অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিলাৰ কথা

চিলাৰ কথা

চিলা বুলিলে ল’ৰালি, শৈশৱৰ লগতে বসন্তৰ আগমনৰ কথা মনলৈ আহে। বিদ্যালয়ৰ পৰা আহিয়েই হাত-মুখ ধুই কিবা এটা খায়েই পথাোৰলৈ চিলা উৰাবলৈ লৰ মৰা কণমানিহঁতলৈ, সেই আমেজলৈ বাৰে বাৰে মনত পৰে। চিলা উৰুওৱাৰ লগত যে কিবা বিশাল ইতিহাস, বিজ্ঞান ঐতিহ্য, কলা জড়িত হৈ আছে জানিবলৈ পাই সুখী হৈছিলো।

কাগজৰ আৱিস্কৰ চীনত প্ৰথম হৈছিল আৰু এই চীনতেই ৫৫৫ খ্ৰীষ্টাব্দমানতে চিলাৰো উদ্ভাৱন হৈছিল। সূৰ্য যেতিয়া কৰ্কট ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰা ক্ষণটোক মকৰ স্ংক্ৰান্তি বুলি কোৱা হ্য়। এই মকৰ স্ংক্ৰান্তিৰ দিনটো ভাৰতবৰ্ষত উৎসৱ হিচাপে বিভিন্ন ৰুপত পালন কৰা হয়। পঞ্জাবত বসন্ত পঞ্চমীত লোহৰি, দক্ষিণ ভাৰতত পোংগল আৰু উত্তৰ ভাৰতত মাঘ বিহু এই সময়তে পালন কৰা হয়।

গুজৰাট ৰাজ্যৰ বিভিন্ন উৎসৱবোৰৰ মাজৰ এটা হৈছে ‘উত্তৰায়ণ’, যিটো পালন কৰা হয় মকৰ স্ংক্ৰান্তিত। গুজৰাট ৰাজ্যৰ ঐতিহ্য এই চিলা উৎসৱ বহু হাজাৰ বছৰ পুৰণি। হিন্দু শাস্ত্ৰৰ মতে সূৰ্য প্ৰণামৰ লগত চিলা উৰুওৱাৰ কথা জড়িত। মুছলমান আৰু বুদ্ধ ধৰ্মীয় চীনৰ ফালৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলে চিলাৰ ব্যৱহাৰ সামৰিক স্ংকেত আৰু পত্ৰ কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰি ভাৰতলৈ প্ৰসাৰ ঘটাইছিল। পিছে গুজৰাটৰ এই উৎসৱ কেৱল চিলা উৰুওৱাৰ লগত জড়িত। সেইদিনা গোটেই দিন সকলো ধৰ্ম-বৰ্ণৰ লোকে চিলা উৰুৱাই আনন্দ লাভ কৰে। চিলাৰ উল্লেখ গুজৰাটৰ পুৰণি কবিতাত পোৱা যায়।

সকলোবোৰ স্ংস্কৃতিৰেই বৈজ্ঞানিক তাতপৰ্য আছে ইয়াৰ ভৌগলিক অনুপাতে। মকৰ স্ংক্ৰান্তিয়েইও কওঁক উত্তৰায়ণেই কওঁক বা মাঘ বিহুয়েই কওঁক-ভাৰতৰ বিভিন্ন প্ৰান্তৰ উৎসৱবোৰৰ মিল আছে। তিলৰ বিবিধ পিঠা-পনা-লাড়ু আদি খালে এই সময়ত দেহত উত্তাপ হয়, স্বাস্থ্যকৰ খাদ্য, নিৰোগী হয়, সেয়ে আনন্দ বাঢ়ে। ৰ’দ পুৱাই গোটেই দিন-ৰাতি চিলা উৰায়, পৰিয়ালৰ সকলো একেলগ হয়। গোটেই দিন ৰ’দত থকাৰ ফলত ভিটামিন ডিৰ অভাৱ পূৰণ হয়। সেই স্ংক্ৰান্তিৰ দিনটোৱেই বছৰৰ একমাত্ৰ দিন, য’ত দিন আৰু ৰাতি সমান হয়।

ভাৰতৰ ভিতৰত আহমেদাবাদ চহৰখন ঐতিহাসিক ফালৰ পৰা চিলা উৎসৱৰ বাবে প্ৰসিদ্ধ। ১৯৮৯ চনৰ পৰাই গুজৰাট চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আন্তৰাষত্ৰীয় চিলা মহোতসৱ’ আহমকেদাবাদত প্ৰতি বছৰে পালন কৰে। বিশ্বৰ বিভিন্ন দেশৰ লোকসকলে ১০-১৪ জানুৱাৰীৰ ‘আন্তৰাষ্ট্ৰীয় চিলা মহোতসৱ’ত যোগদান কৰে। আহমেদাবাদৰ চিলা উদ্যোগ দেশৰ, পৃথিৱীৰ ভিতৰতে প্ৰখ্যাত কূটিৰ শিল্প উদ্যোগ। এই শিল্পৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোক বিশেষকৈ অসম, পশ্চিমবঙ্গ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ লোক জড়িত হৈ আছে।

১৯৪৬ চনত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিলা উৰাওতা ভানুভাই শ্বাহৰ নেতৃত্বত দেশৰ প্ৰথমটো চিলা স্ংগ্ৰাহালয়ৰ প্ৰতিষ্ঠা কৰা হয় ‘স্ংস্কাৰ কেন্দ্ৰ’ নামৰ প্ৰখ্যাত আধুনিক স্থাপত্যৰ ঐতিহাসিক ভৱনটিত। এই স্ংগ্ৰাহালয়টিত চিলাৰ ভাৰতৰ লগতে বিশ্বৰ ইতিহাসতো থকা তাতপৰ্য সুন্দৰভাৱে বৰ্ণনা কৰা আছে। ১০০ ৰো অধিক মানুহৰ অবয়ব, বিভিন্ন নস্কাৰে তৈয়াৰী আৰু ইয়াৰ তৈয়াৰ কৰা পদ্ধতি আদিৰ প্ৰতিচ্ছবিৰে সুন্দৰকৈ বৰ্ণোৱা হৈছে। এই স্ংগ্ৰাহালয়ৰ ঠিকনা হ’ল- চিলা স্ংগ্ৰহালয় স্ংস্কাৰ কেন্দ্ৰ। চৰ্দাৰ ব্ৰীজ, নেচেনেল ইনষ্টিটিউট অব ডিজাইনৰ সমীপত, পালড়ি, আহমেদাবাদ।

গীতাঞ্জলী, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate