয়া, ইণ্ডোনেছিয়া আদিতো আছে চিলাৰ সংগ্ৰহালয়৷
আমাৰ দেশত চিলা বিষয়ৰ আটাইতকৈ পুৰণি তথ্য হ’ল মোগল সাম্ৰাজ্যৰ এটি চিত্ৰ৷ তাত দেখা যায় এজন প্ৰেমিকে চিলাৰ সহায়ত কঠোৰ বন্ধনত থকা প্ৰেমিকালৈ প্ৰেম পত্ৰ প্ৰেৰণ কৰাৰ দৃশ্য৷ জয়পুৰৰ ৰজা চাই ৰাম সি আছিল চিলাভক্ত৷ তেওঁ ষোড়শ শতাব্দীতে চিলা তৈয়াৰ কৰা কাৰখানা তৈয়াৰ কৰাৰ তথ্য পোৱা যায়৷ প্ৰতি বছৰৰ ১৪ জানুৱাৰীত আহমেদাবাদত অনুষ্ঠিত হয় বিশ্বৰ সকলোতকৈ ডাঙৰ চিলা মহোৎসৱ৷ য’ত একেলগে এক লাখৰো অধিক চিলা উৰুওৱা হয়৷
লেখিকা: জোনালী।
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
চিলাৰ কথা